যাত্ৰা – দিগন্ত কুমাৰ ভট্টাচাৰ্য
ফ্লাইটত উঠিবলৈ আমি আগবাঢ়িলোঁ। এয়াৰ বাছ এখন ৰৈ আছিল। সেইখনত উঠিবলৈ লওঁতেই পিতায়ে উজুতি খালে। মই হাতখনত ধৰি নপৰাকৈ ৰাখিলোঁ। : সেইকাৰণেতো মই হুইল-চেয়াৰ এখন ল’ম বুলি কৈছিলোঁ তোমাৰ কাৰণে। আৰামত বহি বহি গৈ ফ্লাইটত উঠিব পাৰিলাহেঁতেন। : হ’ব দে। খোজ কাঢ়িব পৰা অৱস্থাত আছোঁ নহয় এতিয়াও। ..সৌৱা চাচোন। সেই ল’ৰাজনে ঠেলি ঠেলি চকা থকা চেয়াৰখন লৈ গৈছে। মোৰ বেয়া লাগে অ’ তেনেকৈ বহি যাবলৈ। মই একো নামাতিলোঁ। ফ্লাইটৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে এয়াৰ-হোষ্টেজ দুগৰাকীয়ে ‘গুড আফ্টাৰনুন ছাৰ’ বুলি
Read more