ফটাঢোল

পেন-ড্ৰাইভ-দেবজিত শৰ্মা

এটা সময় আছিল যেতিয়া দুই জিবিমানৰ পেন ড্ৰাইভ কিনিবলৈ গ’লে প্ৰায় ১৫০০ ৰপৰা দুই হাজাৰ টকা পৰ্য্যন্ত ধন ভৰিব লগা হৈছিল৷ কম সময়ৰ বাবে হ’লেও অলপ বেছি ‘ষ্ট’ৰেজ কেপাচিটি’ৰ পেন ড্ৰাইভ থকা মানুহৰ বন্ধু মহলৰ মাজত সুকীয়া আসন আছিল৷ তেনে এক সময়ৰে কাহিনী৷  মেনেজমেণ্টৰ পাঠ্যক্ৰমৰ শেষৰ ফাললৈ আমাৰ সকলোকে নিজাকৈ এটা পেন ড্ৰাইভৰ প্ৰয়োজন আহি পৰিল৷ প্ৰজেক্ট, প্ৰেজেণ্টেশ্যন ইত্যাদি বহুত বিষয় পেন ড্ৰাইভত সংৰক্ষণ কৰি যাব লগা হৈছিল৷ নিজৰ সাধ্যৰে কোনোবাই কম আৰু কোনোবাই অধিক ‘ষ্ট’ৰেজ’ থকা পেন-ড্ৰাইভ কিনি কামবোৰ

Read more

হৰ এক দোষ্ট কমিনা হোটা হ্যেয়-উজ্বল দিপ্লু গগৈ

: ৰাস্তাত ৰৈ ক’লা চশমা লগাই চাল দেখুৱালে কিবা হিৰ’গিৰি হয় নেকি হে? সেইবোৰ অ’ল্ড ফেশ্যন বুইছ বেলেগ কিবা কৰি দেখুৱা তাইক, তেতিয়াহে ইম্প্ৰেছ হ’ব৷  চিগাৰেটৰ লাষ্ট পাফকণ টানি বন্ধুৱে দীঘলকৈ ধোঁৱা উৰুৱাই কথাখিনি ক’লে৷ ধোঁৱাখিনি মুখৰপৰা ওলাই থকাৰ কাৰণে তাৰ কথাখিনি অস্পষ্টকৈ ওলাইছিল যদিও মই কথাখিনি ঠিকেই বুজি পালোঁ৷ কলেজৰ ক্লাচ এটা অফ আছিল৷ জেবি কলেজ, যোৰহাটৰ বৰুৱা চাৰিআলিৰ নবীন পুস্তকালয়ৰ ওচৰৰ ঠাইখিনিত কলেজৰ ল’ৰাবোৰৰ তামাম আড্ডা এটা বহে৷ আমি ক্লাচ অফ থকা কেইটামানো তাত মজুত আছিলোঁ৷ মোৰ মুডটো

Read more

নকল নখ-বাগ্মিতা ৰাজখোৱা

হায়াৰ চেকেণ্ডেৰী পঢ়িবলৈ ঘৰৰপৰা প্ৰথম চহৰলৈ আহি নিজৰে চাল-চলন, সাজ-সজ্জা অকণমান বেলেগকৈ গঢ় দিবলগা হৈছিল। টাউনতে বিয়া হোৱা মোৰ বৰদেউতাৰ ছোৱালী এজনীয়ে পাৰ্লাৰলৈ নি মোৰ পিঠিলৈকে পৰা দীঘল চুলিবোৰ নতুন ষ্টাইলত কটাই দিলে। নিজেও কোনে কেনেকৈ চুলি বান্ধে, লিপষ্টিক লগাই, নখবোৰত ধুনীয়া ধুনীয়া ৰঙৰ নেইলপলিচ লগাই চাই থাকোঁ। ছোৱালীবোৰৰ হাতৰ দীঘল নখবোৰ ধুনীয়া ৰঙৰ নেইলপলিচেৰে বৰ ধুনীয়া দেখিছিলোঁ কিন্তু মোৰ নিজৰ হাতৰ নখকেইটা দাঁতেৰে কামুৰি থকা আৰু ভৰিৰ নখবোৰ হাতৰ নখেৰে চিকুটি চিকুটি ছিঙি থকা বদঅভ্যাসৰ বাবে নখবোৰ অইন ছোৱালীবোৰৰৰ

Read more

ভেশছন-মনিষা শৰ্মা

সৰুতে, মানে স্কুলীয়া সময়খিনিত আমি কেইগৰাকীমান ল’ৰা-ছোৱালী স্কুলতে হওক, গাঁৱৰ অনুষ্ঠানবোৰতে হওক, আলুগুটিৰ দৰে আছিলোঁ৷ মানে গানো গাম, বিহুও নাচিম, কাবাদী, পাঞ্জা, কুকুৰাযুঁজ, য’ত যি খেল পাতে সকলোবোৰ খেলিম, মাত্ৰ আলুগুটি আৰু! কেতিয়াবা পুৰস্কাৰ পাওঁ, কেতিয়াবা নাপাওঁ ৷ সেইবোৰৰ হিচাপ নাই, মাত্ৰ সকলোতে ভাগ ল’ব লাগে আৰু খেলিব লাগে ৷ আজিকালি কিছুমান ল’ৰাছোৱালীক যেতিয়া দেখোঁ যে পুৰস্কাৰ নাপাব বুলি ভয়তে প্ৰতিযোগিতাবোৰত ভাগ নলয়, তেতিয়া ভাবোঁ যে জীৱনটোত তেতিয়াৰপৰা এতিয়ালৈকে কোনোদিন ইমান ছিৰিয়াছ হৈ নাপালোঁ কোনো কথাতেই৷ ছিৰিয়াছ হোৱাহেঁতেন হয়তো বৰ্তমানতকৈ

Read more

ল’ৰালিৰ ধেমালি : পদ্মলোচন ভৰদ্বাজ

সকলোৰে এটা সোণালী শৈশৱ থাকে৷ পখিলা খেদা, চিলা উৰুৱাই দৌৰি থকা, বৰগছৰ তলত বহি ৰবাব টেঙাৰ জুতি লোৱা, দলনিত ইকৰা-খাগৰিৰ বিন্ধা খাই ভৰি চেকচেকাই যোৱা আৰু সন্ধিয়া পঢ়া টেবুলত বহি টোপনিয়াই থকাৰ বাবে মা-দেউতাৰ ঠলামূৰি খোৱা আমাৰ শৈশৱৰ এটা অভিন্ন অংগ আছিল৷ আজিকালিৰ শিশুৱে এই আমেজখিনিৰপৰা প্ৰায় বঞ্চিত৷ সময় আৰু পৰিস্থিতিৰ ফলত আজিকালিৰ অভিভাৱকে নিজৰ সন্তানক ইমান স্বাধীনতা দিব নোৱাৰে বা নোখোজে৷ আমি এনেবোৰ কাৰ্যৰ দ্বাৰা আনন্দ-স্ফূৰ্তি কৰোঁতে কেতিয়াবা আমাৰ বহুত লটিঘটিও হৈছিল৷ মই তেনে এটা ঘটনা ক’বলৈ ওলাইছোঁ৷ আমি

Read more

মোজা আখ্যান-গীতাৰ্থ গোস্বামী

(১)    শৈশৱৰ বন্ধু বৰ্মনৰ লগত একেলগে বঙাইগাঁৱলৈ গ’লোঁ চাকৰিৰ কামত। দুয়ো নিজৰ নিজৰ কাম সামৰি সন্ধিয়া কণিস্ক হোটেলত এটা ডাবল বেডৰ ৰূম বুক কৰিলোঁ। ঠাণ্ডা দিন বাবে ভালদৰে ভৰি-হাত ধুই মই  বিছনাতেই বহি মেনুখনত চকু ফুৰাই কিবা কিবি অৰ্ডাৰ কৰিলোঁ আৰু বন্ধুৱেও কবি সন্মিলনৰ যা-যোগাৰ কৰি আহি জোতা মোজা খুলি ফ্ৰেছ হ’বলৈ বাথৰূমত সোমাল। আৰু লগে লগে ৰূমটো মোজাৰ উৎকট দুৰ্গন্ধই ভৰাই তুলিলে। মই কিবাকে উশাহটো লৈ ভৰিৰে লঠিয়াই লঠিয়াই তেওঁৰ জোতা মোজা ৰূমৰ বাহিৰত থৈ আহিলোঁ আৰু পাৰ্ফিউমটো ৰূমফ্ৰেছনাৰ

Read more

টোপনি-বন্দিতা জৈন

টোপনি, ঘুমটি, যি ক’লেও টোপনি মুঠতে কলৰ তলত ঘৰ। ন’ ডাউট। আচম্বিতে অহা টোপনিৰ বাবে অনেক লটিঘটি প্ৰায় সকলোৰে হয়। ময়ো তাৰেই নিমিত্ত মাত্ৰ।  এবাৰ জাগীৰোডৰপৰা সোণাপুৰলৈ আহিছিলোঁ‌। বহুত বছৰ হ’ল যদিও মনত ৰৈ যোৱা ঘটনা আছিল। টোপনিৰ বাবেই সেইদিনা ইমানবোৰ মানুহৰ আগত কমখন নাক কটা যোৱা লাজ পাইছিলোঁ‌নে। কলেজলৈ অহা-যোৱা কৰোঁ‌তে কৰোঁ‌তে প্ৰায়বোৰ বাছৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনবোৰ চিনাকি হৈ গৈছিল। সেইদিনাও চিনাকি গাড়ী এখনত উঠিলোঁ। উঠাৰ পিছতে হেণ্ডিমেনজনে বহিবলৈ চিট এটাৰ ব্যৱস্থা কৰি দিলে। অলপ দূৰ যোৱাৰ পাছতেই বতাহ

Read more

মালতি বাইদেউৰ মেকআপ-উৰ্ব্বশী ভাগৱতী

মালতি বাইদেউৰ ন-বোৱাৰী বৰ লচপচি। এই বোলে নিজৰ বিয়াৰ ৰিচেপশ্যনতনো নিজেই নাচিব পাৰেনে নহ’লে। এইটো কথাতেই মালতি বাইদেউৰ মূৰটো গৰম হ’লেই নহয়। নহ’বনো কিয়? বাইদেউৰ বান্ধৱীকেইগৰাকীমানে সেই কথাটোকে তেল-মচলা সানি কিযে ধুনীয়াকৈ পাতিলে অ’। কথাবোৰ বাইদেউৰ কাণত নপৰাকৈ নাথাকিল। খঙে গৈ চুলিৰ আগ পালেগৈ। তথাপি নিজকে সম্বৰণ কৰি থাকিল। ভাবিলে “ঘৰ সোমাহি ৰহ, তাৰ পিছতহে পাবি এই মালতিৰ সেকা৷” পিচে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি৷ লচপচি বোৱাৰীৰ ষ্টাইল দেখি মালতি বাইদেউ ইমপ্ৰেছড। নাচৰ কথা পাহৰিলে। আচল কথাটো

Read more

দুৰ্ঘটনা : জ্যোতিৰেখা ৰাজখোৱা

দুৰ্ঘটনা শব্দটো শুনি বাৰু ভয় খাব নালাগে কাৰণ ক’বলৈ লোৱা ঘটনাটো আচলতে এটা দুৰ্ঘটনা আছিল নে লটিঘটি আছিল সেইটো মই নিজেই থিৰাং কৰিব পৰা নাই। জাগীৰোড কলেজত বি.এ পঢ়ি থকা সময়ৰ কথা। কলেজৰ কিবা এটা বন্ধত মৰিগাঁও চহৰত থকা আমাৰ পেহীৰ ঘৰলৈ দুদিনমান থকাকৈ গৈছোঁ। সেইখিনি সময়ত আকৌ মোৰ এজন ল’ৰাৰ লগত দুৰ্ঘোৰ প্ৰেম চলি আছিল। আমি কলেজত পঢ়ি থকা সময়ত জাগীৰোডৰ দৰে সৰু চহৰত প্ৰেম কিমান বাধা-বিঘিণিৰ মাজেৰে কৰিব লাগে সেয়া সকলোৱে অনুমান কৰিব পাৰেই! যিফালে চোৱা যায়, সেইফালেই

Read more

ভাঙৰ নিচা-হিতেশ বি বৰুৱা

চাৰিবছৰৰ আগৰ কথা। সিদিনা আছিল শিৱৰাত্ৰিৰ পূজা। এনেই মই ঘৰত থাকিলে ঘোটা খাই বৰ ভাল পাওঁ। গতিকে গুৱাহাটীৰ ভাড়াঘৰত আছিলোঁ যিহেতু ঘোটা খাবলৈ পোৱা নাছিলোঁ। কাষৰ ৰূমৰ ল’ৰা এজনে ক’লে ভঙাগড়ত হেনো ঘোটা বিক্ৰী কৰি আছে এক গিলাচত পাঁচ টকা। মই ওলাই গ’লোঁ ৰূমৰপৰা ঘোটা খাম বুলি ভঙাগড়লৈ। দোকানিক ক’লোঁ দাদা এক গিলাচ ঘোটা দিয়ক৷ দোকানিয়ে এগিলাচ দিলে। তাৰ পাছত ঘোটা গিলাচ খাই ইমান ভাল পালোঁ যে মিঠা মিঠা সোৱাদ এটা মুখত লাগি থাকিল৷ আকৌ এগিলাচ খালোঁ। ইয়াৰ পিছত দহটকা

Read more
1 14 15 16 17 18 70