ফটাঢোল

বিপদৰ বন্ধু-ঋতুপৰ্ণ শৰ্মা

আজি বহুদিন হ’ল ধ্যানমগ্ন ঋষিৰ দৰে আছোঁ মই। পিচে মোৰ ধ্যানে কাকো স্পৰ্শ কৰিব পৰা নাই। কাৰণ দিনে দিনে এলাগী হৈ পৰিছোঁ মই। বাৰীৰ এটা কোণত থিয় হৈ থকা মোক আজি কাৰোৰে প্ৰয়োজন নহয়।  এটা সময় আছিল… যেতিয়া মোক সকলোৰে প্ৰয়োজন আছিল। ৰাতিপুৱা শুই উঠাৰে পৰা ৰাতি শুবলৈ যোৱালৈকে মোক সকলোৱে বিচাৰিছিল। এদিনো যদি মই মোৰ কোনো অংশ বিকল হোৱাৰ বাবে অক্ষম হৈ পৰোঁ, গোটেই পৰিয়ালৰ মানুহবোৰৰ মাজত হাহাকাৰ লাগি গৈছিল। মোৰ অবিহনে সকলো অসহায় হৈ পৰিছিল। মোক কাৰ্যক্ষম কৰি

Read more

চিকতা দিৱসৰ চিকতা কথা- গায়ত্ৰী গোস্বামী অধ্যাপক 

আজি বোলে কি কয় “বিশ্ব মিতব্যয়ী দিৱস”, মানে আমাৰ চিকতা দিৱস তিৰিশ অক্টোবৰ। দিনটো কিবা নিজৰ নিজৰ লাগি গৈছে যদিও ডাল দৰিদ্ৰই কৰাইচ হৈ কৰিছোঁনো কিতো চাওঁচোন আহক।  চিকতা হোৱাটোও কমখন মেহনতী কাৰবাৰ নহয় কিন্তু।  এইযে শুই উঠিয়েই মুখখন ধুবলৈ টুথপেষ্টটো লওঁ, সেইটোত কেনেবাকৈ অলপো থকাকৈ পেলাই নিদিয়াৰ পণ কৰা আছে। সেইবোৰেই প্ৰথমতে আঙুলিৰে যিমান পাৰোঁ চেপোঁ, পিছদিনা আঙুলি বাদ দি কটাৰীখনেৰে চেঁপি খুন্দি উলিয়াই নিজেই নিজৰ কৃতিত্বত গৰ্ব কৰোঁ।  এইকণ গৰ্ব বহু দিনৰ পৰাই কৰি আহিছিলোঁ।  এদিন বাটেদি আহোঁতে

Read more

প্ৰাৰ্থনা মঞ্জুৰী-যোগেশ ভট্টাচাৰ্য 

: হে’ৰা চিত্ৰগুপ্ত, যমৰ তালৈ পঠিয়াব লগা অধমকেইটাৰ নামৰ লিষ্টখন মেইল কৰিলা নেকি? লেপটপটোৰ স্ক্ৰীণত চকু ফুৰাই ভগবানে সুধিলে। : নাই ৰ’ব প্ৰভু, আৰু দুটা ফাইল আছে। : ঠিক আছে তেনেহ’লে। সেই দুটা ফাইলৰ কাম হ’লে প্ৰাৰ্থনা মঞ্জুৰীৰ ফাইল এটা আছে। আজিৰ দিনটোৰ লাষ্ট এইটো। মই আকৌ এবাৰ চকু ফুৰাই চাই লওঁ। ইম্পৰ্টেণ্ট ফাইল এইটো। “অ’কে প্ৰভু” বুলি কৈ চিত্ৰগুপ্তই লেপটপত টাইপ কৰিবলৈ ধৰিলে। এইবোৰ চিত্ৰগুপ্তৰ সদায় কৰা কাম। ভগবানৰ মুখ্য সচিব হোৱা হেতুকে বেচ অভিজ্ঞতা হৈছে। কিছুমান কাম কাজ

Read more

দেউতাৰ ছাতিটো-অসীমা শইকীয়া দত্ত

নতুনকৈ খোলা দোকান এখন। মালিক চিনাকি।বৰষুণত তিতি সুমাই সুধিলোঁ, : মানুহ আহেনে? গপচত কৈছে, : আহে। বৰষুণ দিলে বেছি হয়৷ থোপা পাতি সুমাবলৈ। নিকিনে একো। এইগালে বৰষুণ দিলে অকল মোৰ দোকানখনহে পায়। ময়ো বৰষুণ দেখি সুমাইছিলোঁ, ওলাই দিলোঁ হেৰৌ। আমাৰ মানুহজনতকেও মুখ চোকা, কাৰ ভাগৰ সম্পত্তি সুধিবলৈ ন’হল। মনত পৰিল, এবাৰ বৰষুণত তিতি মানুহ এজনী আমাৰ ঘৰত সোমালহি৷ দেতাই কৈছে, : তিতিলিয়েই, ঘৰটো দুঘৰৰ সিফালেহে। আমাৰ ঘৰত ৰ’দ দিয়া নাইতো। চাহগালে তামোলে চোবাবলৈ সোমালি? মানুহজনীয়ে ছাতি এটা খুজে, যাবগৈ। দেতাই

Read more

বান্দৰ-ত্ৰৈলোক্য কাশ্যপ

ৰাতিপুৱাৰ পৰা পেনপেনাই থকা বতৰটোৱে আমনি লগাইছে৷ কিনো কৰোঁ বুলি ভাবি চিন্তা কৰিলোঁ ছাতিটো লৈ এপাক ওলায়ে যাওঁ৷ ভবা মতেই কাম। য’ত থাকোঁ তাত বানপানী হোৱাৰ ভয় নাই বাবে বিশেষ চিন্তাও নাই। আহি কালী মন্দিৰ চক পাওঁতেই লগ পালোঁ এজন পুৰনি বন্ধুক। কাষৰ সৰু চাহ দোকানখনতে ৰৈ নাকে মুখে ধোঁৱা উৰুৱাই আছে৷ : কি হে বন্ধু? অফিচ নাই? মোৰ কথা শুনি সি হুমুনিয়াহ এটা কাঢ়ি ক’লে, : নাই নগ’লোঁহে, মন চন ভাল নহয় কিবা৷ : কিয়! কি হ’ল? এইবাৰ বন্ধু

Read more

মুক্তি-অৰবিন্দ গোস্বামী

নিমিষতে খবৰটো গাঁওখনত বনজুইৰদৰে বিয়পি পৰিল…..’বাপী মদাহী’ ঢুকাল। বহুতে বেয়া খবৰটো শুনি ইচ্ ইচ্ আচ্ আচ্ কৰিবলৈ ধৰিলে।কোনোবাই সুধিলে— : কেনেকৈ? কিবা হৈছিল নেকি তাৰ? : এহ! কি নো হ’ব আৰু! মদ খাই খায়েই মৰিল চাগে। এৰা! ‘বাপী’ নামটোৰ লগতে ‘মদাহী’টো তাৰ উপাধিৰ নিচিনাই হৈ পৰিছিল। পিচে বাপী ঢুকুৱাৰ কাৰণ যিয়েই নহওক, মানুহে মদ খায়েই বাপী ঢুকুৱা বুলি ভাবিলে। হয়তো ৰাতিয়েই ঢুকাল….পুৱা বহুসময় ঘৈনীয়েকে আনদিনাৰ দৰেই বাপীক গালি পাৰি পাৰি মাতি আছিল……… : হেৰি! নুঠেনো কিয়? বেলি এপৰ হ’লহি। পিচে

Read more

বৰষুণ আৰু ছাতি-পংকজ কুমাৰ নেওগ

সৰুতে বাৰিষা কালত বৰষুণত তিতি-বুৰি স্কুললৈ যোৱাৰ আমেজেই আছিল বেলেগ। বিশেষকৈ পাঠশালা স্কুলত পঢ়ি থাকোঁতে বহুকেইবাৰ বৰষুণত তিতি বুৰি স্কুললৈ যোৱা বা ছুটিৰ পিছত ঘৰলৈ উভতি অহা মনত পৰে। সেই সময়ত ঘৰৰ প্ৰত্যেকৰে সুকীয়াকৈ ছাতি নাছিল। এটা বা খুব বেছি দুটা মহেন্দ্ৰ দত্ত কোম্পানীৰ ডাঙৰ নলীয়া ছাতি সকলোৱে ঘৰত সযতনে ৰাখিছিল। ৰেইন-কোট, ৰেইন পেণ্ট, ফ’ল্ডিং বা অট’মেটিক ছাতি ইত্যাদিবোৰ তেতিয়া আহি পোৱা নাছিল। মহিলাসকলেও মহেন্দ্ৰ দত্ত কোম্পানীৰ নাল চুটি অলপ সৰু ছাতিবোৰ লৈ ফুৰিছিল। এটা ডাঙৰ নলীয়া ছাতি দেউতাই অফিচলৈ

Read more

নেওতা -নাজিয়া হাচান

: ঐ নেওতাখন যে মুখস্থ কৰিবলৈ দিছিলোঁ তোক; হ’লনে নাই? : ছাৰ, পোন্ধৰ ঘৰলৈকে হৈছে। : আজি এসপ্তাহে পোন্ধৰ ঘৰলৈহে হৈছে? বাৰু মাতচোন নেওতাখন। : ছাৰ বাৰ ঘৰলৈকে সলসলাই ক’ব পাৰোঁ। বাকী ঘৰকেইটা.. : ঐ,সঁচা কথা কচোন। তোৰ বাৰু পঢ়িবলৈ মন আছেনে নাই অ’? : ছাৰ,সঁচা কথা ক’বলৈ গ’লে এই পঢ়া-শুনাবোৰত মোৰ একেবাৰেই মন চন নাই। কিন্তু…। চতুৰ্থ শ্ৰেণীত পঢ়ি থকা প্ৰভাতে টিউচন মাষ্টৰ বদন কলিতাক উত্তৰটো ঠিক তেনেকৈয়ে দিছিল; পিচে মুখেৰে নহয়, মনতেহে..। : মুখেৰে নামাত কিয়? ঐ গৰু..।

Read more

উৎকোচ – ঋতুপৰ্ণ শৰ্মা

গধূলি টি ভিৰ নিউজত হাজৰিকাৰ বাতৰিটো ওলোৱাত হাজৰিকাৰ ম’বাইল ফোনটো অবিৰতভাৱে বাজি থাকিবলৈ ল’লে। সংক্ষেপে তেওঁ কথাটো সকলোকে বুজাই ক’লে। এটা সময়ত তেওঁ অধৈৰ্য হৈ ম’বাইল ফোনটো বন্ধ কৰিলে। কিমান আৰু মানুহবোৰক একেটা কথাকে বুজাই থাকিব। বাতৰিটো চাই মানুহে কথাটো গম পাইছেই। তথাপিও প্ৰায়বোৰ মানুহে তেওঁৰ মুখৰ পৰা কথাটো জানিব বিচাৰে। সকলোৱে তেওঁৰ সাহসক প্ৰসংশা কৰিছে। আজিৰ সমাজত তেওঁৰ দৰে ব্যক্তিৰ খুবেই প্ৰয়োজন বুলি দোহাৰিছে। পিচে তেওঁ জানে আজিকালিৰ মানুহবোৰ দুমুখীয়া। উৎকোচ অথবা ‘ঘোচ’ দিয়া কথাটো বেয়া কাম বুলি মানুহবোৰে

Read more

ফোন কলৰ বিড়াম্বনা  : সদানন্দ ভূঞা

দুপৰীয়া ভাতমুঠি খাই অকণমান জিৰণি লওঁ বুলি বিছনাখনত বাগৰি আকাশ-পাতাল কিবাকিবি ভাবি থাকোঁতেই চিলমিলকৈ টোপনিয়ে হেঁচা মাৰি ধৰিছিলহে, এনেতে মোৰ মোবাইলটোৱে টেঁটুফলা চিঞৰ দিবলৈ আৰম্ভ কৰিলে। মই এঙামুৰি এটা মাৰি মোবাইলটো ৰিচিভ কৰি কাণত লওঁতেই সিফালৰ পৰা সুললিত এক নাৰী কণ্ঠ…  : হেল্ল’  সুমধুৰ নাৰী কণ্ঠত মোৰ ভাত ঘুমতি কেনি পলাল ততকে ধৰিব নোৱাৰিলোঁ। মনতে ভাৱ হ’ল এই ষাঠিৰ দেওনা গৰকা বুঢ়াটোক কোন সুন্দৰীয়ে এই ভৰ দুপৰীয়াখন ফোন কৰিলে বাৰু! যিয়েই নহওক ফোন কৰিলিয়েই যেতিয়া মুখচুপতি মৰাৰ সুযোগকণ কেলেই হেৰুৱাওঁ।

Read more
1 2 3 4 5 84