ফটাঢোল

এজন মন্ত্ৰী আহিছিল-অৰ্চন শৰ্মা

জীৱনটো সুন্দৰকৈ চলি গৈ আছিল। নতুনকৈ জইন কৰা ছোৱালীজনীৰ সৈতে চেনি খাই খাই ৰাতিলৈ চিনেমা চোৱাৰ প্লেন বনাই আছিলোঁ। তেতিয়াই মেনেজাৰে বৌম এটা সুন্দৰকৈ মোৰ মূৰত পেলাই দিলে, :ভাই, আজি অসমৰপৰা চেণ্ট্ৰেল মিনিষ্টাৰ আহিব, তই লগত থাকিব লাগিব ! লাগি গ’ল হুৱা -দুৱা। মিনিষ্টাৰ অহা বুলিলেই হোটেলৰ মানুহবোৰৰ অৱস্থা কাঢ়িল হয়, কি কি যে ফৰমাইচ ঔ ! তাতে অসমৰ কেইজনৰ নখৰা আৰু বেছি। কিবাকৈ কথাটো মেনেজ কৰিব পাৰি নেকি বুলি ভাবি মেনেজাৰক ক’লো, :ছাৰ, মই নহ’লে নহ’বনে, মোৰ গাটো অলপ

Read more

জুই- কৌশিক দাস

দিম্পলৰ কথা মতে কাগজ কলম উলিয়াই ল’লোঁ। তাক হেনো জুইসুলভ লেখা এটা লাগে৷ মূৰটোতো একোৱেই নহা হৈছে৷ তাকে ভাবি আছোঁ কাৰ, কি, কেনে কাহিনী দিওঁ! এবাৰ ভাবোঁ চৰকাৰক গালি পাৰি কিবা এটা  লিখোঁ, ফিৰ ভাবোঁ নহয় গালি দি জেলত সোমাই থকাতকৈ অলপ তেল দি চৰকাৰৰ ভাল ল’ৰা হৈ থকাই ভাল। তাতে তেলৰ লগত জুইৰ ৰাহি-যোৰাও ভাল!  : হেৰা, “মিঠাতেল” শ্ৰীমতীৰ শব্দত অকণমান চিন্তাতে পৰিছিলোঁ। নাই নাই, “মিঠাতেল”ৰ দৰে সামান্য অজুহাতত হেডছাৰ কিম্বা হেমছাৰক দোষী সাব্যস্ত কৰিব নোৱাৰোঁ৷ ড্ৰাগছ বেপাৰীক এনকাউণ্টাৰ

Read more

ব্ৰেকআপ- বিদিশা শইকীয়া

কিমানলৈকে মানুহে ক্ষমা কৰিব পাৰে। অন্তৰে কিমানখিনিলৈকে আঘাত সহিব পৰা ক্ষমতা আছে মানুহৰ। কিমান? এইকেইদিন এইটো প্রশ্ন নিজকেই বহুবাৰ  কৰিলোঁ। উত্তৰো বহুত পালোঁ। কিন্তু মোৰ লগত যি হ’ল, ইমানখিনিৰ পিছতো সকলো পাহৰি সম্পৰ্ক এটি ধৰি ৰাখিবৰ অনুমতি কোনো এটা উত্তৰতেই নাহিল।  সেয়ে সিদ্ধান্তটো একপক্ষীয়ভাৱে লৈয়েই পেলালোঁ। এনেয়ো, মানুহ এনেকৈ জীয়াই থাকিব নোৱাৰে। এদিনটো শেষ কৰিবই লাগিব।                      সেয়ে আজিয়েই সকলোবোৰ খুলি কৈ দিলোঁ। : এদিন ইমান স্বাৰ্থপৰ হ’বাগৈ বুলি ভবা নাছিলোঁ। মোৰ

Read more

লটাৰী আখ্যান- কৰবী দেবী

: হেৰা শুনিছা এটা বিৰাট ভাল খবৰ আছে। : ভাল খবৰ? কিন্তু কি ভাল খবৰ? : হেই আগতে পানী এগিলাচ লৈ আহাচোন। কৈ আছোঁ সকলো। জেঠ মহীয়া প্ৰখৰ ৰ’দত ঘামি-জামি অহা বাখৰে ঘৈণীয়েকৰ উল্লাস দেখিয়েই পানী গিলাচ ফৰমাইচ কৰিবলৈ সাহস কৰে। পত্নী বাসন্তীয়েও আজি হেঁপাহেৰে পানী গিলাচ লৈ পাগঘৰৰ পৰা ওলাই আহে। কি বা ভাল খবৰ বুজ ল’বলৈ মনটো উচপিচাই উঠে। একে উশাহতে পানী গিলাচ গলাধঃকৰণ কৰি বাখৰে বুকু ফিন্দাই কয়… : কপাল ফুলিল বুজিছা। সদায় মোক আনলাকি বুলি ঠাট্টা

Read more

নেপথ্যৰ লাভলীনা বাৰ্তা- মনমী ভট্টাচাৰ্য

আজি দীপিকা খুড়ীৰ মনটো উগুল-থুগুল, একেবাৰে উলাহে নধৰে হিয়া। হ’বৰে কথা, লাভলীনাই অলিম্পিকত ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে। তাই নিজৰ ঘৰৰে ছোৱালী; এনেই গোলাঘাটৰ জীয়ৰী, তাতে আকৌ টাই আহোমৰ বংশধৰ। জাতি, শিপা, আঞ্চলিকতাবাদ আদিৰ শুই থকা সমস্ত আৱেগে একেলগে সাৰ পাই উঠি খুড়ীক জপটিয়াই ধৰিছে। ভাৰ সহিব পৰা ক্ষমতা থকা দেহ বুলিহে ৰক্ষা, অন্যথা আৱেগৰ ভৰত খুড়ীৰ দেহ-গঢ় মন্থৰালৈ পৰিৱৰ্তিত হ’লহেঁতেন। মনত বাৰু অকণমান ৰেশ থাকেই সেই চৰিত্ৰৰ। বাল্মিকীয়ে কিন্তু সাংঘাটিক মহাকাব্য ৰচি থৈ গৈছে, প্ৰতিটো চৰিত্ৰৰ কি বিশ্বজনীন আবেদন!

Read more

দ্যা কনভাৰচেশ্যন- চন্দামিতা শৰ্মা

: হেৰি, অফিচ গৈ পালে নেকি বাৰু? : যিমান দূৰ সম্ভৱ মই  চাৰিচকীয়াখন ৰাস্তাত হে চলাই আহিছোঁ, আকাশমাৰ্গেৰে নহয়। : ৰ’বহে, আপুনি  খালী সকলো কথাই কিবা বেলেগকৈ কয়! : হেৰা, নহ’লে কি কব লাগিছিল বাৰু। মোৰ ঘৰৰ পৰা অফিচলৈ দূৰত্ব কিমান সেয়া বিয়া হোৱা দিন ধৰি তুমিয়ো জানা। তাৰ পিছতো ঘৰৰ পৰা ওলাই অহাৰ দহ মিনিট পিছতে সুধিছা, মই অফিচ পালোঁ নেকি? হাঃ হাঃ : হেৰি, ইমান যে বলকি আছে  আচলতে আপুনি  আছে ক’তনো? আপুনিতো গাড়ী চলাই থকাৰ সময়ত মোবাইলত

Read more

ড_গ্ৰেইট_কনফিউজন- স্বপনজ্যোতি

যোৱাটো লকডাউনৰ পৰা এতিয়াৰ কাৰ্ফিউলৈকে আমাৰ গৃহলক্ষী ডাঙৰীয়ানীয়ে মোক যি সোপাহে ট্ৰেইনিং দিলে নহয় বুজিছে নে….আৰ্মী-চাৰ্মীত হোৱা হ’লে কিজানি এমোনামান মেডেল পালোঁ‌হেঁ‌তেন।  কত যে গভীৰ সূত্ৰ শিকিলোঁ….যেনে, “ঝাড়ু লগালে সদায় লগাই লগাই আগফালে যাব লাগে কিন্তু ঘৰৰ মজিয়া মচোঁ‌তে পিছফালে; মানে বেক গিয়েৰত আহিব লাগে,” “কাপোৰ ধুবলৈ চাৰ্ফৰ পানীত তিয়াই থ’লে, বগা আৰু পাতল ৰঙৰ কাপোৰৰ লগত একেলগে কেতিয়াও কটনৰ ৰঙীন কাপোৰ মিহলাব নালাগে”………..মুঠতে, কৈ থাকিলে ওৰকে নপৰিব!     আৰু বুজিছেনে আপুনি, প্ৰেকটিকেলততো মোৰ প্ৰদৰ্শন আজিকালি যথেষ্ট, যথেষ্ট উচ্চ পৰ্যায়ৰ!(বি: দ্ৰ:-

Read more

বেংগন কা ভাৰ্তা-জয়ন্ত গগৈ

ক’ভিড, লকডাউন, কাৰ্ফিউ আদি বহুদিনীয়া একঘেমীয়া আৱৰণৰ পৰা মুকলি হৈয়ে শ্ৰীমতীয়ে ঘৰৰ ভিতৰত থাকি ভোগ কৰা অশান্তিকৰ পৰিৱেশৰ মাজৰ পৰা ওলাই গৈ দেওবাৰ এটাত পাহাৰীয়া আকাশ বতাহ চুমি আহিব পৰা ঠাই এটুকুৰালৈ যোৱাৰ প্লেন আতৈয়নীৰ সৈতে কৰিয়েই থৈছিল। সঁচাকৈ, লকডাউন লকডাউন বুলি বহুদিন ঘৰৰ চাৰিবেৰাৰ মাজতে আৱদ্ধ হৈ কিবা অশান্তি ভাৱ এটাই আৱৰি ধৰিছিল। অৱশ্যে বন্ধু আৰু মই, আমি দুয়ো কৰ্মসূত্ৰে সেই সময়তো ওলাই যোৱাৰ সুবিধা পাই থকাৰ বাবেই অলপ হ’লেও মুকলি পৰিৱেশ এটি পাই আছিলোঁ। শ্ৰীমতী আৰু আতৈয়নীৰ প্লেন

Read more

জীৱনৰ ৰং-ৰূপম ঠাকুৰীয়া

: হেল্লো ! হেল্লো কলিতাদা?  : …………….. : হেল্লো কলিতাদা…..শুনিছেনে? :  হেল্লো …..হেল্লো….এতিয়া শুনিছোঁ‌। কওক আপোনাৰ। নেটৱৰ্কটো বৰ বেয়া আপোনাৰ।  : নহয়, আপুনি ক’ত আছে? (নেটৱৰ্ক মোৰহে বেয়া! তেওঁ বা আছে ক’ত সোমায়।)  : মই গৈ আছোঁ আপোনাৰ। : কালিৰ ‘আৰজেণ্ট’ চিঠিখন দি আহিব লাগিছিল সোনকালে। আপুনি আছে ক’ত মানুহজন কওকচোন? : মই আপোনাৰ ঘৰত আছোঁ আপোনাৰ।  (আমাৰ ঘৰত? কি কৰিছে তাত মানুহজনে? আমাৰ এওঁৰ লগত সিদিনাখন চিনাকি হৈছিলহে মাত্ৰ! আজি ঘৰ ওলালেইনে? তাকো অফিচ আৱাৰত, তাতে ময়ো অফিচত আছোঁ।……..বাৰু

Read more

ভেকচিন (সুখী দাম্পত্য জীৱনৰ চাবিকাঠি)-ডা° ধ্ৰুৱলোচন নাথ

ডিউটি শেষ হ’বৰ সময়তে মবাইলৰ স্ক্ৰীণত শ্ৰীমতীৰ তিনিটাকৈ মিচ্‌ডকল দেখি দৌৰাদৌৰিকৈ সা-সৰঞ্জামবোৰ বেগত ভৰাই হস্পিতাল এৰিবলৈ লৈছিলোঁহে ঘপহকৈ সোমাই আহিলেই নহয় ওচৰৰে চৌধুৰীমাষ্টৰ বোলাজন ৷ উস্‌ আমাৰ কি ভোক ভাগৰ নাই! এক্কেবাৰে পেইনফুল ড’জ এটা দিম বুলি মুখ মেলিবলৈ লওঁতেই মাষ্টৰে মাত লগালে, : ছাৰ, ছাৰ মানে মোৰ শ্ৰীমতীৰ; মোৰ শ্ৰীমতীৰ… বুলি পেঘেনিয়াই থকা দেখি গেঙেৰি মাৰি ধৰিলোঁ, : হেৰা মাষ্টৰ, শ্ৰীমতী অকল তোমাৰেই নহয়; ঘৰত  আমাৰো শ্ৰীমতী আছে বুজিছা৷ গতিকে কি হৈছে সোনকালে কোৱা৷ মোৰ দেৰি হৈছে৷ লগে লগে

Read more
1 7 8 9 10 11 72