ফটাঢোল

দক্ষিণ আফ্ৰিকাৰ ডায়েৰী : অগ্নিভ দত্ত

মাৰ্চ মাহত প্ৰায় ১৮-২০ দিন স্কুল বন্ধ থাকে, গতিকে কৰবাত নহয় কৰবালৈ ফুৰিবলৈ যোৱা হয়েই বিশেষ অসুবিধা নহলে৷ এইবাৰো তেনেকৈয়ে ভাবি থৈছিলো, প্ৰথমে প্লেন কৰিছিলো ড্ৰাইভ কৰি কেপটাউন যাম ৷ প্ৰায় ১৪০০ কিঃমিঃ ৰাস্তা৷ কিন্তু এইবছৰ ইমান বৰষুণ দিছে যে শেষত সেইটো প্লেন সলনি কৰি দুটা ভাগত ভাগ কৰি কেইদিনমান ক্লেৰেন্স আৰু কেইদিনমান হাটিবিচপুৰ্টত থকাকে যোৱাকে ঠিক কৰিলো৷ ক্লেৰেন্সটো প্ৰায় গৈ থকা হয় তাৰ বিশেষ পৰিবেশটোৰ বাবে, আৰু সেই অকনমানি ঠাইখন সদায় প্ৰিয়৷ এইবাৰো কেইদিনমানৰ বাবে গৈ একেই সকলো অৱসাদ

Read more

বয়সৰ অভিজ্ঞতা : জয়ন্ত দাস

(১) বৰদেউতাৰ মৃত্যু হোৱা ২ বছৰমান হ’ল৷ বৰমা তেওঁৰ সৰু পুতেকটোৰ সৈতে গাঁৱতে থাকে৷ ডাঙৰজন চাকৰিসূত্ৰে দিল্লীত থাকে৷ দুয়োজনেই বিবাহিত আৰু সতি-সন্ততিৰে সম্পূৰ্ণ পৰিয়াল৷ মাজে মাজে মই বৰমাহঁতৰ ঘৰলৈ যাওঁ৷ তেখেতৰ খা-খবৰ লওঁ৷ এদিন হঠাতে সন্ধিয়া বৰমা মোৰ ঘৰত উপস্থিত হ’ল৷ হাতত এখন সৰু মোনা৷ মই বহিবলৈ দি ক’লো—— ” কিয়নো এইটো সময়ত ইয়ালৈকে আহিব লাগে, তাতোকৈ মোকেই মাতি পঠিয়াব লাগিছিল।” উত্তৰত বৰমাই কলে—–” বহু কথা আছে।” তেওঁ মোনাখন খুলিলে আৰু ভিতৰৰপৰা বহুখিনি সোণৰ অলংকাৰ উলিয়াই মেজখনত থ’লে৷ সুন্দৰ সুন্দৰ

Read more

অসম দেশৰ আজৱ কথা-ফণীন্দ্ৰ বৰগোহাঁই

১)  চহৰৰ হোটেলত বিয়া পাতিছে। শাৰী শাৰীকৈ বিভিন্ন খোৱা বস্তুবোৰ ধুনীয়াকৈ সজাই থোৱা আছে। আমাৰ গাঁৱলীয়া ভকত নগেন দদায়েও বিয়ালৈ গৈছে। খাবলৈ পতা শাৰীত দেখোন উৱা সেইটো দেখোন নগেন দদাই। কি আচৰিত কথা। মোৰ চকুকেই মই নিজে বিশ্বাস কৰিবলৈ টান পাইছোঁ দেখোন। এইটো আকৌ কেনেকুৱা কথা। ভাবিলোঁ! দদায়ে কিহৰ শাৰী নজনাকৈ কিজানি শাৰী থিয় হৈ আছে। পিচে নহয়। এয়া কি কাৰবাৰ। দদায়ে দেখোন প্লেটখন লৈ আগবাঢ়িছে কেটাৰিঙৰ বয় কেইটাৰ ওচৰলৈ। এয়া প্লেটত ভাত, পোলাও, দাইল, বাঃ ছাগলীৰ মাংস, মাছৰ টুকুৰা।

Read more

প্ৰেমৰ ন’বেল্ বঁটা-যোগানন্দ মহন্ত 

মোৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ ফটা ঢোলটো বাজি শেষ নহওঁতেই গাঁৱৰ মূৰৰ তিনিআলিৰ গুমটি দোকান এখনৰ সমুখতে গাঁও এৰি যোৱাৰ মোৰ ফেৱাৰওৱেল্-মিটিংখনো  হৈছিল l সমনীয়া লগৰীয়াবোৰে থিয়ৈ থিয়ৈ পতা মিটিং । …আৰু তাৰ পাছতে এদিন নামঘৰীয়া দদাইদেউৱে নামঘৰত সন্ধিয়া ডবা কোবাবলৈ সোমাওঁতেই চান্স বুজি মৰমলগা স্মাৰ্ট বিহু নাচনী জীয়েক এজনীয়ে বায়েকহঁতেও গম নোপোৱাকৈয়ে  ফুল-বচা, পিন-মৰা ৰুমাল এখনো মনে মনে নঙলামুখতে মোক দি থৈয়েই ঘৰৰ ভিতৰলৈ দৌৰি গৈছিলে… ! …তাৰ এদিনমান পাছতে  বাছত উঠি নগৰত সৰহদিন থকাকৈ গুচি যাব লগীয়া হৈছিল কলেজত

Read more

আনহেপ্পী ভেলেণ্টাইন ডে’-বিনীতা বৰশইকীয়া

: ঐ লিখিলিনে ?  : কিনো ?  : কেলেই তোক মই জানুৱাৰী মাহতেই কৈ থোৱা নাছিলোঁ? : কি কৈছিলিনো?  : ৯৮ বাৰ দেখোন মনতো পেলাই দিছিলোঁ। : আৰে ভাই, মোৰ ইমান কামৰ মাজত তইনো কি কি কৈছিলি গাহৰিয়েই থাকিলোঁ নহয়, অ’ নহয় পাহৰিয়েই থাকিলোঁ নহয়! : খালি খালি খালি তই সৱ বৰবাদ কৰি দিলি। উস্ উস্ উস্ … : কি হ’ল, ক’না বে… : আৰে আজি উৰুকা নহয় জানো? : কিহৰ? : হেৰৌ, জনম জনমৰ ব্ৰহ্মচাৰী। আজি ভেলেণ্টাইন ডে’ৰ উৰুকা।

Read more

মইও লিখিম আপদীয়া পদ্য-ৰঞ্জিত কুমাৰ শৰ্মা

পাঠকসকল, আপোনালোকে নিশ্চয় ‘আপদীয়া পদ্য’, ‘লিমাৰিক’, ‘পঞ্চপদী’ আদি নামেৰে পৰিচিত পাঁচশাৰীৰ পদ্যৰ বিষয়ে জানে৷ আপোনালোকে এনে পদ্য বা কবিতাৰ কথা নিশ্চয় শুনিছে বা এনে পদ্য দেখিছে, পঢ়িছে আৰু কোনো কোনোৱে লিখিছেও৷ পাঁচটা শাৰী থকা এই পদ্য ঘাইকৈ হাস্য-ব্যংগ ৰসৰ হয়৷ সেয়ে ইয়াৰ জনপ্ৰিয়তাও সুকীয়া৷ ইয়াৰ উৎপত্তি সম্পৰ্কে বিভিন্ন মত আছে৷ কোনো কোনোৱে আয়াৰলেণ্ডৰ লিমাৰিক চহৰ বা আয়াৰলেণ্ডৰ শিশুৰ ওমলা ঘৰত লিমাৰিকৰ উৎপত্তি হোৱা বুলি কয়৷ কোনো কোনোৱে আকৌ পুৰণি ইংলেণ্ডৰ ক্লাব ঘৰসমূহত লিমাৰিকৰ উৎপত্তি হোৱা বুলিও কয়৷ কোনো কোনোৱে লিমাৰিকক

Read more

বোকাপানী – নীলাক্ষি কাকতি

: : প্লিইইজ৷ আকৌ এবাৰ I love you বুলি কোৱানা জানু৷ : না–না৷ আগতে কোৱা মোক এইবাৰ ভেলেণ্টাইন ডে’ট ক’ত নিবা? : তোমাৰ পচন্দমতে হ’ব৷ কোৱা কি প্লেন কৰিছা? : ঔকে৷ আমি প্ৰথমতে ব্লু বেল ৰেষ্টুৰেণ্টত যাম৷ তাৰপিছত জন আব্ৰাহামৰ নতুনকৈ ৰিলিজ হোৱা চিনেমাখন চাম৷ : ঠিক আছে৷ পিছে তুমি মোক কি দিবা? : চাৰপ্ৰাইজ৷ মই তুমি ভালপোৱা কিবা এটা দিম আৰু৷ পিছে এটা কথ৷ সেইদিনা মোৰ লগত কিন্তু মোৰ কাজিন বাৰ্বীও থাকিব৷ : কি—! ভেলেণ্টাইন ডে’ৰ দিনা কোনোবাই বেলেগক

Read more

এখন আলোচনীৰ সম্পাদকৰ কাহিনী – অৰবিন্দ গোস্বামী

: আলোচনী এখন প্ৰকাশ কৰাতো কি আপুনি মুখৰ কথা বুলি ভাবিছে নেকি? তাতে দুদিনত। এইবোৰ ওলোটা-পোলোটা কথা কৈ নাথাকিব দেই! বাদ দিয়ক।এইবাৰ মেগাজিন ফ্লপ। আচলতে ফ্লপো নহয়, মেগাজিন প্ৰকাশেই নহ’ল আৰু! আপুনি আমাৰ টিমৰ নাক-কাণ কাটি হাতত ল’ব লগা অৱস্থা কৰিলে। : মইনো কি কৰিলোঁ‌। কোনেও লেখা নপঠালে মই কেনেকৈ মেগাজিন প্ৰকাশ কৰিম? : আপুনি কি কৰিলে! যি কৰিলে আপুনিয়েইতো সব কৰিলে। আগৰ সম্পাদকসকলে লেখাৰ বাবে কন্দাৰ অভিনয় কৰিছিল, লেখা ভিক্ষা কৰি লেখকৰ দুৱাৰে দুৱাৰে ——“চম্পাক লেখা দিয়ক, ভগৱানে আপোনাৰ

Read more

স্মাৰ্ট ফোন – সোণটো ৰঞ্জন বৰুৱা

অনেক ফেচবুকৰ বন্ধুৱে আজিকালি ফেচবুকত কিয় নিস্ক্রিয় হৈ পৰিলোঁ বুলি প্ৰশ্ন কৰে। আচলতে কিছুদিনৰ পৰা এক মানসিক সমস্যাৰ সন্মুখীন হৈছোঁ। যেতিয়াই ম’বাইলটোলৈ চাওঁ তেতিয়াই মনটোৱে যেন চিঞৰি উঠে “চাল্লা জীৱনটো এনেয়ে অতগাল বেমাৰৰে চেপি আছেই ,তাৰ পাছতো ভাল কোষ্ঠকাঠিন্য বেমাৰটো লম্ভাই লৈছ দেই।” এনেকুৱা লাগে যেন ফোন নহয় সৰু ল’ৰাৰ ললিপপহে, যি মোৰফালে চাই কুটিল হাঁহি মাৰি আছে। এতিয়া মই এনে এক অৱস্থাত আছোঁ যেন কোনো জীৱনত কোনোদিনেই তামোলতীৰ মুখত নিদিওঁ বুলি সংকল্প লোৱা তামোলতীৰ আগত কোনোৱে তামোলৰ বটা এটা

Read more

খিৰিকী – কাবেৰী মহন্ত

: ক’ত ঘৰ তোমাৰ? : তিনিচুকীয়াত : তিনিচুকীয়াৰ ক’ত? … … …. “তাকেই কোৱা!” “মোৰো ঘৰ চাবুৱাত…” চিনাকিটো দিয়েই সশব্দে হাঁহি উঠিছিল শান্তনু। লগৰ ছোৱালীৰ বায়েকৰ বিয়াত লগ পোৱা শান্তনুৰ লগত সেয়া আছিল প্ৰথম দেখাদেখি। তাৰপাছত কেইটামান সাক্ষাৎ আৰু ইতস্ততঃবোধ আৰু লাহে লাহে সহজ হৈ অহা এটা মধুৰ সম্পৰ্ক! গায়ত্ৰীৰ মনৰ কোণত থকা সৰু ঠাইৰ অসহজবোধ শান্তনুৰ হাঁহিৰ শব্দৰ আঁৰত লুকাই গৈছিল। সেইবোৰ ছবছৰ আগৰ কথা। তেতিয়াৰ শান্তনু আজি এজন ব্যস্ত ব্যৱসায়ী আৰু গায়ত্ৰীৰ স্বামী। এটা মসৃণ প্ৰেমৰ কাহিনী আৰু

Read more
1 3 4 5 6 7 84