ফটাঢোল

শৈশৱৰ দুটা ধেমেলীয়া ঘটনা- জ্যোতিৰ্ময় কলিতা

(১) আমাৰ গাঁৱৰ আমাতকৈ ১০-২০ বছৰ মান ডাঙৰ দাদা খুড়াহঁতৰ এসময়ত হুঁচৰিত বৰ নাম আছিল৷ বিহুৰ সময়ত বিভিন্ন ঠাইত পতা হুঁচৰি প্ৰতিযোগিতাসমূহত প্ৰায়ে আমাৰ গাঁৱলৈ সুনাম কঢ়িয়াই আনে৷ সেইটো হিচাপত আমিও বেছ বিহু গাবলৈ বা হুঁচৰি গাবলৈ পাৰিব লাগিছিল৷ কিন্তু আমাৰ নাচনীতকৈ ঢুলীয়া বেছি লাজকুৰীয়া। তথাপি সেইবাৰ কি হ’ল নাজানো চাৰিজনী মান নাচনী লৈ আমাৰ সৰু সৰু ঢুলীয়া সাজু হ’ল ঘৰে ঘৰে বিহু মাৰিবলৈ৷ আমি ৰিহাৰ্চেল আৰম্ভ কৰি দিলোঁ৷ গাঁৱৰে এজন খুড়াই আমাক বিহু নাচৰ পৰা বিহু গানলৈ সকলো শিকালে৷

Read more

বজাৰত এদিন- অনুৰূপ মহন্ত

গুৱাহাটীত ভাড়াঘৰ লৈ থকা সময়ৰে কথা। গৰমৰ দিনৰে শনিবাৰ এটাত ভাবিলো কাইলৈ মাছ খাম। ডাঙৰ মাছৰ টেঙা দিয়া আঞ্জা বহুত দিন খোৱাই হোৱা নাই! গৰমত মাছৰ টেঙা দিয়া আঞ্জাৰে এসাজ খোৱাৰ মজাই বেলেগ দিয়কচোন। উজান বজাৰত দেওবাৰে ৰাতিপুৱাই বজাৰ বহে যদিও ভাল ডাঙৰ মাছ বোলে পাবলৈকে টান। পালেও দেওবাৰৰ দিনা সোনকালে উঠি মাছ আনিবলৈ বুলিয়ে বজাৰলৈ যাবলৈও মন নাযায়। সেয়া ভাবিলো সন্ধিয়াই মাছ কিনি আনি ভাড়াঘৰৰ মালিকৰ ফ্ৰীজতে ৰাখিম আৰু দেওবাৰৰ দুপৰীয়াৰ সাঁজ জুতি লগাই খাম। সেই মতেই বজাৰ পালোগৈ।

Read more

সময় বিভ্ৰাট- দীপাংকৰ ভট্টাচাৰ্য

গোটেই দিনটোৰ লৰা ঢপৰাৰ পাছত হৰিদ্বাৰৰ হোটেল “চানচিটিত”  মই আৰু মা টোপনিত লালকাল। প্ৰাপ্তি আৰু প্ৰশান্তিৰ নিদ্ৰাত মগ্ন হৈ থাকোতেই মোবাইলৰ মেছেজ ট’নটো বাজি উঠিল। সময় চালো, ৰাতিপুৱা ৫ বাজিছে। মেছেজটো দেখি আৰু সন্তোষ পালো। ৰাতিপুৱাৰ ৭ বজাৰ দিল্লীমুখী আমাৰ ট্ৰেইনখন লেট হৈ ৰাতিপুৱা ১০ বজাতহে যাব হেনো! বঢ়িয়া। মাক ক’লোঁ, ‘শুই থাক, ট্ৰেইন লেট।” মা কিন্তু উঠিলেই। মই পিছে মোবাইলটো থৈ টোপনিৰ চিকুণ পুৱাটোক উপভোগ কৰিলোঁ। হৰিদ্বাৰ জংচনত দিল্লীমুখী “জনশতাব্দী এক্সপ্ৰেছ”খন ডেৰাডুনৰপৰা আৰু আধাঘণ্টা পলমকৈ আহি পালে আৰু আমিও

Read more

হাঁহিবোৰো অংশ হৈ পৰক প্ৰতিটো সময় আৰু জীৱনৰ- কংকণা কলিতা

(১) নতুন স্কুল, পঞ্চম শ্ৰেণীলৈ গৈছোঁ। দেউতা আছিল সেই স্কুলৰে প্ৰধান শিক্ষক, সেয়ে ঘৰতে কৈ গৈছিল স্মাৰ্টলি কথা ক’বা, ভালকৈ পঢ়িবা, মোৰ সন্মান ৰাখি চলিবা ইত্যাদি। ময়ো সেইমতেই শুনিলোঁ, পিছে মই আছিলোঁ একেবাৰে ‘বিন্দাচ’ সৰুৰেপৰা, কাকো ভয় আৰু খাতিৰ নকৰা বিধৰ, একেবাৰে বীৰাঙ্গনা টাইপত থকা। ক্লাছ চেভেনত দেউতাই গণিত পঢ়াই আছিল আৰু মাজতে দুই এটা জেনেৰেল প্ৰশ্ন সুধি আছিল আৰু পঞ্চম শ্ৰেণীৰ ৰুমৰপৰা তপৰাই প্ৰশ্নবোৰৰ উত্তৰ দিছিলো মই। তাত সেইদিনাই মোৰ প্ৰথম প্ৰৱেশ আছিল। কোনোবাই অশুদ্ধ উত্তৰ দিলেও ঘপহকৈ মাত

Read more

ফুল ঔৰ কাটে-ভৰিৰ কলাফুল ফাটে- মাধৱ লহকৰ

“পেহী, অ’ পেহী, আজি তামাম লাগিল। অজয় দেৱগন বৰ বেলেগ বস্তু দেই। দুখন য়ামাহাত (তেতিয়া সকলো মটৰ চাইকেলকে য়ামাহা বুলিয়েই কওঁ) দুখন ভৰি দি এনেকৈ আহিছে” বুলি ভৰি দুখন মেলি দিওঁতেই পিছফালৰপৰা ভৰিৰ কলাফুলত একেৰাহে চাৰি পাঁচ চাটমান পৰিল। ৰ’ব ৰ’ব। এনেকৈ ক’লে বুজি নাপাব। একেবাৰে প্ৰথমৰপৰা কওঁ। ২০০১/০২ চনমানৰ ঘটনা। মই তেতিয়া পঞ্চম নে ষষ্ঠ শ্ৰেণীত পঢ়ি আছোঁ। তেতিয়া আমাৰ ঘৰত টিভি নাছিল, আমাৰ ঘৰত মানে আমাৰ ঘৰৰপৰা এক কিঃমিঃমানলৈকে কাৰো ঘৰতে নাছিল। কাৰণ পিছফালে থকা পাহাৰখনৰ বাবে চেনেল

Read more

জাম্বুৱন্তৰ লটিঘটি- চিত্ৰজিত বৰা

মই তেতিয়া নগাওঁ কলেজৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ। মহাবিদ্যালয় সপ্তাহ চলি আছে। সেইবাৰ আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ বিষয় আছিল মাজুলীৰ মুখা  প্ৰদৰ্শন। ৰাম, ৰাৱণ, হনুমান, জাম্বু আদি সকলো চৰিত্ৰৰে মুখা আছে। কাৰ কি দায়িত্ব সকলো ভগাই দিয়া হ’ল। সকলোকে কামসমূহ বুজোৱা, প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰা ইত্যাদি দায়িত্ব মোৰ। অনুষ্ঠান আৰম্ভ হ’বলৈ অলপ সময় বাকী। তেনেতে হুৱাদুৱা লাগিল। জাম্বুৱন্তৰ ভাও ল’বলৈ দিয়া ল’ৰাজন নাই। কি কৰা যায়! শেষত সকলোৱে মিলি মোকেই হেঁচা দিলে। ছাৰে ক’লে, “তয়েই কিবা এটা ব্যৱস্থা কৰ। যেনে তেনে আমাৰ

Read more

ফটা পিয়ন- পাৰ্থপ্ৰতীম তামুলী

ঘটনাটো ১৯৯৮ চন মানৰ। মই তেতিয়া হায়াৰ চেকেণ্ডৰীত পঢ়ি আছোঁ। আমাৰ লগৰ এটা ল’ৰা আছিল। নামটো ৰাজিৱ(ছদ্মনাম)। এবাৰ সি এজনী ছোৱালীৰ প্ৰেমত পৰিল। ছোৱালীজনীৰ নাম আছিল … নালাগে দিয়ক জানিব। কিন্তু কি হ’ব ক’বলৈ সাহস নাই। উপায় নাপায় মোৰ আৰু বন্ধু এজনৰ আগত ক’লে, “এতিয়া কি কৰোঁ তহঁতেই ক৷” মোৰ বন্ধুজনে ক’লে, “আগতে পাৰ্টি খোৱাম বুলি ক তেতিয়া মই এটা উপায় দিম।” সি লগে লগে মানি ল’লে কাৰণ তাৰ ককায়েকৰ হোটেল আছিল গতিকে কিহৰ চিন্তা। গোল্লা আৰু চিঙৰা আহি গ’ল,

Read more

দিল্লী কা লাড্ডু : আকৌ এবাৰ -সমুজ্জল কাশ্যপ

(১) ২০০৬ চন। আগষ্ট মাহৰ কোনোবা এটা দিন। সময় ভৰ দূপৰীয়া। দিল্লীৰ ৰাজপথত অকলে ঘূৰি ফুৰিছো। এহাতে ফাইল ক’ভাৰটোত বিভিন্ন নথি-পত্ৰবোৰ লৈ আনখন হাতেৰে কপালৰ পৰা টোপটোপকৈ ডিঙিৰে নামি সৰ্বশৰীৰলৈ বিয়পি পৰা ঘামবোৰ মচি পেলোৱাৰ বৃথা চেষ্টা চলাই গৈছোঁ। লাজপট নগৰৰ ওচৰত ফ্লাই অ’ভাৰৰ কাম চলি থকা বাবে বাছবোৰ এইফালেৰে নাহি বেলেগ এটা ৰাস্তাৰে সোমোৱাই দিছে, ফলস্বৰূপে অঞ্চলটোৰ মানুহখিনি লটিঘটি হৈ বহুখিনি বাট খোজ কাঢ়িয়েই অহা-যোৱা কৰিবলগীয়া হৈছে। ইয়াত ৰিক্সাৰ ব্যৱস্থাও নাই, অ’টোবোৰ থাকে যদিও উঠা অসম্ভৱ। মানুহেৰে ঠাহ খাই

Read more

গান্ধী চিটৰ অভিজ্ঞতা  – দেবজিৎ শইকীয়া

অসম বন্ধ..বিশেষ কাৰণত গুৱাহাটী যাব লাগে৷ যেন-তেন ৰঙা বাছ এখন পাই জঁপিয়াই উঠি দিলোঁ৷ চিট আছিল পিছে চিটবোৰত মানুহবোৰ বহি আছিল৷ ভাল মেনেজ কৰিব জানো বুলি মোৰ এটা নাম আছে৷ কণ্ডাক্টৰজনক কাণে কাণে কিবা এটা ক’লোঁ….তেওঁ মোৰ চেহেৰাটোলৈ ভালদৰে দুবাৰমান লক্ষ্য  কৰি ক’লে…আহক৷ মানুহৰ বেগবোৰৰ ওপৰেদি বগলীৰ দৰে ঠেং অ’ত এটা ত’ত এটা দি গান্ধী চিট পালোঁগৈ৷ ভদ্ৰ মহিলা দুগৰাকীয়ে আগুৱা-পিচোৱা কৰি ৬ ইঞ্চিমান ঠাই উলিয়াই দিলে৷ ময়ো বহিবলৈ ব্যৱহাৰ কৰা দেহৰ অংশটো ঠেলি হেঁচি…. এডজাষ্ট কৰি ল’লোঁ৷ পিছে যি

Read more

ডি পি-গীতাৰ্থী গোস্বামী 

কিনো ক’ম ঔ ৰাইজক ! নিজৰ দুখৰ কথাবোৰ কৈ থাকিবলৈ লাজো লাগে । ইফালে আক’ ক’বলৈও মন যায় ? নতুনকৈ ফেচবুক খোলাৰ সময়ৰে কথা । সিজনাই শিকাই বুজাই দিছে । অলপ অলপ নিচা বহিছে আউ । তেনেতে বান্ধৱী এজনীয়ে ক’লে বোলে -“হেৰৌ দিনটো ঘৰত অকলে থাক । মেচেঞ্জাৰটো খুলি লৈ কাৰোবাৰ লগত কথা পাতি থাকিব পাৰ দেখোন ।” কি কয় ঔ এইপাতে ? মোৰ কাম বন নোহোৱা হ’লনে কিবা । আইজনী, তোমাৰ দৰে কমোৱা তুলা নহয় দেই মই । কোনো

Read more
1 28 29 30 31 32 70