ফটাঢোল

প্ৰেমৰ ন’বেল্ বঁটা-যোগানন্দ মহন্ত 

মোৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ ফটা ঢোলটো বাজি শেষ নহওঁতেই গাঁৱৰ মূৰৰ তিনিআলিৰ গুমটি দোকান এখনৰ সমুখতে গাঁও এৰি যোৱাৰ মোৰ ফেৱাৰওৱেল্-মিটিংখনো  হৈছিল l সমনীয়া লগৰীয়াবোৰে থিয়ৈ থিয়ৈ পতা মিটিং । …আৰু তাৰ পাছতে এদিন নামঘৰীয়া দদাইদেউৱে নামঘৰত সন্ধিয়া ডবা কোবাবলৈ সোমাওঁতেই চান্স বুজি মৰমলগা স্মাৰ্ট বিহু নাচনী জীয়েক এজনীয়ে বায়েকহঁতেও গম নোপোৱাকৈয়ে  ফুল-বচা, পিন-মৰা ৰুমাল এখনো মনে মনে নঙলামুখতে মোক দি থৈয়েই ঘৰৰ ভিতৰলৈ দৌৰি গৈছিলে… ! …তাৰ এদিনমান পাছতে  বাছত উঠি নগৰত সৰহদিন থকাকৈ গুচি যাব লগীয়া হৈছিল কলেজত

Read more

আনহেপ্পী ভেলেণ্টাইন ডে’-বিনীতা বৰশইকীয়া

: ঐ লিখিলিনে ?  : কিনো ?  : কেলেই তোক মই জানুৱাৰী মাহতেই কৈ থোৱা নাছিলোঁ? : কি কৈছিলিনো?  : ৯৮ বাৰ দেখোন মনতো পেলাই দিছিলোঁ। : আৰে ভাই, মোৰ ইমান কামৰ মাজত তইনো কি কি কৈছিলি গাহৰিয়েই থাকিলোঁ নহয়, অ’ নহয় পাহৰিয়েই থাকিলোঁ নহয়! : খালি খালি খালি তই সৱ বৰবাদ কৰি দিলি। উস্ উস্ উস্ … : কি হ’ল, ক’না বে… : আৰে আজি উৰুকা নহয় জানো? : কিহৰ? : হেৰৌ, জনম জনমৰ ব্ৰহ্মচাৰী। আজি ভেলেণ্টাইন ডে’ৰ উৰুকা।

Read more

মইও লিখিম আপদীয়া পদ্য-ৰঞ্জিত কুমাৰ শৰ্মা

পাঠকসকল, আপোনালোকে নিশ্চয় ‘আপদীয়া পদ্য’, ‘লিমাৰিক’, ‘পঞ্চপদী’ আদি নামেৰে পৰিচিত পাঁচশাৰীৰ পদ্যৰ বিষয়ে জানে৷ আপোনালোকে এনে পদ্য বা কবিতাৰ কথা নিশ্চয় শুনিছে বা এনে পদ্য দেখিছে, পঢ়িছে আৰু কোনো কোনোৱে লিখিছেও৷ পাঁচটা শাৰী থকা এই পদ্য ঘাইকৈ হাস্য-ব্যংগ ৰসৰ হয়৷ সেয়ে ইয়াৰ জনপ্ৰিয়তাও সুকীয়া৷ ইয়াৰ উৎপত্তি সম্পৰ্কে বিভিন্ন মত আছে৷ কোনো কোনোৱে আয়াৰলেণ্ডৰ লিমাৰিক চহৰ বা আয়াৰলেণ্ডৰ শিশুৰ ওমলা ঘৰত লিমাৰিকৰ উৎপত্তি হোৱা বুলি কয়৷ কোনো কোনোৱে আকৌ পুৰণি ইংলেণ্ডৰ ক্লাব ঘৰসমূহত লিমাৰিকৰ উৎপত্তি হোৱা বুলিও কয়৷ কোনো কোনোৱে লিমাৰিকক

Read more

বোকাপানী – নীলাক্ষি কাকতি

: : প্লিইইজ৷ আকৌ এবাৰ I love you বুলি কোৱানা জানু৷ : না–না৷ আগতে কোৱা মোক এইবাৰ ভেলেণ্টাইন ডে’ট ক’ত নিবা? : তোমাৰ পচন্দমতে হ’ব৷ কোৱা কি প্লেন কৰিছা? : ঔকে৷ আমি প্ৰথমতে ব্লু বেল ৰেষ্টুৰেণ্টত যাম৷ তাৰপিছত জন আব্ৰাহামৰ নতুনকৈ ৰিলিজ হোৱা চিনেমাখন চাম৷ : ঠিক আছে৷ পিছে তুমি মোক কি দিবা? : চাৰপ্ৰাইজ৷ মই তুমি ভালপোৱা কিবা এটা দিম আৰু৷ পিছে এটা কথ৷ সেইদিনা মোৰ লগত কিন্তু মোৰ কাজিন বাৰ্বীও থাকিব৷ : কি—! ভেলেণ্টাইন ডে’ৰ দিনা কোনোবাই বেলেগক

Read more

এখন আলোচনীৰ সম্পাদকৰ কাহিনী – অৰবিন্দ গোস্বামী

: আলোচনী এখন প্ৰকাশ কৰাতো কি আপুনি মুখৰ কথা বুলি ভাবিছে নেকি? তাতে দুদিনত। এইবোৰ ওলোটা-পোলোটা কথা কৈ নাথাকিব দেই! বাদ দিয়ক।এইবাৰ মেগাজিন ফ্লপ। আচলতে ফ্লপো নহয়, মেগাজিন প্ৰকাশেই নহ’ল আৰু! আপুনি আমাৰ টিমৰ নাক-কাণ কাটি হাতত ল’ব লগা অৱস্থা কৰিলে। : মইনো কি কৰিলোঁ‌। কোনেও লেখা নপঠালে মই কেনেকৈ মেগাজিন প্ৰকাশ কৰিম? : আপুনি কি কৰিলে! যি কৰিলে আপুনিয়েইতো সব কৰিলে। আগৰ সম্পাদকসকলে লেখাৰ বাবে কন্দাৰ অভিনয় কৰিছিল, লেখা ভিক্ষা কৰি লেখকৰ দুৱাৰে দুৱাৰে ——“চম্পাক লেখা দিয়ক, ভগৱানে আপোনাৰ

Read more

স্মাৰ্ট ফোন – সোণটো ৰঞ্জন বৰুৱা

অনেক ফেচবুকৰ বন্ধুৱে আজিকালি ফেচবুকত কিয় নিস্ক্রিয় হৈ পৰিলোঁ বুলি প্ৰশ্ন কৰে। আচলতে কিছুদিনৰ পৰা এক মানসিক সমস্যাৰ সন্মুখীন হৈছোঁ। যেতিয়াই ম’বাইলটোলৈ চাওঁ তেতিয়াই মনটোৱে যেন চিঞৰি উঠে “চাল্লা জীৱনটো এনেয়ে অতগাল বেমাৰৰে চেপি আছেই ,তাৰ পাছতো ভাল কোষ্ঠকাঠিন্য বেমাৰটো লম্ভাই লৈছ দেই।” এনেকুৱা লাগে যেন ফোন নহয় সৰু ল’ৰাৰ ললিপপহে, যি মোৰফালে চাই কুটিল হাঁহি মাৰি আছে। এতিয়া মই এনে এক অৱস্থাত আছোঁ যেন কোনো জীৱনত কোনোদিনেই তামোলতীৰ মুখত নিদিওঁ বুলি সংকল্প লোৱা তামোলতীৰ আগত কোনোৱে তামোলৰ বটা এটা

Read more

খিৰিকী – কাবেৰী মহন্ত

: ক’ত ঘৰ তোমাৰ? : তিনিচুকীয়াত : তিনিচুকীয়াৰ ক’ত? … … …. “তাকেই কোৱা!” “মোৰো ঘৰ চাবুৱাত…” চিনাকিটো দিয়েই সশব্দে হাঁহি উঠিছিল শান্তনু। লগৰ ছোৱালীৰ বায়েকৰ বিয়াত লগ পোৱা শান্তনুৰ লগত সেয়া আছিল প্ৰথম দেখাদেখি। তাৰপাছত কেইটামান সাক্ষাৎ আৰু ইতস্ততঃবোধ আৰু লাহে লাহে সহজ হৈ অহা এটা মধুৰ সম্পৰ্ক! গায়ত্ৰীৰ মনৰ কোণত থকা সৰু ঠাইৰ অসহজবোধ শান্তনুৰ হাঁহিৰ শব্দৰ আঁৰত লুকাই গৈছিল। সেইবোৰ ছবছৰ আগৰ কথা। তেতিয়াৰ শান্তনু আজি এজন ব্যস্ত ব্যৱসায়ী আৰু গায়ত্ৰীৰ স্বামী। এটা মসৃণ প্ৰেমৰ কাহিনী আৰু

Read more

ইণ্টাৰনেশ্যনেল মাদাৰ লেংগুৱেজ ডে’ – জিমণি গগৈ

কান্ধৰ গামোচাখন ঠিকঠাক্ কৰি ভায়’লীনা বৰুৱাই হাইলাইট্ কৰা চুলিখিনি দুভাগ কৰি এটা ভাগ একাষে আগলৈ আনি বুকুৰ ওপৰত পেলাই ল’লে। তাৰপাছত বহি থকা আসনৰ পৰা উঠি গৈ মাইক্ৰ’ফ’নৰ সমুখত থিয় হৈ সমুখত বহি থকা মানুহখিনিলৈ চাই ধুনীয়াকৈ হাঁহিলে। চেৰী ৰঙৰ নেইলপলিছ্ লগোৱা বাওঁহাতৰ আঙুলিকেইটাৰে মাইক্ৰ’ফ’নটো আলফুলকৈ ধৰি ভাষণ আৰম্ভ কৰিলে- ৰেছপেক্টেড চেয়াৰপাৰ্চন প্ৰমুখ্যে উপস্থিত ৰাইজ। প্ৰথমে মই সকলোকে মোৰ ফালৰ পৰা ইণ্টাৰনেশ্যনেল মাদাৰ লেংগুৱেজ ডে’ৰ শুভেচ্ছা জনাইছোঁ। আমি জানো যে আমাৰ মাতৃভাষাটোৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে এৱাৰনেছ সৃষ্টি কৰাৰ উদ্দেশ্যেৰে

Read more

চকলেট ডে-কৰবী দেৱী

ফুলৰ টাব কিনাৰ উদ্দেশ্যে চিনাকি দোকান এখনত সোমালো। বাইদেউগৰাকী ভীষণ ব্যস্ত। তেখেতে দোকানত ভেৰাইটিছ্ গিফ্টবোৰো ৰাখিছে কিছুদিনৰ পৰা। সেয়ে আজিকালি মৰমলগা ছোৱালীবোৰে ভিৰ কৰে বহুত। সিহঁত ওলাই যোৱাৰ পিছত বাইদেউৰ লগত আলাপত ব্যস্ত হ’লোঁ কিছুপৰ। বাইদেউৱে ক’লে, প্ৰথমে ইমানবোৰ গিফ্ট ৰখা নাছিলোঁ, পিছে এতিয়া বাধ্য। কিমান যে দিৱস আজিকালি। Valentine Day ৰ পৰা ধৰি, Hug Day, chocolate Day, teddy Day আৰু ক’ত কি! মনত পৰে আমাৰ দিনবোৰলৈ। চুবুৰিৰে এজনীয়ে এবাৰ ক’লে, পুৱাৰে পৰা সি চাইকেলখন লৈ পাঁচবাৰমান অহা যোৱা কৰিছে,

Read more

কমেডিৰ SOP-ধূৰ্জ্জতি কাকতি

এজন মহান ব্যক্তিয়ে কৈ গৈছে “অসমত মধ্যবিত্ত হৈ জন্ম লোৱাটো এটা অপৰাধ আৰু মধ্যবিত্ত চাৰকাষ্টিক হোৱাটো তাতকৈও ডাঙৰ অপৰাধ”৷ আচলতে কোনো মহান ব্যক্তিয়ে এই কথাষাৰ কোৱা নাই, মই নিজেই সৰুৰেপৰাই এই কথাটো অনুভৱ কৰিছোঁ৷ কাৰণ ব্যঙ্গাত্মক হ’বলৈ গৈ সৰুৰেপৰা সকলোৰে গালিয়েই খাইছোঁ। কোনেও কোৱা নাছিল এইটো টেলেণ্ট,  ইয়াক আৰু ভাল কৰিবলৈ চেষ্টা কৰ৷ জমনি, ব্যংগ এইবোৰক আমাৰ সমাজত অপৰাধৰ দৰে গণ্য কৰা হয়। সেইবাবে ব্যংগ কৰিলে  মুখচোকা, বেছি কথা কোৱা আদিহে নাম পোৱা যায়৷  সৰুতে এবাৰ আমাৰ ঘৰলৈ বাইদেউ এজনী

Read more
1 3 4 5 6 7 84