মূল কবিতা:এতিয়া, কবি: তাৰাপদ ৰায়,ভাষান্তৰ-মুনমুন সৰকাৰ
মনত নপৰে, মই নিজেই উভতি গৈছিলো, নে তোমাক ওভোতাই পঠাইছিলো, এতিয়া মোৰ একো মনত নাই, তথাপি দুখ লাগে এতিয়া , যেতিয়া হঠাৎ বৰষুণ দিয়ে এতিয়া, যেতিয়া হঠাৎ শীতকালি চেঁচা বতাহ বয় সৰাপাতবোৰ উৰুৱাই ফুৰে মোৰ কেওপিনে বৰষুণ আৰু শীতৰ বতাহজাকে; আনকি সেই আদিম যুগৰ বগা ঢেকঢেকীয়া ৰ’দ হঠাৎ পুৱাই আহি মোৰ ঘৰ ভৰাই তোলে , আৰু সোধে, ‘কি? ক’লৈকো ওলাই নোযোৱা?’ এতিয়া আৰু ক’লৈকো যোৱা নহয় এতিয়া কেৱল চেঁচা বতাহ, বৰষুণ, পানী মোক কেন্দ্ৰ কৰি সৰাপাতবোৰ উৰে আৰু পানী পৰে।
Read more