ফটাঢোল

মালিনী খুৰীৰ বেথা-মাতু কুকুৰাচোৱা

“আই অ’ পিতাই খালে ঔ”  বাৰীৰ পিছফালৰ পৰা অহা মালিনী খুৰীৰ চিঞৰটো শুনি জুহালত থকা থানেশ্বৰী আইতাই প্ৰথমে চক্ খাই উঠিল। তেওঁ চাহপানী এবাতি খাওঁ বুলি হাতত তুলি লৈছিলহে। পিচে চিঞৰটো শুনি হাতত লৈ থকা চাহপানীটোপা হেলেকনি খাই পৰিল।  “ঐ পুতুকণ, মাৰক এই পুৱাতে বাঘে চোঁচৰাইছে হ’ব পাই, চাগৈ যা। দুটা ল’ৰা মাক হ’লহি মৰতীজনীয়ে ছাঁটোকে বাঘ দেখা চেওটো নগ’ল আউ।”  বিৰক্তিৰে নাতিয়েকক কথাটো কৈ আইতাই ভোৰভোৰাই থাকিল। কিন্তু আইতাৰ ভোৰভোৰণি শেষ নহ’লেই তিনিটা মান জাঁপ মাৰি মালিনী খুৰী দপদপাই

Read more

লটিঘটি-নীলাক্ষী ভট্টাচাৰ্য্য

সেই সময়ত এতিয়াৰ দৰে টমটম নাছিল যি পাকতে ঘৰলৈও গাঁৱৰ ভিতৰে ভিতৰে পাৰিলে মানুহৰ ঘৰৰ চোতালেৰে ৰাস্তা বনাই ঘৰ ওলোৱাই দিব পাৰে। টেম্পো আছিল যদিও সীমিত। বাছখনৰ বাবে দৌৰা-ঢপৰা কৰি ভৰিৰ চেন্দেল চিঙি হাতত লৈ হ’লেও বাছখনৰ সময়ত বাইদেউহঁ‌তৰ চ’কটো পাইছিলোঁ নহ’লে বাইদেৱে আকৌ এদিন ফুচুলাই আমাক ৰাখিব। ৰাতিপুৱা আঠ বাজি পঞ্চল্লিশৰ বাছখনত আমি আহিবলৈ ওলাইছিলোঁ। পাণ জপাদি মানুহ অনাৰ পিছতো কণ্ডাক্টৰজনে কৈ আছে,  “আহক আহক খালী গাড়ী, খালী গাড়ী।”  ইফালে গাড়ীৰ ভিতৰত ভৰি ৰাখিবলৈ ঠাই নাই।  কিবাকৈ আমি দুয়োজনীয়ে

Read more

ষড়যন্ত্ৰ-জয়ন্ত দাস

গাঁওখনৰ খোৱাপানীকণৰ সমস্যাটো আজি কেইবামাহো ধৰি  সমাধান নহ’ল৷ যোৱা প্ৰায় ৮-১০ মাহ ধৰি বিশুদ্ধ খোৱাপানীৰ নামত চৰকাৰখনে কেৱল ঘোলাপানীহে যোগান ধৰিলে৷ পানীৰ সমস্যাটোৰ স্থায়ী সমাধান বিচাৰি গাঁওৰ মানুহখিনিয়ে এখন দৰ্খাস্ত লিখি জীতেনৰ হাতত নগৰৰ কাৰ্য্যালয়টোলৈ পঠিয়াই দিলে৷ জীতেন গাঁওখনৰ আটাইতকৈ শিক্ষিত আৰু ভদ্ৰ ল’ৰা৷ সিয়ো গাঁওখনৰ বাবে এইখিনি দ্বায়িত্ব ল’বলৈ পাই ভালেই পালে৷ অসমীয়া আমাৰ মাতৃভাষা৷ অনুগ্ৰহ কৰি সকলোৱেই অসমীয়া ভাষাতেই নিজৰ কামবোৰ কৰে যেন৷ কাৰ্য্যালয়টোৰ নাম ফলকৰ তলত লিখা কথাখিনি পঢ়ি জীতেনে বৰ ভাল পালে৷ তাৰ বৰ গৌৰৱবোধ হ’ল৷ 

Read more

পিকনিক-২০২২-নয়নজ্যোতি বৰঠাকুৰ

2022 নতুন বৰ্ষক আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলাই প্ৰায় ৫ বছৰ বিৰতিৰ পাছত লগৰ দুটামানৰ লগত ওচৰৰে ডিব্ৰু-চৈখোৱা যোৱাৰ পৰিকল্পনা কৰিলোঁ আৰু সকলোৰে সন্মতিত ৯ জানুৱাৰী দেওবাৰটোকেই ঠিৰাং কৰা হ’ল।সকলোৰে এটাই কথা আমি নিজৰ গাড়ী লৈ নাযাওঁ কাৰণ টেনচন ফ্ৰী হৈ স্ফূৰ্তি কৰিব লাগিব।তাৰ পাছত গাড়ী বন্দোৱস্ত কৰাৰপৰা বজাৰৰ লিষ্ট বনাই কিমান খৰচ হ’ব আৰু ভাগে প্ৰতি কিমান তুলিব লাগিব সকলো হিচাপ কৰা পৰ্ব আৰম্ভ হ’ল। পাৰ্থ- এইবোৰ হিচাপ কৰি লাভ নাই কাৰণ যোৱাৰ আগদিনা শান্তনুৱে বাহানা বনাই নাযাওঁ বুলিয়ে ক’ব

Read more

মাণিক দেউৰ বস্ত্ৰ হৰণ- প্ৰান্তৰ ভাগৱতী

আশীৰ দশকৰ প্ৰথম ভাগৰ কথা। আমি আঠ দহবছৰীয়া। সেই সময়ত আমাৰ অঞ্চলত মাণিক দেউৰ বেলেগ ডিমাণ্ড। মাণিক দেউ মানুহজনো সৰবৰহী। মিঠা বৰণীয়া শীৰ্ণকায় শৰীৰ; পিন্ধনত ধূতি পাঞ্জাৱী মুখত ধেমেলীয়া হাঁহি: পাতল চুলিকোচাৰ পিছফালে দীঘল টিকনী এডাল “এই বোলে পূজা এভাগহে পাতিব লাগে; বিদ্যালয়ত সৰস্বতী পূজা;  বিয়াৰ দিন চোৱা; অন্নপ্ৰাসন্ন; ঘৰ লোৱা, দোকান লোৱা; কোনোবা ছোৱালী পুষ্পিতা হ’ল- যোগ কি পৰিল? পতিহীতা নে পতীহীনা নে বেশ্যা নে আৰু কিবাকিবি! দান কি দিব লাগিব; ৰাজহাঁহ এযোৰনে ক’লা ছাগলী নে আন কিবা? (এইবোৰ

Read more

আচলী কাই চিৰিজ (খণ্ড দুই)- অসীম বৰা

আচলী কাই! বিচিত্ৰ বৈশিষ্ট্যৰ সমাহাৰেৰে গঠন হোৱা এক বিচিত্ৰ জীৱ আচলী কাই৷ মোতকৈ বয়সত চাৰি বছৰমান ডাঙৰ হ’লেও খৰছী মাৰি মাৰি পঢ়ি পঢ়ি সি ক্লাছ এইটত মোৰ লগ পাইছিলহি৷ এইটৰ পৰা টেনলৈকে একেলগে পঢ়াৰ পাছত ফৌজৰ চাকৰি কৰাৰ দূৰ্বাৰ হেঁপাহত পঢ়া জীৱনৰ সামৰণি মাৰে। পঢ়াত কেঁচা হ’লেও বাকী ক্ষেত্ৰত আচলী কাই সদায় লিডাৰ৷ আমাৰ গুৰু ৷ তাৰ নাম আচলী কাই হোৱাৰো বহু কাহিনী আছে৷ ল’ৰালি কালত আমাৰ লগৰ সমূহৰ ভিতৰত আচলী কাইৰ সমান ফোঁপজহী মানুহ নাছিলেই।  প্ৰতিটো কথা, প্ৰতিটো ক্ষেত্ৰতে

Read more

বালৰ লটিঘটি – অৰ্চন শৰ্মা

পৰীক্ষা দিবলৈ মন নাছিল, নাছিল মানে কি আৰু পৰীক্ষা মই বেয়াই পাওঁ, নাৰ্ছাৰীৰ পৰা কলেজলৈকে এসোপা পৰীক্ষা দিলোঁ, লাভৰ মূৰত কাগজ এসোপা নষ্ট হ’ল দেহৰ লগতে মনৰো কষ্ট হ’ল পঢ়া শুনা নকৰি চিনেমাৰ নায়ক হোৱাৰ সপোন যি আছিল সেয়াও ভ্ৰষ্ট হ’ল পৰীক্ষাৰ নামত গতিকে এনেহেন অসভ্য বস্তুটোক ভাল পোৱাৰ প্ৰশ্নই নাহে। কিন্তু নিদিওঁ বুলিলে হ’ব কি? মাতাজীয়ে হুংকাৰ দিলে -“ভালে ভালে পৰীক্ষাৰ ফৰ্ম ফিলাপ কৰ নহ’লে তোৰ বিচনাখনৰ সতে বয় বস্তু সোপাকে দান কৰি তোক ঘৰৰ পৰা খেদিম”, গালিকেইটা খাই

Read more

সূৰ্য-চিহ্ন-অনসূয়া বৰঠাকুৰ

এই কাহিনীটো, ম’বাইল আৰু ইণ্টাৰনেটে গোটেই পৃথিৱীখনকে কানি খুৱাবলৈ আৰম্ভ কৰাৰ কিছুবছৰ আগৰ। সেইবছৰ কাণে কাণ মাৰি এবাৰতে মেট্ৰিকটো পাছ কৰাত বকুলগুৰিৰ শ্ৰীমান গৌৰৱ চৰকাৰৰ আনন্দ কুলাই-পাচিয়ে নধৰা হ’ল। বাপেক-মাক হালেও ছাগলী দুটা কাটি ওচৰৰ মানুহখিনিক এসাঁজ দবাই খুৱালে। কিছুমানৰ বাবে কথাটো তেনেই সৰু, কাষৰে মনিষাই ডিছটিংশ্যন লৈ পাছ কৰাৰ পিছতো দিনৰ দিনটো ৰোহঘৰত সোমাই থাকিল! তেনেস্থলত গৌৰৱে…….. অৱশ্যে, গৌৰৱ চৰকাৰক চিনি নোপোৱা, তাৰ  সংস্পৰ্শলৈ নহা মানুহবোৰে এই কথাটো লৈ বু বু বা বা কৰিলেও পৰিয়ালৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই। যেতিয়া

Read more

অথ বিগনেচমেন সংবাদ-ভাস্কৰজ্যেতি দাস

সেই জীৱ মোৰ লগত হাইস্কুলত একেলগে পঢ়িছিল৷ পঢ়িছিল মানে কি পঢ়িছিল সিহে জানে৷ চুঁচৰি-বাগৰি গৈ থাকে৷ ক্লাছ ফাইভৰ পৰা টেনলৈ আমি একেলগে পঢ়িছিলোঁ আৰু একেটা চেকশ্যনতে বহিছিলোঁ৷ দেউতাক ONGC ত ডাঙৰ অফিচাৰ আছিল৷ মানে তেতিয়া ডেপুটি চুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰ আছিল৷ চমুকৈ DySE বুলি কয়৷ এদিন লগৰ উদীপ্তৰ লগত জীৱৰ কাজিয়া হ’ল৷ মানে ক্লাছৰ কাজিয়া পাছত –  “ঐ, ক্লাছ শেষ হোৱাৰ পাছত লাগিবি নেকি! মোৰ বাপেৰ DySE হয় জাননে?” পৰ্যায় পালেগৈ৷ পাছত সেই লগা-লগিখন হ’ল নে নাই নেজানো৷ কিন্তু, উদীপ্তই কোৱা কথা

Read more

ভূত পুৰাণ-কৰবী দেৱী

নিশা প্ৰায় দুই বাজিছে। হঠাৎ শুনিলোঁ টিনত ধুপুচকৈ কিবা এটা পৰিছে। সাৰ পালোঁ। পুনৰ কিবা শুনো নেকি? নাই পুনৰ শুনা নাছিলোঁ। পিচে সমস্যা হ’ল কাষতে শুই থকা পেহীৰ ছোৱালীজনীক লৈহে। তাই আকৌ সাৰ পাইছিল সৰু পানী চুব লগা হোৱাত। মা… মা… মাৰ গাত হেচুকি কেইবাবাৰো মতাত সাৰ পালে মায়ে। ক’লে মাইনাই তাইৰ সমস্যাটো। মাক সাৰথি কৰি গ’লোঁ পিছফালে। “ধুপুচ ছচচচচ্” পুনৰবাৰ একেই শব্দ। ভয়তে চিঞৰি উঠিলোঁ। কুকুৰজাকেও ভুকিছে। ভয়তে মাইনাৰ কাপোৰতে এৰিব লগীয়া অৱস্থা। কিন্তু মা খুব সাহসী।  “একো নাই

Read more
1 2 3 4 5 6 70