ফটাঢোল

চটৌপ-অমিতাভ মহন্ত

সঞ্জীৱে হাঁহিব নে কান্দিব ঠিক ধৰিব পৰা নাই৷ অথচ ‘অফাৰ লেটাৰ’খন হাতত লৈ সঞ্জীৱে খুব আনন্দ পোৱা তাৰ স্পষ্ট মনত আছে৷  ঘটনাতো খোলাকৈ কোৱাই ভাল হ’ব৷  সঞ্জীৱ… মানে আমাৰ সঞ্জীৱ ভট্টাচাৰ্য৷ দোস্ত হিচাপে একে আষাৰে চমৎকাৰ, দিলদাৰ৷ কেৱল পানীটোপা খালে মাজে মাজে অলপ বেছিকৈ ধেমালি কৰে  আৰু। বাকী একদম গুলাই ল’ৰা৷ মাজতে বিজয়ৰ ৰুমত পাৰ্টী দিছিল৷ কেনে জঘন্য দিলদাৰ পাৰ্টী! খা যি ইচ্ছা৷ বাগৰি বাগৰি খাই হাগনী নোহোৱালৈকে খুৱাইছিল৷  ভাল ল’ৰা! গুড বয়! জীৱনে সঞ্জীৱক সকলো দিছে৷ দুখ মাত্ৰ এটাই৷

Read more

জীৱনৰ ৰং-ৰূপম ঠাকুৰীয়া

– তাৰ পিছত? – তাৰ পিছত বৰ্মনৰ লগত ওলালোঁ কইনা চাবলৈ।  মোৰ পুৰণি বাজাজ চুপাৰখনত উঠি দুয়ো ৰাওনা হ’লোঁ। – তাৰ পিছত? – আমি গৈ বৰপুখুৰীটোৰ পাৰ পাওঁ পাওঁ হওঁতেই দেখিলোঁ এঘৰৰপৰা ছোৱালী এজনীয়ে এবাল্টি কাপোৰ লৈ পুখুৰীটোৰ ফালে আহি আছে। হয়তো কাপোৰ ধুব। – তাৰ পিছত? – ছোৱালীজনী দেখিবলৈ বৰ ধুনীয়া। তাইক মই জানো আগৰেপৰা। আঁঠুলৈ মেখেলা কোঁচাই যিটো খোজত আহিছে নহয়! মানে আপুনি দেখিলে সেই সময়ত……. – তাৰ পিছত কওক না….. – আপুনি অলপ অধৈৰ্য হোৱা যেন লাগিছে

Read more

সেই জন আব্ৰাহামৰ আড্ডা আৰু চাহকাপ-ধনজিৎ বৰুৱা

“বাতিত মলঙিলে বাতিৰে মিঠা তেল  গাতে মলঙিলে ঘাম……” ৰেডিঅ’ত সৈনিকৰ ফোনকলৰ পৰা পোৱা অনুৰোধৰ গান। খগেন মহন্তদেৱৰ কণ্ঠ।  বৰাদাৰ দোকানত পৰাণ মলঙিলে  মিচিকিয়াই আমাৰ জন আব্ৰাহাম।  এইফালে যুদ্ধ বিধস্ত আমাৰ আড্ডাৰ হৰতনৰ গোলাম আৰু সম্ৰাট।  সেয়া কলেজত প্রথম সোমোৱাৰ দিনৰ কথা। ধুমৰ দৰে বাইক। জনৰ দৰে চুলি। আমি তাক জন আব্ৰাহাম বুলি কৈছিলোঁ। আড্ডাত মছগুল সময়। কিতাপবোৰে নোটবুক এখনক দায়িত্ব দি ঘৰত জিৰাই লৈছে। পৰাণহঁত প্ৰেমত পৰিছে। পৰাণৰ প্ৰেমিকা অহা নাছিল কলেজলৈ। কাৰোবাৰ মোবাইলত মেছেজ আহিল, “ঘৰতে আছোঁ, পৰাণক ক’বা”।

Read more

সপোনৰ জগতত-ৰাজশ্ৰী শৰ্মা

‘মাছৰ চিকুণ মোৱা, টোপনিৰ চিকুণ পুৱা।’ – এই কথাষাৰ নুশুনা মানুহ বৰ কমেই আছে এইখন মুলুকত। কিন্তু দিন ৰাতি, পুৱা-গধূলি ছেদভেদ নোহোৱাকৈ টোপনি মৰা প্ৰতিভাটোও অমুকীৰ কম নহয়। এই দিনে ৰাতিয়ে শুব পৰা প্ৰতিভাটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই ‘ঘুমেগেইৰা’ উপাধিৰে বিভূষিত কৰা হৈছিল এসময়ত মোক। আৰু বিধাতাৰ কি আশীৰ্বাদ যে এতিয়ালৈকে সেই উপাধিৰ মৰ্যাদা সম্পূৰ্ণৰূপে ৰাখিবলৈ সক্ষম হৈছোঁ। এনেই মানুহে কয় যে টোপনি মৰাটো ভাল কথা, চিন্তা ভাৱনা কমি থাকে। মনৰ শান্তি বাঢ়ে। মোৰ চিন্তা ভাৱনাৰ দৌৰটো এনেই ছোৱালীহঁতৰ লগত কাৰ্টুন

Read more

দৰব-জ্যোতিৰূপা কোঁৱৰ খাটনিয়াৰ

ধুমুহাত দেওধনী নচা তামোল গছৰদৰে হালিজালি আছোঁ, মূৰটো কোনোপধ্যেই ডিঙিৰ ওপৰত পোন কৰি থ’ব পৰা নাই৷ কি জানো হৈছে কালিৰ পৰা, দেহাটোৰ দায়িত্ব চকীখনক দিলেই টোপনিয়ে কোলাই বোকোচাই তুলি নচুৱাই লৈ ফুৰে৷ ঠিক তেনেকুৱাতে উধাতু খাই ওলালেহি পিতৌ৷ এক্সৰে নকৰাকৈ হাড় গণিব পৰা তাৰ দেহাটোত গেঞ্জী এটাও নোহোৱাকৈ লৰি অহা দেখি মোৰ টোপনি মাকৰ ঘৰলৈ পলাল৷ এইকণ বাট আহোঁতেই অবস্থা কাহিল হোৱা পিতৌলৈ পানীৰ বটলটো আগবঢ়াই দিলোঁ৷ “কি হ’ল পিতৌ? কোনোবাই জোৰকৈ হাঁচিয়াই দিয়াত এইখিনিলৈ ছিটিকি আহিলি নেকি?“ হোৱা দিয়া

Read more

বিদায় সভাৰ ভাষণ-ববিতা শৰ্মা

মোৰ বিদ্যালয় এৰাৰ আজি বহু বছৰ হ’ল যদিও মাজে মাজে সেই স্কুলীয়া দিনবোৰৰ কিছু মিঠা স্মৃতিয়ে মনত টুকুৰিয়াই যায়হি। সেই স্মৃতিৰ টোপোলাৰ পৰাই আজি মোৰ লগত হোৱা লটিঘটিৰ এটা ৰসাল ঘটনা আপোনালোকলৈ আগবঢ়ালোঁ‌। দশম মান শ্ৰেণীৰ সেইদিনা বিদায় সভা আছিল। উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ পঞ্চম মানৰপৰা দ্বাদশ শ্ৰেণীলৈ সকলোৰে মনবোৰ সেইদিনা ফৰকাল। কাৰণ আমি পঢ়া সময়ত বিদায় সভা মানে এটা উৎসৱ। দশমমানৰ ছাত্ৰ-ছাত্রীখিনিৰ কথাতো ক’বই নালাগে, এফালে বিদ্যালয় এৰি যোৱাৰ দুখ আৰু আনফালে সেই দিনটোত পাব লগা সমাদৰ তথা সন্মানৰ আনন্দ।

Read more

হৰে কৃষ্ণ হৰে ৰাম-সমীৰ

কেতিয়াৰ কথা আছিল জানো, সঠিককৈ মনত নাই। সেইদিনা এঘৰ মানুহৰ ঘৰলৈ সন্ধিয়া গৈছিলো। মানুহ ঘৰৰ ওচৰৰে আন এঘৰত ডি.জে. সঙ্গীতত ভক্তি আৰাধনাৰ গীত এটি লাগি আছিল। সন্ধিয়াৰ পৰিবেশটো গীতটোৱে ইমান সুন্দৰ কৰি তুলিছিল যে তাক বৰ্ণনা কৰি বুজাবই নোৱাৰি। সঁচাই বহুত ভাল লাগিছিল। মন-প্ৰাণ আৰু গীতটিৰ সৈতে সন্ধিয়াটো যেন আধ্যাত্মিকতাত বিলীন হৈ পৰিছিল। কিছু সময় যোৱা পিছত মই ছাটি-ফুটি কৰিবলৈ আৰম্ভ কৰিছিলোঁ।মোৰ এই আচৰণ দেখি গৃহস্থ আৰু মোৰ লগত যোৱা জনেও মোৰ কি হৈছে বুলি আচৰিত হৈ পৰিছিল। সাধাৰণতে অলপতে

Read more

নাম -বৈদুৰ্য বৰুৱা

: হেই জিতু…জিতু দা…জিতু দা নহয়নে? জিতুৱে চালে মাতটোৰ ফালে। : জিতু…জিতু…আপুনি জিতু দা…? ছোৱালীজনীয়ে তাৰফালে চাই হাতখন জোকাৰি আকৌ চিঞৰিলে দূৰৰ পৰাই। সি কিছু আচৰিত হ’ল। কিন্তু ধৰিব নোৱাৰিলে ছোৱালীজনীয়ে তাকেই মাতিছে নে বেলেগক মাতিছে। সি ৰৈ আছিল তাৰ বাইকখনৰ ওপৰতে বহি ফুটপাথৰ দোকান এখনৰ কাষত। সি সদায় ইয়াতে ৰয়।চানগ্লাছ এখন পিন্ধি কমলা পচন্দৰ পেকেট এটা মুখত মাজে মাজে ঢালি  এইখিনিতে তহল দি থাকে। পবিত্ৰ, ৰফিকহঁতো আহে। এইখিনিতে সিহঁতে আড্ডা মাৰে। ওচৰতে দুই তিনিখন কলেজ আছে। কলেজৰ ল’ৰা-ছোৱালীবোৰ এইফালেই

Read more

ভ্ৰমণৰ লটিঘটী-অসীমা দত্ত শইকীয়া

প্ৰথম সেইভাগিৰ দৰ্শন হৈছিল গেংটকত। কি ‘ৰ’প ৱে’ চিনি-জানি নাপাওঁ৷ শুনিছোঁ ৰছীত ওলমি যায়। দেখা নাই তেতিয়ালৈ। গ’লোঁ‌ পুৱাই। পাহাৰৰ কাষত টিকট ঘৰটো। তাত সুমাই টিকট কৰিলোঁ‌। মনতে ভাবি আছোঁ‌ উঠিম ক’তনো। এপাকত দেখোঁ‌ এফালেদি উভতি অহাবোৰ সুমাইছেহি, যাবলৈ ওলোৱাবোৰ উভতি অহাবোৰত সুমাবলৈ গৈছে!  লাইনত থিয় হৈ মই আগৰটোক খুৱ চাইছোঁ‌। কঁকালে মূৰে আগৰটোক বেল্ট মাৰি আছে, সন্মুখত গ্লাছৰ বাকচটো, তললে দ খাৱৈ। ৰেহ-ৰূপ চাই আইডিয়া কৰিলোঁ‌, মানে কলেৰা বেজীৰ লগত সৰুতে দৌৰা পাৰ্ফমেঞ্চ পুনৰ দেখুওৱাৰ পাল মোৰ। বেল্ট মৰাটোক

Read more

কণাৰ ফৰ্মুটি আৰু দুখন চিনেমা-নয়নমণি হালৈ

(নব্বৈৰ দশকত জন্মা কোনো শিশুকে বোধহয় “ভিচিআৰ (Video Cassette Recorder)” বোলা বস্তুবিধৰ সৈতে চিনাকি কৰাই দিব নালাগে৷ আমাৰ শৈশৱ, কৈশোৰত ভিচিআৰ বোলা দৈৱ বস্তুটোৱে আমাৰ মনত যিধৰণৰ চঞ্চলতা আৰু উদ্দীপনাময় কৰি তুলিছিল, তাৰ উত্তেজনা যেন এতিয়াও শাম কটা নাই৷ আমাৰ কল্পনাৰ জগতখনক এঢাপ এঢাপকৈ ই ওপৰলৈ তুলি লৈ গৈছিল আৰু জীৱন কৰি তুলিছিল চিনেমাময়৷যিয়ে নহওক, তলৰ ঘটনা দুটাই আপোনাকো হয়তো ভিচিআৰৰ কথা মনত পেলাই দিব পাৰে৷) (১) সিদিনা গাঁৱৰে মোৰ লগৰ এটাৰ ভনীয়েকৰ তুলনি বিয়া৷ তুলনি বিয়াৰ দিনা সন্ধিয়াৰ পৰাই

Read more
1 2 3 61