ফটাঢোল

কৰ’না ভাইৰাছ : ৰঞ্জু হালৈ মুনি

কৰ’না ভাইৰাছে আমাক সকলোকে বৰ ভয় খুৱাইছে নহয়নে? ইফালে কৰ’না, সিফালে কৰ’না৷ মুঠতে কৰ’নাই কৰ’না। কি কৰা নাই এই কৰ’নাই। সকলোৰে মাজত থকা বিশ্বাস ভাঙি পেলাইছে কৰ’নাই। চিটি বাছত আমাৰ কাষৰজনৰ লগত বহিবলৈ ভয় লাগে।কি ঠিক তেওঁক কিজানি কৰ’নাই পাইছে। হেণ্ডচেক কৰিবলৈ বাদ দি নমস্কাৰ দিবলৈ বাধ্য কৰিছে কৰ’নাই।মুখা মুখিকৈ কথা ক’বলৈ ভয় মুখেৰে কৰ’না সোমাই পেট পায় বুলি। হঠাৎ যদি কোনোবাই কাহে তেতিয়াতো আৰু কথাই নাই আমি নিশ্চিত যে সেইজন কৰ’নাত আক্ৰান্ত। কম লটি-ঘটি কৰা নাই কৰ’নাই। কৰ’নাৰ বাবে

Read more

বেতনিত ঔ পৰিল বাসোদেৱাই নমঃ- সুৰজিত ৰাজখোৱা

খিৰীকিৰ ফাঁকেৰে ভৰি দুখন অলপকৈ দেখা গৈছে৷  : ঐ তই ক’ৰ শিয়াল অ’? : বৰভেটিৰ ছাৰ৷ পিছৰ বেঞ্চত বহি কথা পাতি থকা জ্যোতিয়ে তপৰাই উত্তৰ দিলে৷ : আঁঠুকাঢ়৷ কথাই প্ৰতি আঁঠু কঢ়োৱাটো ডেকা ছাৰৰ বাবে একেবাৰে সাধাৰণ কথা৷ শুভ্ৰ কামিজ আৰু ধুতি পিন্ধা ধকধক কৈ বগা মানুহজন দেখিলেই ভক্তি ভাব মনলৈ আহে৷ তেওঁৰ চেহেৰা শিক্ষক শব্দটোৰ সৈতে ৰজিতা খাই পৰে৷ হাইস্কুলত আমাক ইংৰাজী শিকোৱা ডেকা ছাৰ৷ তেওঁৰ পঢ়োৱা কায়দাই আছিল পৃথক৷ গৰমৰ দিনত গছৰ তলত নি আমাক পঢ়াইছিল৷ পাঠ্যপুঠিৰ কাহিনীবোৰৰ

Read more

খক- দীপ্তি শৰ্মা

কিছুমান সোপনে মনৰ গভীৰ কোণাত বৰ বেয়াকে যায় বাহা বান্ধেই। কিমান আশা কিমান যি কল্পনা কৰা যায়।ময়ো তাইক এক দিন লগ পাম। চেল্ফিত মুখৰ খাল, ডোং গিলাক নেদখা হৱা তাইৰ মুখ খান ঝলঝল পতপতকে দেখা পাম। অনবৰতে ফেচবুকৰ ফটোত নাইচ, বিউটিফুল বুলি কমেন্ট পাৱা তাইৰ পোকাই খাৱা দাঁ‌ত কেইটাৰ মাজেইদি সৰকি আহা হাঁ‌হিটো দেখা পাম। মাত্ৰ কিমান যি আশা, ভাবনা। পিচে তাইক লগ পাৱা সেই দিনটো নাহেই হে নাহেই। মনটোক বুজেনি দি কিবাকে ৰাখি ৰাখি চিনাকি হৱা বহুত দিন পিচত

Read more

অবিশ্বাস্য চাক্ষুস- কমলেশ দাস

দত্ত অফিচলৈ বুলি ওলাইছে। মহানগৰীৰ  প্ৰান্তীয় এই অঞ্চল অলপ আওহতীয়া। মাজেৰে পাৰ হৈ যাওঁতে গাঁৱৰ মিঠা পৰিবেশ এটাই গাড়ীৰ উইপাৰ চাফা কৰাৰ দৰে মনটো চাফা কৰি দিয়ে। গঢ়ি উঠা দুগ্ধপামবোৰত যেন দধিমথনহে চলিছে। নিশা উভতি আহোঁতে দত্তই ঠাইডোখৰ নিজানেই পায়। থোৰতে দত্ত আৰু ঠাইডোখৰৰ কিবা যেন এটা মধুৰ সম্পৰ্ক আছে। এজনে হাত দঙা যেন পাই গাড়ী ৰখাই দত্তই গাড়ীৰ আয়নাত চালে। মুখখন চিনাকি লাগিছে, কিন্তু মনত পেলাব পৰা নাই। মানুহজন ক্ৰমান্বয়ে আগুৱাই আহিছে। সোঁফালে চালকৰ আসনৰ ফালে গাড়ীৰ কাষত ৰৈ

Read more

বেগানী চাদী, আব্দুল্লা দিৱানা- কৃষ্ণা বৰা ফুকন

কলেজৰ দিনত প্ৰেম পিৰীতি হোৱাটো একেবাৰেই সাধাৰণ কথা। তাৰে যেনিবা কাৰোবাৰ এতাল বাজে আৰু কাৰোবাৰ দুই তাল বাজি প্ৰেম দুৰ্বাৰ হৈ উঠে। কাৰোবাৰ প্ৰেম জনমে জনমে টাইপ হৈ বিয়া বাৰু হয়গৈ আৰু কাৰোবাৰ প্ৰেম কলেজতে ইতি পৰে। যি কি নহওক এই জনমে জনমে টাইপ প্ৰেম কৰা সকল সকলোৰে চিনাকি হৈ পৰে। কাৰণ তেওঁলোকৰ বজ্ৰলেপ হেন প্ৰেম সকলো ঠাইতে বিদ্যমান হৈ থাকে। কলেজৰ ফিল্ড, বাৰাণ্ডা, ওচৰৰ ৰেষ্টুৰেণ্ট, পাৰ্ক, কলেজৰ অডিট’ৰিয়াম, কলেজৰ এনেই পৰি থকা কোনো দিন ক্লাছ নোহোৱা ক্লাছৰূম কেইটা…মুঠতে সকলো

Read more

কহিমাৰ এৰাতি-ধ্ৰৱজ্যোতি বৰা

আজি দুমাহমান আগৰ কথা। কোম্পানীৰ কামত নাগালেণ্ডৰ ৰাজধানী কহিমালৈ যাবলগীয়া হ’ল। পুৱাই জনশতাব্দী ট্ৰেইনখনত উঠি ডিমাপুৰ পাওঁতে দুপৰীয়া চাৰে এঘাৰমান বাজিল। ডিমাপুৰতে ভাত পানী খাই চেয়াৰ টেক্সি এখনত উঠি কহিমা দুইমান বজাত পালোঁগৈ। টেক্সিৰ পৰা নামিয়েই পোনে পোনে মোৰ ডিষ্ট্ৰিবিউতৰৰ তালৈ গৈ কামখিনি শেষ কৰোঁ মানে সন্ধিয়া ছয় বাজিলে। কিনকিনীয়া বৰষুণো আৰম্ভ হৈছিল। গাড়ী বুলিবলৈয়ো কেইখনমানহে আছিল। টেক্সিৰ কাৰণে সময় নষ্ট নকৰি খোজ কাঢ়িয়েই পি আৰ হিলচ্‌ৰ পৰা লাহে লাহে নামি আহি কোম্পানীয়ে আগতেই ঠিক কৰি থোৱা ৱাফো নামৰ হোটেলখন

Read more

অতীত ৰোমন্থণ- মৌচুমী ভট্টাচাৰ্য

হি.হি.হি. এক অবুজ হাঁহিৰ খলকনি তুলি আছে তুলিকাই ৰাতি প্ৰায় ২.৩০ বজাত। চাবলৈ গ’লে পুৱাই হ’ল। কিন্ত আজি বন্ধবাৰৰ পুৱা ইমান সোনকালে সিহঁতৰ ঘৰত নহয়। সকলোৱে পুৱা দেৰিকৈ উঠি সকলো কাম আন দিনাতকৈ ব্যতিক্ৰম কৰাটো যেন অভ্যাসতহে পৰিণত হৈছে। কিয় জানো আজি বহু বছৰৰ মূৰত পুৰণি এটি মধুৰ স্মৃতি তুলিকাৰ মানস পাটত ভাঁহি আহিল। তাই ভাবিলে, ইয়াক লিখিত ৰূপ দিয়া যাওক। এনেও তাইৰ স্বামীয়ে তাইক বহুবাৰ গালি গালাজ কৰিছে তাইৰ লেখা মেলা অভ্যসটো এৰি দিয়াৰ বাবে। হয়ো যিজনী মানুহে প্ৰতিদিন

Read more

দেদাই- শৰৎ মহন্ত

‘দেদাই’ এটা আপুৰুগীয়া শব্দ। ‘ভলৌ দেদাই’ আটিল দেহ, বৰণ কিচকিচীয়া কলা নহয় যদিও মিঠা বৰণীয়াও নহয়, ঠিক মাজতে। এক নিপোটল চেহেৰাৰে আমাৰ গাঁৱৰ শ্ৰেষ্ঠ খেতিয়ক। তেওঁৰ আৰু এটা নাম আছে, ‘মহাজন’৷ পুৱা চাৰিটা বজাতে হাললৈ যোৱা, পথাৰতে এপেট ভাত মাৰা, এইজন এলাপেচা লোক নহয়। মহৰ হাল, দিনৰ এক বজালৈকে! একো নাই, চহাবলৈ থকা মাটিখিনি শেষ কৰিহে তেওঁ হাল খুলিব। “নৰকত চাউল সিজাই খোৱাহঁত, কুকুৰৰ ছাল টানি টানি খোৱাহঁত, জহৰা হঁত…” ভিতৰৰ পঢ়া টেবুলৰ পৰা কান উনাই শুনিলোঁ। বন্দুকৰ গুলীৰ দৰে

Read more

গোহালি-চিন্ময় শইকীয়া

উৱলি যোৱা বেৰকেইখনলৈ থৰ লাগিল চাই ৰৈছিল পদুমে৷ ক’ব নোৱাৰাকৈয়ে হুমুনিয়াহ এটা ওলাই আহিছিল তাৰ বুকুৰ পৰা। গাই এজনী নৰিয়াত পৰিছিল। বহু কষ্ট কৰিও বচাব পৰা নাছিল সি। পইচাৰ অভাৱত বেচি দিছিল বাকী থকা গাইজনীৰ লগতে পোৱালীটোও। উদং হৈ পৰিছিল পদুমৰ গোহালিটো! ৰাতিপুৱা, সন্ধ্যা বহুদিনলৈকে গাইজনীৰ লগতে গৰুৰে ভৰি থকা গোহালিটোৰ ছবিখনে বৰ আমনি কৰিছিল পদুমক! এদিন মানুহ দুজন লগত লৈ ভাঙি পেলাইছিল পদুমৰ মৰমৰ গোহালিটো। আৰু তেতিয়াই সি ৰাখি থৈছিল গোহালিৰ বেৰকেইখন, দুডাল এৰাল আৰু চাৰিটা খুঁটি। বেৰখনতে খুচি

Read more

বিজিতৰ ডাউকী নদী ভ্রমণ- বিজিত শইকীয়া

নিজৰ চেহেৰাটো মোৰ দৰে সকলোৱে ভাল পায় নহয়নে? ধুনীয়াকৈ সাজি-কাজি ক’ৰবালৈ ওলাই যাবলৈ সকলােৱে মন এটা নিজৰ মাজতে লুকাই ৰাখে। মই কিন্তু মোৰ নিজৰ চেহেৰাটোক বৰ বেছি ভাল পাওঁ। আইনাৰ আগত ৰৈ মুখখনত সাতটা মান ভাজ আৰু চুলিকেইডালত এশ এটা ভাজ দিওঁ। আনকি তপাসকলেও চুলিকেইডালৰ বাবে মাথাটো হাতেৰে লাহেকৈ চুই চায়। মই মানে মানুহটো পাঁচফুট কেই ইঞ্চিমান ওখ। সম্পূর্ণ ছয়ফুট হ’বলৈ নাপালোঁ। সৰুতে মানুহবোৰে যে মোক ‘ধুন পেচ’ বুলি আৰু মোৰ পিতাইক ‘ক’লা চপৰা’ বুলি জোকাইছিল। পিতাইক জোকোৱাৰ বাবে মই

Read more
1 29 30 31 32 33 84