ফটাঢোল

নকইনাৰ নিয়ম!-উৎপলা কৌৰ

ঘৰখন এনেই সদায় নিমাওমাও হৈ থাকে। আওপুৰণি দুমহলীয়া বিল্ডিং এটাৰ পিছফালৰ, তলৰ মহলাৰ দুটা কোঠাত সিহঁত থাকে। গেটখন খুলি সোমাই গ’লোঁ। চোতালৰ ৰাস্তাৰ কাষৰফালে থকা ঘোঁৰা নিমডালৰ তলত চাকি এগছি জ্বলি আছে। ষ্ট্ৰীট লাইটৰ পোহৰে চৌপাশ পোহৰাব নোৱাৰা বহল চোতালৰ চৌহদটোত চাকিটো দেখি মনটো কেনেবা লাগি গ’ল। এইগছি চাকিয়ে যে কেতিয়াও মনত আশাৰ বন্তি নজ্বলায়। যোৱাজনৰ অভাৱৰ কথা সোঁৱৰাই দিয়ে। দীঘলীয়া কৰিড’ৰটোৰ অন্তত ওখ চিলিঙৰ প্ৰকাণ্ড কোঠাটো আৰম্ভ হৈছে। তাত প্লাষ্টিকৰ চকী এখনত গামোচা এখন পাৰি ফটো এখন সজাই থোৱা

Read more

এজনী মাইকী সিংহৰ সাধু-উজ্জ্বল দিপ্লু গগৈ

‘তাৰপাছত?’ – কথাখিনি শুনি আচলতে মোৰ হাঁহিম নে কান্দিম যেন লাগিল৷ ‘হ’বলৈ কি থাকিল আৰু, যি কৰিবলৈ আছিল তায়ে কৰি পেলালে ন৷’ – বন্ধুৱে মুখখন তললৈ কৰিলে৷  খং আৰু লাজত ৰঙাচিঙা পৰা বন্ধুক মই আড্ডাটোৰ মাজৰপৰা তুলি আনিছিলোঁ৷ মই আড্ডালৈ গৈ পোৱাত সেইদিনা অলপমান দেৰি হৈছিল৷ ইতিমধ্যে বন্ধুক আনকেইটা লগৰে দিয়া কামোৰৰ কোবত সৰু-সুৰা তৰ্কাতৰ্কি এখনেই চলি আছিল৷ মই গৈ পায়ে তাক আনবোৰৰ মাজৰপৰা আঁতৰাই আনিছিলোঁ৷ অলপমান মগজুটো ঠাণ্ডা হোৱাৰ পাছত তাক সুধিছিলোঁ ঘটনাটোৰ কথা৷  বন্ধুৱে কৈ গ’ল, “জিলমিল আহিছিল৷

Read more

প্ৰশান্তৰ চুমা-নাজিফ হাজৰিকা

: তই মুঠতে প্ৰমিজ কৰ। : নকৰোঁ। : কৰ, কৰিবই লাগিব। : নকৰোঁ। : গাড়ী ৰখা, এতিয়াই গাড়ী ৰখা। ৰখা গাড়ী।  প্ৰণামিকাৰ চিঞৰ বাখৰত প্ৰশান্তই গাড়ীখন ৰাস্তাৰ কাষলৈ নি ৰখাই দিলে। খিৰিকীৰ গ্লাছ দুখন নমাই দিয়াত দেওপাহাৰৰ চেঁচা বতাহ এজাক সোমাই আহিল ভিতৰলৈ। প্ৰণামিকাৰ কপালৰ ওপৰৰ দুডালমান চুলি বতাহত উৰি উৰি কোবাই গ’ল প্ৰশান্তৰ মুখমণ্ডলত। মুখখন পিৰপিৰাই গ’ল তাৰ। প্ৰণামিকাই কিন্তু বকিয়েই থাকিল –  : তই মুঠতে কেতিয়াও পলিটিক্সত জইন কৰিব নোৱাৰ। মই বেয়া পাওঁ এইবোৰ। প্ৰমিজ কৰ জইন নকৰোঁ

Read more

শুভ পৰিণয়-ৰূপালীম মহন্ত

“নাপাই দেই। নিদিয় নিদিবি। কিন্তু প্ৰেজেণ্টৰ নামত এইসোপা কিয় দিয়ে মানুহবোৰে?” বৰুৱানীয়ে হাতত লৈ থকা বাকচটো মজিয়াতে থেকেছা মাৰি দিলে। কটংকৈ হোৱা শব্দটোত ডাঙৰ বোৱাৰীয়েক নীলিয়ে চিঞৰি উঠিল, : মা, চাব, ভাঙিব। : ভাঙক। এইসোপা থাকিনো কি উদ্ধাৰ হ’ব মোৰ। মিছা-মিছি জেগা বন্দী।  বৰুৱানীৰ আজি মোচন বেলেগ। দেওবাৰে দুপৰীয়াৰ ভাত ঘুমটি শেষ কৰি সৰু পুতেক ভাইমন ওলাই আহিছিল। মাকৰ লম্ফ-জম্ফ দেখি সি অপ্ৰস্তুত হ’ল। কেনেবাকৈ ব্ৰেণ্ড নিউ ঘৈণীয়েকে কিবা জগৰ লগোৱা নাইতো! চাৰ্টৰ বুতাম মাৰি মাৰি সি সুধিলে, : কি

Read more

বেইমান-পূৰৱী কাকতী

ক’বলৈ গ’লে এই বাৰ, তাৰিখ, হিচাব-নিকাচ এইবোৰৰ লগত মোৰ সম্বন্ধটো একেবাৰে অহি-নকুল। কোনোবাই তাৰিখ সুধিলে সাউতকৈ মোবাইলটো চাই কোৱা মানুহহে মই। চাই উঠি আকৌ এনেকুৱা এটা ধৰণে কথাটো কওঁ যাতে কোনোৱে গম নাপায় যে এই বাৰ-তাৰিখ হিচাব ৰখা কাৰবাৰটোত মই একেবাৰে শূন্য। থাওকতে তাৰিখটো চাই কৈ পেলাওঁ “হয়, হয় অমুক তাৰিখ আজি।”  এনেহেনভাবে যেন মই আগতে কৈছিলোঁৱেই, হয়তো তুমি বা আপুনি নুশুনিলে, মাত্ৰ মই ‘কনফাৰ্ম’ হ’বৰ বাবেহে এনেই মোবাইলটো চাইছিলোঁ। হয়তো মোৰ মগজুলৈ বাৰ-তাৰিখ এইবোৰ সৰবৰাহ কৰা সৰঞ্জামবিধ অলপ দুৰ্বল।

Read more

মই আৰু মোৰ পে’ট (pet)-ৰূপম ৰিদিপ

পে’টৰ কথা ক’বলৈ ওলাইছোঁ যদিও পে’ট মানে অসমীয়াত পেট নহয়। ইংৰাজীত Pet;  মানে মোৰ পোহনীয়া প্ৰাণীটো। মই যেতিয়া সৰু আছিলোঁ তেতিয়া সি মোৰ পোহনীয়া নাছিল। আচলতে তাৰ আৰু তাৰ চৈধ্য পুৰুষৰ তেতিয়া জন্মই হোৱা নাছিল। সি যেতিয়া মোৰ পোহনীয়া হৈছিল তেতিয়া সি কিশোৰ আছিল, নে যৌৱনপ্ৰাপ্ত নে বুঢ়া মই নাজানিছিলোঁ। তদুপৰি তাৰ লিংগ কি আছিল সেইটোও জনা নাছিলোঁ। কথাবোৰ অকণমান বুজিবলৈ সমস্যা হৈছে নিশ্চয়! সহজ কৰোঁ। মোৰ পোহনীয়া প্ৰাণীটো এটা মহ। মহ বানানটোত যিহেতু উৰ্দ্ধকমা দিয়া নাই, গতিকে এইটো এটা

Read more

আমাৰ নতুন ঘৰ-দিগন্ত কুমাৰ ভট্টাচাৰ্য

: ‘ফ্লেট’ক ঘৰ নোবোলে নহয় পোণা, পাৰৰ বাঁহ হে সেইবোৰ! – গাঁৱৰ ঘৰৰ ওচৰৰ ৰণেন ঠিকাদাৰে মোৰ মুখত ‘গুৱাহাটীত ঘৰ এটা কিনিলোঁ’ বুলি শুনোঁতে তেনেকৈয়ে কৈছিল। ইমান যে হিংসা ও মানুহবোৰৰ – মোৰ তেনেই লাগিছিল। আজি দুবছৰ পাছত সেই ফ্লেটত ভৰি থৈ আকৌ ভাবিলোঁ – ৰণেন ঠিকাদাৰৰ কথাষাৰ মিছা নাছিল নেকি বাৰু! এই ‘ফ্লেট’টোক আমাৰ ‘ঘৰ’ বুলি ক’ব পাৰিম জানো? কিয় লৈছিলোঁ ফ্লেট কিনাৰ ডিচিছন? মনত পৰিল প্ৰায় দুবছৰ আগৰ সেই সন্ধিয়াটোলৈ- ‘আমাৰ লগৰ ৰুমাহঁতৰ নতুন ঘৰটোৰ গৃহপ্ৰৱেশৰ ফ’টোবোৰ চোৱাচোন…হোৱাটচ্

Read more

সমীকৰণ-নীলাঞ্জনা মহন্ত

“কি হ’ল চালেনে? সব ঠিকে আছেনে?“ “নিৰোগী, কৰ্মপটু, সুগায়ক, পঁচিশৰ পৰা পঁয়ত্ৰিশৰ ভিতৰত বিবাহ…” শছমাখন মচি মচি একেখিনি কথাকে দত্তই দুবাৰ পঢ়িলে৷ “বোলো চলিবনে?” “হাঁ?” – টাইপিষ্ট কনকে তেওঁৰ কাণতে চিঞৰি কোৱা কথাষাৰত তেওঁৰ হুঁচ আহিল৷ “এই.. মানে বাকপটু, সুবক্তা, সাহসী, বুদ্ধিদীপ্ত, এইকেইটা থাকিলে ভাল আছিল।” “হৈ যাব৷ গাইপতি বাইশ টকাকে দিয়ক, ভৰাই দিম।” “দিম বাৰু।” দত্ত মানুহজনে বৰ জুখি মাখিহে কথা কয়৷ ভাল চাকৰিয়ে কৰে৷ পিছে কথা কম কয় আৰু ক’বলগীয়া সময়তো মনে মনেই থাকে বেছিভাগ, সেয়েহে যিটো বাবত

Read more

লেখা বিচাৰি চম্পাৰ বিলৈ-সমুজ্জ্বল কাশ্যপ

: ট্ৰীং ট্ৰীং ট্ৰীং ট্ৰীং ট্ৰীং ফোনটো দীঘলীয়াকৈ বাজি আছিল৷ কেতিয়াৰপৰা গম নাপাওঁ৷ টোপনিৰ কোলাত ঢলি পৰিব খোজা মানুহটো জাপ মাৰি উঠিলোঁ৷ আমেজত জাপ খাই যাবলৈ ধৰা চকু দুটা মোহাৰি খপজপকৈ ফোনটো বিচাৰিলোঁ৷ অ’ ৰ’ব! মোবাইলটোত লেন্দলাইনৰদৰে ৰিংটনহে লগোৱা আছে, লেন্দলাইন নহয় দেই। : কিহে কাশ্যপ, ব্যস্ত নেকি? ইমানকৈ লগাইছোঁ নুঠোৱা কিয়? সিফালৰপৰা চিনাকি মাতটো ভাহি আহিল৷ তেওঁৰ ভাগৰুৱা যেন লগা সুৰটোত কিছু আৱেগ মিহলি হৈ আছিল৷ কিন্তু এই মাজৰাতিখন! : গোস্বামীদা, কওকচোন৷ ইমান ৰাতি? : এঃ, তুমি জাগি আছিলা

Read more

শিপা-নাজিয়া হাচান

দায়িত্বৰ খাতিৰত অসমৰ বাহিৰত থকা মানুহ এহালৰ বহু বছৰৰ মূৰত জনমভূমি অসমলৈ যাবলৈ সৌভাগ্য হৈছে। তেওঁলোকৰ একমাত্ৰ কন্যা সন্তানটি জন্মৰ  সময়তে ক’ভিড মহামাৰীৰ যুগেও পৃথিৱীত পদাৰ্পণ কৰিছিল। গতিকে যুগৰ নীতি-নিয়ম মানি তেওঁলোক যাওঁ বুলিও অসমলৈ যাব নোৱাৰা; মাতো বুলিও পৰিয়ালৰ কাকো তেওঁলোক থকা ঠাইলৈ মাতিব নোৱাৰাৰ প্ৰায় তিনি বছৰেই পাৰ হৈছিল। মানুহহালৰ ঘৰৰ দুয়ো পৰিয়ালে কেঁচুৱাটিক ফটো, ভিডিঅ’ৰেই চাই চাই তিনি-চাৰিবছৰীয়া সময়খিনি পাৰ কৰিলে। তেতিয়াৰ দিনবোৰ তেনেকৈয়ে পাৰ হৈছিল। মানুহজনৰ সহজ সৰল হোজা মাকে পুতেক বোৱাৰীয়েকক ফোনত সদায় একেখিনি দুখকে

Read more
1 2 3 4 72
error: Content is protected !!