ফটাঢোল

আত্মলিপি-মাধুৰ্য্য গোস্বামী

“Aspire to inspire before we expire — Anonymous. জীৱন বিভিন্ন ৰঙৰ সমাহাৰ। অথবা ক’ব পাৰি ভিন ভিন ৰঙৰ বিচিত্ৰতাই জীৱন। কল্পনা আৰু বাস্তৱৰ মাজত দোলায়িত ছন্দই জীৱন। ক্ষুদ্ৰাতিক্ষুদ্ৰ মানুহ বোলা সংজ্ঞায়িত প্ৰাণীৰ দেহৰ চাৰিসীমাৰপৰা মানৱীয়তালৈ উত্তৰণৰ বাবে জীৱন এটি প্ৰশস্ত পথ। কবিয়ে এনেয়ে কোৱা নাই ‘জীৱন জীৱন বৰ অনুপম।’ বাক্যকেইটা লিখি লৈ কপাল থূপ খুৱাই মাজে মাজে ওপৰলৈ চাই কিবা ভাবত বিভোৰ হৈ পুনঃ পাৰ্থিৱ পৃথিৱীলৈ ঘূৰি আহি শাৰীকেইটাত দৃষ্টি নিবদ্ধ কৰা বিৰূপাক্ষ ভূঞাৰ মুখ দেখি বুজা গ’ল তেওঁ মোটামোটি

Read more

পেচেণ্ট নম্বৰ ৭ – কাবেৰী মহন্ত

বাহিৰত কুঁৱলীৰ বগা ব্লেংকেটৰ ঢাকোন… ৰাস্তাৰ গাড়ীবোৰো কুঁৱলীৰ ব্লেংকেটৰ ফাঁকে-ফাঁকে ঢিমিক-ঢামাক লাইটেৰে পাৰ হৈ গৈছে, গতানুগতিকতাত অভ্যস্ত হৈয়ো এৰিব নোৱৰা জীৱনধাৰাৰ দৰেই৷ ইয়াত যেন ইচ্ছা-অনিচ্ছাৰ কোনো মূল্যই নাই! ফাগুনৰ উৰুঙা পথাৰত দূৰেদি পাৰ হৈ যোৱা ৰে’ল-লাইনৰ কঁপনিৰ দৰেই ফেৰফেৰীয়া ঠাণ্ডা বতাহজাকে মোৰ মনটো কঁপাই গ’ল৷ কোম্পানীৰ চাকৰিটো মোৰ অকলশৰীয়া জীৱনটোৰ বাবে যথেষ্ট৷ ৰাতিপুৱাৰপৰা ৰাতি ন-দহ বজালৈকে চাকৰিৰ লগতে ঘৰুৱা কামত সময়খিনি নিজৰ সোঁতত কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ‌৷ বেলকনিৰপৰা জিলিকি থকা ফ্লেটবোৰৰপৰা শুনা-নুশুনাকৈ উৰি অহা শব্দবোৰ, হাঁহিবোৰ অথবা ক’ৰবাৰপৰা

Read more

ছাগলী আণ্টী – নীতাশ্ৰী নেওগ

অৱশেষত পেটুকণে আইটিক কুকুৰৰ পোৱালি এটা আনি দিলে। স্কুলত পঢ়াৰেপৰা পেটুকণ আৰু আইটিৰ হিয়া দিয়া নিয়া।  তেতিয়াৰেপৰা দেখিছে সি, আইটিক এবাৰ কিবা এটা লাগে বুলিলে মানে লাগেই আৰু। এবাৰ জীনচৰ পেণ্ট এটা লাগে বুলি বৰকৈ কৈ থকাত সি টাউনৰপৰা জিনচ এটাও কিনি আনি দিছিল। সেইটো পিচে তাইলৈ অলপ ডাঙৰ হ’ল, সেয়ে ভায়েককে দিলে। তাতে কোনোবাই কোনোবাই হ’বলা সেইটো মতা ল’ৰাৰ পেণ্টহে বুলিও ক’লে।  আইটিয়ে এজনীক গালিও পাৰিলে বোলে, : তহঁতে পিন্ধিলে ভাল, আমি পিন্ধিলেহে মতা ল’ৰাৰ পেণ্ট। ক’ত লিখা আছে

Read more

মিছ দিপিকা বৰুৱা – জয়ন্ত দাস

যোৱা দুদিনমান ধৰি দিগন্তৰ মাকৰ শৰীৰটো সিমান ভাল নহয়৷ আজি মাকক ডাক্তৰৰ ওচৰলৈ লৈ আহিছে সি৷ মানুহৰ জীৱনটোৰ প্ৰতি থকা মৰম, মানুহে জীৱনটোক কিমান ভাল পায়, জীয়াই থাকিবলৈ কিমান হেঁ‌পাহ, সেইটো যেন হাস্পাতালত আহিলেহে বুজিব পাৰি৷ ৰুগীয়া মানুহবোৰে কিমান আশাৰে ডাক্তৰৰ ওচৰ চাপে সেইটো  দিগন্তই আজি অনুভৱ কৰিব পাৰিছে৷ ডাক্তৰৰ একো একোটা অভয়বাণীত মানুহবোৰে যেন নৱজীৱন লাভ কৰিছে৷ কিন্তু ৰাতিপুৱা ৮ বজাৰপৰা ৰৈ ৰৈ ১০-৩০ বজালৈকে চেম্বাৰত ডাক্তৰ আহি নোপোৱাত সি বৰ অামনি পাইছে৷ সময়বোৰ যেন নাযায় নুপুৱায়৷ কোনোবাখিনিত সময়

Read more

এটি নতুন সপোনৰ সন্ধানত  – মৌচুমী গগৈ

ককায়েকৰপৰা খবৰটো শুনি ডিম্পীয়ে হাঁহিবনে কান্দিব ধৰিবই নোৱাৰিলে।তাইৰ এই ভাল খবৰটোত যিজন মানুহ সকলোতকৈ বেছি সুখী হ’লহেঁতেন সেইজন মানুহেই আজি তাইৰ কাষত নাই। তাইৰ অতি মৰমৰ দেউতাক, যিজন মানুহে তাইক খোজে খোজে স্বাৱলম্বী হৈ আত্মসন্মানেৰে সমাজত জীয়াই থাকিবলৈ শিকাইছিল। দুবছৰৰ আগতে সিহঁতক অকলশৰীয়া কৰি দেউতাক এটি পথ দুৰ্ঘটনাত এই পৃথিৱীৰপৰা মেলানি মাগিছিল। বেংকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কাম কৰা দেউতাকৰ একমাত্ৰ সপোন আছিল তাইক ভৱিষ্যতে এগৰাকী বেংক বিষয়া হিচাপে দেখাৰ। আজি দেউতাকৰ সেই সপোন তাই দিঠকত পৰিণত কৰিবলৈ সক্ষম হ’ল

Read more

ডি ইউ-দিগন্ত কুমাৰ ভট্টাচাৰ্য

যোৱাটো মাঘৰ বিহুৰ সময়ৰ কথা। টাউনৰ সমীপৰ বকুল গাঁৱৰ নৰহৰি বৰ্মন গৈছিল পানীগাঁৱৰ নৃপতি কলিতাৰ ঘৰলৈ, পুতেক ৰক্তধৰৰ কাৰণে কইনা চাবলৈ। নৃপতিৰ মাজু জীয়েক পদুমীৰ লগত ৰক্তধৰৰ বিয়াৰ কথা-বাৰ্তা চলিছে। লগত ঘটক হিচাপে আছিল নৰহৰিৰ শালপতি অনৰ্গল হালৈ। ইফালে অনৰ্গল হালৈ নৃপতিৰো দূৰ সম্পৰ্কীয় ভাই । : আমাৰতো একো সমস্যা নাই। পিছে ল’ৰাই বা কি কাম কৰে? – কইনাৰ পিতৃ নৃপতিয়ে আৰম্ভ কৰিলে। : দাদা, চিন্তাই নকৰিবা। ল’ৰা ৰক্তধৰ  ‘ডিইউ’ৰ হেড। তাৰ আণ্ডাৰত প্ৰায় এশমানে কাম কৰে। ইনকাম’ৰ কোনো লাগ-বান্ধ

Read more

ভূত-ম্ৰম-অমিতাভ মহন্ত

আদিত্য প্ৰতীম বৰুৱা৷ জন্মস্থান লখিমপুৰ, কৰ্মসূত্ৰে বৰ্তমান নতুন দিল্লীৰ নিবাসী৷ বৃত্তিসূত্ৰে আদিত্য এজন চিকিৎসক৷ চাকৰিৰ খাতিৰত মৰমৰ ঘৰখন এৰি দিল্লীত থাকিলেও মনটোৱে নামানে৷ সেয়ে সময়, সুবিধা পালেই চুটী লৈ আদিত্যই প্ৰায়েই লখিমপুৰলৈ ঢাপলি মেলে, লৰ মাৰে তাৰ আপোন ডিক্ৰঙৰ পাৰলৈ৷ সুবিধা কৰিব পাৰিলেই অসমলৈ স্থায়ীভাবে উভতি আহি অসমৰ বাবে কিবা এটা কৰাৰ মন৷ এইকেইদিন আদিত্য ঘৰতেই আছে৷ বন্ধু- বান্ধৱ, চুবুৰীয়া, সম্পৰ্কীয় লোকসকলৰ সৈতে দিনবোৰ বৰ সুন্দৰকৈ পাৰ হৈ গৈছে৷ দিল্লীলৈ যোৱাৰ দিন চমু চাপি আহিছে, কথাটো মনত পৰিলেই তাৰ মনটো

Read more

ভেলেণ্টাইন ডে’ৰ উপহাৰ-প্ৰণীতা গোস্বামী বৰঠাকুৰ

: হয়নে হেৰি, শুনিছেনে…? : কিনো কাণৰ কাষতে ইমান ডাঙৰকৈ চিঞৰিছা, শুনি আছোঁ কোৱা… ? বাতৰি কাকতখনতে চকু দুটা থৈ বৰুৱাই উত্তৰ দিলে। : সেয়া, গেঙেৰী মাৰি উঠিলেই নহয়, নকওঁ যাওক…! বৰুৱানীয়ে বৰুৱাৰ চাহৰ কাপটো অলপ জোৰকৈয়ে মেজখনত থৈ নিজৰ কাপটো লৈ আগফালৰ বাৰান্দালৈ ওলাই গ’ল। বৰুৱা বৰুৱানীৰ সংসাৰত এনেবোৰ নাটক সদা প্ৰচলিত। দিনটোত বিশ-পঁচিশবাৰমান এনেধৰণৰ খুঁত-খাত লাগিয়েই থাকে। এজনৰ অলপ উচ্চস্বৰৰ কথাতে আনজনৰ ঠেহ লাগে। বৰুৱানীৰ ক্ষেত্ৰত এইটো অলপ বেছি হয়। আজি যেনিবা পুৱাৰ চাহকাপৰ সময়তে লাগিল। বৰুৱানীয়ে ভালকৈ

Read more

হাঁহিৰামৰ হাঁহি-সদানন্দ ভূঞা

অসমৰ এখন অজান মুলুকৰ জকাইচুকীয়া গাঁৱৰ বাসিন্দা হাঁহিৰাম বৰুৱা মদপী হ’লেও গাঁওখনৰ এজন প্ৰভাৱশালী ব্যক্তি। সৌ তাহানিতে তিনিবাৰকৈ পৰীক্ষা দিও এম ই শ্ৰেণীটোৰ দেওনাখনকে পাৰ হ’ব নোৱৰা হাঁহিৰাম গাঁৱৰ সকলো ৰাইজৰ মনত এজন সৰৱজান। হাঁহিৰামে দেশ-বিদেশৰ সকলো খবৰ এনেকৈ সজাই-পৰাই ৰাইজক ক’ব, ৰাইজেও শুনি শুনি ভেলেঙা লাগি চাই চাই ‘হয় হয়’ বুলি শলাগিবলগীয়া হয়৷ হাঁহিৰাম গাঁওখনৰ ডেকা-গাভৰুৰো অধিক জনপ্ৰিয়। যি সময়ত গাঁৱত মাৰি-মৰকে সংহাৰ কৰিলেও, বানপানীত ককবকাই থাকিলেও, এমুঠি ভাতৰ কাৰণে হাহাকাৰ কৰিলেও সঁহাৰি জনাওতা কোনো নোলায়, সেইসময়ত হাঁহিৰাম ৰাইজৰ

Read more

পখিলা পলাই গ’ল-সমীৰ সূৰ্য্যনীল বৰা

পুৱা চাহৰ কাপটো হাতত লৈ পঢ়ি থকা পখিলাক দিবলৈ গৈ মাকে দেখিলে যে পখিলাই পঢ়াৰ মেজত বহি বাহিৰলৈ চাই মিলমিলাই আছে। কিতাপো মেলা, হাতৰ কলম গৈয়ো দাঁতৰ মাজত। কিনো হ’ল বুলি মাকে হাতত সাৰে ভৰিত সাৰে গৈ দেখে বাহিৰত একো নাই, এনেই তাই মিলমিলাই হাঁহি আছে। এইজনী পাগলীয়ে হ’ল নেকি অ’? মাকজনী ওচৰতে আছে বুলিও তাইৰ একো অনুভৱ নাই! কথাবোৰ আচহুৱা যেন লগাত মাকে তেওঁলোকৰ কাম কৰা ল’ৰা গগনৰ কাষ পালেগৈ। সি এইবোৰৰ শুংসূত্ৰ উলিওৱাত পাকৈত। একান্তমনে কামত ব্যস্ত হৈ

Read more
1 14 15 16 17 18 78