ফটাঢোল

ডায়েট চাৰ্ট – মৃদুল নাথ

ৰাতিপুৱাৰপৰাই আজি বৰুৱাৰ মনটো বেয়া। পুৱাই তিতা কেহা অলপ পালে মানুহজনীৰপৰা। অৱশ্যে পাবলগীয়া কথাই। আগদিনাই বৰুৱাই মানুহজনীক কথা দিছিল যে আজিৰেপৰা ৰাতিপুৱা পাঁচ বজাতে উঠি টাউনশ্বিপখনত এক চক্কৰ লগাব। পিছে নাই, তেওঁৰ বিচনা এৰাৰ কোনো উমঘামেই নাই! ইপিনে চাৰে পাঁচ বাজিবৰে হ’ল। প্ৰথমে তেওঁৰ পত্নীয়ে মৰমেৰেই মাতষাৰ দিছিল, “হেৰি, নুঠে নেকি? কেতিয়াবাই পাঁচ বাজিল। উঠক আকৌ। দৌৰিবলৈ যোৱাৰ কথা আছিল নহয় আজিৰেপৰা।” বৰুৱাই আগদিনাই এলার্ম দিয়াটো ঠিকেই দিছিল আৰু একান্ত বাধ্য মোবাইলটোৱে জগাইছিলেও সঠিক সময়তে। পিছে মোবাইলটোৱে অকল চেষ্টাহে কৰিব

Read more

আদৰুৱা ৰাঙলী – প্ৰণীতা গোস্বামী বৰঠাকুৰ

: ঐ ৰাঙলী, চুকত সোমাই উচুপি আছ যে, কি হ’ল? মোৰ মাত শুনি তাই আৰু বেছিকৈহে উচুপি উঠিল। ময়ো আচৰিত, ভেমত উফণ্ডি থকা এই ৰাঙলীজনীৰ আজি কি হৈছে! এনেয়ো তাই আমাৰ কেইজনীৰ লগত বৰকৈ কথা নাপাতেই, মালিকণী বাইদেউৰ অলপ আদৰৰ হোৱা বাবে তাইৰ গপটো বেছি। আমাৰ আগত অলপ লেভেল দি থাকে। বাইদেৱে তাইক আমাৰ পৰা অলপ নিলগায়ো ৰাখে অৱশ্যে। আমি কেইজনী বাইদেউৰ দৈনন্দিনৰ লগৰী। প্ৰতিদিনৰ কাৰ্যসূচীত আমাৰ কেইজনীৰ কাম সময় অনুযায়ী বেলেগ হয়। পুৱাৰ শীতলীজনী কেৱল বাইদেউৰ গাধোৱা সময়লৈকেহে আৰু

Read more

অহিংৰাজী – পৰীস্মিতা গগৈ

এইয়া, তিনি মাহত এইবাৰৰ সৈতে তিনিবাৰ এনেদৰে সাৱধান ভংগিমাত এওঁ‌ আৰু মই এই শীত তাপ নিয়ন্ত্ৰিত কোঠাটোত অস্বঃস্তিৰে বহি আছোঁ‌। আগৰ কেইবাৰৰ দৰে একেই ভংগিমাৰেই বিদ্যালয়খনৰ অধ্যক্ষ গৰাকীও আমাৰ সন্মুখৰ তেওঁৰ কোঠাৰ নিৰ্দিষ্ট চকীখনত বহি আছে। প্ৰায় এযুগ যেন লগা এক মিনিটমান সময় নিৰৱতাৰে পাৰ হোৱাৰ পিছত লাহেকৈ গলখেকাৰি এটা মাৰি তেওঁ‌ কোঁ‌চাই থোৱা ভ্ৰূযুগল আৰু অলপ বেছিকৈ কোঁ‌চাই এইবাৰ কৃত্ৰিম নম্ৰতাৰে কৈ উঠিল, “চাওক মিষ্টাৰ এণ্ড মিচেছ শইকীয়া। মই আগতেও কৈছোঁ‌ এতিয়াও কওঁ; জনাথনক আমাৰ স্কুলৰ পৰা লৈ যাওক।

Read more

ফিউজন – উৎপলা শইকীয়া

অৱশেষত শইকীয়াই সিদ্ধান্ত ল’লে, যি হয় হ’ব৷ নাটখনৰ সুত্ৰধাৰৰ ভাওটো তেঁ‌ৱেই গাই দিব৷ বাকীখিনি তেওঁ এৰি দিব পৰিৱৰ্তনকামী যুৱশক্তিৰ ওপৰত৷ ঘৰৰ আৰামী চকীখনত দেওবৰীয়া অলস আবেলিটোত গাটো এৰি দিলে অঞ্চলৰ সংস্কৃতিবান শিক্ষক মানস শইকীয়াই। মাজে মাজে তেওঁৰ ভাৱ হয় তেওঁ‌লোকৰ অঞ্চলৰ এইকেইজন যুৱক যদি কেনেবাকৈ জাপান বা আমেৰিকাত জন্মিল হয় তেনেহ’লে দেখোন তেওঁলোকে ফিউজনৰ নামত নেপচুন আৰু প্লুটো গ্ৰহ দুটাকো এটা কৰি পেলালে হয়। হৈ যোৱা ঘটনাৰাজিৰ বাবে মনৰ মাজতে গুৰুজনাৰ শ্ৰীচৰণত ক্ষমা ভিক্ষা মাগি পদুলিমূৰৰ নামঘৰটোলৈ চাই সেৱা এটি

Read more

এটা সত্তাৰ মৃত্যু – সঞ্জীব কুমাৰ ভট্টাচাৰ্য

গাড়ীখনৰ পিচে পিচে দৌৰি দৌৰি মাতিছে তাই অঞ্জনক, কিন্তু অঞ্জনৰ মুখত কোনো প্ৰতিক্ৰিয়া নেদেখিলে তাই। মানুহ চিনি পোৱাত তাইৰ কেতিয়াও ভুল নহয়, শাৰীৰিক অবয়ৱৰ পৰাই হওক বা চৰিত্ৰগত দিশৰ পৰাই হওক, নিজৰ পৰিচিত মানুহবোৰ চিনাত তাইৰ অসুবিধা কেতিয়াও হোৱা নাই। এইজন অঞ্জনেই আছিল, তাই নিশ্চিত। ক্লাছ ফাইভৰপৰা হায়াৰ ছেকেণ্ডাৰীলৈকে একেলগে পঢ়া ল’ৰাজন চিনাত তাইৰ অসুবিধা কেতিয়াও নহয়, তাতেই অঞ্জনৰ চেহেৰা পঢ়ি থকা সময়ৰ দৰে একেই আছে। অলপ অস্বস্তিত পৰিল তাই, অঞ্জনে তাইক গুৰুত্ব নিদিয়াত। তাইৰ দোকানখনৰ সন্মুখৰেই অঞ্জনৰ গাড়ীখন গ’ল

Read more

দেউতাৰ সংস্কাৰী পুত্ৰ – কাবেৰী মহন্ত

দেউতাৰ একমাত্ৰ পুত্ৰ সন্তান মই৷ হয়, ইয়াত আচৰিত হ’ব লগা একো নাই, মোৰ দৰেই আপোনালোকৰো বহুতেই হয়তো মাক দেউতাকৰ বংশৰ চিন একমাত্ৰ পুত্ৰ বা বংশধৰ৷ কিন্তু সকলো “দুৰ্ভগীয়া” বংশধৰেই এইটো কথাত নিশ্চয় একমত হ’ব যে এই বংশধৰ শব্দটোত আচলতে কিমান মানসিক চাপ থাকে! আপুনি সৰুৰেপৰাই আপোনাৰ বংশৰ নিকটতম লিংক মানে দেউতাৰ ইচ্ছা অনিচ্ছা মতেই কাপোৰ পিন্ধিব লাগিব, খোৱাবোৱা তেওঁৰ ৰুচিমতেই কৰিব লাগিব আৰু তেওঁ যদি ফুটবল ভাল পায় আপুনি এম এচ ধুনীৰ বেটিং বাদ দি ব্ৰাজিলৰ ফেন হ’ব লাগিব৷ মুঠৰ

Read more

গল্প নহ’বও পাৰে – ডলী তালুকদাৰ

“হাই! কি খবৰ লাইলী? তোমাক প্ৰায়ে দেখো ইয়াত।” “ও ৰক্সি! কি কৰিছা ইয়াত?” “মই মানে ইয়াত ফ্ৰেণ্ড্ এজনক ৱেইট কৰি আছোঁ।” “এনেকে চাৰিআলি চ’কত ছোৱালী এজনী ৰৈ ল’ৰা এজনৰ লগত সকলো সময়তে কথা পাতি থাকিলে ভাল নেদেখি। যোৱা ঘৰলৈ।” “এণ্ড্ ববচ্ ইজ্ নট্ এ গুড্ গাই। বি কেয়াৰফুল। বাই দা ৱে, আই এম ৰঘু নট্ ৰক্সি। হাঃ হাঃ ..” “হুহ! কটা নিধক ইংৰাজী শুনাইছে চোৱা। বোলো কোনোদিনে ইংৰাজী মিডিয়ামৰ স্কুলৰ বাৰান্দাত ভৰি দিও নোপোৱাটোৱে মোৰ দৰে গ্লেমাৰ গাৰ্ল জনীৰ আগত

Read more

স্বপ্ন-দুঃস্বপ্ন – উৎপলা কৌৰ

কস্তুৰীকাৰ আজিকালি অলপ অলপ কথাতে খং উঠি থাকে বুলি তাইৰ মানুহজন অৰ্থাৎ নয়ন আৰু জীয়েক ৰিয়াই প্ৰায়ে কয়। তাকে শুনি তাইৰ খং দুগুণে চৰে! অভিযন্তা নয়নৰ মতে তাইৰ মূৰত হেনো অলপ ‘ঘিউ’ কম আছে। ভগৱানে তাইক প্ৰাণভৰি ৰূপ দিওঁতে মগজত একো ভৰাবলৈয়ে সময় নাপালে। এইষাৰ কথা শুনি কস্তুৰীকাৰ আৰু মগজে কাম নকৰা হয়। ৰিয়া হাইস্কুল পালে। তাইৰ লগৰ ছোৱালীবোৰ নাচে-গানে, সাঁতোৰে সকলোতে পাকৈত। ৰিয়াকো কিবা-কিবি পাঠ্যক্ৰম বহিৰ্ভূত শ্ৰেণীত কস্তুৰীকাই নাম লগাই দিছিল। পিছে নয়নে তাইৰ পঢ়া চাবলৈ সময় নাপায়। কস্তুৰীকাই

Read more

জ্ঞানপীঠ বঁটা – বৰ্ণালী ফুকন

কিছুদিনৰপৰা নাম কৰা আলোচনী এখনৰ সম্পাদকজনে কিবা এটা লিখি দিবলৈ ফোনতে বৰ নেৰানেপেৰাকৈ ধৰিলে৷ মন আছিল যদিও ইমান উচ্চমানৰ লেখা এটা পটককৈ লিখি দিয়ক বুলি ক’লে লিখি দিবলৈ মোৰ দৰে লেখক এজনৰ বাবে লেচন প্লেন নোহোৱাকৈ শ্ৰেণীকোঠাত সোমাই থাকোঁতে পৰিদৰ্শক সোমোৱাৰ দৰে৷ পৰিদৰ্শকে সোমাই আহি আপোনাৰ লেচন প্লেনটো দিয়ক বুলিলে জীৱ উৰি যায়৷ মুখ ফুটাই ক’ব পাৰি জানো লেচন প্লেন লিখিব নাজানো বুলি? ক’লেই যমৰজাৰ দৰে উশাহ বন্ধ কৰাই তেওঁৰ কক্ষ পোৱাবগৈ৷ শিক্ষকৰ দৰে পদটো এৰি দিব পাৰোঁ নেকি? প্ৰথম

Read more

সোণৰ সংসাৰ – চৈয়দা চেমিন ইচলাম

১) প্ৰেমিক-প্ৰেমিকা নতুনকৈ কোম্পানী এটাত জব কৰিবলৈ লোৱা পিণ্টুক চিমিয়ে ক’লে, : আমাৰ গাঁৱৰ মানুহে নকলি সোণ চিনি নাপায় দিয়াহে। আচল সোণতেই ঠগ খোৱা মানুহ সিহঁত। তুমি মাথো মোক সোণৰ আঙুঠিটো দিবা, হৈ যাব। বাকীখিনি কিনা দিলেই হ’ল। সৰ্ব সন্মতিক্ৰমে বিয়াখন সুকলমে হৈ যোৱাটোহে আচল কথা আমাৰ৷ : পিচে, তুমি কি কৰিম বুলি ভাবিছা? জানাইতো আমাৰ ঘৰৰ মানুহখিনিক৷ সিহঁতৰ চকুত কেনেকৈ ধূলি মাৰিবা তুমি? : ময়ো তোমাক অকল আঙুঠিটোহে সোণৰ দিম। তোমাৰ মাৰাই দাবী কৰা সোণৰ হাৰডাল কিন্তু নকলি দিম।

Read more
1 47 48 49 50 51 78