ফটাঢোল

তপা পুৰাণ – অংশুমান বৰা

তপা মাথোঁ এক শব্দ নহয়, নহয় তপা এটি নাম পুৰুষ জাতিৰ ই আয়ুসৰেখা, বুঢ়া হোৱাৰ ই চিন-কাম।। তপা শব্দটোৰ পৰিসৰ তপা মূৰটোৰ দৰেই বহল। যেতিয়া মূৰৰ চুলি সৰি সৰি লাওখোলাটোৰ এটা গুৰু অংশ সমাজৰ আন দহজনে ধৰিব পৰা হৈ উঠে, তেতিয়াই এজন পুৰুষ তপা পুৰুষৰ শাৰীলৈ উত্তীৰ্ণ হয়। কোনোবাই বিচাৰক বা নিবিচাৰক সকলোৱেই এদিন নহয় এদিন তপাৱস্থাৰ সন্মুখীন হ’ব লগা হয়। তপা মহিলাৰ উদাহৰণ বিৰল, গতিকে এই লেখাটিত আমি মাথোঁ তপাপুৰুষৰ বিষয়েহে আলোচনা কৰিম। পুৰুষ জাতিৰ জীৱনৰ লগত তপা শব্দটো

Read more

আমাৰ শইকীয়া ছাৰ – ভাস্কৰজ্যোতি বৰুৱা

অৱশেষত গানটো সম্পূৰ্ণ হ’লগৈ। নতুন চখৰ দুৰন্ত প্ৰেমিক শইকীয়া ছাৰৰ দেহ-মন এইকেইদিন আচ্ছন্ন কৰি ৰাখিছে এই গানটোৰ সুৰ আৰু কথাই। ছাৰৰ বাবে গানেই যেন এতিয়া জীৱন। নিজৰ নৱতম সৃষ্টিক অনবৰতে গুণগুণায়েই থাকিবলৈ লৈছে। দুই একে কয় – আনকি কুমুদত বহিও! অৱশ্যে এই শেষৰটো মানুহৰ মুখত পৰি হোৱা কথাৰ অতিৰঞ্জিতকৰণো হ’ব পাৰে। সি যি কি নহওক এটা অভিযোগ কিন্তু ছাৰৰ বিপক্ষে সততে উত্থাপন হৈ আহিছে – দুৰ্ঘোৰ প্ৰেমেৰে আৰম্ভ হোৱা বিষয় একোটাৰ প্ৰতি তেখেতৰ আগ্ৰহ দীৰ্ঘদিনলৈ একে হৈ নাথাকে। উদাহৰণ দিবলৈ

Read more

সহনশীলতাৰ পাঠ – লখিমী হাজৰিকা

সৰুতে মা দেউতাই শিকালে বোলে সদায় সঁচা কথা ক’বি, কিন্তু পিছৰডোখৰ নক’লে নহয় যে অপ্ৰিয় সত্য কথা নক’বি। তাতেই লাগিল লেঠা। যি দেখো, তাকেই কৈ পেলাওঁ নহয়। ক’ত যে জ্বালা পাইছোঁ। এদিন চাৰে সুধিলে বোলে ফোৰলেন হাইৱে হোৱাৰপৰা আমাৰ কি কি সুবিধা হৈছে কোৱাচোন। মই বোলো ক’ব লাগিছেনে আৰু! ৰাষ্টাটোতো পাইছোঁৱেই, যাৰ চোতাল নাই, তেওঁলোকে ধানৰপৰা খেৰলৈকে, নাইটীৰপৰা ৰঙা নীলা কাপোৰডোখৰলৈকে সকলো ডিভাইৰদাৰতে শুকুৱায়। জাৰৰ দিনত লেপ কঁথা সব ৰ’দায়। তদুপৰি জোনাকত হাইৱেত বহি আদ্দা দিয়াৰ মজাটো আছেই। গোটেইসোপাই মোলৈ

Read more

ফটাঢোলৰ মহিমা – অনামিকা বড়া

“টোপনি নাই নে কি তোমাৰ?” “কিয় সুধিলে? সদায়চোন ইমানদেৰী সাৰে থকাই হয় মোৰ!” “আজি পুৱাও সোনকালে উঠিছা, দিনটো শোৱা নাই, অথচ এতিয়ালৈকে টোপনিৰ চিন নাই, কিয় নুসুধিম মই?” “আজি মানে কিনো ক’ম অ বা, মূৰৰ ওপৰত ‘টেনছন’ নামৰ চৰাই এজনী বহি লৈ ‘টোপনি’ নামৰ পতংগটোক গিলি পেলালে” চকু ডাঙৰ কৰি ৰাখীয়ে কৈ উঠে, “হা!কি হ’ল মুখখন মেলি দিলে যে!” “নেমেলিম নে,পৰীক্ষালৈ এতিয়াও এসপ্তাহ আছে তোমাৰ। আনকালেচোন দুদিন আগতো তুমি ইমান টেনছন লোৱা দেখা নাই। কেছটো কিবা নগেন যেন পাইছোঁ” এইবাৰ

Read more

ভৌতিক – মিনতি মহন্ত

:Where are you come from? : অসম, : অ’ তুমি অসমীয়া? : হয়৷ : ঘৰ ক’ত! : অসমত৷ : বুজিছোঁ, অসমৰ কোন ঠাইত! : ঘৰ য’তে আছে ত’তে। ধেই, কি ছোৱালী অ’ এইজনী৷ মুখখনো ঘূৰাই দিয়া নাই, বাহিৰতনো কি ঘটি চাই আহিছে জানো৷ (মনতে ভাৱিলে)ট্ৰেইন ভ্ৰমণ, ক’ত বা যায়৷ : ক’লৈ যাবা তুমি! : য’লৈ টিকেট কৰা আছে৷ হেৰৌ ময়ো অসমীয়া ল’ৰা বাবেহে সুধিছোঁ৷ নামাতোঁ যা৷ বিছনা চাদৰখন পাৰি ল’ৰাটো শুই থাকিল যদিও টোপনি যোৱা নাই। ছোৱালীজনী একেথৰে এই ৰাতিখনো

Read more

নামজ্বলা কবি – নিৰ্মালী বৰমুদৈ

: মোকো লাগিব বিষয়বাব। মইয়ো ইউনিয়ন বডীত থাকিব বিচাৰোঁ। : চা, নিবিড়….আমাৰ ইতিমধ্যে সকলো কেইটা পদত প্ৰাৰ্থী ফাইনেল হৈ গৈছে। ক্লাছ টেইনৰ বাইদেউ কেইজনীয়ে আহি সকলো ঠিক কৰিছে। গতিকে আমি নিজেই একো কৰা নাই। : মই সেইবোৰ নাজানো, মুঠতে মোকো এটা পদ লাগিব। মইতো ইমান এক্টিভ। স্কুলৰ সকলো অনুষ্ঠানতে সহযোগ কৰি আহিছো : অকল আলোচনী বিভাগৰ পদটো খালী আছে, কিন্তু তই দেখোন একো লিখা মেলা নকৰই : হ’ব তেন্তে। মই আলোচনী বিভাগতে উঠিম। মুঠতে মই ইউনিয়ন বডীত থাকিব লাগে। –

Read more

সমাধান – সৌৰভ শৰ্মা

কিবা এটা লিখি আলোচনীত দিব পাৰিলে, ভাল আছিল। প্ৰকাশ হ’লে নিজৰেই ভাল লাগিব। এই চিন্তাটো মূৰত লৈ ফুটপাথটোৰে আগুৱাই গৈ ভাগিনৰ দোকানত বহিলোঁ, চাহকাপ খাম বুলি। এনেয়ে যানজঁট বেছি ভঙাগড়ত, তাতে আৰু দিভাইদাৰৰ কাম কৰি আছে জি.এম.ডিয়ে। ফলত গাড়ী মটৰৰ শব্দ, হৰ্ণৰ শব্দ। দিভাইদাৰৰ কামৰ বাবে মচলা মিলাই থকা মেচিনটোৰ শব্দ, লেবাৰ মিস্ত্ৰীৰ চিঞৰ-বাখৰ। ভাগিনৰ দোকানত চাহকাপ শান্তিত খোৱা মস্কিল হৈছে এইকেইদিন। ৰ’ব ভাগিন মানে দোকানীজন মোৰ ভাগিন নহয় কিন্তু, সকলোৱে তাক ভাগিন বুলি মাতে। মাতিবয়েই কাৰণ সি ১৩বছৰীয়া মান

Read more

নিচা – বন্দনা দত্ত মজুমদাৰ

ৰাতিপুৱা পাকঘৰত ৰুটি বেলিবলৈ গৈ বেলনা মাৰিডাল আনোতেই ৰিফাইন তেল থোৱা সৰু বটলটো হাত লাগি বাগৰি পৰিল। এইখিনি সময়ত ভূমিকম্প আহিলেও গুৰুত্ব নিদিয়া বিধৰ মই। কিমান লৰালৰি হয় মই হে জানো!! উশাহ ল’বলৈ সময় নাথাকে তেনেস্থলত ক’ত কি পৰিল চাবলৈ হুচ নাথাকে। এবাৰ হাতত সাপ এটা বগাই পৰি যাওঁতেও লৰালৰিৰ কোবত এটা চিঞঁৰতে ভয় সামৰণি পেলাইছিলো। এটা এটাকৈ ল’ৰা-ছোৱালীক স্কুললৈ সাজু কৰি পঠিয়াব লাগে। পৰি যোৱা আধা তেল ভৰালো, আধা কাপোৰেৰে মুচি ৰুটি বেলিবলৈ ললোঁ। দেখো শুকান আটাৰ টেমাটো খালী।

Read more

বিষয়: বিষ্ণুৰাভা – সন্দীপ বৰ্মন

আজি-কালি কি মন যায় জান? সৰুৰেপৰাই বন্ধুক দেখি আহিছো নাটক কৰে, কবিতা লিখে, সমাজ সচেতন বন্ধুৱে বিষ্ণু ৰাভা হোৱাৰ কথা কয়, মেন্ডেলা হোৱাৰ কথা কয়।‌ :কি? পৰম উৎসুকতাৰে তাৰ মুখলৈ চাই ৰ’লো।‌ ছয় বছৰ মুৰত দেখা।‌ জমি উঠাৰ কথা আছিল সন্ধিয়াটো।‌ :ধনী মানুহ হ’বলৈ মন যায়।‌ ইয়াহ… কিমান দিন যে বাট চাই আছিলো এইষাৰ কথাৰ বাবে।‌ আমাৰ কবিতা, আমাৰ গল্প…কিবা যেন উজ্বল নক্ষত্ৰৰ ওচৰত নিস্প্ৰভ।‌ সেই নক্ষত্ৰই এতিয়া পোহৰাব পৰা নাই দুটা কোঠাৰ চাৰিজনীয়া পৰিয়াল।‌ সেই যে ফিলিপছৰ টেপ ৰেকৰ্ডাৰটো,

Read more

ভাগিনৰ কথাৰে – কুকি কল্পিতা মহন্ত

‘মাহী-ভাগিনৰ সম্পৰ্কবোৰ বৰ মধুৰ’ -সকলোৱে কয়। হওঁতে মইও মাহী নোহোৱা নহয়। বৰদেউতা আৰু খুড়াৰ ছোৱালী তিনিজনীকৈ বাইদেউ আছে মোৰ ওপৰত। বিয়াৰ পাছৰে পৰা তিনিওজনী গুৱাহাটীৰে বাসিন্দা। মাজে সময়ে পূজা, বিহুৰ বন্ধ মিলাই ঘৰলৈ আহে সিহঁত। সেইকেইটা দিনতেই যি ভাগিন কেইটাক লগ পাওঁ। মৰম লাগে বহুত। পিছে ভালকৈ সিহঁতৰ লগত সময় কটাবলৈ নাপাওৱেই, সিহঁতৰ যাবৰে হয়। গুৱাহাটীলৈ বৰকৈ মাতি থাকে যদিও পিএইছডি’ৰ কামৰ কোবত মোৰ যোৱায়ে নহয়। এইবাৰ গৱেষণাৰ কাম শেষ কৰি বিহুৰ বন্ধত মাজুজনী বাইদেউৰ ঘৰলৈ আহোঁতে সিহঁতৰ লগতে ওলালোঁ

Read more
1 47 48 49 50 51 84