ফটাঢোল

গােলােকৰ বিয়া, গুণ দাইটি আৰু বাই-ইলেকচন- ডা° প্রাঞ্জল জ্যোতি দত্ত

মই : হেঃ হেঃ, গুণ দাইটি দেখােন। মুখখন তেনেই ওন্দোলা যে কথাটোনাে কি? গুণ দাইটি :  তােৰ হাতত অকণমান সময় আছেনে অ’ কণপাই, কথা দুটামান ক’বলৈ মন গৈ আছে। মই : এঃ দাইটি, কৈ দিয়ক কৈ দিয়ক, শুনিলে যদি আপােনাৰ মনটো শাত পৰে, কেলৈনাে নুশুনিম! শুনিম। গুণ দাইটি : যােৱামাহৰ গােলােকৰ বিয়াখনৰ কথা মনত আছে নহয় তােৰ লুচি, মিহিদানা, ৰসগােল্লাৰে দেখােন তয়াে নেলু জোকাৰি খাইছিলি, তাৰ বিয়াখন পিচে কি হ’ল-বিয়াৰ এমাহৰ পিছতে গােলােকে কৈ নিদিলে জানাে এইজনী তিৰীৰ লগত নােৱাৰে

Read more

নীলা ছাগলী পোৱালী-অৰবিন্দ গোস্বামী

চিদানন্দ বৰাদা বৰ সহজ সৰল মানুহ। ব্ৰাহ্মণ কুলত জন্ম নহ’লেও ধূতি-পাঞ্জাৱী পৰিহিত, কপালত শুভ্ৰ চন্দনৰ তিলক ধাৰণ কৰা, দীৰ্ঘ টিকনি বিশিষ্ট বৰাদা ব্ৰাহ্মণতকৈয়ো কোনোগুণে কম নহয়। যথেষ্ট কঠোৰ নীতি-নিয়ম তেখেতৰ নিৰামিষ আৰু পৰিমিত খাদ্য গ্ৰহণ কৰা বৰাদাৰ চেহেৰাও কোনো সত্ৰৰ গোঁসাইতকৈ কম নহয়। এক কথাত দেৱতুল্য চেহেৰা। কথাতে কয় বোলে “হস্তীৰো পিছলে পাৱ, সজ্জনৰো বুৰে নাও।” বিবাহৰ বন্ধনত কোনোদিন বান্ধ নাখাওঁ আৰু মায়াৰ জালত সোমাই কোনোদিন চটফটাই নাথাকোঁ বুলি একপ্ৰকাৰে ভীষ্ম প্ৰতিজ্ঞা  কৰা বৰাদাই অৱশেষত শণিদেৱৰ কোপদৃষ্টিৰ বাবেই হওক অথবা

Read more

শেষ স্বীকাৰোক্তি-কৌশিক দাস

নমস্কাৰ, ৰাইজ। আপোনালোকৰ ওচৰত মই নতুনকৈ চিনাকি দিয়াৰ প্ৰয়োজন হয়তো নাছিল। কিন্তু সময়ৰ প্ৰয়োজনবশতঃ জৰুৰীভাবে কিছু কথা অৱগত কৰিব ওলাইছোঁ। আশাকৰোঁ ধৈৰ্যসহকাৰে পঢ়িব।  মোৰ জন্ম এটা অতি দৰিদ্ৰ পৰিয়ালত হৈছিল। তিনিটা সন্তানৰ ভিতৰত প্ৰথম হোৱাৰ সুবাদতে পৰিয়ালত মোৰ গুৰুত্ব তেনেই কম আছিল। মই কি পঢ়িছিলোঁ, কি পিন্ধিছিলোঁ তাক লৈ কাৰো বিশেষভাৱে নজৰত পৰা নাছিলোঁ। তাৰ বাবে মই কোনোদিনে আক্ষেপ নকৰিলোঁ  বা মা-দেউতাৰ প্ৰতি থকা মোৰ অন্তৰৰ শ্ৰদ্ধাও কমি যোৱা নাছিল। যিহেতু ইমান ধুনীয়া পৃথিৱীখন তেওঁলোকৰ যহতে পাইছিলোঁ।   কিন্তু মই বৰ

Read more

পৰজীৱি-ভনিতা শৰ্মা

সৰুৰে পৰাই তাইক সিহঁতে কমখন আমনি দি অহা নাই৷ সৰুতে গধূলি পঢ়া টেবুলত বহি দিনটোৰ ভাগৰে হেঁচা মাৰি ধৰি টোপনিয়াই থকা সময়কণতে কোৱা বা ককাক-আইতাকৰ লগত বহি দেওবাৰে দূৰদৰ্শনত ’চন্দ্ৰকান্তা’ চাই থকাৰ সময়তেই কোৱা; তাইৰ পিছ নেৰে সিহঁতে৷ বাৰে বাৰে সোহাঁতখন নিনিও বুলিয়ো সিহঁতক খেপিয়াবলৈ যথোচিত স্থানত নিবলৈ বাধ্য হৈছিল তাই৷ ঠাণ্ডা দিনৰ দুপৰীয়াবোৰত মাক বা পেহীয়েকে তাইক সেইবুলিয়ে কাষলৈ মাতিছিল, : আহচোন, কাষত বহ৷ দুটিমান পাওঁ নেকি খেপিয়াই চাওঁ৷ বিৰক্তি লাগিছিল তাইৰ৷ য’ত ত’ত বহুবাৰ বিবুদ্ধিতো পৰি থৈছে তাই৷

Read more

দিল্লী কা লাড্ডু-ডাঃ পাৰ্থসাৰথি ভূঞা

স্বামী আৰু স্ত্ৰীৰ মাজৰ সমন্ধটো কেনেধৰণৰ তাক বুজাবলৈ টান। মানুহে কয় বিয়া বোলে দিল্লী কা লাড্ডু, খালেও পস্তায় আৰু নাখালেও পস্তায়, মানে বিয়া পাতিলেও পস্তাব লগা হ’ব পাৰে আৰু নাপাতিলেও পস্তাব লগাত পৰে। মই পিচে ভাবোঁ যে জীৱনটো সুন্দৰকৈ চলাই নিবৰ বাবে এগৰাকী জীৱনসংগীৰ খুবেই প্ৰয়োজন। জীৱনৰ বহু কঠিন সময়ত স্বামী আৰু স্ত্ৰী, এজনে আনজনৰ বাবে শক্তি আৰু সাহস হৈ থিয় দিব পাৰে।  সাধাৰণতে দেখা যায় নৱ দম্পত্তীৰ মাজত মৰমৰ এঠা বেছি। লাহে লাহে সংসাৰ বাঢ়ে, ল’ৰা ছোৱালীৰ যত্ন, সিহঁতৰ

Read more

পাছৱৰ্ড-যোগেশ ভট্টাচাৰ্য

“চিদানন্দ কাকতিদায়ে নতুন মোবাইল কিনিলে।” খবৰটো বনজুইৰ দৰে বিয়পি গ’ল। বিয়পি যোৱাৰ কাৰণ দুটা। প্ৰথম কথা চিদানন্দদাদাই স্মাৰ্টফোন ভালদৰে চলাব নাজানে, সৌ তাহানিৰ বুটাম টিপা মোবাইল এটাৰেই ইমান দিনে কাম চলাই আছিল। এতিয়া হঠাৎ স্মাৰ্টফোন কিনি পেলোৱাত ঘটনাটোৱে নামঘৰৰ আয়তীৰ মেলত আৰু তিনিআলি চকৰ কেৰমৰ আড্ডাতো স্থান পালে। দ্বিতীয় কথাটো হ’ল চিদানন্দ কাকতিদাদাই এটা দুটা নহয়, গোটে গোটে চাৰিটা মোবাইল একেদিনাই কিনি পেলালে। আচলতে সাধাৰণ মানুহে মোবাইল কিনাটো সাধাৰণ কথা। কিন্তু চিদানন্দ কাকতিদা অসাধাৰণ মানুহ হোৱা হেতুকে এই ঘটনাটিও অসাধাৰণ

Read more

তুমি হেনো কৰুণা সাগৰ- নাজিয়া হাচান

“যিমানেই আদৰ সাদৰেৰে ৰাখোঁ; শাস্তি নিদিলে স্বভাৱৰ তহঁতৰ সলনিয়েই নহয় মানে। ‘জানোৱাৰ সৱ ক’ৰবাৰ’। হ.. হ.. যা..যা..হুৰ হুৰ―গৰাকীয়ে বাহু দাঙি লাখুটিডালেৰে আকৌ দুয়োটাৰে পিঠিত দুকোব ভালকৈ লগোৱাত, পুনৰ সিহঁত দুয়োটা মূৰ জোকাৰি ঘূৰিবলৈ ধৰিলে। পুৱাৰপৰা তহঁতক ঘাঁহ, খেৰ, দানা, পানীৰে পেট পূজা ভালকৈ কৰাই লোৱা নাইনে? তথাপি তহঁতে এই মৰণাখিনি মাৰোঁতে ইমান যে অত্যাচাৰ কৰিছ? কোবসোপা খায়ো জ্ঞানৰ দুৱাৰ নোখোলে ন তহঁতৰ? এইবোৰ স্বভাবৰ দোষতেইতো গৰু উপাধি লাভ কৰিছ তহঁতে! খাবলৈ নোপোৱাৰ নিচিনা মৰণাৰ ধান খেৰকেইডাল খাবলৈকে কেনেকৈ ৰৈ ৰৈ

Read more

তেলেগু চিনেমাৰ প্ৰতিক্ৰিয়া-অসীমা দত্ত শইকীয়া

আগতে দেওবাৰে তামিল-তেলেগু চিনেমা খুব চাওঁ। একো নুবুজোঁ কিন্তু কন্দাকণ আৰু হঁহাকণহে বুজোঁ অকল। আমাৰ লগত মিলে সেইকণহে। তাকে চাবলে বহি থাকোঁ। এদিন ঘৰত তেনেকুৱা এটা ভাষাত দুখ কৰিবৰ মন গ’ল। এনেয়ো বহুত দুখ তেতিয়া, কোনোবা পলাই গ’লে মাৰ খাওঁ মই, এয়ো যাব বুলি; সিফালে মোক সৱেই ল’ৰা বুলিয়েই ভাবে। কোনোবাই ফেইল কৰিলেও মায়ে মোকে পিটে, এয়ো ফেইল কৰিব বুলি। কোনোবাই ক’ৰবাত কথা লগালেও মাৰে মোক, এয়ো এনে হ’ব। মাত্ৰ গাঁৱত কাৰোবাৰ ডেলিভাৰী হ’লেহে মোক নেমাৰে মায়ে, এয়ো পাব বুলি..। 

Read more

দত্তনীৰ ৰঙালাও প্ৰীতি-ৰীতা লীনা সোণোৱাল

দত্তনীৰ সকলো বিষয়ৰ ওপৰতে অগাধ জ্ঞান। তেওঁৰ জ্ঞানৰ মহিমা দেখি আমাৰ মেলা মুখ মেলাতেই ৰৈ যায়। এবাৰ আমাৰ চুবুৰিৰ নামঘৰটোলৈ স্থানীয় বিধায়কজন আহিল সপত্নীক। আমি গোটেই চুবুৰিৰ মহিলাখিনি নামঘৰতেই আছিলোঁ, নাম লৈ। বিধায়কে বোলে, : আইসকল আশীৰ্বাদ এভাগি দিব। এইবাৰো ইলেকশ্যনত উঠিছোঁ‌। দত্তনীয়ে তাৰ মাজতে টেপেচকৈ মাত লগাইছে, : ছাৰ, আপোনাৰ ডেডবডীকেইটা অহা নাই নেকি এটাকো দেখা নাই যে।  বিধায়ক পত্নীৰ চকু-মুখ টেলেকা হৈ গৈছে। এনেই ৰাজনীতি কৰা মানুহৰ বদনাম বহুত। এইবাৰ ডেডবডী লগত লৈ ফুৰে বুলি ধৰিলগৈ। মাজতে কোনোবাই

Read more

ৰায়দান-কৰবী দেবী

সাধাৰণ বিস্কুটৰ পেকেট এটা চুৰি কৰিলে বুলিয়েই শ্বপিং মলৰ মালিকে পুলিচ মাতি হৈ চৈ কৰা বিষয়টোত নগেনে ৰণচণ্ডী মূৰ্তি ধাৰণ কৰে যদিও খঙটো সংযত কৰি অপেক্ষা কৰে বিচাৰৰ দিনটোলৈ। পিচে বিচাৰৰ দিনটো সমাগত হোৱাত নগেনৰ অন্য এটা কথাতহে ভীষণ টেনশ্যন বাঢ়ে। কাৰণ জামিনৰ নামত এসোপামান টকা খৰচ কৰি পত্নীক উলিয়াই নিবলৈ ইচ্ছা নাই তাৰ। তাতোকৈ ঠিক আছে পত্নী জেলতে থাকক। এনেও এইকেইদিন ঘৰখনত অকনমান শান্তিয়ে বিৰাজ কৰিছেই যদিও প্ৰথমে মনটো বেয়া লাগিছিল তাৰ। উকীল, জৰ্জ, সাক্ষীবাদী সকলো নিৰ্দিষ্ট সময়ত উপস্থিত

Read more
1 6 7 8 9 10 84