ফটাঢোল

শনি, মই আৰু সেই ভদ্ৰ মহিলাগৰাকী-ডা° প্ৰাঞ্জলজ্যোতি দত্ত

শনিবাৰ। চেম্বাৰত বহি আছিলোঁ থমথমকৈ। লগত দুই এটা হামিও আছিল। শনি মন্দিৰ এটালৈ এবাৰ পৰিবাৰৰ সৈতে যাওঁতে শনিৰ মূৰ্তিলৈ চাই মূৰটো দোঁৱাই সেৱা এটা কৰি উঠাৰ পিছতে যেতিয়া এওঁৰ পৰা গম পালোঁ যে মূৰ দোঁৱালেই হেনো শনিয়ে মূৰত উঠি লয়হি আহি বুলি, সেই দিনাৰ পৰাই শনিবাৰ আহিলে কিবা ভয় ভয় লাগি থকা হৈছিল। দুৱাৰখন ঠেলি বেছ আহল বহল ভদ্ৰ মহিলাএগৰাকী সোমাই আহিল। ক’লোঁ, : বহক   — বহিল।  আমাৰ নিচিনা বেজবিলাকৰ অকল বেমাৰৰ কথাহে। বেমাৰ চালোঁ, ধৰাও পেলালোঁ। দৰৱ কেইপালি

Read more

ৰসৰচনা – কৰবী দেৱী

এল পি ৰ দেওনা পাৰ হৈ হাইস্কুললৈ গৈছোঁ সেইবাৰ। নতুন স্কুল, নতুন সহপাঠী। মনবোৰ আনন্দৰে উপচি পৰিছিল। অৱশ্যে বুকুত অজস্ৰ ভয়। বিশেষকৈ অংকৰ ছাৰজন বা কেনেকুৱা, খঙাল নে মৰমীয়াল….! তথাপি সহজ হওঁ, নতুন সপোন গঢ়াৰ  পণ লওঁ। পিছে য’তেই বাঘৰ ভয় ত’তে ৰাতি হয়। অংকৰ ছাৰগৰাকী ভীষণ খঙাল আছিল। বিশেষকৈ ব’ৰ্ডত অংক পাতি যেতিয়া সমাধান কৰিবলৈ কৈছিল, আমাৰ মুখৰ মাত হৰিছিল। চক পেঞ্চিলডাল হাতত তুলি অংকৰ সমাধানৰ সূত্ৰটো বিচাৰি  উলিয়াওঁ মানে আমাৰ পিঠিত ড্ৰামচেট, তবলা শেষত হাৰমনিয়ামৰ সুৰ…। আনহাতে ঘৰতো

Read more

পাৱাৰ বেঙ্ক – জয়ন্ত গগৈ

নকছাৰীত থকা পেহী-পেহাই প্ৰায়েই কৈ থাকে তঁহতকেইটাই আমাক একেবাৰে পাহৰি গ’লি চাগে। যাওঁ বুলিও হঠাতে যাব নোৱাৰি। কেইবা কিল’মিটাৰৰ বাট। ল’ৰাক স্কুলত থোৱা -অনা, এইবোৰ কৰি থাকোঁতেই দিনটোৰ সময়কণ শেষেই হয়চোন। আকৌ দেওবাৰৰ দিনটোতো কেতিয়াবাহে সময় থাকেগৈ। ল’ৰাটোক নগৰৰ আৰ্টৰ স্কুললৈ নিলেই দিনটোৰ এবেলা সময় যায়গৈ। বন্ধৰ দিনটোতে কামো ধেৰ ওলাই। সময়বোৰ এনেকুৱাই হয়তো। ব্যস্ততাৰ মাজত থাকিলে গমকে পোৱা নাযায়। পেহা-পেহীৰ ঘৰলৈ একেবাৰে নোযোৱাও নহয়। ডেকাতে দুবাৰমান গৈছিলোঁ। সংসাৰ আৰম্ভ কৰাৰে পৰা অৱশ্যে তেনেকৈ  দূৰলৈ আলহী খাবলৈ যোৱা হোৱা নাই।

Read more

ডিচকাউণ্ট : অমিতাভ মহন্ত

অৱস্থাটো বৰ্ণনা কৰিলে হাহাকাৰ অৱস্থা বুলিয়েই ক’ব লাগিব৷ দিহিঙে দিপাঙে ঘূৰি ফুৰিছোঁ৷ যেন সৰু-সুৰা যাযাবৰ৷ মাজে মাজে ঘপহকৈ ৰৈ যাওঁ৷ মানে ৰৈ যাবলৈ বাধ্য কৰোৱা হয়৷ কেতিয়াবা ভাৱ হয়, বৃটিছে কহিনুৰ টুকুৰা চাগে ইংলেণ্ডলৈ নিনিলে৷ ইয়াতেই থৈ দিছে, ৬৫% ডিচকাউণ্টত৷ পাচে সেইটুকুৰা ৯৯% কমাই দিলেও ল’ব নোৱাৰিম৷ বৰ্তমানৰ কাহিনীটো এটা টেবুল লেম্পৰ৷ ডিজিটেল, এল ই ডি টেবুল লেম্প৷ সন্মুখত এটা গাঁতৰ দৰে কিবা আছে৷ সেয়া হেনো পেনষ্টেণ্ড৷ লেম্পটোৱে হৰেক ৰকমৰ পোহৰ নিৰ্গত কৰে৷ ব্লু টুথৰ সুবিধাও আছে৷ কপিলদেৱে ক্ৰিকেট এৰাৰ

Read more

অনিমন্ত্ৰিত : প্ৰণীতা গোস্বামী বৰঠাকুৰ

কৈশোৰে পদূলি গৰকিবলৈ পালেহে, তয়ো বিনা নিমন্ত্ৰণে মোৰ ওচৰ পালিহি। শৈশৱৰ জপনাখন পাৰ হৈ, কৈশোৰক মই বৰ আগ্ৰহেৰে আকোঁৱালি লৈছিলোঁ, তই আহি সকলো খেলি-মেলি কৰি দিলিহি। মইতো তোক কেতিয়াও ভালপোৱা নাছিলোঁ, কিয় আহিলি তই মোৰ মনটো অশান্তি কৰি থাকিবলৈ! তই অহাৰ পৰা মই ৰাতিও শান্তিৰে শুব নোৱাৰা হ’লোঁ। তোক ঢাকি ৰাখিবলৈ সকলো সময়তে আবৰি থকা মোৰ আপ্ৰাণ চেষ্টাই মনটোক ফ্ৰি হ’বলৈকে সুবিধা নিদিয়া হ’ল। কি কৰোঁ!… টি ভিৰ বিজ্ঞাপন, ৰাম বাবা, বৈদ্যনাথ সকলোকে আমন্ত্ৰণ জনায়ো তোৰ পৰা ৰেহাই নোপোৱা হ’লোঁ।

Read more

বিবাহিত পুৰুষৰ চিন্তা : ঋতুপৰ্ণ শৰ্মা

: হেৰা! কি হৈছে তোমাৰ? ইমানকৈ চিঞৰি আছো নুশুনা নেকি? পত্নী নিহাৰিকাৰ চিঞৰত ৰাহুলৰ ভাবনাত যতি পৰিল আৰু বিৰক্তিৰে কৈ উঠিল, :কি হ’লনো? ইমানকৈ চিঞৰিছা কিয়? মই ইয়াতে আছো তুমি দেখা নাই নেকি? কাষলৈ আহিওতো কথাটো ভালকৈ ক’ব পাৰা। :অঁ‌ এতিয়া মোৰহে ভুল দেখিলা। কিনো ইমানকৈ চিন্তা কৰি আছা যে মোৰ মাতেই শুনা নাই? – নিহাৰিকাই ক’লে। :মই কৰা চিন্তাবোৰৰ কথা তোমাক ক’লে তোমাৰ চিন্তাহে বাঢ়িব। গতিকে সেইবোৰ বাদ দিয়া আৰু কিয় মাতিছিলা কোৱা। – ৰাহুলে ক’লে। :কিনো ক’ম আৰু

Read more

ঈদ মোবাৰক : নাজিয়া হাচান

ঘৰৰ সহায়িকা গৰাকীৰ লগত নিজেও লাগি ঘৰটো চাফা কৰিলে ঘৰটো চকুত লগাকৈ জিলমিলাই থাকে। কথাষাৰ অনুভৱ হয় যদিও, সেই এলাহ বোলা বিকাৰবিধেহে মোক বাৰুকৈ বশ কৰি ৰাখে। কিমাননো কৰিবা; তাতে পাকঘৰৰ কামবোৰচোন বাইক দিয়ায়ে নহয় কৰিবলৈ। সকলো মই নিজে কৰোঁ। কাপোৰবোৰো মেচিনতে ধোওঁ। গতিকে, ঘৰৰ সৰা-মচা কামখিনিত সদায় ইমান মাথা মৰাৰ ধৈৰ্য নাথাকেগৈ মোৰ। পাল মাৰি কৰি যোৱা তাইৰ কামবোৰ দেখিও বেছিভাগ দিন চকু মুদিয়ে থাকোঁ। পিচে, বছৰৰ উৎসৱ-পৰ্বসমূহ আহিলে তেনে অনুভৱবোৰৰ পাত্তাৰ ভাৰ মোৰ মনত একেবাৰে শূন্য হৈ পৰে।

Read more

দ্ৰোপদী : গীতাৰ্থী গোস্বামী

আদহীয়াৰো ওপৰৰ হ’ল। আলৰ হ’বলৈ কেইটামান বসন্তহে বাকী। বোৱাৰীয়েক লখিমীয়ে এদিন লক্ষ্য কৰিলে এই পকি, সৰিবলৈ ধৰা মানুহজনে অনবৰতে ফোনটো কাণত লগাই দেশৰ ছোৱালীবোৰৰ লগত কথা পাতি থাকে। ভৈয়াই ঐ! দেশখন ৰসাতলে গ’ল। কেইবাদিনো তাই কথাষাৰ মন কৰিলে। তাকো লুকাই চুৰকৈও কথা নাপাতে। একদম খোলাকৈ কথা পাতি ঢেকঢেকাই হাঁহেও। বোৱাৰী ওচৰত আছে বুলিও কেৰেপেই নকৰে। কথানো কি! বোলে সংগীতাই অমুকৰ ঘৰত চাহপানী খালেগৈ। কবিতা আজি নামলৈ নাযায়। বন্দিতাৰ সিদিনা নাম ধৰি থাকোঁতেই সৰুপানী চোৱা লাগিল।….হে ভগৱান! বুঢ়া বয়সত এইজনৰ কি

Read more

এটুকুৰা ৰুটিৰ কাহিনী- মৃদুল নাথ

: শুনকচোন.. দুখোজ আগবাঢ়িয়ে বৰুৱা ৰৈ গ’ল। যাত্ৰা কৰাৰ সময়ত পিছফালৰ পৰা মাত দিলে অমংগল হয় বুলি বৰুৱাই ভবাই নহয় অন্তৰেৰে বিশ্বাস কৰে। মুখৰ অসন্তুষ্টিৰ চিন লুকুৱাই বৰুৱাই ঘূৰি চাই ক’লে, : কোৱা। : আজি অফিচৰ পৰা অলপ সোনকালে আহিব। কাম আছে আপোনাৰ। : কৰবালৈ যাবা? : সন্ধিয়া লেডিজ ক্লাবৰ মিটিং আছে। একেবাৰে ডিনাৰ কৰি আহিম। মাজনীক এপাক ফুৰাই অনাৰ পাছত ইভিনিং স্নেকচৰ পৰা ডিনাৰ লৈকে আজি সকলোখিনি আপুনিয়ে ৰেডি কৰিব লাগিব। বৰুৱানীৰ কথা ঘৰখনত শিলৰ ৰেখা। ‘হাকিম লৰিলেও হুকুম

Read more

সেই সৰু ল’ৰাটো-সদানন্দ ভূঞা

সেই সৰু ল’ৰাটো এতিয়া ডাঙৰ হ’ল। দুকুৰি দেওনা পাৰ হোৱা ল’ৰাটোৰ এতিয়া পত্নী, সন্তানসহ সুখৰ সংসাৰ। কাহিনীৰ নায়কৰ নাম উল্লেখ নকৰাকৈয়ে আৰম্ভ কৰিব ওলাইছোঁ সেই সৰু ল’ৰাটোৰ কিছু আমোদজনক কাহিনী। আহকচোন আমি সেই সৰু ল’ৰাটোৰ বিষয়ে কিছু জানি লওঁ। সৰু ল’ৰাটোৰ জন্ম অসমৰে এখন গাঁৱত হৈছিল। গোঁসাই পৰিয়ালৰ সন্তান। ল’ৰাটোৰ জন্মৰ সময়ত গাঁওখনত উদুলি-মুদুলি পৰিবেশ হৈছিল। সকলোৱে ল’ৰাটোক হিয়া উজাৰি আশীৰ্বাদ দি গৈছিল। ককায়েকৰ আলাসৰ লাড়ু সেই সৰু ল’ৰাটোক ককায়েকে চকুৰ আঁতৰ হ’বলৈ দিয়া নাছিল। ককায়েকে স্কুললৈ যায় যদিও পঢ়া-শুনাৰ

Read more
1 2 3 4 5 6 72