ফটাঢোল

হোমেন বৰগোহাঞিৰ উপন্যাসত  অসমীয়া গ্ৰাম্য জীৱন-উপাসন‍া কাকতি

অসমীয়া সাহিত্য জগতৰ মহীৰূহসদৃশ যিয়ে অসমীয়া সাহিত্যক কিত‍াপৰ মুকুতাৰে সমৃদ্ধ কৰি থৈ গ’ল চিৰকাললৈ সেইগৰাকী প্ৰজ্ঞাৰ সাধকৰ উপন্যাসত অসমীয়া গ্ৰাম্যজীৱন প্ৰজ্জোল ৰূপত চিত্রিত হৈছে। অসমীয়া সাহিত্যৰ ৰামধেনু যুগ (১৯৫১-১৯৫৯)ৰ কথাশিল্পী বৰগোহাঞিদেৱৰ ৰচনাসমূহ তেখেতৰ গভীৰ অধ্যয়ন আৰু সমাজৰ প্ৰতি সজাগ সচেতনতাৰ ফচল। তেখেত সদায়ে এজন সফল কথা-সাহিত্যিক তথা সফল কাহিনীকাৰ হিচাপে সাধাৰণ পঢ়ুৱৈৰ হৃদয়ত স্থান লাভ কৰি থাকিব ।  বৰগোহাঞিদেৱৰ সৰহভাগ উপন্যাসতে গ্ৰাম্য জীৱনৰ নিৰ্ভেজাল ছবি ফুটি উঠিছে । তেওঁৰ প্ৰথম উপন্যাস ‘সুবালা’ (১৯৬৩) ত ইটালীয় ঔপন্যাসিক Alberto Moravia ৰ বিখ্যাত

Read more

পানীমিঠৈঃ অসমীয়া জনজীৱনৰ দাপোণ-অসমী গগৈ

অসমীয়া ভাষা-সাহিত্যৰ অলিখিত যুগৰ এক অসমীয়া সম্পদ হ’ল সাঁথৰ। যাৰ আন এটা নাম ‘পানীমিঠৈ’। এই সাঁথৰ বা পানীমিঠৈ জন্মৰ ইতিহাস বিচাৰিলে দেখা যায় যে বৈদিক যুগতেই ইয়াৰ বীজ ৰোপিত হৈছিল। প্ৰাচীন গ্ৰীক সাহিত্যৰ কিংবদন্তিস্বৰূপ স্ফিংছৰ প্রশ্নও সাঁথৰৰ এক প্ৰাচীনতম ৰূপ। যিহেতু সাঁথৰ এবিধ মৌখিক সাহিত্য, গতিকে ইয়াৰ জন্ম বা ৰচিয়তাক বিচৰাটো এক বাতুলতাহে মাথোন। সেয়ে হ’লেও অসমীয়া জনজীৱনক, মানুহৰ মনস্তত্বক এই সাঁথৰে কেনেদৰে জোকাৰি গৈছে তাকেই এই আলোচনাত বিচাৰ কৰি চাবলৈ যত্ন কৰা হৈছে। মানুহৰ মগজুক বা চিন্তাশক্তিক জোকাৰি যাব

Read more

অসমীয়াৰ প্ৰথম জ্ঞানপীঠ-মৃত্যুঞ্জয়-উদয়াদিত্য চাংমাই

জীৱনজোৰা সাধনাৰ বাবে কাব্য ঋষি নীলমণি ফুকনদেৱলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ জ্ঞানপীঠ বঁটা। অসম, অসমীয়া সাহিত্য আৰু অসমীয়া জাতিয়ে ইয়াৰ পূর্বে দুবাৰ সাহিত্যৰ বাবে প্ৰদান কৰা এই শ্ৰেষ্ঠ সন্মান লভাৰ সাক্ষী  হৈ ৰৈছে। প্ৰথম ১৯৭৯ চনত মৃত্যুঞ্জয়ৰ বাবে বীৰেন্দ্ৰকুমাৰ ভট্টাচার্য আৰু দ্বিতীয়বাৰ ২০০০ চনত জীৱনযোৰা সাধনাৰ বাবে ড° মামনি ৰয়চম গোস্বামীয়ে কঢ়িয়াই আনিছিল এই সন্মান।  জ্যোতিপ্রসাদ আগৰৱালাই অসমীয়া ভাষাক এদিন জগত সভালৈ নিয়াৰ সপোন দেখিছিল। ভট্টাচার্যদেৱৰ মৃত্যুঞ্জয়ৰ যোগেদি সেই সপোন কিছু দূৰলৈ সাৰ্থক হৈ উঠিছিল। লেখকে উপন্যাসখনৰ পাতনিতে উপন্যাসখনৰ সন্দৰ্ভত

Read more

পদ্মনাথ গোহাঁঞিবৰুৱাৰ প্ৰহসনমূলক নাটক ‘গাঁওবুঢ়া’-অসমী গগৈ

চুক বা চুবুৰি কাক বোলে? গাঁও কাক বোলে? তোমাৰ গাঁৱৰ নাম লিখা৷ তোমাৰ গাঁৱৰ গাঁওবুঢ়াজনৰ নাম লিখা৷ অসমীয়া মাধ্যমত পঢ়া সকলো ল’ৰা-ছোৱালীয়েই প্ৰাথমিক স্তৰত এইকেইটা প্ৰশ্ন দেও দি অহাৰ দৰেই আমিয়ো আহিছিলোঁ৷ জিভাৰ আগত থকা উত্তৰ৷ পৰীক্ষাৰ পৰা ঘূৰি আহি কোনেও নোসোধাকৈয়ে এফালৰ পৰা সকলোৱে শুনাকৈ উত্তৰবোৰ কৈ গৈছিলোঁ৷ পদূলিৰ পৰা আৰম্ভ কৰা উত্তৰৰ শেষ হৈছিল পাকঘৰত থকা মাৰ ওচৰত “আমাৰ গাঁৱৰ গাঁওবুঢ়াৰ নাম ‘গাঁওবুঢ়া ককা’৷  : কি বুলি লিখিছিল?  : গাঁওবুঢ়া ককা৷ বাকীবোৰে ‘ভনৰ বাপেক’ লিখিছে৷ উত্তৰ শুনি মাৰ

Read more

অসমীয়া জাতিসত্তাৰ বিকাশত বিষ্ণু প্ৰসাদ ৰাভাৰ ভূমিকা-গায়ত্রী দত্ত

চন ১৯৬৭, অসমৰ আকাশে-বতাহে নিৰ্বাচনী প্ৰচাৰৰ ব্যস্ততা, পুঠিমাৰীৰ দিশত নিৰ্বাচনী প্ৰচাৰ অভিযানত যাওঁতে বাটত দুজন প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী লগ হোৱাত দুয়োজনে কৰমৰ্দন কৰি আলাপ-আলোচনাত ব্যস্ত হৈ পৰিল। সাম্প্রতিক সময়ত অসম্ভৱ যেন লাগিলেও সেই সময়ৰ বাস্তৱ সেই পৰিস্থিতিত এজন প্ৰাৰ্থীয়ে আনজন প্ৰতিদ্বন্দী প্ৰাৰ্থীক ভাতৃত্বসুলভ মৰম স্নেহেৰে ভৰপূৰ এক কতৃত্বৰ সুৰত কৈছিল – “তুমি বা মই যিজনেই জয়ী হওঁ, আমাৰ এটাই উদ্দেশ্য হ’ব – ৰাইজৰ হৈ সেৱা কৰা, ৰাইজৰ হৈ কাম কৰা।” “ৰাইজৰ হৈ সেৱা কৰা, ৰাইজৰ হৈ কাম কৰা” এই বাক্যশাৰীৰ মাজত

Read more

ৰাসোৎসৱে আনে আধ্যাত্মিকতা আৰু সম্প্ৰীতি- ধীৰেন শইকীয়া  

শৰৎকালৰ শ্ৰেষ্ঠ উৎসৱ হ’ল ৰাসোৎসৱ। ‘ৰস’ হৈছে সৌন্দৰ্যবোধৰ পৰা হোৱা অতি জাগতিক আনন্দময়ী অৱস্থা। এই ৰসৰ পৰাই ৰাসৰ উৎপত্তি হৈছে বুলি কোৱা হয়। অসমত ৰাসৰ উৎপত্তিৰ লগত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নাম জড়িত হৈ আছে। শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তনত ৰাসক্ৰীয়াৰ  বিৱৰণ বিদ্যমান। পণ্ডিতসকলৰ মতে শঙ্কৰদেৱৰ দ্বাৰা ৰচিত অংকীয়া নাট ‘কেলি-গোপাল’ নাটৰ ভাওঁনাই হৈছে অসমত ৰাস উৎসৱৰ আৰম্ভণি। এক তথ্যমতে, ১৭৬২ শকত মাজুলীৰ ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰত প্ৰথমবাৰৰ বাবে ৰাস পালন কৰা হৈছিল। সেয়াই আছিল ৰাসলীলাৰ প্ৰথম আৰম্ভণি, তেতিয়াৰে পৰাই প্ৰতিবছৰে ৰাস পূৰ্ণিমাৰ নিশা ৰাস

Read more

বৰপেটা জিলাৰ নাৰীকেন্দ্ৰিক গালিশপনি-ড° অৰ্চনা কলিতা

লোকসংস্কৃতি হৈছে এখন সমাজৰ দাপোণ৷ চহা জীৱনৰ সুখ-দুখ, লোকাচাৰ, জনবিশ্বাস ইত্যাদি লোকসংস্কৃতিত পৰিস্ফুট হয়৷ লোকসংস্কৃতিক মূলতঃ মৌখিক সাহিত্য বা লোকসাহিত্য, ভৌতিক সংস্কৃতি, সামাজিক লোক ৰীতিনীতি আৰু লোক পৰিবেশ্য কলা – এই চাৰিভাগত ভাগ কৰিব পাৰি৷ লোক সংস্কৃতিৰ অন্যতম এটা বিভাগ হৈছে লোক সাহিত্য৷ মুখে মুখে চলি অহা লোক সাহিত্য সমূহে সময়ৰ লগে লগে লিখিত সাহিত্যৰ ৰূপ লয়৷ গীত-মাত, সাধুকথা, মালিতা আদিৰ দৰে গালি শপনিসমূহেও অসমীয়া লোক সাহিত্যত উল্লেখযোগ্য স্থান লাভ কৰিছে৷ যদিও যুগৰ পৰিৱৰ্তনৰ লগে লগে মৌখিক সাহিত্য সমূহৰ প্ৰায়ভাগেই

Read more

ক’ভিদ মহামাৰীয়ে ভৰাই তোলা জীৱনবোৰ- শিৱানী বৰা

বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক’ভিদ মহামাৰীয়ে মানুহৰ জীৱনলৈ শংকা কঢ়িয়াই অনাৰ লগতে অৰ্থনৈতিক ব্যৱস্থাক বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। জীৱনৰ ভৰষা নাইকিয়া হোৱা সময়তে কিছুমান জীৱন পোহৰমুখী হৈ উঠিছে।  লকডাউনত ভাৰাক্ৰান্ত মনবোৰক ব্যস্ত ৰাখিবলৈ বহুতো লোকে নিজৰ প্ৰিয় কামসমূহৰ সৈতে জড়িত হৈ পৰিছিল। ছবি অঁকা, সাহিত্য চৰ্চা, ৰন্ধন কাৰ্য্য, ক্ৰাফ্ট বনোৱা আদি  মন পছন্দৰ কামত ৰাপ বাঢ়িছিল।  এই মন পছন্দৰ কামসমূহে বহুতো লোকৰ বাবে উপাৰ্জনৰ পথ মুকলি কৰিছে। কেক বনাই ভাল পোৱা মহিলাই এতিয়া ব্যৱসায়িক ভিত্তিত কেক বনাবলৈ আৰম্ভ কৰিছে। কোনো

Read more

বিদ্যালয়ত সৃজনীশীলতাৰ পাঠ-সমীৰজ্যোতি মেধি

Creativity is a drug I cannot live Without. – Cecil B De Mille.  আমেৰিকান চিত্ৰনিমাৰ্তা চিচিল বি ডি মিলিৰ এই উক্তিটোৰ অসমীয়া অনুবাদ হ’ব, “সৃজনীশীলতা হ’ল নিচাজাতীয় ঔষধ যিবিধ নহ’লে মই জীয়াই থাকিব নোৱাৰোঁ।” যিকেইটা কথা আৰু ঘটনাই মোৰ মন আৰু মগজুক আন্দোলিত কৰে সেইকেইটাৰ ভিতৰত চিচিল বি ডি মিলিৰ এই উক্তিটো অন্যতম। মই এনে বহু মানুহ লগ পাইছোঁ যিয়ে পুৱাৰ বাতৰি কাকতখন পঢ়িবলৈ অস্থিৰ হৈ পদূলিমুখত হ’কাৰজনলৈ অপেক্ষা কৰি থাকে। এনে মানুহো লগ পাইছোঁ – কিবা এটা নিলিখিলে বা

Read more

ভাৰতবৰ্ষত মহিলাৰ সুৰক্ষা ব্যৱস্থা-কুমকুম শৰ্মাবৰুৱা       

বৈদিক যুগৰপৰা  বৰ্তমান যুগলৈকে ভাৰতবৰ্ষত মহিলাৰ সুৰক্ষা ব্যৱস্থা সন্তোষজনক নহয়। সীতাৰ অগ্নি পৰীক্ষা, দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ পৰা দিল্লীৰ নিৰ্ভয়া কাণ্ডলৈকে প্ৰতিদিনে ভাৰতবৰ্ষত অসংখ্য মহিলা নিৰ্যাতিতা হৈ আহিছে। ভাৰতবৰ্ষত নাৰীক দুৰ্গতিনাশিনী দশভুজা দূৰ্গাৰ ৰূপত, মা লক্ষ্মীৰ ৰূপত, আই সৰস্বতীৰ ৰূপত অথবা কালী গোঁসানীৰ ৰূপত পূজা কৰা হয়। কিন্তু সেই পূজা কেৱল মাটিৰ মূৰ্তিটোতে সীমাবদ্ধ হৈ থাকে।পিতৃপ্ৰধান ভাৰতীয় সমাজত নাৰী বিয়াৰ আগত পিতৃৰ অধীন, বিয়াৰ পিছত স্বামীৰ অধীন আৰু স্বামীৰ অবৰ্তমানত পুত্ৰৰ অধীন হিচাবে চলিব লাগে। এইখন সমাজত এগৰাকী বিধবাই বহুতো লাঞ্চনা-গঞ্জনা সহ্য

Read more
1 2 3 4 5 27