ফটাঢোল

ফটাকোটৰ বিয়া আৰু গোঁসানীৰ মুখখন-ডা° প্ৰাঞ্জল জ্যোতি দত্ত

যোৱা বছৰৰ কথা। কৰ’ণা আই তেতিয়া দুদিনমানৰ কাৰণে মাকৰ ঘৰলৈ গৈছে।  গধুলি বিয়া এখন খাবলৈ ওলাইছোঁ সপৰিয়ালে। চেম্বাৰৰ পৰা আহি পোৱাৰ পিছত লৰালৰিকৈ ওলালোঁ। পৰিবাৰ আৰু মা সাজি-কাচি ল’ৰাহালৰে সৈতে সাজু হৈ আছিলেই। অলপ পলম হোৱাৰ কাৰণে গোঁসানীয়ে চিৰ পৰিচিত প’জটো ইতিমধ্যে ল’বলৈ আৰম্ভ কৰিছিলেই। কডো বাহত জুই নিদিওঁ বুলি মই যিমান পাৰি পটাপট কোট পেণ্ট এযোৰ পিন্ধি লৈ ক’লোঁ-  : এয়া চোৱা, মই ৰেডি।  সময় বচাবলৈ সদায় কৰি অহাৰ নিচিনাকৈ সোঁতোৰাসোঁতোৰ চোলাটোৰ কেৱল পেটটো ইস্ট্ৰি কৰি ল’লোঁ-কাৰণ সেইডোখৰহে ওলাই

Read more

কণা বিধি – ৰঞ্জিত কুমাৰ শৰ্মা

ভাৰত আৰু ইণ্ডিজৰ মাজত টি-টুৱেণ্টি ক্ৰিকেট৷ সন্ধিয়া সাত বজাৰ পৰা আৰম্ভ হ’ব খেল৷ দত্তই পুৱাই ভাবি থৈছিল আজি তেওঁ সন্ধিয়া বাহিৰলৈ ওলাই নাযায়, খেল চাব৷ ক্ৰিকেট দত্তৰ প্ৰিয় খেল৷ টি ভিত নিশাৰ ভাগত চাব পৰা সময়ত খেল হ’লে বা অ’ফিচ বন্ধৰ দিনত খেল হ’লে দত্তই যিমানখিনি সম্ভৱ চাবলৈ চেষ্টা কৰেই৷ টুৱেণ্টি টুৱেণ্টি, মানে কুৰি অ’ভাৰৰ চুটি সংস্কৰণটোৰ খেল হ’লেতো কথাই নাই, দত্তই চাবই চাব৷ সন্ধিয়াৰ ভাগত প্ৰায়েই তেওঁ বাহিৰলৈ এপাক ওলাই যায়৷ প্ৰায়েই তেওঁ খোজ কাঢ়ে, কেতিয়াবা দুই-চাৰিজনৰ সৈতে চ’ক এটাত থকা দোকান এখনত আড্ডাতো বহে৷

Read more

পুত্ৰ বধু : নাজিয়া হাচান

এখেত ঘৰৰ একমাত্ৰ সন্তান। চাকৰিৰ খাতিৰত এওঁ ঘৰৰপৰা বহু দূৰত থাকে। ঘৰখনত এওঁৰ মাক দেউতাক অকলশৰীয়া। বিয়া পাতি প্ৰথম অৱস্থাত তেখেতে সেয়ে মোক মাক দেউতাকৰ লগতেই থৈ গৈছিল। দেখিবলৈ মই চুটি চাপৰ, ক্ষীণ কাইৰে, অকণমানি হেন মানুহ। সঁচা অৰ্থত তেনেই এলেহুৱা আৰু থুপৰীও। পিচে তাতেনো কি হ’ল! হওঁতে মই আজিৰ যুগৰ নাৰীহে হওঁ কিবা! শহুৰৰ ঘৰত নিজক এক্টিভ স্বভাৱৰ মানুহ এজনী বুলি পৰিচয় এটা মোৰ বনাই পেলামতো। সময়খিনিক অপচয় নকৰি ধৰি ল’লোঁ; যে এয়া মই অনলাইন ক্লাছ কৰি কৰি হঠাৎ

Read more

ধূলিকণা – বিনীতা বৰশইকীয়া

নমস্কাৰ। মই ফুলেশ্বৰী বৰুৱা। আপোনাৰ সম্পৰ্কত মই মোৰ ল’ৰাটোৰ দেউতাকৰ ঘৈণীয়েক আৰু মোৰ মানুহজনৰ ল’ৰাটোৰ মাক। মই ত্রিভূৱনতে বিচিত্র বৃত্তান্তৰ বাবে ব’ বিখ্যাত মহিলা। এবাৰ যে মোৰ লিহিৰী পিহিৰী আঙুলিৰে (খঁহটা হ’লেও লিহিৰি বুলিয়ে কওঁ পায়) পূৰ্ণগতিত ৰন্ধন কাৰ্যসূচী চলাই আছোঁ আৰু দেই। ইপিনে ঘৰত বহি বহি উঠি অহা বুঢ়া আৰু উঠি অহা ল’ৰাকণৰ খককণো যিটো গতিত বাঢ়িছে নহয়, কৃষ্ণহে বুলিছোঁ আউ। সোনকালে সিজক বুলি ময়ো গান এফাঁকি গাই দিছোঁ বুইছেনে। বোলো “লাম্বা হৌ হৌ খানা জল্দি সিজ্ ঔ”। ইম্মান

Read more

তোমালৈ তেনেকৈ কিয় চাই আছিলোঁ জানা সোণজনী – ডা° প্ৰাঞ্জলজ্যোতি দত্ত

বিয়াৰ কেইদিনমানৰ পিছৰ কথা। ঠাণ্ডাৰ দিন আছিল। খাই -বৈ উঠি আমি বিছনাত পৰিলোঁ। মানুহজনী বিছনাত উঠিয়েই টোপনি গ’ল। তেতিয়া ফেচবুক, ৱাটচএপ এইবোৰ বস্তুৰ ভূমিষ্ঠ হোৱাই নাছিল। কাজেই ৰাতি মানেই শোৱা। দুয়োটা শুলোঁ। মাজৰাতি এটা ভয়ানক চিঞৰ শুনি উচপ খাই উঠিলোঁ। দেখিলোঁ মানুহজনী ঠকঠককৈ কঁপিব ধৰিছে। চকুহাল ভয়ত ডাঙৰকৈ মেল খাই উঠিছে। মেলি থোৱা চুলিৰে মানুহজনীক সাইলাখ ডাইনী (আজিলৈকে দেখা নাই অৱশ্যে, অনুমানহে কৰিছোঁ)জনী যেন লাগিছে। কিবা এটা ভোৰভোৰাই বলকি আছে আৰু হাতখন নদঙাকৈয়ে সোঁহাতৰ তৰ্জনী আঙুলিটো মোলৈ টোঁৱাই কিবাকিবি বিৰবিৰাই

Read more

দ্য পাচৱৰ্ড চাগা – উজ্জ্বল দীপলু গগৈ

ইণ্টাৰনেটৰ বস্তুবিলাক নতুনকৈ শিকিবলৈ লোৱা চখে পোৱা বয়সৰ কথা সেয়া৷ হোষ্টেলৰ লগৰ দুটামান সদায় চাইবাৰ কেফেলৈ যায়৷ আধাঘণ্টা দহ টকা, এঘণ্টা বিছ টকা দি সিহঁতকেইটাই ইণ্টাৰনেট ব্যৱহাৰ কৰে৷ প্ৰযুক্তিবিদ্যাৰ কাৰবাৰবিলাকত মই তেতিয়া সিহঁততকৈ বহুত পাছপৰা৷ পাছপৰা মানে মই কেতিয়াবা কেফেলৈ গ’লেও পেইণ্টটো খুলি লৈ বৃত্ত, ৰেখাবোৰেৰে আঁকবাকবোৰ কৰি তাত ৰঙা, নীলা ৰঙ ঢালিব পৰা সমান এক্সপাৰ্ট৷ ইণ্টাৰনেটত বাকীবোৰে কাম কৰা দেখি মনটো যায় ব্যৱহাৰ কৰিবলৈ কিন্তু হঠাৎ কম্পিউটাৰ বেয়া হৈ গ’লে পইচা দিব লাগিব বুলি ভয়তে নুচুও৷ এদিনাখনৰ কথা, লগৰ

Read more

ফুলৰ সাধু : মঞ্জিত

: ককাই তোৰ তিৰিয়ে ছোৱালী পাইছে পাৰ্টি খাবলৈ কিবা এটা দে। হস্পিতালৰ হাউচকিপিঙত থকা আদবয়সীয়া বাইজনীৰ ডিমাণ্ড। ময়ো দেউতাক হোৱাৰ আনন্দতে খাউচ কৈ টকা ৫০ টা উলিয়াই দি দিলোঁ। বাকীবোৰক মিঠাই খুৱাইছোঁ যদিও বাইজনীক কিবা এটা ভাবি দি দিলোঁ আৰু! তাই এবাৰ ৫০ টকাটোৰ ফালে চাই আকৌ মোৰ ফালে চালে। মই বোলো, : কি হ’ল, ল আকৌ! : ধুইৎ ৫০ টকা মাত্ৰ। কি পাম ৫০ টকাত? : কি পাম মানে? চাহ খাবি মিঠাই খাবি আৰু কি লাগে আৰু! : ধুইৎ

Read more

ক্লোৰোফৰ্ম নে কৰ্ণফ্লৰ : ৰঞ্জু হালৈ মুনি

কেতিয়াবা আমাক কিছুমান শব্দই বিশ্বাসঘাটকতা কৰে। বস্তু কিনিবলৈ গৈ মনত নপৰে আচলতে আমি কিনিবলৈ গৈছোঁ কি? তাতে যদি শব্দবোৰ টান হয় আৰু উচ্চাৰণ বেলেগ হয় তেতিয়া সেই শব্দটোৱে বেলেগ অৰ্থ প্ৰকাশ কৰে।দোকানলৈ গৈ প্ৰায়েই এটা সমস্যাত পৰোঁ। দোকানত সজাই থোৱা বস্তুবোৰ এফালৰ পৰা চাই ভাবি থাকোঁ কিনিম কি? গোটেই বস্তুবোৰেই ভাল লগা।ষ্টেচনাৰী দোকানত সকলোতকৈ বেছি সময় লাগে বস্তু কিনোতে। : অমুকটো দিয়ক। দহ মিনিট মান ভাবি ভাবি কওঁ। : আৰু কি দিম। দোকানীজনে মুখলৈ বৰ মৰমেৰে চাই থাকে। বোধহয় ভাবে

Read more

অহেতুক : ৰাজীৱ শৰ্মা

: হেৰা, মোক প্ৰেচাৰৰ টেবলেট এটা দিয়াহিচোন। মূৰটো ঘূৰাই আছে হে! : হ’লেও প্ৰেচাৰৰ দৰৱ ডাক্তৰে পুৱাহে খাবলৈ কৈছে, গধুলি নহয় নহয়! আৰু এই ডাক্তৰে যি টি চিন্তাবোৰ কমকৈ কৰিবলৈ কোৱা নাছিলনে! : এৰা হে, কিন্তু এইটো চিন্তাই দেখোন খাই মাৰিছে মোক। নকৰোঁ বুলিলেও পাক ঘূৰণি খাই খাই মনৰ মাজত লুকা- ভাকু খেলিছে। : বুজিছোঁ, তথাপিও নিজৰ দেহালৈ মন দিয়াটো ভাল। নামাতিলেই জানিবা আমাক বিয়ালৈ, তাতে ইমান চিন্তা কৰেনে? : নহয়হে, তুমি বুজা নাই অ’! সিদিনা তুমি কি কৈছিলা, তোমালোকৰ

Read more

চকলেট ডে-কৰবী দেৱী

ফুলৰ টাব কিনাৰ উদ্দেশ্যে চিনাকি দোকান এখনত সোমালো। বাইদেউগৰাকী ভীষণ ব্যস্ত। তেখেতে দোকানত ভেৰাইটিছ্ গিফ্টবোৰো ৰাখিছে কিছুদিনৰ পৰা। সেয়ে আজিকালি মৰমলগা ছোৱালীবোৰে ভিৰ কৰে বহুত। সিহঁত ওলাই যোৱাৰ পিছত বাইদেউৰ লগত আলাপত ব্যস্ত হ’লোঁ কিছুপৰ। বাইদেউৱে ক’লে, প্ৰথমে ইমানবোৰ গিফ্ট ৰখা নাছিলোঁ, পিছে এতিয়া বাধ্য। কিমান যে দিৱস আজিকালি। Valentine Day ৰ পৰা ধৰি, Hug Day, chocolate Day, teddy Day আৰু ক’ত কি! মনত পৰে আমাৰ দিনবোৰলৈ। চুবুৰিৰে এজনীয়ে এবাৰ ক’লে, পুৱাৰে পৰা সি চাইকেলখন লৈ পাঁচবাৰমান অহা যোৱা কৰিছে,

Read more
1 3 4 5 6 7 72