ফটাঢোল

জীৱনীৰ পৃষ্ঠা লুটিয়াই-পদ্মলোচন ভৰদ্বাজ

এতিয়া বসন্ত কাল৷ গছৰ ন পাত, প্ৰকৃতিৰ নতুন ৰূপ, এটা নতুন অসমীয়া বৰ্ষ আৰু সম্ভাৱনা তথা বিহুৰ মাতত দেহ-মন পুলকিত কৰাৰ সময়৷ এয়া জাতিটোৰ বাবেও পৰম্পৰাগতভাবে নিজক উজ্জীৱিত কৰি ৰখাৰ, শিপাডাল শক্তিশালী কৰাৰ সময়৷ এই শুভক্ষণত মই  প্ৰতিজন ফটাঢুলীয়া ৰাইজ তথা অসমবাসীক জনাইছোঁ ৰঙালীৰ শুভেচ্ছা আৰু সশ্ৰদ্ধ প্ৰণিপাত৷ এটা সময় আছিল, বিশ্বায়নৰ সোঁতত ক্ষুদ্ৰ জাতি সত্তাৰ সংকটক লৈ আমিও চিন্তান্বিত হৈছিলোঁ৷  মুক্ত অৰ্থনীতিৰ স্ৰোতত জাতিটোৰ অস্তিত্বক লৈ আমি চিন্তান্বিত হৈছিলোঁ৷ কিন্তু পৰিৱৰ্তিত সময়ৰ কোবাল সোঁতেও জাতিৰ অস্তিত্ব নোহোৱা কৰিব নোৱাৰিলে৷

Read more

সম্পাদকীয়-ৰীতা লীনা সোণোৱাল

হেমন্তকালীন অভিবাদন জনালোঁ। শৰত ঋতুৰ পাছতেই সংগোপনে অহা হেমন্ত ঋতুৱে কেতিয়াবা সকলোৰে মনত ৰেখাপাত কৰে নে? আহো নাহোকৈ অহা শীতে মনত আনন্দৰ বতৰা দিয়ে নে? ফুটাই তুলে নে ওঠত এটি সোণসেৰীয়া হাঁহি। সীমাহীন নীলা আকাশৰ তলত হালিজালি থকা সোণালী ধাননি পথাৰখনে এপাকলৈ ৰিঙিয়াই মাতেনে? ৰবাব টেঙাৰে ফুটবল খেলা ভৰি দুখন কেতিয়াবা উলাহতে জপিয়াই পৰে নে? এতিয়া যে শীতৰ বতৰ আৰম্ভ হ’বৰ হ’ল! দুপৰীয়া ৰ’দত বহি কমলাটেঙাৰ বাকলি গুচাবৰ হ’ল। গধূলি বজাৰৰ চকত পকৰি, ঘূগুণি, ধনীয়া পাতেৰে মলমলাই থকা দোকানখন দেখিলে

Read more

ভাওনাৰ মাজৰ ভেকোভাওনা বা ফুচুৰী কালক্ৰমত হেৰাই যোৱা এক ধাৰা-ধনজিৎ বৰুৱা 

সত্ৰীয়া শৈলীৰ ভাওনাত বা সত্ৰৰ চাৰিবেৰৰ  অনুশাসনৰ মাজত যদিও ইয়াৰ প্ৰচলন নাছিল কিন্তু সাধাৰণতে প্ৰায় সকলো গাঁৱতে দেখা পাওঁ ভাওনাৰ মাজত ওলোৱা চহা গঞা  ৰাইজৰ দ্বাৰা পৰিৱেশিত “ভেকোভাওনা” বা “ফুচুৰী”। এতিয়াও কোনো লক্ষ্য আগত ৰাখি কোনো কৰ্ম সম্পাদন কৰাৰ পাছত বিফল হ’লে সমগ্র প্ৰক্ৰিয়াটো “ভেকোভাওনা  হ’ল” বুলি টিপ্পনী কৰা দেখা যায়। ৰাইজৰ স্থানীয় শিল্পীৰ দ্বাৰা কোনো চৰিত্ৰৰ ৰূপসজ্জা সম্পূর্ণ নহ’লে বা ৰাইজৰ মনোৰঞ্জন বা আন বিষয়ৰ সময়ৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি এই ধৰণৰ ফুচুৰী বা হাস্য-ব্যংগ অভিনয়ৰে ক্ষন্তেকৰ বাবে হাস্যৰস

Read more

সম্পাদকীয়-কমলা দাস

: অ’ আইতা, কিমাননো আৰু ফোনটো চাই থাকা। আজি ষ্ট’ৰি এটাকে কোৱানা।  স্কুল বন্ধৰ দিন এটাত হোমৱৰ্ক কৰি শেষ হোৱাৰ পিছত সন্ধিয়া নাতিয়ে আইতাকক আব্দাৰ ধৰিলে। : কি ষ্ট’ৰি কম! মই একো ষ্ট’ৰি নাজানো নহয়। : ইইই,,,, তুমি জানা দিয়া। মায়ে কৈছে তুমি হেনো মাহঁত সৰু থাকোঁতে বহুত ষ্ট’ৰি কৈছিলা। মোকো কোৱাচোন এটা।  : মই সিহঁতক ষ্ট’ৰি কোৱা নাছিলোঁ অ’। সাধুহে কৈছিলোঁ। সাধুকথা, সাধুকথা হে কৈছিলোঁ। : কি সাধুকথা!  : তোমালোকে যে ষ্ট’ৰি বুলি কোৱা, আমি সাধুকথা বুলি কওঁ।  :

Read more

ফেচবুক, মই আৰু বহুতো নজনা কথা- ডলী তালুকদাৰ

কি লিখিম ভাবিয়েই পোৱা নাই। লেখা-মেলাৰ অভ্যাস নায়েই সিমান। কেতিয়াবা দুটা-এটা মনৰ কথা লিখোঁ। আগতে বহীত লিখিছিলোঁ কিন্তু ফেচবুকলৈ অহাৰ পৰা ফেচবুকত অৰ্থাৎ মোৰ একাউণ্টৰ ৱালত লিখোঁ। কিন্তু সম্পাদকীয় লিখিব লাগিব, তাকো “ফটাঢোল”ৰ দৰে ইমান জনপ্ৰিয় আলোচনীখনৰ! সেইটো কথা ভাবিহে জীৱ বাহিৰ হৈছে।   সাধাৰণতে কথাবোৰ মুখৰ আগতে কৈ দিয়া মানুহ মই। কোনো কথাত বেয়া পালে মুখৰ আগতে কৈ দিওঁ। ভাল পালে প্ৰশংসাও কৰোঁ। মনত কথা লুকুৱাব নজনা মানুহ মই। এই স্বভাৱটোৰ বাবে বেয়াও পায় কেতিয়াবা কিছুমানে। পিচে এতিয়াহে একো লিখিবলৈ

Read more

সম্পাদকীয়

আলোচনী বা বাতৰিকাকত এখনত আটাইতকৈ সম্ভ্ৰমেৰে পঢ়িব খোজা শিতানটোৱেই হ’ল সম্পাদকীয়। সম্পাদকৰ নামো যথেষ্ট শ্ৰদ্ধা সমীহেৰে লোৱাটো সৰুৰে পৰা অভ্যাসত পৰিণত হৈছে। তেনেস্থলত উচ্চমানবিশিষ্ট জনপ্ৰিয়  আলোচনী এখনৰ সম্পাদকৰ আসনখনত কাৰোবাৰ অনুৰোধতেই হওক বা আন্তৰিক দাবীতেই হওক, মুঠতে পৰিস্থিতিত পৰি বহি লোৱাৰ পিছত সেই মোৰ দৰে অনভিজ্ঞ মানুহ এগৰাকীৰ গতি কি হ’ব পাৰে এবাৰ ভাবি চাওকচোন! ঠিক দায়িত্ব লোৱাৰ পিছৰে পৰা সম্পাদকীয়ৰ পৃষ্ঠালৈ মনত পৰিলেই চিন্তা হয়, কি লিখিম, কেনেকৈ লিখিম! দুমাহমান আগতে প্ৰচণ্ড বৰষুণ, ৰাজ্যৰ বহুকেইখন জিলাতে বানপানী তথা নগৰাঞ্চলৰ কৃত্ৰিম

Read more

সম্পাদকীয়

সহজৰ পৰা সহজলৈ যোৱা মানুহৰ প্ৰৱণতাই হৈছে সভ্যতা। সভ্যতা হৈছে সৰলতাৰ পৰা অধিক সৰলতালৈ যোৱা এক প্ৰক্ৰিয়া। পিচে এই প্ৰক্ৰিয়া বহুলোকে মানি ল’ব নোখোজে। বৰ্তমান সমাজত বাস কৰা বহুতে নিজে থিতাপি লোৱা স্থানসমূহকে নিৰাপদ বুলি ভাবি নতুন এটা ধাৰণাৰ প্ৰতি পিঠি দিয়া দেখা যায়। যাৰ বাবে সমাজলৈ আহিব পৰা পৰিৱৰ্তন অথবা সৰলতাক আন এক দৃষ্টিৰে চাবলৈ আৰম্ভ কৰে এইসকল লোকে। এওঁলোকে প্ৰচাৰ কৰে যে নতুন সভ্যতাটোৱে সমাজৰ ক্ষতিসাধন কৰিব। সকলোৱে এই নতুন ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। আন কিছুলোকে গ্ৰহণ কৰিব

Read more

সম্পাদকীয় : শংকৰজ্যোতি বৰা

দুদিনমান আগৰ কথা৷ আমাৰ গাঁৱৰ বিহুখনৰ বিহুৱতী প্ৰতিযোগিতা চলি আছিল৷ তাত বিচাৰকে বিহুৱতীক সোধা প্ৰশ্ন এটাত নতুন কথা এটা জানিবলৈ পালোঁ৷ সন্ধ্যাৰ সমাৰ্থক ‘গধূলি’ শব্দটোৰ অৰ্থ৷ যেতিয়া পথাৰৰ পৰা আবেলি গৰুৰ পালটো গাঁৱলৈ ওভতাই আনে, তেতিয়া জাক জাক গৰুৰ খোজত বাটৰ পৰা ধূলি উৰে৷ গো আৰু ধূলি, একেলগে গোধূলি বা গধূলি৷ আজিৰ গৰুৰ পাল নেদেখা ল’ৰা ছোৱালীয়ে এইটো নজনাটো মানি ল’ব পাৰি, মোৰ দৰে বয়সীয়া এটাই নজনাটো নিজেই মানিব নোৱাৰি৷ তেতিয়াই ভাবিছোঁ, আচলতে আমি কিমান জানো, কিমান শিকিছোঁ৷ মোৰ দৰে

Read more

সম্পাদকীয়- জয়ন্ত প্ৰীতম

আলোচনীখনৰ সম্পাদকৰ দায়িত্ব লোৱা দিনটোৰ পৰা মই চিন্তা কৰি থাকিলোঁ যে মই কেনেধৰণৰ সম্পাদকীয় লিখিম বা লিখা উচিত। খাৰখোৱা মগজুক যিমানেই এই কথাটোক লৈ জোৰ দিলোঁ, সিমানেই দেখোন চিন্তাবোৰ কৰ্পূৰৰ দৰে ক’ৰবালৈ উৰি যাবলৈ ধৰিলে। কি কৰিম, কি লিখিম একো উৱাদিহ নাপালোঁ। আনপিনে আলোচনী সম্পূৰ্ণ কৰাৰ অন্তিম মুহূৰ্তটোও একেবাৰে কাষ চাপি আহিল। অৱশেষত সকলোবোৰ নঞৰ্থক কথা মনৰ মাজৰ পৰা আঁতৰাই থৈ ভাবিলোঁ, মনলৈ যি আহে তাকেই লিখোঁ। বৰ বেছি চিন্তা কৰি নাথাকোঁ। লেখাটো লিখি থাকোঁতে ক’ৰবাত কুলি চৰাই এটাই কু-উ

Read more

পাৰ্শ্বজ্যোতি- হাঁহিৰ বাবে অজুহাত

এই যে ২৪ ঘণ্টাত এটা আহ্নিক গতিৰ দিন সম্পন্ন হয়, ৭ টা দিনত এটা সপ্তাহ বা ৩০ দিনত এক মাহ! সময়ৰ এই জোখ-মাখবোৰত আমি কেতিয়াবা নিজকে এবাৰলৈ হ’লেও প্ৰশ্ন কৰিছোঁনে, যোৱা মাহটোত, যোৱা সপ্তাহত বা কালিৰ দিনটোত মই কেইবাৰ হাঁহিলোঁ! নিশ্চিতভাবে আপুনি বা মই দুখৰ, কষ্টৰ নতুবা জীৱনৰ সংঘৰ্ষৰ কথাবোৰক লৈ যিমানবাৰ নিজৰ লগত আলোচনা কৰিলোঁ বা চিন্তা কৰিলোঁ, হাঁহিব পৰা ক্ষণবোৰক লৈ খুব কমেই আত্মবিভোৰ হ’লোঁ৷ অথচ পুৱাৰ পৰা ৰাতি চকুৰ পতা জাপ খোৱালৈকে এই জীৱন যাত্ৰাৰ সংঘৰ্ষবোৰ কেৱল

Read more
1 2 3 7