ফটাঢোল

সময়ৰ শৰ (সময়ৰ ২ খণ্ড)-নয়নজ্যোতি বৰঠাকুৰ

মেজিৰ তলত খটাসুৰে প্ৰৱেশ কৰিয়ে ভেলাঘৰৰ তলত বহিয়েই চিঞৰি চিঞৰি কোৱা, “পৰী বা জনীয়ে লগত তাইৰ মৰমৰ আমলৰীয়া হাঁহটোও লৈহে পলাই গৈছে ঔ !” কথাষাৰে গোটেই মেজি তল মিছিকিয়া হাঁহিৰে ভৰাই তুলিলে। পৰীৰ দেউতাকে সময়ৰ কথা কৈ বিদায় লৈ ঘৰমূখী হোৱাৰ লগে লগেহে যেন সকলোৰে মূখবোৰ মোৰফালে উৎকণ্ঠাৰে ঘূৰি গ’ল। মইও পাশুপাত অস্ত্ৰ এৰি পুনৰ একো নজনাৰ ভাওত মেজিৰ জুইত হাতখন সেকি নৰাৰ  ওপৰতে বহি দিলোঁ।  তেনেতে খটাসুৰে মেজিৰ তলৰপৰা অলপ আঁতৰলৈ কিবা এটা আনিব যাওঁতে আগনিশা চুৰি কৰি নিয়া

Read more

জীৱনৰ সৰু বৰ ৰসাল ঘটনাবোৰ- স্বপ্নালী বৰদলৈ

আমাৰ দেউতা অতিশয় আৱেগিক মানুহ। মানে আৱেগৰ ওপৰত একেবাৰে নিয়ন্ত্ৰণ নাই।  সকলোকে সহজে বিশ্বাস কৰে আৰু কাৰোবাক ভাল পালে আচৰিত ধৰণে ভাল পায় আকৌ বেয়া পালে মানে চেহেৰাও চাব নোখোজে। (কি কওঁ আৰু মোৰো এই বেয়া গুণ টো আছে।) এবাৰ কি হ’ল, আমাৰ ঘৰৰ ওচৰতে নতুনকৈ  এঘৰ মানুহ আহি ভাড়া ল’লেহি। মানুহঘৰৰ গিৰিয়েক ঘৈণীয়েকহাল মাজে মাজে আমাৰ দোকানৰ পৰা বস্তু কিনিবলৈ আহে। আমাৰ দেউতা স্বভাৱতে কথা চহকী ব্যক্তি। সেই মানুহজনো আছিল কথা চহকী। গতিকে দুয়োজনৰ  স্বভাৱ মিলি কম দিনতে বন্ধুত্ব

Read more

জীৱনৰ সৰু সৰু ৰসাল ঘটনাবোৰ- স্বপ্নালী বৰদলৈ

বিয়াৰ পিছৰে কথা। নতুনকৈ বিয়া হোৱাৰ পিছত ন কইনা-দৰা আত্মীয় তথা চিনাকি মানুহৰ ঘৰত ফুৰিবলৈ যোৱাৰ যি পৰম্পৰা সেই পৰম্পৰাক ৰক্ষা কৰি আমি দুয়ো ইঘৰ সিঘৰকৈ ফুৰিবলৈ ধৰিলোঁ। পিচে ফুৰিবলৈ গ’লেই গৃহস্থই ভাত নোখোৱাকৈ নপঠিয়ায়। তেলাল পাতি হাঁহ-কোমোৰাকে ধৰি বিভিন্ন খাদ্য খাই খাই ভালেই লাগিছিল পিচে পেটে তাৰ ভৰ নসহিছিল। কেতিয়াবা এনেকুৱাও হৈছিল যে একেলগে তিনি চাৰিঘৰত ভাত খাব লগাত পৰিছিলোঁ। তদুপৰি ভাত খোৱাৰ  আগতে চাহ-মিঠাই এইবোৰটো আছেই। মুঠতে গৃহস্থৰ মৰমৰ অত্যাচাৰত আমাৰ দুয়োৰে পেটৰ অৱস্থা বেয়া। এদিনাখন আমাৰ চিনাকি

Read more

বাওনা বৰুৱাৰ মহাজীৱনী- ড°সৰোজ কাকতি

এনেধৰণৰ উত্তৰ দি এখন নতুন গ্ৰন্থ প্ৰণয়ন কৰালোঁ যদিও পণ্ডিত সকলৰ পৰা বিশেষ সমাদৰ নাপালোঁ। তথাপিও মই দমি যোৱা মানু্হ নহয়। মোৰ ভক্ত সকলৰ মাজত পুথিবোৰ বিক্ৰী কৰিলোঁ। বহুত কপি বিলায়ো দিলোঁ। বহুত ভক্তই মন্তব্য দিলে, “আপোনাৰ গহীন গম্ভীৰ ব্যক্তিত্বৰ অন্তৰালত যে এজন ধেমেলীয়া হাস্য ৰসেৰে ভৰপূৰ পুৰুষ আছে সেয়া বাহিৰৰ পৰা চাই ধৰিব নোৱাৰি। আপোনাৰ অভিনৱ হাস্যৰস পূৰ্ণ গ্ৰন্থখনে আমাক বৰ আনন্দ দিছে। গভীৰ তত্ত্ব কথাবোৰ হাস্যৰসৰ মাজেৰে বুজাই দিয়া আপোনাৰ গ্ৰন্থখনে হয়তো প্ৰথম। আপোনাৰ কাপৰ পৰা আৰু এনেকুৱা

Read more

বাওনা বৰুৱাৰ মহাজীৱনী-ড° সৰোজ কাকতি 

প্ৰভু ভগৱান মানে কি ? ঈশ্বৰ, ভগৱান এইবোৰ বৰ কেবেজীয়া কথা, বহুতে বহুত কথা কৈছে, বুদ্ধদেৱে সেয়ে এই বিষয়ে কথা পতাকে বন্ধ কৰি দিছিল। অৱশ্যে এই বিষয়ে মোৰো নিজস্ব মত আছে। ভগ মানে যোনি আৰু ভোগ, ৱান মানে আছে অৰ্থাৎ সংসাৰত যিয়ে জন্ম লৈ ভোগ কৰে তেওঁলোকে ভগৱান। সেই কাৰণে আমাৰ সমাজত অনেক ভগৱান ওলাই থাকে । কিছুমানে নিজক ভগৱান বুলি দাবীও কৰে.জাহিৰ কৰে,প্ৰচাৰ কৰে। ধৰ্মৰ নামত   বিলাসবহুল জীৱন যাপন কৰেে। পঞ্চমকাৰৰ সেৱাত , মছগুল হৈ থাকে। পঞ্চ মকাৰ

Read more

কবিতাৰ টিউচন-হিমাংশু ৰাজখোৱা

আচৰিত টিউচন এটা কৰাৰ প্ৰস্তাৱ পাইছে পদ্মলোচন ভৰদ্বাজে। তাৰ পিছৰপৰাই আচলতে তাৰ মূৰটো গৰম হৈ আছে। চহৰখনৰ এজন প্ৰতিপত্তিশালী লোকৰ কন্যা বাগ্মীতা নামৰ ছোৱালী এজনীক ‘কবিতা’ লিখিবলৈ শিকাব লাগে। যোৱা সংখ্যাৰ ‘ক্ৰান্তি’ নামৰ আলোচনীখনত ছপা হোৱা পদ্মলোচনৰ এটা কবিতা হেনো খুব পছন্দ হৈছে এই ধনীৰ দুলালীৰ। সপ্তাহত এদিনকৈ মাহত চাৰি দিনৰ এই টিউচনৰ বাবে পদ্মক আগবঢ়োৱা হৈছে এটা মোটা অংকৰ মাননি। যিটো মাননি উপেক্ষা কৰিবলৈ পদ্মৰ আচলতে কষ্ট হৈছে। অৱশ্যে, তাৰ পাছতো সি ঠিক কৰিছে যে, সি টিউচনটো নকৰে। প্ৰথমদিনা

Read more

যা দেৱী সৰ্ব ভূতেষু- জিতু শৰ্মা

যা দেবী সৰ্ব ভুতেষু  (১) –হেল’ লুকু, কি কৰিছ? বহু দিন ফোন চোন কৰা নাই যে?  বিষ্ণুৰ ভালনে? –উঃ মাআআ, একেবাৰতে ইমানবোৰ খবৰ একেলগে  সুধিলে কেনেকৈ কওঁ বাৰু? মোৰ ভালেই, চিৰিয়েল এখন চাই আছিলোঁ। বিষ্ণুৱে এই ব্ৰহ্মাৰ লগত কিবা ফোনত আলোচনা কৰি আছে। তোমাৰ কোৱা। — মোৰো ভালেই, হেৰি নহয়,আমাৰ যাবৰ হলেই নহয়! –ক’লৈ মা? — উৱাআ কি পাহৰিলি নেকি?  পূজা পালেহিয়েইচোন, মৰতলৈ আক’। বছৰত এই চাৰিটা দিন হে পাওঁ। তাকো যোৱা দুবছৰ যোৱা নহ’লেই, এইবাৰ সুবিধাটো দিছে যেতিয়া নগ’লে

Read more

বাওনা বৰুৱাৰ মহাজীৱনী-ড° সৰোজ কাকতি 

যিয়ে নহওক সিহঁত দুজনে যিখিনি পঢ়ি শুনালে, তাকে শুনিহে মোৰ মূৰ গৰম হ’ল। সিহঁতে লিখিছে এনেকুৱা বাক্য-  “কোনো ভয় নকৰিবা পুত্ৰ, ঈশ্বৰে তোমাক চকু মেলি চাব। মোৰ ভক্তজনৰ পৰা তাবিজ এটা ল’বা। সকলো ঠিক হৈ যাব। তোমাৰ পূজাৰ দ্ৰব্যত চুৱা লাগিছে, কুকুৰে শুঙিছে, সেইকাৰণে অপায় অমঙ্গল গুচাই নাই ঘৰখনত। মই ভগৱান শিৱ আহিছোঁ তোমালোকক জ্ঞান দিয়াৰ বাবে। হে মনুষ্যসকল, সাৱধান হোৱা, লোভ নকৰিবা, শান্তিৰে চলি থাকা। বছৰত এবাৰ হ’লেও মোৰ পূজা কৰিবা। তোমাৰ যিমান সামৰ্থ্য তাৰেই পূজা দিবা মই সন্তুষ্ট।

Read more

বাওনা বৰুৱাৰ মহাজীৱনী- ড° সৰোজ কাকতি 

সভা এখন অনুষ্ঠিত কৰি ভক্তসকলক বুজালোঁ‌ প্ৰতিটো যুগতে মহাপুৰুষৰ আবিৰ্ভাৱ হয় আৰু তেওঁলোকক এচাম মানুহে এনেদৰে হাৰাশাস্তি কৰে। যীশুখ্ৰীষ্টৰ কথাকে নোচোৱা কিয়, তেওঁক দেখোন শেষত মাৰিয়ে পেলাল। আমাৰ মহাপুৰুষজনাৰ জীৱনলৈকে নোচোৱা কিয়? কিমান জ্বালা-যন্ত্ৰণাৰ মাজত দিন কটাবলগীয়া হৈছিল। ৰজাৰ সৈন্য বাহিনীয়ে তেওঁক পিছে পিছে খেদি ফুৰিছিল। জীৱনটো হাতৰ মুঠিত লৈ ইফালৰ পৰা সিফাললৈ পলাই ফুৰিছিল। মোৰ ক্ষেত্ৰতো যে এনেকুৱা ঘটনা নঘটিব তাৰ কি মানে আছে। ওহো নাই। ভক্তসকলে মোৰ কথা শুনি জয়ধ্বনি দিলে, “গুৰু দেৱ কি জয়।”সিহঁতৰ এই মৰম চেনেহত

Read more

বাওনা বৰুৱাৰ মহাজীৱনী- ড° সৰোজ কাকতি 

এদিন ৰাতিপুৱা, পূজা সেৱা কৰি গুৰু আসনত বহিছোঁ মাত্ৰ। এনেতে আহিল নহয় পুলিচ চাৰিজন আৰু অফিচাৰ এজন। মই বোলো পুত্ৰসকল আসন গ্ৰহণ কৰা আৰু আশ্ৰমত পদধূলি দিয়াৰ কাৰণ ব্যাখ্যা কৰা। পিছে তেওঁলোকে আসন গ্ৰহণ কৰিবলৈ অহা নাই, মোক থানালৈ নিবলৈ আহিছে। মই হেনো কোনোবা এজন ব্যক্তিক চিনাক্ত কৰিব লাগে। মই বোলো আমাৰ নিচিনা সাধু সন্ত মহাপুৰুষক কিয় এইবোৰ কামত লেটিয়াব লাগে? পিছে তেওঁলোক শেনৰ এজাত, মই থানালৈ যাবই লাগিব হেনো।  উপায় নাপাই গ’লোঁ। গৈ দেখিলোঁ তাতে আমাৰ  দামোদৰ বাপুক আগৰে

Read more
1 2 3 9