ফটাঢোল

হেল্ল’ অলপিতা গাংগুলী- দেবজিত শৰ্মা

সময় : ২০১০, মাৰ্চ স্থান : গুৱাহাটী এই মাৰ্চ মাহটো আহিলেই ফাইনেন্সিয়েল চেক্টৰত কাম কৰা মানুহবোৰৰ অৱস্থা বেয়া হৈ যায়৷ টাৰ্গেট, গ্ৰৌথ, সৰ্বভাৰতীয় পৰ্য্যায়ত নিজৰ অৱস্থিতি ইত্যাদি ইত্যাদি৷ লগতে আমাৰ চেলচ আৰু বেক অফিচৰ সংঘাটবোৰতো আছেই৷ আমি যদি চৰকাৰ, তেওঁলোক বিৰোধী৷ মুঠতে মগজুৰ ঘি উতলি থকা পৰিবেশ৷ এই সময়খিনিত সপ্তাহটোৰ প্ৰায় চাৰি দিনেই ফিল্ডত বেংকবোৰ ভিজিট কৰিব লাগে, লগতে বেংকৰ প্ৰবন্ধকৰ অফিচতো গৈ পগ্ৰেছ ৰিপৰ্ট দিব লাগে৷ নিজৰ ব্ৰান্স অফিচত দুদিন, বা কেতিয়াবা ৰবিবাৰে খোলা থাকিলে বহাৰ সুযোগ পাওঁ৷ ফেচবুক

Read more

আকৌ এবাৰ বেচ্চেলৰ চৰকাৰ- উজ্জ্বল দিপ্লু গগৈ

যোৱাটো বছৰৰ এপ্ৰিল মাহ সোমোৱাৰ কেইদিনমান আগৰ কথা৷ অফিচৰপৰা ঘৰ গৈ পোৱা সেইদিনা দেৰি হৈছিল৷ কামৰ হেঁচা ইমানেই আছিল যে বিছনাত বাগৰটো কেতিয়া দিওঁ‌গৈ যেন লাগি আছিল৷ কলিং বেলটো বজালোঁ, অলপ পাছত দুৱাৰখন খোল খালে৷ এখন গহীন মুখ, সাধাৰণতে পত্নীৰ মুখখন গহীন দেখিলে মোৰ ভয়টো বেছি বাঢ়ে৷ লগালগ ভাবিলোঁ‌ঁ‌ দিনটো ক’ৰবাত কিবা জগৰ লগালোঁ নেকি! জোতাযোৰ খুলি জোতাষ্টেণ্ডত থোৱালৈকে দিনটোৰ ঘটনাক্ৰমবিলাক এবাৰ মনতে জুঁ‌কিয়াই ল’লো, “নাই, জনা-শুনাকৈতো একো ভুল কৰা নাই৷” অপেক্ষা কৰিলোঁ কেতিয়া কাৰণটো সদনত উত্থাপন হয়৷ গা ধুলোঁ,

Read more

বলক আমি যাত্ৰাটো আৰম্ভ কৰোঁঁ- দিম্পল কলিতা

বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে সকলোৱে জ্ঞাত। ঘৰৰ পৰা ওলাই যোৱাটো নিজৰ লগতে পৰিয়ালৰ সকলোৰে বাবে বিপদজনক। সকলো ঠিক হ’লে, সময়বোৰ ভাল হ’লে আমি আকৌ মন খুলি হাঁহিম, মন খুলি ফুৰিম৷ তেতিয়ালৈকে ব’লকচোন মোৰ শব্দৰ মাজেৰে আমি এটা যাত্ৰা আৰম্ভ কৰোঁ৷ “গুৱাহাটীৰ পৰা লামডিং অভিমুখী ** নম্বৰৰ যাত্ৰীবাহী ট্ৰেইনখন চাৰি নম্বৰ প্লেটফৰ্মত ৰৈ আছে৷” উফ কি যে শুৱলা মাত সেই ঘোষিকাগৰাকীৰ মোৰ মনটো সেই মুহূৰ্তত তেওঁক দৰ্শন কৰাৰ বাবে চঞ্চল৷ চকুৰে বিচাৰিবলৈ চেষ্টা কৰিছোঁ ক’ত আছে সেই মাতৰ গৰাকী। পিছপিনৰ পৰা বিদ্যুৎৰ

Read more

চাৰিটা বুন্দিয়াৰ লাড়ু আৰু এযোৰ জোতা-নিলাক্ষী কাকতি

অৱশেষত অজয়ে ভাবিলে নাই বহুত হ’ল আৰু! ইমান ভাও খাই থাকিলে নিজৰে লোকচান৷ কাম বুলিবলৈতো বিশেষ নাই৷ দুপৰীয়া বিভাগীয় অফিচত গৈ কিবা নতুন খবৰ আছে নেকি জানি লৈ প্ৰধান শিক্ষকৰ হুৱাটচ্ এপ গ্ৰুপটোলৈ বাৰ্তাটো পঠিয়াই দিলেই কাম শেষ৷ তাৰপিছত ঘৰলৈ আহি একাঁহী খাই লৈ দুঘণ্টামান শুই লৈ চ’কৰ আড্ডালৈ যাব পাৰি৷ অৱশ্যে মানুহক এইবোৰ কথা ক’ব নোৱাৰি৷ এনেয়ে চৰকাৰী চাকৰিয়ালৰ ‘কৰ্ম সংস্কৃতি’ৰ বিষয়ে বদনামৰ শেষ নাই৷ ঘৰ, পৰিয়াল নাইবা বন্ধুবোৰৰ আগত সি সাংঘাতিক দায়িত্বশীল আৰু ব্যস্ত কৰ্মচাৰীৰ ভাও এটা দি

Read more

চাইকেল নহয়, টিলিঙা- মিনাক্ষী বৰা

সৰু কালৰ কথা। আমাৰ ঘৰৰ সদস্য মুঠেই পাঁচজন। মা, দেউতা, দাদা, বা আৰু মই। ঘৰৰ সৰু হিচাপে মই সকলোৰে মৰমৰ যদিও দেউতাই অলপ বেছিকৈ মৰম কৰিছিল। (বুলি মোৰ মনে কয়) এনেয়ে পিছে দেউতা আছিল সাংঘাতিক খঙাল। আমি আটাইকেইটাই খুব ভয় কৰিছিলোঁ দেউতাক। দাদা আৰু বায়ে মোতকৈ বেছি ভয় কৰিছিল। দেউতা এখন দুৱাৰেদি সোমালে সিহঁত দুটাই আনখনেৰে পলাইছিল। সৰুতে আমাক কিছুমান নিয়ম বান্ধি দিছিল দেউতাই, বিশেষকৈ টিভি চোৱাৰ ক্ষেত্ৰত। দেওবাৰে শ্ৰীকৃষ্ণখন চোৱাত আপত্তি নাছিল। বাকী চিনেমা, চিৰিয়েল সকলোতে ৰেষ্ট্ৰিক্সন আছিল। টিভিটোও

Read more

চৰমা ৰ’ল- নিভা কাকতী

‘Grill Republica’ ৰ চৰমা ৰ’ল খাইছেনে? হয় গুৱাহাটীৰ এ.বি.চিৰ ফুটপাথৰ ৰেষ্টোঁ‌ৰাখনৰে কথা কৈছোঁ। আজি ওলাই গ’লো সদলবলে। খেলি-মেলি সব। তাতে বায়ে গাড়ী চলাইছে। কলিজাটো পাৰ্চৰ ইন পকেটত ভৰাই থৈছোঁ। স্পীডব্ৰেকাৰ, ডিভাইদাৰ, পুলিচ পইণ্ট ইত্যাদি ৰাস্তাৰ কাঁ‌টাবোৰ দেখুৱাই দিয়াৰ দায়িত্ব আগছিটত পাইলটৰ লগত বহাজনৰ লগতে পিছত বহাবোৰৰো। একোবাৰ কথাৰ চলতে পাইলটে ফুটপাথৰ ওপৰত, এবাৰ গাঁ‌তত আৰু এবাৰ আইন চিগনেলক বৃদ্ধাঙ্গুষ্ঠ দেখুৱাই সুকলমে গৈ আছে। ৰাস্তাৰ চাৰিওফালৰ বিৰিয়ানী, ওলমাই থোৱা তন্দুৰ চ্চিকেন আদিয়ে মোক-খা, মোক-খা বুলি মাতি আছে। ৰাক্ষসগণ হোৱা বাবে চলন্ত

Read more

এডাল বাঁহৰ কামি আৰু এটা চুইংগাম- পঞ্চী প্ৰিয়া দাস

মানুহৰ জীৱনত যে কিমান কি নহ’ব লগা হয়, কিমান কি যে নঘটিব লগা ঘটে ভাবিলেই আচৰিত লাগে! মোৰো সৰুৰে পৰাই প্ৰতিটো খোজতেই লটিঘটি। তাৰেই দুটা লটিঘটিৰ কথা লিখিবলৈ লৈছোঁ। ১)ভৰিৰ ‘ড্ৰেছিং’ আৰু ‘টিটেনাচ’ৰ বেজী মোৰ যিমানদূৰ মনত আছে, এইটো মই দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোতে হোৱা ঘটনা। তেতিয়া আমি তিনিচুকীয়াৰ ‘চিভিল হস্পিটেল’ৰ ওচৰত ভাড়া আছিলোঁ। মই পঢ়া প্ৰাথমিক বিদ্যালয়খন আৰু লগতে দেউতাৰ অফিচো টাউনতে আছিল। হিজুগুৰিৰ মূল ঘৰৰ পৰা টাউনলৈ দূৰ হয় বাবেই আমি ভাড়া লৈছিলোঁ ঘৰটো। আমি (মই, ভণ্টী আৰু

Read more

মই, এটা ৰাস্তা আৰু এজনী গাই গৰু- ৰেখা ডেকা

লিখাৰ নামত মস্ত শূন্য এজনে কি লিখিব পাৰে? ভাবি চাইছে নে কেতিয়াবা? কি নাই ভবা? তেনেহ’লে নাভাবিব দেই। তদুপৰি সেই লেখা যদি হাস্য-ব্যঙ্গ ধৰ্মী হ’ব লগা হয়, সেইটো আৰু ভয়ানক। গতিকে নভবাই ভাল। লাভটোনো কি হ’ব ! এনেও মগজুক বেছি কষ্ট দিয়া বেয়া। প্ৰথমে ভাবিলোঁ সোণোৱালী শৈশৱৰ কথা লিখোঁ। কিন্তু কি লিখোঁ! সেইটো এটা বিৰাট ডাঙৰ চিন্তা। সৰুতে ইমানেই বেছি ঠাণ্ডা আছিলোঁ যে সেইপিনেও নাই। হওঁতে এবাৰ লগৰ এজনীক ‘অ, অ, খা, খা’ ইমান ভাল লাগে খাই বুলি কচু খোৱাই

Read more

এটা ভূতৰ কাহিনী- কমল মজুমদাৰ

কানৈ কলেজত পঢ়ি থকা দিনৰ এটি সত্য ঘটনা। চন ১৯৭৫। কানৈ কলেজৰ নতুন হোষ্টেলৰ প্ৰথম মহলাত ভূত ওলাইছে। কেইবাজনো আবাসীয়ে স্বচক্ষে দেখিছে। মাজৰাতি হোষ্টেলৰ অন্ধকাৰ কৰিডৰত এটা বগা ‘আন্দাৰ ওৱেৰ’ শূন্যতে ওপঙি ঘূৰি ফুৰে। এইলৈ হোষ্টেলত সৰব আলোচনা। মাজৰাতি ‘বাথৰূম’ত প্ৰস্ৰাব কৰিবলৈ যোৱা প্ৰায় সকলোৱে দেখিছে। দুই-এজনেহে মাথো দেখা নাই। শচীন দাস (জোকোৱা নাম ‘নিগ্ৰো’) বোলাজনে বুকু ফিন্দাই ক’লে, : ভয়েই ভূত। সাহসী মানুহে কেতিয়াও ভূত নেদেখে, এইবিলাক সব অন্ধবিশ্বাস। মোৰতো সদায় মাজৰাতি ‘বাথৰূম’লৈ যোৱাটো এটা পুৰণি অভ্যাস, মই কিয়

Read more

এটা পাহৰিব নোৱাৰা ভ্ৰমণ কাহিনী-শিখা বৰদলৈ

২০১১ চন মানৰ কথা। আমাৰ গোটেই পৰিয়ালটো গেংটক ভ্ৰমণলৈ গৈছিলোঁ। মা, দেউতা, মই, বা আৰু ভাইটি। আমি মানুহ পাঁঁচটা, ভাইটি তেতিয়া সপ্তমমানত। সি হ’ব পাৰে সৰু কিন্তু ঘৰৰ মানুহকেইটাৰ ওপৰত সিয়েই ৰজা আৰু ঘৰৰ সৰু বুলি সকলোৰে মৰমৰ, ‘বা’ ডাঙৰ বুলিয়েই সবৰে অলপ বেছি আদৰৰ, বাকী  মই মাজু যেতিয়া মাজে মাজেই গৈ থাকোঁ আৰু! নিউজলপাইগুৰিলৈকে ৰেলত আৰু বাকীখিনি টাটা চুমু এখনত গৈ গেংটক পালোঁগৈ৷ ইমানখিনি ঠিকেই আছিল। গেংটক টেক্সি ষ্টেণ্ডত গৈহে লাগিল লেঠা। এখন টেক্সিত বোলে চাৰি জনতকৈ বেছি উঠিবলৈ

Read more
1 27 28 29 30 31 70