ফটাঢোল

ভুতৰ ভৱিষ্যত-অভিজিত কলিতা

(শিৰোনাম এখন বাংলা চিনেমাৰ পৰা ধাৰ কৰা) হয়…. হয়, হয়েই! ভুতেই হয় সেইটো, নহ’লে কি হ’ব, এনে সময়ত? হে ভগৱান, কি উকহে খাইছিল মোক এই সন্ধিয়াখন এইফালে আহিবলে….হৰি ঔম! হৰি ঔম!….জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপিচ তিনো লোক উজাগৰ!…. লা ইলাহা ইল্লালাহো মোহাম্মদুৰ ৰছুলুল্লাহি,…. ঔঁম মণি পদ্মে হুঁম…. ইন দ নেম অৱ দ গ’ড এণ্ড দ হলী স্পিৰিট….আমেন….ক’ত যাওঁ ….ক’ত পলাওঁ…. কোন ক’ত আছ….আজি ৰাতিটোও ইমান এন্ধাৰ হ’ব লাগেনে? আৰু এই গেজেপনি মৰা বাঁহনিখন এইফালে আছে বুলি জনাহেঁতেন মই

Read more

এমুঠি অগল্প-ৰঞ্জিত কুমাৰ শৰ্মা

(১) প্ৰগতি চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে ৰাজ্যিক ষ্টেডিয়ামত বিশাল সমাৱেশ অনুষ্ঠিত হৈছে৷ হাজাৰ হাজাৰ মানুহ সভাত গোট খাইছে৷ অগণন মানুহ, বিৰ দি বাট নোপোৱা অৱস্থা৷ খোজ কাঢ়ি মানুহ আহিছে, মটৰ চাইকেলত আহিছে, বিলাসী গাড়ীত আহিছে, ভাড়া কৰা তিনিচকীয়া-চাৰিচকীয়া বাহনতো আহিছে৷ আৰক্ষীৰ দ্বাৰা অধিগ্ৰহণ কৰা কেইবাশ বাছত উঠিও সমাৱেশলৈ মানুহ আহিছে৷ মন্ত্ৰী, সাংসদ, বিধায়কৰ পৰা আৰম্ভ কৰি শাসকীয় দলৰ নেতা-পালিনেতা, চৰকাৰৰ হিতাধিকাৰীৰে ভৰি গৈছে ষ্টেডিয়াম৷ নেতা-মন্ত্ৰী, সাংসদে ভাষণ দিছে৷ বক্তাসকলে নিজৰ নিজৰ ভাষণত চৰকাৰখনৰ সফলতাৰ বিষয়ে বৰ উচ্ছাসেৰে কৈছে৷ হিতাধিকাৰীৰ

Read more

পেণ্ডুলাম – দিগন্ত তালুকদাৰ

বৰুৱা: এই পুৱাৰাতি তিনি বজাত শুৱ এৰি ধান সিজোৱা টৌত হৈ কিয় বহি আছাহে? বৰুৱানী: প্ৰতিটো কথাতেই ঠাট্টা নকৰিবা দেই। টোপনি অহা নাই বাবেই বিৰক্তিতে বহি আছোঁ। ইফালে এই গেলা গৰম। ফেনৰ বতাহ জানো গাত লাগে? বৰুৱা: চ’ৰী…মই খকামকাকৈ সাৰ পাই তোমাক এনেদৰে দেখিহে চক খালোঁ। গা বেয়া নেকি তোমাৰ?  বৰুৱানী: গা বেয়া নহয়। টোপনিহে অহা নাই। অশান্তি লাগিহে বহি আছোঁ। বৰুৱা: কিনো হ’ল? মই ঠিক ধৰিব পৰা নাই! বৰুৱানী: তুমিনো কি গম পোৱা। নাক ঘোৰঘোৰাই যিহে কুম্ভকৰ্ণৰৰ নিচিনা শোৱা।

Read more

হিয়াত আজিও বাজে খোলৰ চেও-হৰিচন্দ্ৰ ডেকা

যিটো কথা সঁচা স্বীকাৰ কৰিবলৈ কিহৰ লাজ। জীৱনত মই এবাৰেই ভাওনা দেখিছোঁ, সেয়াও আকৌ অসমৰ বাহিৰত৷ মোৰ শৈশৱ যিখন গাঁৱত অতিবাহিত হৈছিল, সেই গাঁৱৰ মানুহে ভাওনা দেখা দূৰৰ কথা বহুতে সেই সময়ত ভাওনাৰ নামেই শুনা নাছিল বুলি ক’লে ভুল কোৱা নহ’ব। অৱশ্যে টিভি অহাৰ পৰা ইয়াৰ স্বকীয়তা সকলোৱে বুজিব পৰা হ’ল৷ জীৱিকাৰ তাগিদাত যেতিয়া বমডিলা পালোঁগৈ, তাত গৈ দেখিলোঁ, অৰুণাচল চৰকাৰৰ অধীনত কাম কৰা জামুগুৰি, বিহগুৰি, বজালী আদি অঞ্চলৰ বহুত লোকে তাত এখন সমাজ পাতি আছে। জন্মাষ্টমী, শঙ্কৰদেৱ-মাধৱদেৱৰ তিৰোভাৱ তিথি

Read more

উপকাৰৰ কথা-নাজিয়া হাচান

“কেতিয়াও কাৰো অপকাৰ নকৰিবা, পৰাপক্ষত সদায় সকলোৰে উপকাৰ কৰি যাবা..।” বুজা হোৱাৰপৰা মা দেউতাই আমাক এইবুলি উপদেশ দিছিল।তেওঁলোক আমাৰ আৰ্হিও আছিল। পিছে সেই উপদেশভাগ মোৰ মনটোৱেহে গ্ৰহণ কৰিবপৰা নাছিল। এদিন সুবিধা পায় মোৰ মনটোৱে মনে মনে মোক এইদৰে কৈছিল ―  “শুন অৰুণ, কথাখিনিত অপকাৰ কৰিব নালাগে বোলা বাক্যশাৰীলৈকে ঠিকেই আছে, মানিব পাৰি। কিন্তু.. তাৰ পাচৰ বাক্যাংশৰ সৈতে মই কিন্তু একমত হ’ব নোৱাৰিছোঁ, বেয়া নাপাবি তই। মানিছোঁ, অপকাৰ কৰিব নালাগে কাৰো;..সেইদৰে উপকাৰো কৰিব নালাগে অ’ কাৰো, বুজিছনে নাই? তই কি কৱ?”

Read more

বয়সে গৰকা আবেলিটো-প্ৰণীতা গোস্বামী বৰঠাকুৰ

আৰামী চকীখন চোঁচৰাই বাৰান্দাৰ গ্ৰীলখনৰ কাষ চপাই বহি ল’লোঁ। এইকণ সময় মোৰ নিজৰ যেন লাগে। পুৱাৰ আধা পঢ়া বাতৰিখনো হাতত তুলি আনো সদায়। বাতৰিখন পঢ়া অযুহাতহে, আচলতে মই এইসময়ত ‘মানুহ’ চাওঁ। ৰাস্তাৰ কাষতে ঘৰতো হোৱাত এইকণেই সুবিধা হৈছে মোৰ, মানুহবোৰ ওচৰৰ পৰা দেখোঁ। আগতে পদূলিটো বহুত দীঘল আছিল। এতিয়া ফ’ৰলেনৰ আওতালৈ অহাত সন্মুখৰ মাটিখিনি চৰকাৰে ল’লে, বিনিময়ত বহু লাখ টকা দিলেও অৱশ্যে। এতিয়া মোক ইমান টকা কেলৈ!  যিসময়ত মাটিকণ লৈ ঘৰটো সাজিছিলোঁ, সেইসময়ত   কষ্টোপাৰ্জিত টকাকেইটা হিচাপ কৰি কৰি চলিছিলোঁ।

Read more

প্ৰতিশ্ৰুতি-চন্দামিতা শৰ্মা

পূৰ্বৰাত্ৰিৰ চিন হিচাপে  সামান্য উখহি থকা চকু দুটা হাতেৰে মোহাৰি মোহাৰি কে.আৰে.  বেলকনিত থকা  প্ৰায়  ডেৰমোনমান ভৰ সহিবপৰা আৰামী চকীখনতে  ধুপুচকৈ নিজৰ গাটো এৰি দিলে। কিছু চাহিত্য(সাহিত্য)  কৰিলে, চংগীত(সংগীত) কৰিলে,  হাই পাব্লিক ৰেংকিং পোৱা নাচে গানে ভৰপূৰ ধাৰাবাহিকত ইনভেষ্ট কৰিলে ইত্যাদি বিভিন্ন কাম কৰি ভাগৰি পৰাৰ পিছত, শেহতীয়াকৈ মন মেলিছে   ৰাজনীতিত নামিবলৈ। জীৱনটোত যদি ৰাজনীতিয়েই নকৰিলে তেন্তে সোঁৱে-বাৱে ইমান টকা ঘটাৰ অৰ্থনো ক’ত থাকিল। টকা উপাৰ্জনৰ ৰাস্তাত অজস্ৰ  ৰাজনীতি কৰিলে। এইবাৰ কিন্তু সেই ৰাজনীতি নহয়,  একেবাৰে প্ৰত্যক্ষ ৰাজনীতি।জীৱনটোত  ৰাইজৰ নামত

Read more

সোণৰ কলহ-যোগেশ ভট্টাচাৰ্য্য

তামোল পুতিবলৈ পুখুৰীটোৰ পাৰত সোণাৰামে গাত খান্দি থাকোঁতে সোণৰ কলহটো পালে। প্ৰায় তিনিকিলো মান ওজনৰ সোণৰ কলহটোৰ বজাৰ মুল্য কিমান হব ভাবি এবাৰ তাৰ মুৰটো ঘূৰাইছিলেই। তথাপি কোনোমতে নিজকে চম্ভালি সি কলহটো ডাঙি ঘৰলৈ নিলে আৰু তাৰ শোৱাপাটিৰ তলত গাত খান্দি পুতি থলে।  সেইদিন ধৰি সি ঘৰৰ পৰা কলৈও নোলোৱা হ’ল। এনেই পুৱা সন্ধিয়া সি এবাৰ গাওখনত এপাক মাৰেই। পুৱাৰ আৰু সন্ধিয়াৰ চাহ দুকাপ সি কাৰোবাৰ নহয় কাৰোবাৰ ঘৰত মেনেজ কৰেই। কিন্তু এতিয়া সোণৰ কলহটো কোনোবাই নিয়ে বুলি সি ঘৰৰ

Read more

পাপন : যোগেশ ভট্টাচাৰ্য

: অ’ই আমি এইবাৰ বেলেগকৈ বিহু পাতিম? চানা ভজাৰ পেকেটটোত থকা অৱশিষ্টখিনি মুখত বাকী দি চোবাই চোবাই বিপুলে ক’বলৈ ধৰিলে। নতুনকৈ বনোৱা সৰু দলংখনৰ সৰু আদ্দাটোত উপস্থিত থকা আটাইকেইজনে তাৰ কথাত হয়ভৰ দিলে যদিও বিষ্ণুৰ চকুত প্ৰশ্নবোধক চিন এটা দেখা গ’ল। পেকেটটো সি বিপুলৰ হাতৰ পৰা লৈ নিজৰ মুখত বাকী দিয়াত দুটা ফলা বুট তাৰ জিভাৰ আভ্যন্তৰীণ ভাগত পৰিলগৈ। সেই দুটাকেই তিনিবাৰমান চোবাই গিলি বিষ্ণুৱে ক’লে, : বিহু পাতিম বুলিলেই পাতিব পাৰিবি নেকি? পইচা নালাগিব? : পইচা আহি যাব। চান্দা

Read more

ফুল – ৰাজীৱ ডেকা

পুৱা চকু নেমেলোঁতেই কলিং বেল বাজিল। ঘড়ীত চাৰে আঠ। দুৱাৰ খুলি দেখোঁ অফিচৰ কৰ্মচাৰী নগেন। তাৰ চকুৱে মুখে পাৰ ভাঙি ওলাই আহিব খোজা উৎকণ্ঠা আৰু উচ্ছাহ। সুধিলোঁ, : কি হ’ল? ইমান পুৱাই যে। : কিয়! আপুনিয়ে দেখোন ফোন কৰিছিল কালি গধূলি!বস্তুখিনি আনিছোঁ। ফোন কৰাৰ পিছতে কিনি থৈছোঁ।কালিয়েই। মনত পৰিল যে কালি নগেনক ময়ে ফোন কৰিছিলোঁ। মালিকৰ ঘৰৰ সত্য নাৰায়ণ পূজাৰ ফুলকেইপাহ মালিকে মোকেই যোগাৰ কৰিবলৈ দিছিল। মইনো ক’ত ফুল বিচাৰি যাম! অফিচৰ পিয়ন নগেনকে দায়িত্বটো দিলোঁ। টকা বিশটা দিলেই এসোপা

Read more
1 2 3 4 5 6 77