এবষ্ট্ৰেক্ট প্ৰেম -দীক্ষিতা বৰা
অধ্যায় এক : অভিজ্ঞ হাতেৰে তুলিকা চলাই গৈছে পাৰ্থই। তাৰ তুলিকাৰ পৰশত ক্ষণে ক্ষণে ৰং সলাইছে সমুখৰ কেনভাচখনে। ওচৰতে থিয় হৈ চাই আছে অম্লানে। দুচকুত তাৰ অলেখ বিস্ময়। মানুহ কিছুমান আঁকিছে পাৰ্থই, আচৰিত মানুহ। ইখন মুখৰ চকু একোটা গৈ সিখন মুখৰ ওপৰত উঠিছে, চকুবোৰ যেন খোঁচমাৰি ওলাই গৈছে মুখৰ পৰিধি-পৰিসীমাৰ বাহিৰলৈ, একেখন মুখতে ভাগে ভাগে তিনি চাৰিটাকৈ ৰং। অলপ দিনৰ আগতেও ছবি এখন আঁকিছিল পাৰ্থই। কি আঁকিব সোধাত সি অম্লানক কৈছিল যে বৰষুণৰ এখন ছবি। বৰষুণত তিতা শাৰীৰ আচল আৰু
Read more