ফটাঢোল

এনিশা আৰক্ষী চকীত-দীপ বৰা

শিলঘাটৰপৰা দেউতাৰ আকৌ বদলি হ’ল ডিফুলৈ। মা আৰু দেউতাক ডিফুলৈ পঠিয়াই মই আৰু ভাইটি নগাঁৱত এটা ভাড়াঘৰত থাকিবলৈ ল’লোঁ। ভাইটিৰ মেট্ৰিক পৰীক্ষাৰ সময়। মাও আহি আমাৰ লগতে আছেহি। পিছদিনা ভাইটিৰ বিজ্ঞানৰ পৰীক্ষা আছিল। আমি ভাড়াত থকা বিল্ডিঙটো তিনি মহলীয়া আছিল। একেবাৰে ওপৰত ভাইটি আৰু মই, আমাৰ তলৰটোত ৰঙাপাৰাৰ দুটা আই.টি.আই. পঢ়া ল’ৰা আৰু একেবাৰে তলত তিনিটা ল’ৰা থাকে। সিহঁ‌তেও আই.টি.আই. পঢ়ি আছিল। তাৰে দুজন মৰিগাঁৱৰ আৰু এজন শিৱসাগৰৰ। আমাৰ ভাড়াঘৰৰ আগফালে আৰু এটা ভাড়াঘৰ আছিল য’ত এজন পুলিচ হাবিলদাৰৰ পৰিয়ালে

Read more

ভূতৰ লগত  মুখামুখি-অবন্তী গোস্বামী

মোৰ আজিৰপৰা ২০-২৫ বছৰৰ  আগেয়ে ভূত বুলি  কিবা এটা  ভয় ভয়  ভাব আছিল! কাৰণ সেই  সময়ত ঠায়ে ঠায়ে বিশেষ গাওঁ অঞ্চলত ভূতৰ ভয়টো থাকেই। অমুকে বোলে, “হেৰ’  সেই পথাৰৰ মাজৰ আঁ‌হত গছডালৰ ওচৰলৈ ভৰ দুপৰীয়া নাযাবি দেই।” আকৌ “সেই  বৈৰাগী চুকৰ বৰ নামঘৰৰ ওচৰেৰে দিনত গ’লে যেন-তেন ৰাতি কিন্তু সাৱধানে যাবি হেৰ’! সেই বৰ তেতেলিজোপাৰ তলতে ডাঙৰীয়া থাকে কেতিয়াবা নিশা আহিলে সাৱধানে আহিবি!” সঁ‌চাকৈ সেই ঠাইখনৰ ওচৰৰে আহিলে গাটো কিবা জিকাৰ খাই যায়! তথাপি ভয় কৰিও লাভ নাই। কাৰণ  

Read more

ডালিমৰ লটিঘটি-প্ৰদীপ বৰা

দুলাল কাকতিৰ শাৰীৰিক সৌন্দৰ্য কেৱল তেওঁৰ ডালিম গুটীয়া দাঁতকেইটাৰ ওপৰতেই নিৰ্ভৰশীল আছিল৷ সৰুকালৰেপৰা তেওঁৰ  পুৰাপুৰি বত্ৰিশটা ডালিম গুটীয়া দাঁতৰ মিচিকিয়া হাঁহি, ঢেকঢেকীয়া হাঁহি,  ভূৱনমোহন হাঁহি আদিৰে জগত জিনিব পাৰিছিল৷ তেওঁৰ সেই পৈত্ৰিক সম্পত্তি ভূৱনমোহন ডালিম গুটীয়া দাঁতকেইটাৰ গৌৰৱতে  জনসাধাৰণে তেওঁক ডালিম বুলি মাতিবলৈ ল’লে আৰু কালক্ৰমত তেওঁ ডালিম কাকতি হিচাপে জগতত পৰিচিত হ’ল৷ হাট-বজাৰত, বন্ধু মহলত, স্কুলত,  ক্লাবত, সামাজিক অনুস্থানত, আপা-আপিসকলৰ  মাজত তেওঁৰ  উপস্থিতিত আড্ডাবিলাক আকৰ্ষণীয় হৈ উঠিছিল কেৱল তেওঁৰ ভূৱনমোহন ৰূপত জগতজিনা  অসাধাৰণ দাঁতকেইটাৰ জহতে৷   তেওঁৰ  বাৰ বছৰ বয়সত

Read more

ভাড়াঘৰ – মিনতি মহন্ত

সম্পূৰ্ণ দুবছৰৰ বিৰতিৰ পিছত বহুত চিন্তা কৰি ভাড়াঘৰৰ বেপাৰটো উঠাই ল’বলৈ সিদ্ধান্ত ল’লোঁ৷ যদিও হাত খৰছ বা বাট খৰছৰ ক্ষেত্ৰত ভাড়াঘৰৰপৰা পোৱা টকাৰে বহুত সমাধান হয়, ভাড়াতীয়া নামৰ পয়মালবোৰৰ জেং-জাৱৰ গুচাওঁতে যি তিতা কেঁহাৰ অভিজ্ঞতা হয় কলমেৰে প্ৰকাশ কৰি বুজাব নোৱাৰি। অৱশ্যে সৰহসংখ্যক লোকেই  ভাড়াঘৰ চলাই চকুৰ আগতে ‘আম্বানি পতি’ (কোটি পতিতকৈয়ো বেছিলোকক আম্বানিপতি উপাধি দিছোঁ) হৈছে৷  পৰিচালনা কৰিব নজনা দোষত নতুবা কেঁচা অভিজ্ঞতাৰ বাবে আমাৰ দৰে মানুহে বিপদত পৰিবলগীয়া হয় । সেয়েহে এইবোৰ জঞ্জালৰ মাজত নোসোমাই, কেৱল এটা ৰূম

Read more

চিঠি আৰু লটিঘটি- অসীমা শইকীয়া দত্ত

(১) ঘৰলে গ’লে, আনৰ খৱৰ নল’লেও তাৰ খৱৰ লওঁ৷ চুলি সোনকালেই পকিল তাৰ, অকাল বাৰ্ধক্য  যেন সংসাৰৰ জুৰুলাত। তাৰ প্ৰেমপত্ৰখন মই লিখি দিছিলোঁ৷ তেঁতেলী পেকেটৰ ফটোৰ আশাত। সাহিত্যৰ ভাষা লগাই দিছিলোঁ, চাইদত। ডাৱৰৰ মাজে মাজে হৰিণা চ’ৰে, তোমালৈ মোৰ ভাত খাওঁতে সদায় মনত পৰে। চিঠিখন দিছিলগৈ সি৷ মই যদিও তেতিয়ালৈ অপ্ৰাদেশীকৃত পিয়ন আছিলো, পিছলৈ মই পিয়নৰ পৰা প্ৰমোচন লৈ অফিচিয়েলি চিঠি লিখা জৱ পালোঁ। সি  চিঠিখন দিয়াৰ পিছত এটা কাণতলীয়া চৰ খাই, শহুৰেকৰ ঘৰৰ পৰা মুতি মুতি আহিছিল। সি মুতি

Read more

শ্বিলং ভ্ৰমণৰ লটিঘটি – দিলীপ ৰঞ্জন কাকতি

২০০৬ চন মানৰ কথা। গুৱাহাটীতে চাকৰি কৰি আছোঁ। তেতিয়াই শ্বিলঙৰ ল’ৰা এজনৰ সৈতে বন্ধুত্ব হ’ল। বন্ধুজন মণিপুৰী, দেউতাকৰ চাকৰিসূত্ৰে শ্বিলঙতে স্থায়ীভাৱে থাকে। গুৱাহাটীত আন এজন মণিপুৰী বন্ধুৰ সৈতে একেলগে থাকে। সম্ভৱতঃ অক্টোবৰ মাহৰ কোনোবা এদিন বন্ধুৱে হঠাতে ঘৰত কিবা সকাম থকাৰ বাবে মণিপুৰৰ বন্ধুজনৰ সৈতে পিছদিনা শ্বিলঙলৈ নিমন্ত্ৰণ দিলে। নোযোৱাৰ কোনো কথাই নাই। শ্বিলঙৰ দৰে ঠাইত থকা, খোৱা, ঘূৰা সকলো৷ আৰু কি লাগে! লগে লগে দুয়োজনে মান্তি হৈ দুদিনীয়াকৈ শ্বিলং ভ্ৰমণৰ প্লেন বনালোঁ। যাবৰ বাবে অফিচৰ পৰা চুটিও ল’লোঁ। স্থানীয়

Read more

ঘৰঘৰণি – নীলাক্ষী কাকতী

সৰুৰেপৰাই মই খুব তীখৰ আছিলোঁ৷ কিন্তু মুখখন দেখিলে বোধকৰো মানুহে তাৰ ওলোটাই ভাবে৷ মোৰ আচল ৰূপটো মা-দেউতাই ভালকৈ জানিছিল৷ সেয়ে সৰুতে মায়ে কচুগুটি, বিহগুটি, বাঘৰ আগতেল খাইটি আৰু ক’ত উপনামেৰে বিভূষিত কৰিছিল সীমা নাই৷ মোৰ ভাইটি মোৰ কাণ-সমনীয়া৷ মই তাতকৈ এবছৰে ডাঙৰ৷ সি মোৰ ক্ৰাইম পাৰ্টনাৰ আছিল৷ আচলতে দুষ্টামি মই কৰোঁ আৰু সি ধৰা পৰি মা-দেউতাৰপৰা মাৰ খায়৷ সি আচল কথা কৈ দিব বিচাৰে যদিও চকলেট, লুজেনৰ লোভত একো নকয়৷ মানে মই তাক মোৰ সাঁচতীয়া পইচাৰপৰা মাজে মাজে চকলেট কিনিবলৈ

Read more

চুলিপ্ৰীতি-মানসী বৰা

‘হে ভগৱান! এইখন তুমি  কি কৰিলা প্ৰভূ?’ শইকীয়াৰ ভীমাকাৰ দি উখহি যোৱা মুখখন দেখি শইকীয়ানীয়ে  জোৰৰে চিঞৰি উঠিল। কি কৰিম কি নকৰিম ভাবি একোবত তেওঁ  শইকীয়ালৈ চাই গুজৰি উঠিল। ‘মই কৈছিলোঁ নহয় এইবোৰ বস্তু একেবাৰে ভাল নহয়।ক’ত কি কেমিকেল ব্যৱহাৰ কৰি বনায় ভগৱানে জানে! এতিয়া কি হ’ব বাৰু? হে ঈশ্বৰ! মই এতিয়া কি কৰোঁ?’ মৌন হৈ থকা শইকীয়াই মুখখন মেলিবলৈ পাৰে মানে চেষ্টা কৰিলে যদিও কোনোপধ্যে খুলিব নোৱাৰিলে৷ শইকীয়ানীক কেনেকৈ বুজাব তাকে চিন্তা কৰি মানুহজন ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিবলৈ

Read more

শইকীয়া পেটুৱাৰ আখ্যান – জয়ন্ত প্ৰীতম

দুদিনমানৰপৰা মই কথাটো লক্ষ্য কৰিছোঁ। লাহে লাহে মোৰ পেটটোৰ আকাৰ যেন বাঢ়িবলৈ ধৰিছে। শ্ৰীমতীয়ে মাজে মাজে তাকে লৈ উপলুঙা কৰি মোক পেটুৱা বুলি মাতে। পেটুৱা বুলি মতাৰ লগে লগে খঙে মূৰৰ চুলিৰ আগ পায়গৈ যদিও মুখেৰে একো ফুটাই কোৱা নহয়। অফিচৰ লগৰ কেইজনেও মাজে মাজে ধেমালিতে কয়, : কি হে শইকীয়া আপোনাৰ শ্ৰীমতীয়ে বৰ বেছিকৈ খুৱাইছে যেন পাওঁ। পেটটো বৰ ধুনীয়াকৈ ওলাইছে। ভিতৰি মোৰ খঙ এচাত উঠে যদিও সহ্য কৰি মনে মনে থাকোঁ। হতাশাত মনটো ভাৰাক্ৰান্ত হৈ পৰে। ইমান সাৱধান

Read more

বৌম বৌম ভোলানাথ – ৰাজশ্ৰী শৰ্মা

এইকেইদিন গোটেই পৃথিৱীখনত ফাগুনৰ ৰং। ফেচবুকৰ ভিতৰত, ফেচবুকৰ বাহিৰত! আকাশত মাজে মাজে পলাশৰ ৰং, শিমলুৰ ৰং, আৰু য’ত সেই ৰংবোৰে ঢুকি নাই পোৱা, তাত কেৱল ধূলিৰ আবৰণ। হওঁতে, কবিতা এটা লিখিবৰ বাবে এই ফাগুন মাহ আৰু শৰৎ কালেই আটাইতকৈ ভাল, কিবা বোলেনে Best season, কিন্তু আমুকীৰ আকৌ ফাগুন বুলিলেই  তিনিটা কথাহে মনলৈ আহে। প্ৰথমটো হ’ল ফাকুৱা, দ্বিতীয়টো ধূলি বতাহৰ দৌৰাত্মত বন্ধ হোৱা চাইনাচাইটিজ থকা নাক আৰু তৃতীয়টো হ’ল মহাদেৱৰ দিন (ঘাইকৈ ৰাতি) শিৱৰাত্ৰি। ইয়াৰে প্ৰথমটো মানে ফাকুৱা খেলি সৰুতে বৰ

Read more
1 15 16 17 18 19 70