ফটাঢোল

চাপ আৰু প্লাৱিতা- ৰক্তাভ কুমাৰ

“ইউৰেকা, ইউৰেকা……. অঃ ছৰী, পাই গ’লোঁ, পাই গ’লোঁ…….. য়েছ য়েছ য়েছ! মোৰ এই চফিষ্টিকেটেড ব্ৰেইনটোও যে মানে আৰু….. এনি প্ৰব্লেম, এভ্ৰী চলিউচন…. আই এম জাষ্ট প্ৰাউড অৱ মাই ব্ৰেইন……….” “ঐ পাগল! খজুৱতি ধৰা ছাগলী পোৱালীৰ নিচিনাকৈ জঁপিয়াইছ কেলৈ! নাদৰ পাৰত পিছল খাই হাত-ভৰি থেতেলা খালে তোৰ ইউৰিয়া মুখেৰে ওলাই যাব! মানুহৰ দৰে আহ্ বুলিছোঁ নহয়! পথালিকৈ কায়াটোহে বঢ়াইছ, মগজটো এতিয়াও আঁঠুৰ তলত। পোৱালী হৈ আছ নেকি এনেকৈ টেঁটুফালি চিঞঁৰি আহিছ যে!” “মা, স্পীক ৱিদ ৰেচপেক্ট। তই সন্তানক অকল গালি পাৰিব

Read more

চিটিবাছৰ খালী ছীটটো- দিগন্ত কুমাৰ ভট্টাচাৰ্য

সময় প্ৰায় পাঁচ বাজি গৈছে সন্ধিয়া। চিটিবাছখন আহি গণেশগুৰি ষ্টপেজত ৰৈছিল। ঠিক যেন কইনাঘৰত কইনাজনীক উলিয়াই আনি দৰাৰ ওচৰত বহুৱাইছে আৰু বৰযাত্ৰীৰ সকলোৰে চকু সেই মুহূৰ্তত কইনাজনীৰ ওপৰতেই স্থিৰ, : চাপৰ যেন লাগিছে৷ : শকত নেকি অ’ অলপ? : হ’লেও মিলিব আমাৰ পোনা দাৰ লগত৷ গুণগুণনি আৰম্ভ হয়। তেনেধৰণৰ গুণগুণনি শুনিবলৈ পোৱা গ’ল গণেশগুৰি ষ্টপেজত। : ছীট নাই যেন লাগিছে৷ : থিয় হ’বলৈ জেগা হ’ব নে নাই? : হ’লেও যাবই লাগিব কিবাকৈ। চাৰে ছয়টাৰ আগতে আদাবাৰী পাবই লাগিব। তিনিখন মুখে

Read more

হেল্ল’- সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

:হেল্ল’ ছাৰ! গুডমৰ্ণিং! মই গেটৱেল হেল্থকেয়াৰ কোম্পানীৰ পৰা অনিতাই কৈছিলোঁ। :হয়, কওকচোন। :ছাৰ, আশা কৰিছোঁ আপুনি আৰু আপোনাৰ পৰিয়াল নিশ্চয় কুশলে আছে। আমাৰ কোম্পানীয়ে আগবঢ়োৱা বিভিন্ন শেহতীয়া অফাৰৰ বিষয়ে আপোনাক জনাবলৈ ফোন কৰিলোঁ, অলপ সময় কথা পাতিব পাৰিমনে আপোনাৰ লগত? :অলপ সময় নহয়, দিনটো কথা পাতিব বিচাৰিলেও পাৰিব। মোৰ হাততো বিশেষ একো কাম নাই, ময়ো ঘৰত ঘোঁৰাৰ ঘাঁহ কাটি আছোঁ, আপুনিও মোৰ সমানে সমানে ঘাঁহ কাটিব পাৰিব। :মই অতিশয় দুঃখিত ছাৰ আপুনি ঘোঁৰাৰ ঘাঁহ কাটি থকা বুলি জানিব পাৰি। বেয়া

Read more

ভিক্ষাৰী- দিপাংকৰ দত্ত

চোতালৰ গছজোপাতে চাইকেলখন আঁউজাই ৰমাকান্ত হাজৰিকাই ইফালে সিফালে চাই মুখত কৃত্ৰিম হাঁহি এটা মাৰি ভিতৰলৈ বুলি খোজ দিলে। ৰ’ব, হাঁহি মৰা দেখি আপুনি নাভাবিব যে হাজৰিকা কোনোবা মিতিৰৰ ঘৰলৈ আহিছে, হাজৰিকাৰ ভাষাত হাজৰিকা আহিছে এখন বজাৰলৈ, অৰ্থাৎ আমি যাক ভদ্ৰ ভাষাত অফিচ বুলি কওঁ; হাজৰিকাই এই ছমাহতে পেঞ্চনৰ বাবে তাঁতবাতি কৰি ইয়াক অফিচ নুবুলি বজাৰ বুলিব যে পাৰি, অন্ততঃ সেইকণ জ্ঞান আহৰণ কৰি লৈছে। অফিচৰ বাৰাণ্ডাত উঠিয়েই এইবাৰ হাজৰিকাই সমগ্ৰ পৰিৱেশ অধ্যয়নৰ এক চেষ্টা চলালে। এই পৰিৱেশ অধ্যয়ন নকৰাৰ ফল

Read more

উপহাস- অসমী গগৈ

মানুহজনী আজি পুৱাৰে পৰা উচপিচাই আছে। এবাৰ ঘড়ীটোলৈ, এবাৰ মানুহজনীৰ সমান দীঘল আইনাখনলৈ, এবাৰ হাতৰ মুঠিত লৈ থকা, নহয় নহয় মুঠিতকৈ যথেষ্ট ডাঙৰ মবাইল ফোনটোলৈ চাই চাই। উচপিচনিৰ সমান্তৰালকৈ  ব্যস্ততাৰো অন্ত নাই। চুলিত তেল সনা, চেম্পু কৰা, মুখখন চাফা কৰি ফেচপেক লগোৱা, বিধে বিধে কাপোৰ উলিয়াই বিচনা ভৰাই পেলাইছে… ভাগৰি গৈছে মানুহজনী। সদায়েই শুই বহি টি ভি চাই, মবাইল ফোন টিপি টিপি অলস জীৱন কটোৱা মানুহজনীৰ ব্যস্ততা দেখি ছোৱালীজনীয়ে আনদিনাৰ দৰেই অনুমান কৰিছে “বাইদেউৰ চাগে আজি ক’ৰবাত প্ৰগেম আছে”। কিবা

Read more

চুঙাবাদুলি-নাজিফ হাজৰিকা

২০০৫ চন। :অ’ দে’তা , জাতি বাঁহৰ গাঁজ খাব নাপায় বোলে ? – প্ৰশান্তই সুধিলে বাপেকক। :কোনে ক’লে ? – বাপেকে ওলোটাই সুধিলে। :আইতা আৰু মায়ে কৈছে। :ধুৰৰ বাজে কথা। ব’ল পিছফালে মোৰ লগত। বাপেকে প্রশান্তক লৈ পিছফালৰ বাঁহনিলৈ গ’ল। :কাট এইটো। (জাতি বাঁহৰ  গাঁজ এটালৈ আঙুলিয়াই কলে তাক) পিছে কাটিব লগা ন’হল। প্ৰশান্তই জোৰেৰে মোটোকাই দিয়াত গুৰিতে গাঁজটো ছিঙি গ’ল। বাপেকে সেইদিনা নিজে গাঁজৰ খাৰ ৰান্ধিলে। প্ৰশান্ত আৰু বাপেক দুইটাই মিলি তৃপ্তিৰে খাল। ঘৰৰ আনবোৰ সদস্যই কিন্তু হাতেৰেও নুচুলে।

Read more

গাৰ্হস্থ্য- অসীমা শইকীয়া দত্ত

“এয়াহে মানুহ। এয়াহে মানৱ জনম। আকাশৰ ওপৰেদি উৰিল কি নুৰিল তলেদি যি ঠাইত পৰিব সেই ঠাইলৈ যাবলৈ চুকে কোণে থকাকেইটাৰো আবতৰীয়া বিহুৰ ঢোলে ঢেমঢেমাই উঠিল। আহিব চালমান খান ওপৰেৰে, তলত তাকে চাবলৈ ধূলি খাই হেঁচা থেলাত গতা ভুকু খাই মৰিছে অন্য এমখাই। কিন্তু ও……আমাৰজনলৈ চোৱা আকাশৰ ওপৰেদি উৰাতো দূৰৰে কথা অফিচৰ তলেদিও বাহিৰা টকা এটা সৰকাই আনিব নোৱাৰে। আনতো বাদেই বন্ধ বাৰত ঘৰত আছে বুলি গধুৰ কাম এটা যাচিলেও এনে এটা ৰূপ দেখুৱাই, এনেকুৱা এটা লেবেল দিয়ে ঘৈণীয়েকজনী যেন সাতজনমতো

Read more

ফীজ-মৃদুলা গগৈ

পুৱা কোনোদিন আঠ বজাৰ আগত শুই নুঠা কবিতাবৌ আজি চাৰি বজাতে সাৰ পালে৷ চকুকেইটা মেলিয়ে কাষতে শুই থকা বৰুৱাদাৰ ফালে মুখখন ঘূৰালে। ইফালে বৰুৱাদাই ঘৰঘৰাই নাক বজাই শুই আছে৷ ৰাতি বহুত দেৰিলৈকে মোবাইলত ভিডিঅ’ চোৱাৰ অভ্যাস তেওঁৰ৷ কি কৰে এতিয়া কবিতাবৌৱে৷ এই ব্ৰহ্মপুৱাতে বৰুৱাদাক উঠাই দিব লাগিলে দিনটোলৈ বৰুৱাদা গেঁঠেলা কোমোৰাটোৰ দৰে হৈ থাকিব৷ একো কামেই নিসিজিব কবিতাবৌৰ৷ অলপ সময় ধৈৰ্য ধৰাই ভাল বুলি ভাবি চকু দুটা মুদি নিজৰো টোপনি আনিবলৈ চেষ্টা কৰিল৷ নাই! নাহে টোপনি৷ কেইবাটাও চিন্তা মানুহজনীয়ে পাগুলি

Read more

স্বাৰ্থপৰ কামনা, মৃত্যু-গায়ত্ৰী গোস্বামী অধ্যাপক

:বুজিছা মানুহবোৰ স্বভাৱজাত স্বাৰ্থপৰ হয়েই। কিন্তু এই পৃথিৱীখন স্বাৰ্থপৰ মানুহেই ধ্বংস কৰিছে বোলা কথাষাৰ বৰ শুদ্ধও নহয়। কাৰণ… বুলি কৈ উশাহটো দুবাৰমান জোৰেৰে টানি ল’লে হস্পিতালৰ ২৬ নং বেডত পৰি থকা বৰখুটি গাঁৱৰ গাঁওবুঢ়াই। গাঁওবুঢ়াৰ অৱস্থাটো কাষৰ ২৫ নং বেডৰ পৰা দেখি মোৰো বৰ দুখ লাগিল, মানুহজনে উশাহবোৰ কালিতকৈ আজি বেছি টানি-টানি লৈছে, কি হয়গৈ ঠিক নাই, মনটো গোন্ধালে। তেওঁৰ স্বাগতোক্তিৰ দৰে অৰ্নগল কৈ থকা কথাবোৰ শুনি প্ৰথম দুদিনমান বৰ আমনি লাগিছিল যদিও যোৱা দুদিনমানৰ পৰা লাহে লাহে শুনি কিবা

Read more

খোজবোৰ- মাধুৰীমা ঘৰফলীয়া

দহমিনিটমান ধৰি হো-হোৱাই বলি থকা বতাহজাকৰ গতি তেতিয়াও একেবাৰে কমা নাছিল৷ গামোচা এখনৰে খোপাটো টানকৈ বান্ধি কাষৰ হাবিখনৰ ফালে ওলাই যোৱা তৰাক দেখি পাছফালৰ পৰা নিতাইনীয়ে চিঞৰিলে, :বাঘেখাতি বতাহজাক আৰু অকনমান কমিবলৈ দে৷ এতিয়াই ধুমুহাই সৰুৱা আম বুটলিবলৈ গৈ ডিঙি ভাঙি আহিব নালাগে৷ মোৰ ল’ৰাকণৰ টকা পইচা গছত লগা নাই৷ তৰাৰ খোজটো ৰৈ গ’ল৷ নিতাইনীলৈ চাই তেওঁৰ সুৰতে সুৰ মিলাই ক’লে, :তই নমৰালৈকে মোৰ একো নহয় বুঢ়ী৷ চিন্তা নকৰিবি, তোৰ শটো জ্বলাবলৈ খৰিকেইডাল যোগান নধৰাকৈ মোৰ হাত ভৰি অচল নহয়!

Read more
1 27 28 29 30 31 78