ফটাঢোল

সহযাত্ৰী – মৌচুমী গগৈ

ৰাজেন আৰু মধু একেখন কৰ্মক্ষেত্ৰতে কৰ্মৰত যদিও দুয়োজনৰ কামৰ পদ্ধতি কিন্তু ভিন্ন ভিন্ন ।সহজ ভাষাত ক’বলৈ গ’লে ৰাজেন এটা চোৰ আৰু মধু এটা ডকাইত ।দুয়োটাৰে কামৰ ধৰণটো অলপ উনুকিয়াই দিব খুজিছোঁ ।ৰাজেনে গৃহস্থৰ ঘৰৰ সকলো মানুহ টোপনি যোৱালৈ বোন্দাপৰ দি থাকিব লগা হয়।তাৰ পিছত মানুহখিনি টোপনি যোৱাৰ উমান পালে ,হাতত সাৰে ভৰিত সাৰে পিছফালৰ ৰূমত সিন্ধি খান্দি ঘৰৰ ভিতৰ সোমায় আৰু পাকঘৰত কিবা খোৱাবস্তু দেখিলে সেইখিনি আগতে পেট নামৰ মেচিনটোত ভৰাই লৈ থাপতে পোৱা বয়-বস্তুবোৰ লৈ উধাও হয় । আনহাতে

Read more

পাপু-নিপুৰ আশা – ডাঃ সমুজ্জ্বল ভৰদ্বাজ

যোৱা কেইদিনমানৰ পৰা পাপু-নিপুৰ বিৰাট দুখ। দুয়োৰে আশাহত মনাকাশত শোকৰ ঘনঘোৰ ডাৱৰৰ গৰ্জন। দুয়ো যে কিমান আশা পালি আছিল! ভালেমান দিন দুয়ো পেট পূৰাই খাবলৈ পোৱা নাই। গেৰেলা পেটেৰে নাক বজাই কুম্ভকৰ্ণ নিদ্ৰাৰ সোৱাদ ল’ব পৰা নাই । ভোকাতুৰ মুখদুখনৰ সৈতে পাপু-নিপুৰ শীৰ্ণ শৰীৰদ্বয় ফাগুণী পচোৱাৰ কোবত লঠঙা হৈ পৰা চ’তৰ বিৰিখকেইজোপাৰ দৰে হৈছেহি। পাপু-নিপুৱে যে এতিয়ালৈ পেট ভৰাই খাবলৈ পোৱায়েই নাই, তেনে কথা নহয়। ফুলেশ্বৰীৰ জীয়েকৰ বিয়াত, কবিৰাজ জেঠাইৰ ভোজ আৰু বাহিভোজ দুয়োদিনাই, আৰু বহুততে পাপু-নিপুৱে লুকাই-চুৰকৈ হ’লেও দুদিনৰ

Read more

বিদায়ৰ ক্ষণ – চিত্ৰলেখা দেৱী

তিনি দিনৰ মূৰত আজি কেওজন ক্ষণিকৰ বাবে নিৰলে লগ হোৱাৰ সুযোগ মিলিছে। এই কেইদিন আটাইকেইজন দেখা দেখিকৈয়ে আছিল যদিও  মাত এষাৰ ইজনে সিজনক দিবলৈও সময় নাছিল। অৱশ্যে দুৰ্গাৰ ৰূপত থকা পাৰ্বতীয়ে আলেঙে আলেঙে কেওজনৰে ৰেহ ৰূপ চাই আছিল। ঠিকে ঠাকে সকলোবোৰকে ঘূৰাই নিব নোৱাৰিলে সিফালে মহাদেৱে খাব কলিজা। ইয়াত চাৰিওফালে যিহে ৰূপ ৰস যৌৱনৰ পয়োভৰ! সেয়া পাৰ্বতীয়ে অথনিৰে পৰা মাতি আছে যদিও কাৰ্তিক আৰু গণেশে মাকৰ ফালে চকু ঘূৰাবই পৰা নাই। ভনীয়েক দুজনীয়েহে শুনি আছে তেওঁৰ কথাবোৰ। পাৰ্বতীয়ে বেজাৰ মনেৰে

Read more

ফটা ৰামায়ণ শ্লোক – সৌৰভ শৰ্মা

সীতাকলৈ ৰাৱণে পুষ্পক বিমান ফুলস্পিডত উৰুৱাই দিলে। ইফালে লক্ষ্মণে ককায়েক ৰামক বিচাৰি বিচাৰি এঠাইত লগ পালে। ৰামে ক্ষোভেৰে লক্ষ্মণক সুধিলে বোলে সীতাক এৰি কিয় আহিল। লক্ষ্মণেও সকলো ঘটনা বিৱৰি ক’লে যে সীতাই ফোৰ্চ কৰি পঠিয়ালে। দুয়ো আহি দেখে কুটীৰত সীতা নাই। ৰামে লগে লগে লক্ষ্মণক বকিবলৈ আৰম্ভ কৰিলে। ৰামৰ গালি শুনি লক্ষ্মণৰ মুখেৰে এটা শ্লোক স্বতঃৰ্স্ফূত ভাৱে নিগৰিলে। কিন্তু এই শ্লোকটো ৰামায়ণৰপৰা কালৰ সোঁতত নোহোৱা হৈ আহিল। কাৰণ যথেষ্ট সংখ্যক ঋষি-পণ্ডিতে নিজৰ পত্নীৰ কাতৰ অনুৰোধত এই শ্লোক বাদ দিলে আৰু

Read more

তিনিটা পিংপং বল – প্ৰণীতা গোস্বামী বৰঠাকুৰ

স্মিত নীলাভ পোহৰৰ এটি কোঠালীত মাটিত লেপেটা কাঢ়ি বহি আছে তাপসী, হাতত ৰঙীন কাগজেৰে মেৰিয়াই থোৱা এটি সৰু আয়তাকাৰ বাকচ। বোধকৰো গিফ্ট পেকেট। পেকেটটো দুই হাতৰ মাজত ৰাখি তলমূৰকৈ তাপসী যেন ধ্যানত মগ্ন নিৰব-নিস্তব্ধ কোঠালীটো, : তুই কি এমনি এখানে বসে থাকবে, অতবেলা হৈয়ে গেইছে, ঘৰে যাবি না? মা তোমাকে খোজছে, চল ঘৰে চল৷ ভনীয়েক চৈতালীৰ মাতত মূৰ তুলি চালে তাপসীয়ে, মুখত খঙৰ আভা। : অত হাল্লা কৰছে কেন, আমি যাব ট’ এইবুলি  হাতৰ পেকেটটো সমুখৰ টেবুলত থকা ফটোখনৰ কাষত

Read more

দুৰ্গা-মহিষ সংবাদ – জিমি শইকীয়া

বিসৰ্জনৰ পিছত ব্ৰহ্মপুত্ৰৰ পাৰতে দেৱী দুৰ্গা বহি আছে চুলিটাৰি আৰু কাপোৰ কানিবোৰ শুকাওক বুলি। গণেশ, কাৰ্তিক, সৰস্বতী গ’ল লক্ষ্মীক আগবঢ়াই দিবলৈ। কাৰণ লক্ষ্মীপূজা শেষ কৰিহে লক্ষ্মী গৃহ অভিমুখে ৰাওনা হ’ব। আনবাৰ দুৰ্গামাতাও লক্ষ্মী পূজালৈকে পৃথিৱীতে থাকে। এইবাৰো লক্ষ্মীয়ে থাকিবলৈ কৈছিল। পিছে দুৰ্গা গোঁসানীৰ মন ভাল নহয়। সেয়ে যাবগৈ সোনকালে। তেনেতে কোনোবাই হিন্দী গান গাই গাই সেইফালে আহি থকা যেন পাই গোঁসানীয়ে ঘূৰি চালে। আপোনমনে দিলবৰ দিলবৰ গানটো গাই জাঁপ মাৰি মাৰি আহি থকা মহিষাসুৰক মা দুৰ্গাই ক’লে -”ঐ এইটো! কি

Read more

ভয় – ঊষা মহন্ত

নতুনকৈ সজা কোৱাৰ্টাৰটোৰ কোঠালিকেইটা ঘূৰি পকি চাই ময়ুৰীয়ে কোৱাৰ্টাৰৰ সংলগ্ন বাৰীখনলৈ চকু দিলে। বাৰী মানে এটা আহল বহল চৌহদ। বাৰী পাতিব পৰা যাব। কোৱাৰ্টাৰটোৰ সন্মুখত প্ৰায় ২০ মিটাৰমান দূৰত পূবা পশ্চিমাকৈ পকী ৰাষ্টাটো। তাৰ সিপাৰে এখন সৰু সুৰা হাবি। সৰু ডাঙৰ গছ আৰু বনৰীয়া লতাই ছানি ধৰা হাবিখনত বিভিন্ন চৰাই চিৰিকতিৰ মাত তাই শুনিবলৈ পালে। কাষত দুটা কোৱাৰ্টাৰ দুফালে আছে যদিও বৰ্তমান তাত মানুহ নাই। গতিকে কিছুদিনলৈ অলপ অকলশৰীয়া যেন লাগিব। একো নহয়, পাৰিব তাই থাকিব। ৰঞ্জিত আছেই। মাকৰ ঘৰৰ

Read more

অথঃ ভ্ৰমি ফুৰা নাট্যদল চংবাদ – ৰণ্টু শৰ্মা

ভ্ৰমি ফুৰা থিয়েটাৰৰ একছত্ৰী সম্ৰাট অভিনন্দনদা। অভিদাই কৰো বুলিলে সকলো কৰিব পাৰে। ভ্ৰমি ফুৰাৰ আগৰ সেই প্ৰভুসকলতো নাই যিসকলে নাটক বুলিলে সাতজাপ মাৰি বাকী সকলো পিছ পেলাই থৈছিল। ৰতনে হেনো ঘৰত ফাকি দি পঢ়া শুনা নকৰিও নাটকৰ নিচাত মছগুল আছিল। অচ্যুৎ, শৰৎ, ধৰণী, মহানন্দহঁতে ঘৰত আত্মীয়ক চিতাত তুলি থৈও নাটকত আনন্দেৰে অভিনয় কৰিব লগা হৈছিল। এতিয়া অভিদাই নাটকৰ চিতা সাজি দিছে। মুখাগ্নি কৰি গ’লেই হ’ল। এতিয়াৰ প্ৰভুসকলে সাপে মেৰিওৱা দি অভিদাৰ পদযুগল মেৰিয়াই থাকে, যি কৰিবলৈ দিয়ে তাকে কৰি দিয়ে।

Read more

পূজাৰ সাজ-পাৰ – সুশান্ত কৃষ্ণ শৰ্মা 

ক’লে কথা ওলাই যায়, কিবা বোলেনে এওঁক পূজা বুলি শাড়ী-চাড়ী কিনি দিলেনো কি হ’ব? সপ্তমী, অষ্টমী, নৱমী তিনিওদিন সন্ধিয়া এপৰবেলা এওঁৰ সন্মুখত আঁঠু কাঢ়ি শাড়ীৰ কোচ মিলাব লাগিব মই হে! তাকেহে এইবাৰ কৈ দিছোঁ- : এইবোৰ শাড়ী-চাড়ীৰ কোচ-চোছ মই মিলাই থাকিবলৈ নাই দেই, আমাৰ সন্ধিয়া সন্ধিয়া গ্ৰন্থমেলা আৰু আড্ডা অনুষ্ঠান আছে। এওঁ বোলে- : এহ, তুমি ভালকৈ মিলাব জানা দেখিহে কওঁ আও! মই বোলো- : অ’ মই জানোতো! বিয়াৰ আগতে কিমানক শাড়ীৰ কোচ মিলাই মিলাই দিলোঁ হিচাব নাই! খা বাপেকে!

Read more

কামাখ্যাৰ দুখ – বি জে ৰঞ্জন

মাগুৰ মাছৰ মাথা, চিতল মাছৰ মাথা আদি তিৰোতা মানুহে খায়। কাৰণ, সেইবোৰ মাথাত একো নাথাকে, কাঠ! মাইকী মানুহে যিহেতু মগজ খটোৱা কাম কৰিব নালাগে বা নোৱাৰে, সেইবাবেই আছিল এই ব্যৱস্থা। কথাবোৰ সৰুতে শুনা। দেউতাহঁতে ধেমালি কৰি কৈছিল। দেউতাহঁতৰ দেউতাকহঁতৰ মুখেৰে বাগৰি অহা কথা আছিল এইবোৰ। এনেবোৰ ভাৱ-ধাৰাৰ তিলমাত্ৰও যে বাস্তব অস্তিত্ব নাই আজিৰ যুগত তাক আৰু বুজাব লাগিছেনে? মাইকী মানুহে কি কৰিব নোৱাৰে এতিয়া? এনেবোৰ প্ৰশ্ন কৰাও অবান্তৰ হৈ পৰিছে। কিন্তু সঁচাকৈয়েনে? স্ববিৰোধ কথা কিছুমানে নিৰন্তৰ দন্দ-খৰিয়ালৰ সৃষ্টি কৰি থকা

Read more
1 18 19 20 21 22 115