ফটাঢোল

ৰি-ইউনিয়ন – প্ৰণীতা গোস্বামী বৰঠাকুৰ

গাৰুটোত হেঁচা দি পেট পেলাই শুই ল’লোঁ। ইহঁতকেইজনীয়ে ইমান লেকচাৰ মাৰিছে, দাদুলৰ লগত কথা পাতি থাকোঁতে সিহঁতৰ কথা আধা নুশুনিলোৱেই। আজি অত বছৰৰ মূৰত আমি কেইজনী লগ হৈছোঁ, কথা ক’ত শেষ হ’ব আজি! দাদুলো সেই, কেনেকৈ আছোঁ, কিবা দিগদাৰ হৈছে নেকি, দৰববোৰ সময় মতে খাবা, বিশেষ অসুবিধা হ’লে লগে লগে ফোন কৰিবা আদি এশটামান উপদেশ। অহাৰ পৰা এতিয়ালৈকে তিনিবাৰমান ফোন কৰিছে। তাইৰো দাদুলক অকলে এৰি আহি বেয়া লাগি আছে, তথাপিও আজি সিহঁতৰ দিন। এটা দিন সিহঁতি পুনৰ ল’ৰালিলৈ উভতি যাব

Read more

লিষ্ট — ৰাজীৱ শৰ্মা

আজিৰ যুগ লিষ্টৰ যুগ বুলিলেও বঢ়াই কোৱা নহয়।যেনিয়েই চাওঁ তেনিয়েই লিষ্টৰ ৰাজত্ব। আগৰ দিনত কিন্তু এনে নাছিল। এই মোবাইল বোলা বস্তুটো ওলোৱাৰ পৰাই লিষ্টৰ আদৰ বাঢ়িল। আগৰ মানুহৰ স্মৃতিশক্তিয়েই বেছি আছিল নে বৰ্তমান মোবাইলে মানুহৰ স্মৃতিশক্তি কমাইছে তাৰহে পাত্তা নোপোৱা হৈছোঁ‌। ফোন নম্বৰবোৰৰ কথাকে ধৰকচোন। আগতেতো আপোন মানুহবোৰৰ নম্বৰকেইটা মুখতে থাকে। এতিয়া নৈব নৈব চ। আনহে নালাগে নিজৰ ফোন নম্বৰটোতে কিবা এটা সন্দেহ থাকি যায় চাই নল’লে। কিন্তু এই লিষ্টৰ বিষয়ে সৰুতেই ধাৰণা দিছিল অংক কিতাপত জমা-খৰচৰ বিষয়ে থকা পাঠটিত।

Read more

এই জ্বৰ ক্রিকেটৰ জ্বৰ -মানসী বৰা

বিমল গোটেইটো ক্রিকেট পাগল। ঠাইখনৰ সকলোৱে জানে ক্রিকেট বুলিলে বিমলক আন একো নালাগে। যিদিনা ক্রিকেট থাকে সেইদিনা শুবলৈ, খাবলৈ,গা ধোবলৈ নাইবা দোকানলৈ যাবলৈ ঘৈণীয়েক মণিমায়ে হেঁচুকি থাকিব লাগে। সি আনকি নিজৰ দোকানলৈও ক্রিকেট চাবৰ কাৰণে টি ভি এটা আনি লৈছে। ক্রিকেটৰ কাৰণে কেতিয়াবা তাৰ দোকান খোলা দেৰি হৈ যায়। দিবা-নৈশ খেল থাকিলেতো কথাই নাই। সেইদিনা ঘৰলৈ অহাও দেৰি হয়। বেছি দেৰি হ’লে কেতিয়াবা ঘৰলৈ নাহি দোকানতেই শুই দিয়ে সি।আই পি এল থকা কেইদিনতো ক’বই নালাগে। চিনাকি ল’ৰা কেইটামানো ক্রিকেট চাবলৈ

Read more

নিৰুত্তৰ — মৌচুমী গগৈ

পলাশে আনদিনাৰ দৰেই অফিচৰ পৰা আহি হাত-ভৰিকেইটা ধুই পোনে পোনে দ্ৰয়িং ৰূমৰ আৰামী চকীখনত গাটো এৰি দিলে। এইটো তেওঁৰ নিত্য নৈমিত্তিক অভ্যাস৷ ৰুবীয়ে পাকঘৰৰ পৰাই ভূমুকি মাৰি দেখিলে যে, মহাশয়ে ইতিমধ্যেই কিবা এখন কিতাপ মেলি লৈ পঢ়াত ব্যস্ত হ’লেই। ৰাতি ভাত খোৱাৰ পৰলৈকে তেওঁ এই চকীখনৰ পৰা আৰু লৰচৰ নকৰে। চাহ কাপ খাই ল’বলৈও আহৰি নাই। কেৱল কিতাপ, কিতাপ আৰু কিতাপ৷ সেইবুলি স্কুল বা কলেজৰ পাঠ্যক্ৰমৰ প্ৰতি ইমান ৰাপ নাছিল, কেৱল বাহিৰা আলোচনী, উপন্যাস, কাহিনী সংকলন এইবোৰৰ প্ৰতিহে আৰ্কষণ বেছি।

Read more

কাহানী পাকঘৰ কী – দেবজিত শইকীয়া

ঘৰৰ একলৌতা অমুকাই বিয়াৰ বহু বছৰৰ পাছত যেতিয়া চাকৰি সূত্ৰে ঘৰৰ পৰা দূৰৈত অকলে ভাড়াঘৰ লৈ থাকিব লগীয়া হ’ল তেতিয়াৰ পৰাই বৰ্তমান লিখিবলৈ ওলোৱা এই কাহিনীটোৰো আকাৰ দোপত দোপে বাঢ়িব ধৰিলে৷ বদলি হোৱাৰ বহুদিনলৈকে পাকঘৰ শব্দটোৰ পৰা নিজকে আঁতৰাই ৰাখিবৰ বাবেই বিভিন্ন অজুহাত দেখুৱাই দৈনিক কৰ্মস্থানৰ পৰা জন্মস্থানলৈ অহা যোৱা কৰি আছিলোঁ যদিও গেস্ট্ৰিক, ষ্পণ্ডেলাইটিছ, বেক পেইনৰ দৰে লগত যোৱা বেমাৰ বোৰৰ লগত চিনাকী হোৱাৰ পিছত শ্ৰীমতীৰ কেটকেটনি খেচখেচনি শুনি শুনি অৱশেষত কৰ্মস্থলীতে ভাড়াঘৰ কৰি থকাৰ সিদ্ধান্ত ল’লোঁ আৰু উইকেণ্ড

Read more

সাহিত্য সাধক – অবিনাশ শৰ্মা

কিছুদিনৰ পৰা মোক সাহিত্য চৰ্চাৰ ভূতে বৰ বেয়াকৈ লম্ভিছে৷ সাহিত্য সাধনাৰ ফলস্বৰূপে তিনিটা কবিতা, এটা গল্প ফেচবুকৰ হাজাৰৰ ওপৰত সদস্য থকা গোট এটাত দি দহটা লাইক আৰু তিনিটা কমেণ্ট পাই মই বৰ উৎসাহিত হৈ পৰিলোঁ৷ পৰিলোঁ এই কাৰণে যে কমেণ্ট তিনিটা গোটৰ এডমিন কেইজনে দিছে৷ লাহে লাহে নিজৰ নহ’লেও আনৰ লেখা নকল মাৰি হ’লেও মোৰ সাহিত্য সাধনা চলাই থাকিলোঁ৷ মোৰ এই সাহিত্য চৰ্চাৰ উত্থানে এইবাৰ ডাঙৰ কিবা এটা কৰাৰ কথা মনলৈ আনিলে৷ ডাঙৰ কিবা মানে উপন্যাস সৃষ্টি৷ হয়, মই এখন

Read more

অথ: চুমি সংবাদ – ময়ূৰী দত্ত

চুমি মানে মোৰ মানুহজনী ভালেই, পৰিয়াল, ওচৰ চুবুৰীয়াই শলাগিলে মোৰ বুকু ফুলি যায়। তাইক নকওঁ বাৰু। কেতিয়াবাহে তাই “নাৰীবাদী” কাম কিছুমান কৰে যিবোৰ মোৰ তেজপুৰ ইউনিভাৰ্ছিটীৰ পৰা এমবিএ কৰা মগজুৱে ঢুকি নেপায়। এই ধৰক কালি “ৰিলায়েঞ্চ”লৈ গ’লো ল’ৰাটোৰ গৰমত পিন্ধা স্পৰ্টিং কিনিবলৈ। যাওঁতেই চুমিক শুনাই গৈছো যে অহামাহত ল’ৰাৰ স্কুল ফীজৰ দ্বিতীয় কিস্তি দিবলৈ আছে গতিকে কিবা আইটেমত ডিচকাউণ্ট দিলেও সেইফালে যাতে মন নকৰে। হ’লে কি হ’ব লেডীজ চেকশ্যনত পাক নমৰাকৈ ওলাই নাহে জানোৱেই। ঘূৰি ঘূৰি কুৰ্টা কেইটামান ট্ৰাই কৰিলে।

Read more

ৰক্তচাপ — নাজিয়া হাচান

: হেৰা! শুনিছানে? – পুৱাৰ বাতৰিকাকত খন সামৰি সামৰি পতীদেৱে মানুহগৰাকীক চিঞৰিলে। উত্তৰ একো নাহিল। : হেৰা! বোলো শুনিছানে? – এইবাৰ ডিঙিটো সামান্য দীঘলকৈ মেলি চিঞৰিলে। নাই একো উত্তৰ নাই। : হেৰা..! কত হে তুমি? বোলো শুনিছানে? – এইবাৰ কিছু বেছি জোৰকৈয়ে চিঞৰিলে। : অ কি হল?শুনি আছোঁ কওঁক – শুনিলে। এইবাৰ পাক্কা শুনি তেওঁ লগে লগে মাত দিলে। : হেৰা তোমাৰ বি.পি. কি হে? : কি? কি বিপি? – চাদৰখনেৰে হাতখন মচি মচি কাষলৈ আহি পত্নীয়ে তেওঁক কপাল কোঁচাই

Read more

পাহিৰ পথাৰ যাত্ৰা — লোনা বৰা

ঘৰখনত হঠাৎ হুলস্থুল লাগিল৷ “তলত থ’লে পৰুৱাই খাব, মূৰত থলে ওকনিয়ে খাব” ধৰণে ডাঙৰ হোৱা পাহিয়ে ঘোষণা কৰিলে যে তাই গাঁৱৰ ঘৰলৈ যাব। যাব মানে যাবই; তাকো এদিনৰ ভিতৰতে৷ মাক, দেউতাকে কথাৰ একো উৱাদিহ নাপায়, জীয়েকৰ বেমাৰ বুলি ধৰিয়ে ল’লে। নিশ্চয় কোনোবাই কিবা যাদু কৰিছে, নহ’লে বৰষুণ দিলেও লেতেৰা বুলি ওলাই যাবলৈ টান পোৱা ছোৱালীজনী এই বাৰিষাৰ দিনত গাঁৱলৈ যাবলৈ ওলাইছে৷ কি কথা হ’ব পাৰে! তাইৰ এই ঘোষণাৰ পাছৰপৰা দুইজনৰে চকুৰ টোপনি নোহোৱা হ’ল। বুজাইছেহে বুজাইছে, জীয়েক পাহি নাচোৰবান্দা, যাবই৷

Read more

শান্তিপাঠ – সোনটো ৰঞ্জন বৰুৱা

ঘৰখন সুখে-শান্তিৰে থাকিবলৈ হ’লে এক বিশেষ ধৰণৰ শান্তি পাঠ ৰেগুলাৰ কৰক। আপুনি ভাবিছে, কি বিশেষ শান্তি পাঠ নো? বুজাই আছো ৰ’ব। প্ৰথমে শান্তিপাঠ কৰিবলৈ খুঁত (কাৰণ) এটা বিচাৰক। যি কোনো খুঁত এটা হ’লেই হ’ব। ইয়াক মাত্র শান্তি পাঠ আৰম্ভ কৰিবলৈহে লাগে,তাৰ পাছত ইয়াৰ কাম নাথাকে। খুঁত পোৱাৰ পাছতেই শান্তিপাঠ আৰম্ভ কৰি দিয়ক। সৰ্বপ্ৰথমে পত্নীয়ে শ্লোক আওৰাওক :”হেৰা,তোমাক সদায় কিয় ক’ব লাগে তিতা টাৱেল বিচনাত নথ’বা৷ এতিয়া পতিয়ে আওৰাওক :”কোনে থ’লেহি জানো?” পত্নীঃ “এৰাটো টাৱেলৰ ভৰি আছে যে খোজকাঢ়ি আহি উঠিলহি”

Read more
1 42 43 44 45 46 72