ফটাঢোল

লটিঘটি-ধীৰাজ কুমাৰ বায়ন

হঠাতে  কলিং বেলটো টিং টং কৈ বাজি উঠিল।  শ্ৰীমতীয়ে লৰালৰিকৈ গৈ দুৱাৰখন খুলি দেখে যে তালুকদাৰদা আহিছে। মিচিকিয়া হাঁহিৰে সম্ভাষণ জনাই ক’লে,  : আহক আহক তালুকদাৰ দা।   তালুকদাৰেও আসন গ্ৰহণ কৰি সুধিলে,  : মাষ্টৰ আছেনে?  : আছে ৰ’ব আপোনাৰ মাষ্টৰ, মাতি দিছোঁ।  শ্ৰীমতীৰ মুখত তালুকদাৰ নামটো শুনি ব্ৰেকফাষ্টৰ অৱশিষ্ট খোৱা বস্তুখিনি একেবাৰতে মুখত সুমুৱাই মুখখন  ফুটবলৰ নিচিনাকৈ ফুলাই কোনোমতে চোবাবলৈ চেষ্টা কৰি কৰি মাষ্টৰ আহি ড্ৰইং ৰূম পালেহি। মাষ্টৰক অহা দেখি শ্ৰীমতীয়ে ক’লে,  : দাদা, আপুনি অহাত মই বৰ ৰক্ষা

Read more

ৰসৰচনা-কৰবী দেৱী

কেৰেপাৰ ঘৈণীয়েৰৰ যোৱা-থোৱা অৱস্থা। কোনোমতেহে জীৱটো কেলঢোপ কেলঢোপ কৰি আছে। গাঁৱৰ মানুহে খবৰ ল’বলৈ আহি কেৰেপাইক অনেক দিহা পৰামৰ্শ দিবলৈ ধৰিলে।  যিয়ে যেনেকৈ পৰামৰ্শ দিছে কেৰেপায়ে তেনেকৈয়ে মানি গৈছে। হওতেতো দুখ লাগেই, কোনেনো নিজৰ ঘৈণীজনীক বাৰু এই সংসাৰৰ পৰা বিদায় দিব পাৰে! পিচে বেচেৰীয়ে যেনেকৈহে লেলাত ভূঞ্জি আছে, সেইবোৰ সহিবলৈও দেখোন বৰ কষ্ট। সেয়ে কেৰেপায়ে সকলো নীতি নিয়ম পালন কৰিছে। গ্ৰাহ গজেন্দ্ৰ পাঠৰ পৰা ধৰি কিমান যে কি কৰিছে কেৰেপায়ে। অথচ দেখোন মানুহজনীক যমে নিনিয়ে হে নিনিয়ে। অৱশেষত কেৰেপাৰ মনত

Read more

বেক চিটৰ মহিমা-প্ৰান্তৰ ভাগৱতী

আজিৰ পৰা পোন্ধৰ বছৰমান আগৰ ঘটনা। শ্ৰীমতীক নতুনকৈ বিয়া কৰাই আনিছোঁ। মিতিৰৰ ঘৰ ফুৰা কাম ইতিমধ্যে শেষ হৈছে। বিয়াৰ তিনিমাহমান হৈছিল। শ্ৰীমতীয়ে লাহে লাহে চেলোৱাৰ কামিজ আদি পিন্ধা আৰম্ভ কৰিছে। আগৰ বাইকখন পুৰণি হ’ল বুলি কৈ থাকে বাবে নতুন এখন হিৰহণ্ডা বাইক কিনিলোঁ। এদিনৰ কথা। আবেলি শ্ৰীমতীক প্ৰস্তাৱ দিলোঁ যে সন্ধিয়া অলপ টাউনৰ ফালে দুয়ো মটৰ চাইকেলত উঠি ফুৰি আহোঁ! তাৰ আগলৈকে শ্ৰীমতী মোৰ লগত বাইকত উঠাই নাছিল। গহনা, পাটৰ মেখেলা চাদৰ আদি পিন্ধি ফুৰিবলৈ যায় বাবে গাড়ীৰে ই ফুৰা-চকা

Read more

পবিত্ৰ দেউৰ গুপ্ত আখ্যান-অৰবিন্দ গোস্বামী

পবিত্ৰ শৰ্মা নামটো গাওঁখনৰ সকলোৰে পৰিচিত।ৰূপহী গাঁৱত পবিত্ৰ শৰ্মাক চিনি নোপোৱা মানুহ নাই।কেৱল ৰূপহী গাঁৱেই নে?চাৰিওকাষৰ দহোখন গাঁৱৰ মানুহে পবিত্ৰ শৰ্মাক চিনি পায়।ধূতী-পাঞ্জাৱী পৰিহিত পবিত্ৰ শৰ্মাই যেতিয়া কঁপালত চন্দনৰ তিলক লগাই চশমাযোৰ পিন্ধি পাশ্চাত্য সঙ্গীতৰ বাদ্য বজোৱাৰ দৰে চাইকেলখনৰ প্ৰতিটো অংশই মধুৰ ঝংকাৰ তুলি পাৰ হৈ যায়,বহু দূৰত থকা এজনেও ক’ব পাৰে যে সেয়া শৰ্মা দেউ পাৰ হৈ গৈছে।গাঁৱৰ সকাম নিকামত শৰ্মা পৰভু নহ’লে নচলে।সাত্বিক এনে দেউ আজিৰ যুগত বিৰল। পৰভুজনাৰ গুণাগুণ বহুত।ওচৰৰ দহোখন গাঁৱৰ মানুহে বছৰেকীয়া মঙলখন চোৱাবৰ বাবে

Read more

বৰুৱানীৰ বিলৈ-উৰ্ব্বশী ভাগৱতী 

বৰুৱানী আৰু জীয়েক যেন ইজনী সিজনীৰ কাৰ্বন কপি। ইমান মিল মানে দুয়োৰে চেহেৰাৰ। অচিনাকী মানুহে প্ৰায়েই ভুল কৰে বায়েক ভনীয়েক বুলি। ছোৱালীজনীও মাকৰ সমানেই ওখ। আমাৰ বৰুৱানীও আকৌ কম নহয় দেই, নিজকে ফিট ৰাখিবলৈ ডায়েটিং, জিম সকলো কৰে। অৱশ্যে নশলাগিও নোৱাৰি দেই, যথেষ্ট ধুনীয়া মানুহগৰাকী।মাক জীয়েকক বায়েক ভনীয়েক বুলিলে আকৌ বেছিকৈ বুকু ফুলে বৰুৱাদাৰ। তথাপি মানুহটো অলপ চিপচ। বুকু ফুলিলেও বৰুৱানীয়ে জিমৰ নামত পইচা এগাল খৰচ কৰাটো মুঠেই সহ্য নহয় মানুহটোৰ। বৰুৱানীক মানা কৰিবলৈও ভয় লাগে তেওঁৰ টেলেকা চাৱনী মনলৈ

Read more

আচলী কাইৰ কাণ্ড-অসীম বৰা

★★★আচলী কাই চিৰিজ ★★★ (১)          মেট্ৰিক পাছ কৰিছোঁ তেতিয়া। লগৰ আচলী কাইয়ে পঢ়া এৰি “তেৰে নাম” ষ্টাইলৰ চুলি ৰাখি, বাপেকৰ ভেচপা স্কুটাৰ লৈ চোলাৰ বুটাম খুলি হিৰো হৈ ফুৰে৷  এদিন পুৱাই ব্ৰাছ কৰি কৰি মই পদূলি মুখলৈ ওলাই আহিছোঁ। দেখিলোঁ  আচলী কাইয়ে কান্ধত কুঠাৰ এখন লৈ বাওঁহাতেৰে গৰু এজনী পথাৰত এৰাল দিবলৈ টানি আনি আছে৷ তাক দেখি মই তাৰ ফালে আগুৱাই গ’লোঁ৷ সেই সময়তে  গাড়ী এখনে তীব্ৰ গতিত ধূলি উৰুৱাই আচলী কাইৰ ফালৰ পৰা আহি আছে। আচলী কাইৰ ওচৰত

Read more

লটিঘটি-পল্লবী কলিতা

মা’ৰ লগত ফোনত কথা পাতি আছোঁ‌। কাষতে মানুহজনে মোবাইলটো পিটিকি আছে। আচলতে নুশুনা ভাও ধৰি আছে কিন্তু সৱ শুনি আছে। তেতিয়াহে পিছত মোক জোকাব পাৰিব মোৰ কথা শুনি। : মা! আজি জমনি কেচ এটা হ’ল নহয়। : কি কেচ? মায়ে সুধিলে। : মইটো আজি পাগল হৈ গ’লোঁ‌ মা, ফেচবুকত নিউজ এটা দেখি! আলিয়া ভাটৰ বোলে ছোৱালী এজনী হ’ল আমাৰ এই ডাউন টাউন হস্পিটেলত।  : ব’লা আলিয়া’ৰ ছোৱালীক চাই আহোঁ‌ ডাউন টাউনত। মায়ে ক’লে, :  তই অকলেই গৈ আহ। মোৰ সময়

Read more

ফেচ মাস্কৰ কৃপা-উৰ্বশী ভাগৱতী

গোৱালপৰীয়া দিনৰে কথা। কাহিনী ভাগৱতী আৰু ভাগৱতীয়নীৰ। মধ্য অসমৰ বাসিন্দা এই দম্পতীহালৰ আচলতে গোৱালপাৰা যাত্ৰা  সপোনৰো অগোচৰ আছিল। সঁচাকৈ কিনো কৰিবলৈ যাব ইমান দূৰৰ পৰা গোৱালপাৰালৈ। কিন্তু কপালৰ লিখন জানো খণ্ডাব পাৰি। ভাগৱতীৰ চাকৰিৰ খাতিৰত গোৱালপাৰাত পদাৰ্পণ কৰিলেগৈ দুয়ো একমাত্ৰ কণমানিজনী লৈ। ঠাইখন বাৰু ধুনীয়া। কিন্তু প্ৰথম দুদিনমান ভাগৱতীয়নীয়ে কান্দিয়েই কটালে। প্ৰকৃত কথাটো আছিল ভাষা। ভাগৱতী বাৰু মধ্য অসমৰ। অলপ চলপ বুজি পায় নামনিৰ ভাষা। পিচে ভাগৱতীয়নী একেবাৰে উজনি মানে দেৰগাঁৱৰ জীয়াৰী। ক’ত বুজি পায় গোৱালপৰীয়া ভাষাটো। মন একেবাৰে বেয়া

Read more

বেতনিত পৰিল ঔ-উপাসা ভাগৱতী

বিয়াৰ পিছৰে কথা৷ আছিলোঁ ধেমাজিৰ মাছখোৱাত। যাতায়ত অত্যন্ত বেয়া৷ বন্ধৰ দিন হ’লেই আমি দুয়োজন অলপ ফুৰিবলৈ বুলি ওলাই যাওঁ। কেতিয়াবা ধেমাজি টাউনলৈ আৰু কেতিয়াবা ঢকুৱাখানালৈ যাওঁ। বাহনখন আছিল এল এম এল ভেচ্‌পা এখন। সেইদিনা ধেমাজিত থিয়েটাৰ এখন চলি আছিল। ৰাস্তা যথেষ্ট বেয়া দুখন দলং ভগা। এখন মাৰ নাৱেৰে পাৰ হ’ব লাগে আৰু আনখন বাঁহৰ দলং পাৰ হৈ সিপাৰলৈ যোৱাৰ ব্যৱস্থা আছিল। আমি এওঁৰ লগৰ বন্ধু এজনৰ পৰিয়ালৰ লগত থিয়েটাৰ চাই ৰাতি তাতে কটোৱাৰ পৰিকল্পনা কৰি গৈছিলোঁ। মই আকৌ এই বাইক,

Read more

সাতে পাঁচে বাৰৰ মহিমা অপাৰ : ধীৰাজ কুমাৰ বায়ন

প্ৰায় চল্লিছ বছৰমান আগৰ কথা। মই তেতিয়া চতুৰ্থ শ্ৰেণী মানত পঢ়োঁ। এদিন মা-দেউতাৰ লগত এঘৰত ফুৰিবলৈ গৈছিলোঁ। পিচে দহ পোন্ধৰ মিনিট মান পিছত মাক কাণত ফুচফুচাই কৈছিলোঁ, “অ’ মা, বেলেগ এঘৰলৈ যাওঁ ব’ল। ইহঁতে একো খাবলৈ-চাবলৈ নিদিয়ে দেখোন।” মায়ে মোক ধমক মাৰি চুপ-চাপকৈ বহি থাকিবলৈ ক’লে। ময়ো শিল পৰা কপৌ চৰাইটোৰ নিচিনা বহি মনতে ভাবিলোঁ, “কাৰ ঘৰলৈ গ’লে বেছিকৈ খাব পাৰিম…” এনেতে ট্ৰে’ এখনত আমাৰ তিনিওজনৰ কাৰণে প্লেটত ফুলা ফুলা লুচি আৰু আলুভাজি লৈ তেওঁলোকৰ ডাঙৰ বাজনী আহিল। তাকে দেখি

Read more
1 2 3 4 69