ফটাঢোল

শিশুপাল খেদা : অৰবিন্দ গোস্বামী

মানুহজন ডেকা কালৰেপৰা বেচ গহীন গপচ।আশীৰ দশকতে ডাক্তৰী পাছ কৰি তেওঁ দক্ষিণ আফ্ৰিকালৈ যায়।পাঠকে আকৌ সেইজনাক তাহানিৰ গান্ধীৰ দৰে কিবা বেৰিষ্টাৰী পঢ়িবলৈ যোৱা বুলি নাভাবিব।মানুহজনে আনে নকৰা কিবা এটা কৰিবলৈ বৰ ভাল পাইছিল।এইবাৰ তেওঁ দক্ষিণ আফ্ৰিকালৈ গৈছিল কোনো এখন বিশেষ শিক্ষানুষ্ঠানত পশু-পক্ষীৰ শব্দৰ অৰ্থৰ বিষয়ে পঢ়িবলৈ।কম সময়ৰ ভিতৰতে তেওঁ এই বিষয়ত বিশেষজ্ঞ হৈ উঠিল।আশীৰ দশকৰ মাজভাগলৈ তেওঁ পুণৰ অসমলৈ ঘূৰি আহে।ডাক্তৰী পাছ কৰা আৰু বিদেশতো কিবা পঢ়ি ঘূৰি অহা বুলি গম পাই গাঁৱৰে বহু মানুহ সৰুকণ ভূঞাৰ ঘৰলৈ আহিল।এনেয়ো তাহানিৰ

Read more

“বিগ-ব্ৰেকিং” : দিগন্ত কুমাৰ ভট্টাচাৰ্য

সাতবজাৰ বাতৰি শেষ হোৱাৰ লগে লগে ছাব-এডিটৰ বৰাই এডিটৰ-ইন-চিফ চলিহালৈ চালে-‘ছাৰ, একো ব্ৰেকিং নিউজ নায়েই ন’ বজাৰ প্ৰাইম টাইমলৈ। সকলোবোৰ অলৰে’ডি সাতবজাৰ নিউজত দেখুওৱা হৈ গৈছে৷’ ‘আচ্ছা, সেই শিল্পী গোলাপ গগৈৰ অৱস্থা কেনে? আছে নে জীয়াই? নে গ’লগৈ..? এসপ্তাহ আগতেই যোৱা-থোৱা অৱস্থা আছিল দেখোন৷ পৰমাক কৈছিলোঁ নিউজ এটা ৰে’ডি কৰি থবলৈ, থৈছে নে? আমাৰ চেনেলতেই কিন্তু ফাৰ্ষ্ট মিনিমাম দহ মিনিটৰ ভিডিঅ’ৰে নিউজ টেলিকাষ্ট হ’ব লাগিব, মনত ৰাখিবা৷’ ‘পৰমাই দুদিন আগতেই ৰে’ডি কৰি থৈছে, ছাৰ৷ এডিট কৰাও হৈ গৈছে৷ ব্ৰিলিয়েন্ট ভিডিঅ’৷

Read more

লটিঘটি : পদ্মলোচন ভৰদ্বাজ

বন্ধুত্ব এটা জটিল সমীকৰণ কোনো সুত্ৰ অথৱা উপপাদ্যৰে তাক বুজিব নোৱাৰি কিম্বা ঐকিক নিয়মেৰে এটা উত্তৰ পাব নোৱাৰি কোনো বিশেষ কাৰ্য-কাৰণ সম্পৰ্ক নোহোৱাকৈ হৃদয় যেতিয়া কাৰোবাৰ অনুৰাগী হয় ক’ৰবাত নিৰাপত্তা অনুভৱ কৰে সেয়ে বন্ধুত্ব৷ আমি প্ৰায় বন্ধু ১৯৭০ ৰ পৰা ১৯৮০ মাজৰ সময়চোৱাত জন্ম লৈছো,আমাৰ ওপৰত বিশেষ আৰ্শীবাদ আছে …আমি আধুনিকো নহয় প্ৰাচীনো নহয় ….….আৰু এনেকুৱাও নহয় যে আধুনিকতাৰ জ্ঞান নাইকীয়া ……!!!   কিন্তু এতিয়াৰ দৰে দিন অতিবাহিত কৰা নাছিলো৷ স্কুল চুটীৰ পিছত আমি বহুত খেলিছিলো প্ৰকৃত বন্ধুৰ লগত৷ এতিয়াও

Read more

সেই সময় -অসীমা দত্ত শইকীয়া

কলেজৰ ফাংশ্যনত ঘৰৰ পৰা যাবলে নিদিয়ে কোনোদিন। ফেচাৰ্চৰ দিনা দিনত যাবলে পাওঁ। ৰাতি ঘৰত নিদিয়ে। এদিন কিবাকে অনুমতি পালোঁ, লগৰজনীৰ ঘৰত থাকি ফাংশ্যন চাম। মায়ে কৈছে ফেঁচা চাৱ, হুদু চাৱ সোনকালে ঘূৰিবি। লগৰজনীৰ ঘৰ গৈ পাই, দেউতাকজনৰ মতি গতি দেখি মই মনতে সেপ ঢুকিছোঁ। এইৰ বাপেকচোন আমাৰ মাৰ মানুহজনে পঢ়া কলেজৰ  প্ৰিঞ্ছিপাল হেৰৌ। এটুপি দিয়েও এইজনে। এইৰ মাকে কোনজন অপদেৱতাক জপ কৰি পালে  এইভাগ। কলেজ সিহঁতৰ ঘৰৰ পৰা বৰ দূৰত নহয়। বাপেকে কৈছে তহঁতদুজনীয়ে ফাংশ্যনত ভাও লোৱা নাই নহয় ……

Read more

চাৰো তৰফ গোপিয়া বীচ মেঁ কানহাইয়া-পংকজ কুমাৰ নেওগ

আমি মাস্কাট, ওমানলৈ অহা প্ৰায় ২০ বছৰেই হ’ব এতিয়া। বৰ্তমান আমি থকা ঘৰটোৰ মালিক এজন ওমানী ভদ্ৰলোক; অৱসৰৰ আগেয়ে তেখেতে ওমান ৰিফাইনেৰীত কাম কৰিছিল। চৌহদ বুলিবলৈ বিশেষ নাই যদিও ঘৰটো দুমহলীয়া আৰু কোঠাবোৰ বেছ আহল-বহল; আজি ৯ বছৰে এইটো ঘৰতে আছোঁ। ইয়াৰ আগৰ ঘৰটোত আছিলোঁ চাৰি বছৰ। কোনো এজন লোকৰ ব্যক্তিগত ঘৰ ভাড়া ল’লে এটাই সমস্যা; সৰু-সুৰা বা ডাঙৰ যিকোনো কামৰ বাবে ঘৰৰ মালিকক মাতি আনি মেৰামতি  কৰিবলগীয়া কামখিনি দেখুৱাব আৰু বুজাব লাগে আৰু সেইমতে তেওঁ পানী কলৰ মিস্ত্ৰী, বাঢ়ৈ

Read more

লালুকী পেহী-পাৰ্থ জ্যোতি বৰুৱা

পুৰা এপেট মানুহ গিলি লৈ উগাৰি আছে চিনেমা হলটোৱে। হাউচফুল। জনপ্ৰিয় অসমীয়া চিনেমা। হা: হা: হা:…আচৰিত হ’ব নালাগে। এতিয়াৰ নহয়, চৌত্ৰিশ বছৰৰ আগৰ কথা কৈছোঁ। এতিয়া পাক্কা হিষ্ট্রী হৈছেগৈ। তেতিয়া এনেকুৱাই হৈছিল। বহুদিনৰ মূৰত এখন অসমীয়া চিনেমাই মুক্তি পায়। পালে কিন্তু ৰক্ষা নাই। মানুহ হিল-দ’ল ভাঙি ওলাই আহে চিনেমা চাবলৈ। প্রমচ’নৰ বাবে তেতিয়া ঘৰে ঘৰে টিভিও সুলভ নাছিল, গাঁৱলৈ বাতৰি কাকতো নোসোমাইছিল। ফেইচবুকৰ কথা নকওঁৱেই বাৰু। তদুপৰি অভিনেতা অভিনেত্রীয়ে কলেজে কলেজে বা চহৰে চহৰে গৈ স্পেচিয়েল কেম্পেইন কৰিব লগীয়াও নহৈছিল।

Read more

বিলৈ – চন্দামিতা শৰ্মা

কৰ্কশভাবে বাজি উঠা এৰ্লামৰ শব্দত, পৰম বিৰক্তিৰে বৰুৱানীয়ে চকু মেলিলে। গাৰুৰ কাষতে থোৱা মোবাইলটো এখন হাতেৰে খেপিয়াই আনি এৰ্লামটো বন্ধ কৰিলে। চকু লাগিছিল, হ’লেইনে ডেৰঘণ্টা? বিছনাত আহি ইউটিউব অন কৰি সন্ধিয়া সময়ত কেনেকুৱা মেকআপ বৰ্তমান ট্ৰেণ্ডত আছে তাৰে ভিডিঅ’ চাই থাকোঁতেনো কেতিয়া টোপনি আহিল,  টলকিবই নোৱাৰিলে। কোনেবা মোবাইলডালত এৰ্লাম লগাই থৈছিল। নিশ্চয় ছোৱালীজনীয়ে। তাইৰ আকৌ সৱ কাম ঘড়ীৰ কাঁটাৰ লগত মিলাইহে! সাৰ পালেও অলপ সময় বিছনাতে চকু দুটা মুদি পৰি ৰ’ল। সন্ধিয়া প্ৰ’গ্ৰাম এটা আছে। যেনেকৈ তেনেকৈ যাব পাৰি নেকি!

Read more

সহযাত্ৰী – মানসী বৰা

: এই বহি ল’ব, বহি ল’ব… দীঘল ট্ৰেকাৰখনৰ পিছফালটো খুলি উশাহ নোলোৱাকৈ চালকজনে চিঞৰিলে। দুজনমান যাত্ৰী পিছফালে আগৰে পৰা বহি আছিল। আগফালৰ আসনকেইখনো মানুহে আগৰে পৰা অধিকাৰ কৰি বহি আহিছে। ইফালে মই ৰৈ থকা ঠাইকণত মানুহৰ ভিৰ। সেইদিনা বজাৰৰ দিন। বজাৰত ৰৈ থকা সকলোৱে যেন ট্ৰেকাৰখন অহালৈকে বাট চাই আছিল। ইমান মানুহ ক’ত কেনেকৈ বহিব একো উমান পোৱা নাই। আগতেও দেখিছোঁ সেই পথচোৱাত ট্ৰেকাৰ অথবা গ্ৰাম্যটেক্সীত উলমিও মানুহ উঠি যায়। তেনেকুৱাই কিবা এটা হ’বলৈ গৈ আছেঁ বুলি ধৰি লৈ পিছফালৰ

Read more

নীলাৰ পৰা সাৱধান-যোগেশ ভট্টাচাৰ্য

এলাৰ্ম ঘড়ীটোৰ শব্দত সাৰ পাই সময়টো চালে মৃণাল বৰাই। ছয় বাজি ত্ৰিশ মিনিট। অফিচলৈ ওলাবলৈ এতিয়াও দুই ঘণ্টা সময় আছেই‌। কম্বলখন আকৌ এবাৰ ভালদৰে উৰি ল’লে বৰাই।  দ্বিতীয়বাৰ সাৰ পাই আকৌ এবাৰ ঘড়ীটোলৈ চালে। ছয় বাজি পঞ্চল্লিশ মিনিট। মাত্ৰ পোন্ধৰ মিনিট শুলেও বৰাৰ ভাৱ হ’ল যেন তেওঁ এঘণ্টামান শুইছে।  অফিচ পাবগৈ লাগে চাৰে ন বজাত। গতিকে চাৰে আঠ বজাত ঘৰৰ পৰা ওলাই দিলে বাছত গ’লেও ন বাজি পোন্ধৰ মিনিটত গৈ পাবই। সময়ৰ ক্ষেত্ৰত বৰা সদায় সাৱধান। কিন্তু ঠাণ্ডা বতৰত অলপ

Read more

কুইজ – অসীম বৰা

ৰ’ব! কুইজ শব্দটো দেখিয়ে ফটাফট উত্তৰ দি পুৰস্কাৰ ল’ম বুলি আশা নকৰিব৷ আজি মই ইয়াত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সলনি মোৰ জীৱনৰ কুইজৰ অভিজ্ঞতাহে বৰ্ণনা কৰিবলৈ লৈছোঁ৷ ওচৰৰ খুড়া এজনৰ কৃপাত প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা দিনৰ পৰাই কুইজৰ প্ৰতি এক ৰাপ গঢ়ি উঠিছিল। স্কুলৰ বছৰেকীয়া খেল-ধেমালি, ওচৰে-পাজৰে অনুষ্ঠিত হোৱা ৰাভা দিৱস, শিল্পী দিৱস, বিহুমেলা আদিত কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যথেষ্ঠ পুৰস্কাৰ আদিও পাইছিলোঁ। সেই সময়ত অৱশ্যে গাঁৱে-ভূঞে কুইজৰ এক পৰিৱেশ গঢ়ি উঠিছিল আৰু  কেতিয়াবা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও কুইজ প্ৰতিযোগিতা অনুষ্ঠিত

Read more
1 3 4 5 6 7 69