ফটাঢোল

মালতী বুঢ়ীৰ আশীৰ্বাদ-ঈশান জ্যেতি বৰা

অৱশেষত চলিহাক তথ্যটোৰ যোগান ধৰিলে ব্যক্তিগত সচিব ফুকনে৷ ফুকনে তথ্যটো উদ্ধাৰ কৰিয়েই বাঘেখেদা মানুহৰ দৰে দৌৰি আহি চলিহাৰ ওচৰ পালেহি৷ ভাগ্য ভাল যে, চলিহা তেতিয়ালৈকে চাৰ্কিট হাউছতে বহি আছিল৷ পাছবেলালৈ চকৰিগুৰি গাঁৱত নিৰ্বাচনী প্ৰচাৰলৈ যোৱাৰ কথা৷ গাঁৱৰ মানুহক গৈ কিদৰে ভুৱা সপোন দেখুৱাব লাগে, কিদৰে প্ৰতিশ্ৰুতিৰ উত্তাল বানপানী বোৱাব লাগে, কিদৰে কথাই কথাই  ‘দিম, কৰিম, হ’ব’  বুলি মূৰ জোকাৰি জোকাৰি শলাগি থাকিব লাগে-তাৰেই জোৰদাৰ অনুশীলন চলি আছিল৷ সমুখত থকা আইনাখনলৈ চাই চলিহাই কেইবাটাও সংলাপ ভাওনাত ভীমে মতাদি মাতিলে৷  জ্যোতিপ্ৰসাদৰ কবিতা

Read more

তেজে-পূঁজে মানুহ! -ৰঞ্জিত হাজৰিকা

সম্বন্ধত একো নহয় যদিও চুবুৰীয়া হিচাপে তেওঁক দাদা বুলি মাতোঁ আৰু ভাবোঁও সেইদৰেই৷ কেইবছৰমানৰ আগেয়ে চাকৰিৰ পৰা অৱসৰ লৈছে যদিও এতিয়াও থুলন্তৰ চেহেৰা তেওঁৰ৷ গাৰ ৰং এই যেন তেজে ফুটি যাওঁ, ফাটি যাওঁ৷ খোৱা-বোৱাতো আগৰণুৱা৷ স্বভাবত একেবাৰে চিধাচিধি৷ দাদাই কাৰো অহিত চিন্তা কৰাৰ উদাহৰণ নাই৷ দাদাৰ কেৱল এটাই দোষ আৰু সেই দোষটোৰ বাবেই বহুতে তেওঁৰ পৰা আঁতৰি থাকিব বিচাৰে৷  চেঙেলীয়াসকলৰ ভাষাত তেওঁ “কিছু কামোৰ”৷ আচলতে দাদাই অনবৰতে নিজৰ গাত কিবা নহয় কিবা এটা অসুখ লাগি থকা বুলি ধাৰণা এটা লৈ

Read more

কভী খুছী, কভী গম-স্বপ্নালী বৰদলৈ

এঠাইত বহি আছোঁ মোবাইল টিপি টিপি। এবাৰ ফেচবুকৰ প’ষ্ট এটা দেখিলোঁ  কোনোবা মহিলা এগৰাকীয়ে ফটো দিছে, ব্যায়াম কৰি ক্ষীণ হোৱাৰ আগৰ হাতী যেন চেহেৰাৰ ফটো এখন, আনখন ক্ষীণ হোৱাৰ পিছৰ লাহি-পাহি ফিগাৰৰ ফটো। কাষতে বহি থকা এগৰাকীক শকত হৈ থকা ফটোখন দেখুৱায়।   মই লেনিয়াই সুধিলোঁ,  : চোৱাচোন মই বাৰু এনেকুৱা শকত নেকি?  তাই ক’লে, : ইইই.. নহয় দেই বা, আপুনি এই ক্ষীণ হৈ থকাখনৰ নিচিনাহে দেই। মই : সঁচাই কৈছাতো? তাই : মই মিছা কিয় ক’ম বাৰু? সঁচাই কৈছোঁ বিশ্বাস

Read more

মেধিৰ বিলৈ- নীলাক্ষি কাকতি

“ঘটং”৷ পাকঘৰৰ পৰা অহা এটা শব্দত মালতীৰ টোপনি ভাঙি গ’ল৷ এই ৰাতিপুৱাই কোন উঠিল? কাষতে শুই থকা টিংকুৰ ফালে চাই তাই ভাবিলে। এই ৰাতিপুৱাই মানুহজন উঠিবনে! তাতে আজি দেওবাৰ৷ কোন হ’ব পাৰে! সৰ্বনাশ! মেকুৰীয়ে গাখীৰ বগৰালে চাগে! তাই ৰাতি গাখীৰ গৰম কৰি প্ৰায়ে গেছষ্টোভৰ ওপৰতেই গাখীৰৰ চচপেনটো থৈ দিয়ে৷ কাষৰ ৰীতাহঁতৰ ঘৰৰ ক’লা বোন্দাটোৱেই হ’ব চাগে! তাৰ উৎপাতত শান্তিত বস্তু এটা পাকঘৰত এৰিব নোৱাৰি৷ মালতীয়ে মুখেৰে ভোৰভোৰাই লৰি আহি পাকঘৰ পালেহি৷ আহি দেখে গৃহস্থই চাহ বাকি আছে৷ মালতীৰ স্বামী জীৱন

Read more

ছাৰ বুলি মাতিলে বেয়াই লাগে-বিদ্যুত বিকাশ দত্ত 

২০০৮ /২০০৯ চনৰ  কথা। তিনিআলিতে টিউশ্যন চেণ্টাৰ এটা খুলি প্ৰফেচনেল জীৱন এটা আৰম্ভ কৰিছোঁ। ল’ৰা-ছোৱালী কম। হ’ল বুলিয়েইতো কাৰোবাক মাতি আনিব নোৱাৰি। তথাপিও ল’ৰা-ছোৱালী দুটামান বাঢ়িলে ভাল লাগে। দুপইচা আহেও। তেনেতে এদিন এটা ল’ৰা আহিল। মই নেৰেশ্যন নে কি পঢ়ুৱাই আছোঁ৷ “ছাৰ, অকণমান ওলাই আহকচোন” বুলি ল’ৰাটোৱে মাত দিলে। ল’ৰাটোৰ কাণত দুপাট কাণফুলি আৰু ওপৰৰ ওঁঠটো ৰূপালী গজাল এটাৰে ফুটাই থোৱা। প্ৰথম দৰ্শনতে বুজি পালোঁ ইয়াৰ পঢ়াত মন নাই। আছে যদিও ই অগতানুগতিক জীৱ। ধৰি লওক অল-ইণ্ডিয়াত চাৰি পিচ আহিছিল,

Read more

মেৰে ভেচ কো আণ্ডা কিউ মাৰা-অপূৰ্ব কলিতা 

ৰীতা আৰু গীতা বৰ প্ৰিয় বান্ধৱী। দুয়োৰে বিয়া একেদিনাই হৈছিল। বহুদিনৰ মূৰত পাৰ্টী এটাত দুয়ো লগ পালে নিজৰ নিজৰ গিৰীয়েকৰ সৈতে। দুয়ো কথা পতাত ব্যস্ত হ’ল।  ৰীতা : ঐ , মেৰিজ এনিভাৰচেৰি কেনে গ’ল?  গীতা : নক’বি আৰু। ভয়ংকৰ বেয়া। দিনত এওঁ অফিচলৈ গ’ল। গধুলিলৈ ৰৈ আছিলোঁ তেওঁৰ পৰা ৰোমাণ্টিক চাৰপ্ৰাইজ পাবলৈ। ৰাতি দেৰিকৈ আহিল। পাকঘৰলৈ গ’ল, ভাত উলিয়াই খালে আৰু শুই গ’ল। তোৰ কেনে গ’ল ?  ৰীতা : অ’ মাই গড , জীৱনত এনে চাৰপ্ৰাইজ পাম বুলি ভবাই নাছিলোঁ।

Read more

ষ্টেট বেংকত এদিন-জয়ন্ত দত্ত

: খুড়া, কলমটো অকণমান দিব নেকি, ফৰ্মখন ফিল্আপ কৰি লওঁ৷ : ইমান ফিট-ফাট হৈ আহিছা, কলম এটা নিজে লৈ আহিব নোৱাৰা? : নহয় মানে, মোৰটো নিলে এইমাত্ৰ কোনোবা এজনে৷ : থোৱা থোৱা, তোমালোক ডেকা ল’ৰাবোৰ মুঠেও চিঞ্চিয়াৰ নোহোৱা…খালি এক্সকিউজ…ইত্যাদি…ইত্যাদি! : নহয় মানে…! : কি নহয়? : নহয়…মানে…ছ’ৰি…খুড়া…! : কি ছ’ৰি! কেৱল এই ছ’ৰি শব্দটো শিকিবা আৰু সকলোতে ব্যৱহাৰ কৰি থাকিবা! : নহয় মানে, নেক্সট টাইম কলম লৈ…! : জীৱনত কিমানবাৰ কৈছা এনেকৈ নেক্সট টাইম, হিচাপ আছেনে? : নহয় মানে…! :

Read more

কৰৱা চৌথ, চ’চিয়েল মিডিয়া ইত্যাদি – সোণটো ৰঞ্জন বৰুৱা

কিছু কালৰ আগৰ পৰা যমৰাজৰ মহটোৰ অৱস্থা কাতিমহীয়া এৰালৰ গৰুৰ দৰে পিঠিৰ হাড় গণিব পৰা হৈছেগৈ! নহ’বইনো কিয়, আগতে তাৰ কাম আছিল কেৱল দেৱলোকৰ মেল-মিটিংবোৰলৈ যমৰাজক অনা-নিয়া কৰা। পৃথিৱীৰ পৰা আত্মা অনা কামবোৰ যামদূতবোৰেই কৰিছিল। পিচে যেতিয়াৰে পৰা টকা দহটাৰ বাবেও মানুহে মানুহ হত্যা কৰা হ’ল তেতিয়াৰে পৰা পৰ্যাপ্ত যমদূতৰ অভাৱত যমৰাজেও আত্মা অনা- নিয়া কৰিবলৈ পৃথিৱীলৈ টাকুৰী বাব লগা অৱস্থা আহি পৰিল। লগতে পৃথিৱীৰ মানুহৰ চয়তানি বুদ্ধিত বহুতো যমদূতৰে কিনা-বেচা হৈ গ’ল। যমৰাজে কিবা এটা চক্ৰান্তৰ উমান পাই আছিল।

Read more

খবৰৰ সোৱাদ-ৰঞ্জিত কুমাৰ শৰ্মা

“হঠাৎ বৰুৱাৰ হ’ল কি?”  মানুহজনৰ এই পৰিবৰ্তন বৰুৱানীৰ চকুতহে ধৰা দিলে৷ দিবই দিয়কচোন৷ নিশা আঠমান বজাৰ পৰা দহমান বজালৈকে, এই দুঘণ্টাৰ ভিতৰত বৰুৱাই কেতিয়াবা বাতৰি বা কেতিয়াবা ‘টক শ্ব’ চোৱাৰ বাবে টেলিভিছনৰ সন্মুখত বহিব খোজে, কেতিয়াবা বহেও৷ কিন্তু একেই সময়তে বৰুৱানীকো ধাৰাবাহিক চাবলৈ টিভিটোৰ প্ৰয়োজন হয়৷ ইয়াকে লৈ মাজে-সময়ে দুয়োৰে খুঁত-খাট নলগাও নহয়৷ তথাপি তাৰ মাজতেই দুয়ো বুজাবুজি কৰি চলি আছে৷ বুজাবুজি মানে আৰু কি? বৰুৱাই বাতৰি আৰু ‘টক শ্ব’ চোৱাৰ সময় প্ৰায়েই নিশালৈ ঠেলিব লগা হয়৷ বৰুৱাৰ যে বাতৰি

Read more

ভাগ্যৱান – চন্দামিতা শৰ্মা

গভীৰ নিদ্ৰাত থকাৰ পিছত আচম্বিতে ভূইকঁপৰ জোকাৰণি খালে যেনেকুৱা অৱস্থা হয়, এক বিকট যান্ত্ৰিক শব্দত মোৰ আৰু মই কাম কৰা পশু চিকিৎসালয়খনৰ আন কৰ্মচাৰীবৃন্দৰো সেই একে অৱস্থাই হ’ল। সৰুতে ভয় খালে মায়ে থু-থুৱাই দিছিল, আজিও তাকে কৰিলোঁ। চাৰিওফালে চালোঁ। বাকী দুই এজনেও তেনে নকৰা নহয়। : হয়, হয়। চাৰ, সেইজনেই হয়।  ডেকাই বাহিৰৰ পিনে চাই মুখত এক বিৰক্তিভৰা অভিব্যক্তিৰে চালে। : সেইজনেই মানে? কোনজননো? আচৰিত হৈ সুধিলোঁ।  : কিয় সেই যে ৰজাৰ পুতেকজন, ৰাজকুমাৰ। মিচিকিয়া হাঁহি এটা বিৰিঙাই ডেকাই লাহেকৈ ক’লে।  হয়,

Read more
1 5 6 7 8 9 72