ফটাঢোল

হীৰেনদাৰ বৃত্তান্ত – জয়ন্ত আকাশ বৰ্মন

হীৰেনদাক চিনি পায়নে? ধুনীয়া হাঁ‌হিৰে চকচকীয়া বগা দাঁ‌তেৰে, সুগঢ়ী একোঁ‌চা মোচেৰে অলপ বয়সীয়াকৈ যুৱকজন। সদায় হাত দীঘল চোলা পিন্ধে কিন্তু কেতিয়াও হাতৰ বুটাম নামাৰে। কোঁ‌চাই থয়। হাৱাই চেন্দেল পিন্ধে। নীলা ফিটাৰ। চহৰৰ উপকণ্ঠত চাৰিআলিত এখন তেওঁৰ গেলামালৰ দোকান। দোকানৰ ভিতৰত এখন কাঠৰ চাপৰ চাং। তাত দুই-এটা আধা শেষ হোৱা চাউলৰ বস্তা মুখ মেলি বহি থাকে। মাজতে সাংঘাটিক ওখ হাত-থকা তেল পিচল এখন কাঠৰ চকী, য’ত হীৰেনদা কেতিয়াও বহা মই দেখা নাই আৰু চকীখন কেতিয়াও খালি হৈ থকাও দেখা নাই। এই

Read more

স্বপ্নভংগ – দিলুৱাৰা বেগম

মোবাইলটো কাষতে থৈ এনেই বিচনাত বাগৰি থকা ৰুলিয়ে, ফেচবুকৰ নটিফিকেচন অহাৰ টুং কৈ শব্দটোত মোবাইলটো উঠাই চালে। “অমিতাভ শৰ্মা চেণ্ট য়ু আ ফ্রেণ্ড ৰিকুৱেষ্ট” মোবাইল স্ক্ৰীনত জিলিকি উঠা আখৰকেইটা দেখি ৰুলি আচৰিত হ’ল। অমিতাভ শৰ্মা! অসমৰ ইমান বিখ্যাত অভিনেতাজনে ৰুলিক ৰিকুৱেষ্ট পঠাইছে? এইয়া সঁচা নে ফেইক একাউণ্ট বুলি ৰুলিয়ে লগে লগে তেওঁৰ ফেচবুকৰ প্ৰফাইলটো খুলি চালে। নাই নাই অৰিজিনেল একাউণ্ট। “স্ক্ৰীন শ্বট এটা মাৰি থওঁ সবকে দেখুৱাম” মনতে ভাবিলে ৰুলিয়ে৷ পিচে প্ৰাইভেট একাউণ্টৰ স্ক্ৰীন শ্বট মাৰিব নোৱাৰি। প্ৰমাণটোৱে ৰাখিব নোৱাৰি

Read more

ভুতৰ প’ষ্টমৰ্টেম – চন্দন মহন্ত

ৰাতিপুৱাই নিৰিবিলি গাওঁখন মুখৰ হৈ পৰিল। সকলোৰে মাথোঁ এটা কথাৰেই আলোচনা৷ সকলো ঠাইতে একেটাই কথা। জুহাল, চোতাল, পথাৰ, ৰাস্তা, মদ ভাঙৰ খোলা, চাৰিআলিৰ কেৰমৰ আড্ডা ক’তোৱেই বাকী নাই৷ চুবুৰীয়ে চুবুৰীয়ে মানুহবোৰ ভয়, বিশ্বাস-অবিশ্বাসৰ দোমোজাত একাকাৰ হৈ পৰিছে। “অ’ হয়নে বোলো কথাটো কি নো।” “হে হৰি। আপুনি শুনাই নাই হ’পায়৷ ভূত ওলাইছে ভূত৷” “ভূত? ক’ত? কেতিয়া?” “কালি ৰাতি বটানী স্কুলৰ ওচৰত।” মানুহবোৰ দৌৰিছে এটা নিৰ্দিষ্ট ঘৰলৈ। বেজ আহিছে জাৰিবলে। ঘৰৰ ভিতৰত পাটি এখনত অৰ্ধচেতন অৱস্থাত পৰি আছে মনোহৰ। মনোহৰ গাওঁখনৰ ভিতৰতে

Read more

হিম’গ্লবিন – চৈয়দা চেমিন ইছলাম

“কণাই হাঁহক, অন্ধই হাঁহক। বোবাই হাঁহক, কলাই হাঁহক। পাগলে হাঁহক, সুস্থই হাঁহক। মহিলাই হাঁহক,পুৰুষে হাঁহক। শিশুই হাঁহক,বৃদ্ধই হাঁহক! মুঠতে সকলোৱে মিলিজুলি হাঁহক। : দাদা, কি হৈছে আজি? কিহৰ ডায়লগ এইবোৰ? কিবা নতুন আৱিষ্কাৰ কৰিলে নেকি? : নহয়নো কি? আমাৰ নাৰ্চিংহোমৰ মেডিচিনৰ ডাক্তৰ আৰু পেথোলজিষ্টৰ কাজিয়া খনৰ কথাটো শুনা নাই নেকি আপুনি? : নাই নহয়। মাৰ অসুখৰ বাবে যোৱা দুমাহ ছুটি লোৱা নাছিলো জানো মই? কি হৈছেনো? ইমান বন্ধু আছিলচোন দুয়োজন ছাৰ! কওকচোন, কি কাৰণে কাজিয়া হৈছিল? : “বেছি বন্ধুত্বই বন্ধুৰ

Read more

হনিমুন ইন কেৰেলা – নয়নমণি দত্ত নেওগ

শুনিছা জানু… কোৱা… সদায়েইতো মই তোমাৰ কথাই শুনিয়েই আহিছোঁ। কি ক’লা তুমি… একো নাই অ’…তোমাৰ মিঠা মাতষাৰ শুনি থাকিবলৈ বৰ মন যায় বুলি কৈছিলোঁ অ’। এহ থোৱা থোৱা এতিয়া মিছা মাতিব নালাগে যোৱা। হেই এইজনী…ধেমালিও নুবুজে। অভিমানত মুখ ঘূৰাই বহি থকা জানু ওৰফে সিদ্ধাৰ্থই বৰ্ণালীৰ তুলতুলীয়া গালতে চিকুট মাৰি অভিমান ভাঙিব চেষ্টা কৰে যদিও সিও তাইৰ আঁৰ চকুৰতে দাঁত দুপাৰি মুখৰ ভিতৰতে কামোৰ মাৰি ধৰে। হ’ব হ’ব এতিয়া তেল মাৰিব নালাগে। সিদ্ধাৰ্থক ভেকাহি মাৰি পোনচাতেই বৰ্ণালীয়ে মিঠা মাতেৰে সিদ্ধাৰ্থৰ কান্ধতে

Read more

হাঁহিলে তুমি – কৌশিক জ্যোতি বৰা

“কিছুসময়ৰ পিছতেই আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিম, যাৰ বাবে আপোনালোকে ইমান ধৈৰ্য সহকাৰে অপেক্ষা কৰি আছে, আমাৰ সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গজেন হাজৰিকাক। তেখেতৰ বাদ্যযন্ত্ৰীসকলক বাদ্যযন্ত্ৰসমূহ সাজু কৰিবলৈ অনুৰোধ জনালোঁ।” – ঘোষকজনে ঘোষণাটো দিয়াৰ লগে লগেই প্ৰেক্ষাগৃহত হাতচাপৰি আৰু উকিৰ জোৱাৰ উঠিল। “সব ঠিকেই আছে, মাত্ৰ তাৰ নামটোহে বৰ কিবা আউটডেটেড হ’ল! এইটো যুগত আৰু গজেন, ভবেন এইবোৰ নাম থাকে নেকি? ধুৰ, কিযে নাম এটা ৰাখিলে আৰু তাৰ! আৰু নাম বিচাৰি নাপালে তাৰ মাক বাপেকে?” খং এটা উঠি

Read more

অণুগল্প – কুকি বৰা

(১) হাজৰিকানীয়ে ডক্তৰেট পোৱা খবৰটো বিয়পি পৰাত শুভাকাংক্ষীৰ লগতে আত্মীয়-স্বজনে ঘৰখনে ভৰি পৰিছে শুভেচ্ছা জনাবলৈ। এই সকলোবোৰ শুভেচ্ছাক তল পেলাই যেতিয়া পিছদিনা ওচৰৰে এগৰাকী মহিলাই জ্বৰৰ গাৰে আহি পুৱাই হাজৰিকানীৰ ঘৰত হাজিৰ হৈ ক’লে “ডাক্তৰনী বাইদেউ মোৰ জ্বৰটো চাই দিয়ক, কালিৰ পৰাই শুবই পৰা নাই”। হাজৰিকানীয়ে ভাবিছে পালোঁ সাহিত্যৰ ডক্তৰেট৷ কি কপাল হেৰৌ চাবলৈ পাইছো জ্বৰৰ ৰোগী”৷ (২) ল’ৰাটোয়ে খৰখেদাকৈ খোজ ল’লে দোকানলৈ বুলি৷ উদ্দেশ্য বহী এখন কিনা। দোকান পায়ে দোকানীজনক সুধিলে “খুৰা বহী আছেনে? বহি থকা দোকানীজনে ক’লে, হয়

Read more

সোঁত – মূৰ্চনা  শইকীয়া গগৈ

“মই আৰু  মোৰ জীউ’জনী মানে ৰিমজিম এজোপা নাৰিকল গছৰ তলত বহি আছিলোঁ। তাতে এখন দুজনীয়া চকী আছিল। আমি দুয়ো মৌন হৈ বহি আছিলো‍ঁ। তাৰপিছতে হঠাতে ওপৰৰ পৰা  কিবা  এটা সৰি পৰে। নিস্তব্ধতা বন্ধ হৈ পৰে হঠাতে। অতপৰে নৈখনৰ ফালে চাই  থকা আমি দুয়ো দুয়োৰে ফালে চালোঁ।এটা নাৰিকল সৰিছে। বালিখিনিত পৰি থুচ্ অকৈ অকণমান সোমাইছে বালিলৈ।” …এইদৰে গল্পটিৰ আৰম্ভণি কৰিছে তৃষাই। এবাৰ দুবাৰ কৈ কেইবাবাৰো পঢ়ি চাইছে বাক্য কেইশাৰী। ওঁহো নহৈছেগৈ। তাই আকৌ ফালিলে কাগজখন। ইতিমধ্যে কাগজ পেলোৱা বাকেটটো প্ৰায় ভৰ্তি

Read more

এই সময় সেই সময় – মাধুৰীমা ঘৰফলীয়া

পথটো নতুনকৈ মেৰামতি কাম চলি আছে। এক্সপ্ৰেছ হাইৱেৰ কাম। সমুখত লোকসভা নিৰ্বাচন গতিকে পথ নিৰ্মাণৰ গতিও তীব্ৰ হৈ আহিছে। ইফাল-সিফালৰ পৰা আহিব পৰা বহু সংযোগী পথ বন্ধ কৰি দিয়া হৈছে। হাইৱে হৈ যাবলৈ আগৰ চিনাকী সংযোগী পথবোৰৰ সলনি প্ৰায়ে অন্য পথৰ সহায় ল’ব লগা হৈছে। কিন্তু সকলোৱে সেইটো মানি লোৱা নাই , নিগনিৰ দৰে বন্ধ পথৰ মাজতে অকনমানি পথ উলিয়াই লৈছে। বিপদজনক বুলিও জানিও অকনমান সময় বচাবলৈকে সেই পথৰে আগবাঢ়িছে। হাইৱেটোৰ কাষতে থকা ছচাইটি এখনৰ টাৱাৰ এটাৰ বাৰ মহলাত থকা

Read more

প্ৰেমৰ ঘৰ – ৰাস্না পালক

:হেৰা… :বোলো শুনিছানে? এবাৰ দুবাৰ নহয় কেইবাবাৰো মাতিও পৰিবাৰৰ মাত নাপ‍াই দিবাকৰ বৰুৱা ভিতৰ পালেগৈ। শুৱনি কোঠা, আলহী চ’ৰা আনকি পাকঘৰতো নাপাই মানুহজনে খৰধৰকৈ গাধোৱা ঘৰতো ভুমুকিয়ালেগৈ। দুদিনমানৰপৰা বৰুৱাৰ পৰিবাৰ ভানুপ্ৰিয়াৰ ভৰিত বিষ এটাই লগ দিছে। যদি কেনেবাকৈ পিচলিছে! কথাটো মনলৈ অহাৰ লগে লগে প্ৰায় দৌৰি যোৱাদি বৰুৱা গাধোৱা ঘৰ পালেগৈ। অহ্ কলৈ গ’ল মানুহজনী? নাই যে নাই পায়খানা ঘৰতো নাই। তৎপৰতাৰে ফোনটো অফিচলৈ ওলাই যোৱা একমাত্ৰ পুত্ৰকে লগালে। :বাবা …মাৰা ঘৰত নাই। :…. :অ নাই অ….সকলোতে চাইছো মই। :

Read more
1 39 40 41 42 43 78