ফটাঢোল

নয়নমণিৰ পঞ্চামৃত – মনোজ নেওগ

কণামুনাকৈ সাৰ পায় খৰধৰকৈ ভাবিলোঁ চিঞৰটো ভ্ৰম নে সঁচাকে মোৰ নাম ধৰি চিনাকি মাত এটাই মালভোগ কল অনাৰ কথা কৈছে! চকু কাণ সতৰ্ক কৰি উমানতে মই ডাঙৰকৈ মাত দিলোঁ – : কোন ঔ…. ঠিকেই, শুনাটো মোৰ ভ্ৰম নাছিল, কথাটো সঁচা। এইকোবত কাণ টহটহাই যোৱাকৈ আহিল মাতটো, : ঐ, নয়নমণিৰ ঘৰলৈ বেগাই যাচোন। পেটেলাৰ দোকানত মালভোগ কল কেইটামান লৈ থোৱা আছে, লৈ যাবি। সিমানখিনি কথা কৈ শেষ হয় মানে মই প্ৰায় দিগম্বৰ ৰূপত আহি বাৰান্দা পালোঁহি৷ বিজয় ৰৈ আছে ছাইকেলৰ ওপৰত,

Read more

দুজন “জ্ঞানী” ব্যক্তিৰ সৈতে কথোপকথন – মাধুৰ্য্য গোস্বামী

: চাল্লা মই নাথাকিলে তাই লেখক হ’ব পাৰিলেহেঁতেন নেকি? হয়নে নহয় কওঁক আপুনি গোস্বামী। প্ৰচণ্ড ক্ৰোধ, ঈৰ্ষা আৰু ঘৃণামিশ্ৰিত সুৰত কথাখিনি কৈ মানুহজনে সুৰাৰ গিলাচটো খুব জোৰেৰে টেবুলত থেকেচা মাৰি থ’লে। ধম্‌কৈ উঠা শব্দটোত মোৰ চকীত হাউলি পৰা নিচাসক্ত দেহাটো সামান্য পৰিমাণে জিকাৰ খাই উঠিল। অত্যন্ত জোৰ প্ৰয়োগ কৰি মেলি ৰখা অৰ্ধ উন্মীলিত চকুৰে তেওঁলৈ চাই মই ক’লোঁ, : ঠিক কৈছে বৰুৱা। তাই উঠিছে আপোনাৰ কাকতখনত লিখাৰপৰাই, তাকো আপোনাৰ অনুগ্ৰহত। আমাৰ চেনেলে উঠাইছোঁ তাৰ বহুত পিছত। : তাৰ পিছতো তাই

Read more

জয় হৰি বোল.. – ভাস্কৰজ্যোতি দাস

গুণাৰাম বৰা ডি.আৰ.ডি.এ. অফিচৰ জ্যেষ্ঠ সহায়ক আছিল৷ বুৰঞ্জী থকা মানুহ৷ মানে পঢ়া-শুনাত কি আছিল সেয়ে জৰুৰী নহয়৷ এইজনাৰ বুৰঞ্জী চাকৰি কৰি থকা দিনৰহে৷ বিভাগীয় বস্তু সৰকোৱাত নাম আছে৷ একেদৰে দামোদৰ গোস্বামী জলসম্পদ বিভাগৰ মহৰি আছিল৷ কামৰ নামত নিজৰ চাইটলৈ গৈ খালাচী দুটামানৰ হতুৱাই দিখৌত মাছ-পুঠি দুটামান গোটাই ঘৰলৈ আনিব পাৰিলেই দিনটোৰ ডিউটি শেষ বুলি ধৰা মানুহ৷ পি.ডব্লিউ.ডি.ৰ অফিচত খালাচীৰ চাকৰি কৰা কচুৰ নামটো যে কেশবানন্দ দাস সেয়া বহুতেই নাজানিছিল৷ শশী ভুঞা তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ প্ৰ’মোচন পাই পাই হোৱা

Read more

ক্লিক – ডঃ প্ৰিয়ম বৰঠাকুৰ

বাছখনৰ পৰা নামি লাহে লাহে আগবাঢ়িলো। দেহাটো আজিকালি দুৰ্বল হৈ পৰিছে। বেলিৰ তাপে মোৰ শুকান দেহাটো শুহি নিয়াৰ উপক্ৰম কৰিছে। বেঙা মেলি চালো মই। হয়, শাৰীটোৰ শেষটো প্ৰৱেশদ্বাৰখনত শেষ হৈছে‌। সেই ঠাই পাবলৈ মোক আৰু বিশ মিনিট মানৰ প্ৰয়োজন হব বুলি মোৰ মনে ধৰিছে। এইয়া অৱশেষত মই প্ৰৱেশদ্বাৰখন অতিক্ৰম কৰিলো। মানুহজন আমাৰ গাওঁৰেই। তেওঁৰ পিতৃও এজন সফল ৰাজনৈতিক নেতা আছিল। পিতৃৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰই একে ৰাজনৈতিক দলটোৰ এজন সক্ৰিয় সদস্য হোৱাৰ সুবাদতে বৰ্তমান আমাৰ ঠাইৰ এগৰাকী প্ৰভাৱশালী বিধায়ক হিচাবে

Read more

প্ৰতিমুখ – সঞ্জীৱ মজুমদাৰ

এদিন সন্ধ্যা সাঁজ লগাৰ সময়ত চাণক্যই এগচি চাকি জ্বলাই মনোযোগেৰে ৰাজভঁৰালৰ কাম কৰি আছিল৷ তেনে সময়তে এজন বিদেশী পৰ্যটক আহি চাণক্যৰ ঘৰৰ দুৱাৰমুখত থিয় হ’লহি। চাণক্যই মূৰ তুলি আগন্তুকলৈ চালে। লগে লগে জ্বলি থকা চাকিগচি ফুঃ মাৰি নুমুৱাই দিলে আৰু বেলেগ চাকি এগচি জ্বলাই চাণক্য আগন্তুকৰ ওচৰ পালেহি আৰু মাত লগালে, : কওকচোন আপোনাক কিদৰে সহায় কৰিব পাৰোঁ। ইফালে চাণক্যৰ কাণ্ড দেখি আগন্তুক অপ্ৰস্তুত। তথাপি অসন্তোষীয়া মনেৰে নিজৰ পৰিচয় দিলে, : মোৰ নাম মেগাস্থিনিছ। মই ভাৰতলৈ আহিছিলোঁ এখন কিতাপ লিখাৰ

Read more

জাবৰ – ঋতুপৰ্ণ শৰ্মা

প্ৰত্যেক দেওবাৰৰ দৰে আজিও তেওঁ ৰাতিপুৱাই চাৰিআলিত বহা সাপ্তাহিক বজাৰখনলৈ ওলাই গ’ল। তেওঁ অৰ্থাৎ কনক হাজৰিকাই চাকৰিৰপৰা অৱসৰ লোৱা আজি প্ৰায় ছমাহমানেই হ’ল। প্ৰথম অৱস্থাত তেওঁ ভাবিছিল, বিদ্যালয়ৰ অধ্যক্ষ হিচাপে যিমান ব্যস্ততাপূৰ্ণ জীৱন কটাইছিল, অৱসৰৰ পিছত হয়তো কৰ্মহীন জীৱন এটা কটোৱাটো তেওঁৰ বাবে বহু কষ্টকৰ হ’ব। পিছে এতিয়া দেখোন সকলো ঠিকেই চলিছে। অত্যাধিক সময় হাতত থকা বাবে এতিয়া তেওঁ বহুতো আধৰুৱা কাম সম্পূর্ণ কৰিবলৈ সক্ষম হৈছে। বজাৰখন পাই তেওঁ চাৰিওফালৰ পৰিৱেশটো চাই অলপ আচৰিত হ’ল। কিবা যেন এক আচহুৱা পৰিৱেশে

Read more

বহাগী বিদায় ফেষ্টিভেল – ৰুবী বৰা বৰদলৈ

তিনি আলিৰ দীপেনৰ দোকানৰ সন্মুখত কেৰম-ব’ৰ্ড টঙনীয়াই থকা পিলিঙাকেইটাৰ দেখিবলৈহে চন-গুৰি নাই, পিচে সিহঁতকেইটাৰ সমান সংস্কৃতিবান ল’ৰা অঞ্চলটোতে নোলাব। ৰ’ব, দেখিবলৈয়ো চন-গুৰি নোহোৱা নহয়। এখন কাণত দুই-ইঞ্চি গজাল একোটাৰ সমান ফুলি। এখন হাতত দুই চোটা ৰড এডালৰ সমান খাৰু আৰু আনখন হাতত প্ৰায় পাঁচ বছৰৰ পৰা সংৰক্ষণ কৰি থোৱা ৰং উৱলি যোৱা, ৰাখী আৰু বিভিন্ন মন্দিৰৰ ধাগাৰ বান্ধোন। ডিঙিত শিকলি, ষ্টিলৰ থাম্ব্-ৰিং, ধান- খেৰৰ মেজি যেন কেশ-সজ্জা, কেঞা আঙুলিত কাউৰীৰ ঠোঁট যেন সুদৃশ্য নখ, কে’ পিৰ ৰঙেৰে বোলোৱা ব্লেক এণ্ড

Read more

চাবিত্ৰী-চত্যবান উপাখ্যান – মণিষা কাকতি

অৱশেষত সেই দিনটো আহি উপস্থিত হ’ল। যুগ্মজীৱন আৰম্ভ কৰাৰ এটা বছৰ সম্পূৰ্ণ হ’ল আজি। চাবিত্ৰীয়ে এটা এটা দিন হিচাপ কৰি গৈ আছিল। বিভিন্ন পূজা-পাতলৰ ওপৰিও এবছৰ সম্পূৰ্ণ হোৱাৰ তিনিদিনমান আগৰপৰাই তাই ব্ৰত ৰাখিবলৈ আৰম্ভ কৰি দিছিল। আজিৰ দিনটো তাইৰ বাবে এক প্ৰত্যাহ্বান স্বৰূপ। এবছৰ আগতেই এই প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ নিজকে সাজু কৰি তুলিছিল তাই। পুৱাৰপৰাই মনটো ইচাট-বিচাট লাগি আছে তাইৰ। অজান আশংকাত মাজে মাজে বুকুখন দুৰু-দুৰুকৈ কঁপি উঠে। শোৱাপাটি ত্যাগ কৰি এফালৰপৰা নিত্য নৈমিত্তিক কামবোৰ কৰি গৈছে যদিও মনটো ভালদৰে

Read more

হাঁহিলে তুমি মুকুতামণি সৰে – মানসী বৰা

আইনাৰ সুমুখত ৰৈ এপৰে দাঁতকেইটা ঘঁহি ঘঁহি ধুই কেইবাবাৰো নিকটাই নিকটাই চাই সি। দাঁতকেইটা চকচকীয়া হৈ থাকিলে হেনো মানুহক চাফা চাফা লাগে। আনৰ ক্ষেত্রতো সেই কথাটো সি বৰ মন কৰে। কিবা খালেই দাঁতত লাগি থাকিব বুলি ভাবি মুখ কুলকুলি কৰাৰ স্বভাৱ। বহুতৰ মতে তাৰ দাঁতৰ মেনিয়া। হয়, চিচৌৱে মানুহৰ দাঁত চায়৷ চাফা নে লেতেৰা৷ বেৰিয়া নে উজলা৷ খাৰে খোৱা নে হালধীয়া, ৰঙচুৱা। চিচৌৰ ভাল নাম চম্পক বৰুৱা। প্রতিবেশী বন্ধু-বান্ধবৰ বাবে সি চিচৌ। চিচৌ নামটো তাৰ কেনেকৈ হ’ল, কোনেও নাজানে। চিচৌৱে

Read more

চাকনৈয়া – শর্মিষ্ঠা দত্ত

বহুত দিনৰ মূৰত ৰঞ্জনক লগ পাম বুলি মনটো বৰ ভাল লাগি আছে আজি। ৰঞ্জন মােৰ সৰু কালৰ বন্ধু। কলেজৰ পাছত মই চাকৰি সংক্ৰান্তত বাংগালােৰলৈ গুচি অহাত বহুত বছৰেই তাক লগ পােৱা নাই। সি বা এতিয়া কেনেকুৱা হৈ আছে? ৰঞ্জন এতিয়া হায়দৰাবাদত থাকে৷ আজি এবছৰ আগতে চাকৰিত যােগদান কৰিছে হায়দৰাবাদত। দেৰি হ’ল তাৰ…. কেইবাবছৰৰ চাকৰিৰ খেলিমেলি মানে চাকৰি বদলি কৰি কৰি থাকিল গুৱাহাটীতে। এটা চাকৰিতো ভালকৈ মন নবহা হ’ল তাৰ। ইয়াৰ গুৰিতে প্রেম নামৰ সেই দূৰাৰােগ্য ৰােগ। কথাবােৰ ভাবি ভাবি মনতে

Read more
1 46 47 48 49 50 78