ফটাঢোল

কবিজনক লগ পোৱা নহ’ল – অনন্ত বৰা

আমাৰ শ্ৰীমতীৰ লগৰ ছোৱালী এজনীৰ বিয়া । যাবলৈ মোৰ মন নাই । কিন্তু যেতিয়া গম পালো মই প্ৰায়ে শ্ৰীমতীৰ আগত আওৰাই থকা কবিতাৰ শাৰী কেইটামানৰ লিখক মোৰ প্ৰিয় কবি জনৰ ঘৰৰ বিয়া । কইনাবোলে মোৰ প্ৰিয় কবিজনৰ একেবাৰে নিকট আত্মীয় । মনটো ভাল লাগি গ’ল । বিয়াখনলৈ গ’লে কবিজনক লগ পাম । চিনাকি হম , কথা পাতিম । আই , পিতাই , নাঙল পথাৰৰ বিষয়ে ইমানবোৰ সুন্দৰ কবিতা তেওঁ কেনেকৈ লিখে , সুবিধা পালে সুধিব লাগিব । একেবাৰে মাটিৰ মানুহ

Read more

কলিকালৰ দৈত্য – বিকাশ নাথ

আদিতে দুজন দৈত্য, প্ৰভূ নাৰায়ণৰ মহান ভক্ত আছিল,তেওঁলোকে ভগৱানৰ পৰা বৰ লৈছিল যে যেতিয়াই জগত তাৰন মাহাপ্ৰভূ বিষ্ণুৱে অৱতাৰ ধাৰন কৰি মৰ্ত্যত লিলা কৰিব তেতিয়াই তেওঁলোকেও তাত স্থান পাব (ভিলেইন ৰূপে)… সেইমতে… সত্য যুগত – হিৰণ্যকশিপুৰ আৰু হিৰণাক্ষ্য ত্ৰেতা যুগত – ৰাৱণ – কুম্ভকৰ্ণ দ্বাপৰ যুগত – শিশুপাল আৰু জৰাখণ্ড ৰূপে অৱতাৰ লৈছিল দ্বাপৰৰ শেষত দুই ভক্তই প্ৰভূক সুধিলে যে “কলি কালত আমি কি ৰূপে অৱতাৰ লম,তাৰ বিষয়ে একো নকলে” তেতিয়াই প্ৰভূৱে কলে___ “কলিযুগত মই মানৱ অৱতাৰ ধাৰণ নকৰো,কিন্তু তোমালোক

Read more

অসম-ট্ৰেক্টৰ – ৰক্তাভ কুমাৰ

” বিউটি বেটাৰা অ’ মাই ডাৰ্লিঙ য়ু চেন্দ মি লেটাৰা….” ট্ৰেভেলাৰখনৰ এফ. এম.ৰ কোনোবা এটা ষ্টেচনত বাজি থকা সীমান্ত শেখৰৰ কণ্ঠৰ এই গীতটো প্ৰথম শুনাৰ দিনাখনৰ পৰাই কিবা এটা বিতৃষ্ণা ভাব আছিলেই, তাতে আৰু মই গীতটোত সৱতকৈ বেয়া পোৱা অংশখিনি, ” আই এম ফ্ৰম চিমলা এণ্ড য়ু আৰ ফ্ৰম শ্বিলং,তোৰে মোৰে মাজত আছে শৰাইঘাটৰ দলং…”, যেতিয়া হেণ্ডিমেনটোৱে কাউৰীৰ নিচিনা মাতত চিঞৰিব ধৰিলে মই আৰু থাকিব নোৱাৰিলোঁ। ” বন্ধু, অনুগ্ৰহ কৰি ৰেকৰ্ডাৰটোকেই বেবাই থাকিব দিয়া, তোমাৰ কণ্ঠই মগজুত বৰ বেয়াকে খুন্দা

Read more

প্ৰতিশোধ – মৃদুলা গগৈ

“হেই মাষ্টৰটোৰ কাৰণেই মোৰ এই অৱস্থা ” বীৰেণে দিনটোত কমেও তিনিবাৰ এইষাৰ কথা কয় । “হ’ব অ’ বীৰেণ আৰুনো কিমান গালি নিদিয় সেই মানুহজনক । ভালেৰে আছে যদিও তই দিনটোত যিমানবাৰহে গালি দিয় সঁচাকে মানুহজনৰ তোৰ শাওপাত লাগিয়ে কিবা এটা হ’বগৈ ” মায়েও অসহ্য হৈ কৈ দিয়ে । মাৰ কথাখিনিত বীৰেণৰ খংটো আৰু টিঙিৰি তোলা হৈ উঠে । “মৰিবলৈকেটো শাও দিছোঁ । মই হাতেৰে মাৰিব নোৱাৰিলো যেতিয়া মোৰ শাওতে মৰক ।” বীৰেণ আজি অলপ দিনৰ পৰা আমাৰ ঘৰতে আছে ।

Read more

ডাকোৱাল – চন্দন শৰ্মা

আচল নামটো কি নাজানো সৰুৰে পৰা সকলোৱে “মাখি” বুলি মতা শুনি আমিও মাখি বুলিয়ে মাতো। ৰহস্যৰ উদ্ঘাটন কৰি এদিন হিমুৱে খবৰটো দিলে। : মাখি নামটোৰ লগত আৰু দুটা নাম আছে, তহঁতে নাজান। আমিনো ক’ৰপৰা জানিম? কিতাপ ফলি আৰু পকা আম কঠালৰ বাদে মূৰত অহা অন্য চিন্তাটো হ’ল মাৰ্বল । তাৰবাদে ভাৰস্তৰ কিবা বেলেগ কথাৰ গোন্ধ বিচাৰিবলৈ আমাৰ দৰকাৰ পৰাই নাই। তদুপৰি “দস্যু ভাস্কৰ” চিৰিজ পঢ়ি পঢ়ি ওষ্টাদি দেখুওৱা ধুন আছেই কিবা দৰকাৰত সাত পাঁছ বাৰ কৰি দিবলৈ। : দে জানই

Read more

মালতী আইতাৰ কথাৰে – কাজলপ্ৰিয়া

স্বাধীনতাৰ কেইবা দশক পূৰ্বে এখন ভিতৰুৱা গাঁৱত জন্ম আৰু বিবাহ মালতী আইতাৰ। সেই হিচাপে বাহিৰৰ পৃথিৱীখনৰ লগত আইতাৰ কোনো সম্পৰ্কই নাই৷ নব্বৈ দশকৰ শেষৰফালে আইতাৰ আঠজন জোঁৱাইৰ কোনোবা এজনে টৰ্চ এটা আইতাক উপহাৰ দিলে৷ জোঁৱায়ে দিয়া উপহাৰ বুলি আইতাই এবছৰমান টৰ্চটো বৰপেৰাত সাঁচি থলে, এদিন সৰু পুতেকে বোলে, “এই কথাই কথা নহয় আই, ভিনিয়ে দিয়া টৰ্চটো উলিয়াই ল, ৰাতি বিয়লি সকাম নিকাম খাবলৈ যাওঁতে লৈ যাব পৰিবি”৷ সেইদিনা কাৰোবাৰ ঘৰত বৰসবাহ খাবলৈ যাওঁতে পুতেকে আইতাক টৰ্চটো জ্বলাই দি পঠিয়ালে৷ সকামৰ

Read more

চেণ্টুদাৰ ফটা পুৰাণ – নিতুপন ডেকা

বিমুদ্ৰাকৰণৰ সময় ৷ সকলো মানুহ চিন্তাত ৷ কি হ’ব গৈ আছে একো ঠিক নাই ৷ কিন্তু আমাৰ চেণ্টু’দাৰ কোনো টেনচনেই নাই ৷ আৰামত চকীত বহি এটা ভৰিৰ ওপৰত আনটো ভৰি তুলি বিড়ি টানি টানি হাঁহি আছে ৷ মোক মন মাৰি থকা দেখি চেণ্টু’দাই ক’লে, টিনচন কিয় লৈছা ৰে তই ? মই: কি টেনচন নল’ম হে…… বেংকত লাইন পাতি পাতিও নতুন নোট পোৱা নাই ৷ আপুনি দেশৰ খবৰ কিবা জানিলেহে…. চেণ্টু’দা: সিঃ সিঃ সিঃ … এই চেণ্টুই নাজানা কথা এই দুনিয়াত

Read more

মগজুহীন মানুহৰ জন্মবৃত্তান্ত – জয়ন্ত শৰ্মা

কাহিনীহে দেই, কাহিনীহে। কাহিনী মানেই অতীজৰে পৰা চলি অহা কথা। শুনা বা পঢ়া । চলি অহা কথা মানেই অলপ যোগ বিয়োগ হৈ কাহিনীত ইফাল সিফাল হ’বই। কওঁতা জনেনো আৰু নিজৰ পৰা দুই এষাৰ যোগ কৰি নিজে কোৱা কাহিনীটো আকৰ্ষণীয় কৰিবলৈ নিবিচাৰিবনে? বিচাৰিবই। এইটোও তেনেকুৱাই এজন ফটাঢুলীয়াৰ জন্ম কাহিনী । কাহিনী বুলি নকৈ আচলতে জন্ম বৃত্তান্ত বুলি ক’লেহে শুৱাব। কাৰণ কাহিনীত দেৱলোকো জড়িত হৈ আছে। যিহেতুকে কাহিনী,গতিকে চাগে বেছি সকলে জানেই আৰু বেছি সকলে জানেই যেতিয়া কেইজনমানমানেনো নজনাকৈ কিয় থাকিব লাগে

Read more

গাখীৰ চাহ – মনজিৎ বৰা

দিগু কাইৰ ঘৰলৈ গৈছিলো বি এছ এন এলৰ চিম বেছিবলে,চিমো ল’লে চাহো খুৱালে। মইতো হতচকিত যে কৃপণৰ ঘৰত এইয়া কেনেকৈ সম্ভৱ? আলহীক গাখীৰ চাহ? তাকো ফুল কাপ। চিন্তা এটা থাকিলেও পাইচো যেতিয়া খাই দিওঁ বুলি দুহোপা মাৰোঁতেই শিলগুটি এটাই দাঁতত খুন্দা মাৰিলেহি। মই খঙত ঘোপাকে চালো দিগুলে। সি মোৰ খং উঠা যেন পাই মৰমেৰে মোক শান্ত কৰিবলে মৰম সনা মাতেৰে কব ধৰিল– : চা, তই মোৰ পুৰণি ফেৰেন্দ মোক ঘৰত আহি ফিৰি চিম দিছ। গতিকে তোক চাহ কাপ খুওৱাটো মোৰ

Read more

পচন্দৰ বোৱাৰী – প্ৰদীপ পাটগিৰি

মাক-দেউতাকে তগৰক পচন্দ কৰিব বুলি দীপে ভবা নাছিল ৷ কিন্তু পচন্দ কৰিলে ৷ দীপ আজি সেয়ে বিৰাট সুখী ৷ বিৰাট আনন্দ তাৰ মনত ৷ তাৰ সোণালী সপোনবোৰ যে দিঠকত পৰিণত হোৱাৰ পথত ৷ দীপ তগৰৰ প্ৰেমত পৰিছিল আজিৰ পৰা তিনি বছৰ পূৰ্বেই ৷ বৰপেটাৰোডৰ বিহুতলীত প্ৰথম দৰ্শনৰ পৰাই দীপে তাইক ভাল পাই পেলাইছিল ৷ তগৰৰ বান্ধৱী কৰবীৰ সহযোগত সিহঁতৰ মাজত প্ৰেমৰ শুভাৰম্ভ হৈছিল ৷ নিয়মীয়া ওখ যদিও খীণ-মীন চেহেৰাৰ তগৰক দীপৰ বন্ধুবৰ্গই অকণো পচন্দ কৰা নাছিল ৷ পচন্দ নকৰাৰ একমাত্ৰ

Read more
1 69 70 71 72 73 84