ফটাঢোল

সোণৰ কলহ-যোগেশ ভট্টাচাৰ্য্য

তামোল পুতিবলৈ পুখুৰীটোৰ পাৰত সোণাৰামে গাত খান্দি থাকোঁতে সোণৰ কলহটো পালে। প্ৰায় তিনিকিলো মান ওজনৰ সোণৰ কলহটোৰ বজাৰ মুল্য কিমান হব ভাবি এবাৰ তাৰ মুৰটো ঘূৰাইছিলেই। তথাপি কোনোমতে নিজকে চম্ভালি সি কলহটো ডাঙি ঘৰলৈ নিলে আৰু তাৰ শোৱাপাটিৰ তলত গাত খান্দি পুতি থলে।  সেইদিন ধৰি সি ঘৰৰ পৰা কলৈও নোলোৱা হ’ল। এনেই পুৱা সন্ধিয়া সি এবাৰ গাওখনত এপাক মাৰেই। পুৱাৰ আৰু সন্ধিয়াৰ চাহ দুকাপ সি কাৰোবাৰ নহয় কাৰোবাৰ ঘৰত মেনেজ কৰেই। কিন্তু এতিয়া সোণৰ কলহটো কোনোবাই নিয়ে বুলি সি ঘৰৰ

Read more

পাপন : যোগেশ ভট্টাচাৰ্য

: অ’ই আমি এইবাৰ বেলেগকৈ বিহু পাতিম? চানা ভজাৰ পেকেটটোত থকা অৱশিষ্টখিনি মুখত বাকী দি চোবাই চোবাই বিপুলে ক’বলৈ ধৰিলে। নতুনকৈ বনোৱা সৰু দলংখনৰ সৰু আদ্দাটোত উপস্থিত থকা আটাইকেইজনে তাৰ কথাত হয়ভৰ দিলে যদিও বিষ্ণুৰ চকুত প্ৰশ্নবোধক চিন এটা দেখা গ’ল। পেকেটটো সি বিপুলৰ হাতৰ পৰা লৈ নিজৰ মুখত বাকী দিয়াত দুটা ফলা বুট তাৰ জিভাৰ আভ্যন্তৰীণ ভাগত পৰিলগৈ। সেই দুটাকেই তিনিবাৰমান চোবাই গিলি বিষ্ণুৱে ক’লে, : বিহু পাতিম বুলিলেই পাতিব পাৰিবি নেকি? পইচা নালাগিব? : পইচা আহি যাব। চান্দা

Read more

ফুল – ৰাজীৱ ডেকা

পুৱা চকু নেমেলোঁতেই কলিং বেল বাজিল। ঘড়ীত চাৰে আঠ। দুৱাৰ খুলি দেখোঁ অফিচৰ কৰ্মচাৰী নগেন। তাৰ চকুৱে মুখে পাৰ ভাঙি ওলাই আহিব খোজা উৎকণ্ঠা আৰু উচ্ছাহ। সুধিলোঁ, : কি হ’ল? ইমান পুৱাই যে। : কিয়! আপুনিয়ে দেখোন ফোন কৰিছিল কালি গধূলি!বস্তুখিনি আনিছোঁ। ফোন কৰাৰ পিছতে কিনি থৈছোঁ।কালিয়েই। মনত পৰিল যে কালি নগেনক ময়ে ফোন কৰিছিলোঁ। মালিকৰ ঘৰৰ সত্য নাৰায়ণ পূজাৰ ফুলকেইপাহ মালিকে মোকেই যোগাৰ কৰিবলৈ দিছিল। মইনো ক’ত ফুল বিচাৰি যাম! অফিচৰ পিয়ন নগেনকে দায়িত্বটো দিলোঁ। টকা বিশটা দিলেই এসোপা

Read more

“চ…ৰ্…গী..য় ৰাইচ!!(“অনসূয়া বৰঠাকুৰ)

ড° প্ৰসন্ন চলিহাক চিনি পাইনে? অৱশ্যে আপুনি যদি কাকত-আলোচনীৰ নিয়মীয়া পাঠক, অসমৰ চুকে-কোণে থাকিলেও ছাৰক চিনি নোপোৱাৰ প্ৰশ্নই নুঠে। তেখেত জয়মতী কুঁৱৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী হৈ অৱসৰ লোৱা আজি ১৪ বছৰেই হ’ল, এই বয়সতো অতুলনীয় কৰ্মস্পৃহাৰে, ছাৰে লিখি উলিয়াইছে সাতখনকৈ গ্ৰন্থ। সেয়ে অঞ্চলটোৰ লগতে জিলাখনৰো যিকোনো অনুষ্ঠানৰ চলিহা ছাৰ এগৰাকী নিৰ্ধাৰিত বিশিষ্ট অতিথি। তেখেতৰ ৬খন গ্ৰন্থ, অনাড়ম্বৰভাৱে ঘৰত আৰু ওচৰ-পাজৰৰ সৰু-সুৰা অনুষ্ঠানতেই উন্মোচন কৰা হ’ল। সেয়া সামাজিক মাধ্যমে ডেকা-বুঢ়া সকলোকে নিজৰ মায়াজালেৰে বেৰি পেলোৱাৰ আগৰ সময়ৰ কথা! প্ৰায় ৬

Read more

এজন বিশেষ মানুহ – অৰবিন্দ গোস্বামী

প্ৰকৃতিৰ বুকুত কি ৰহস্য লুকাই থাকে, কোনটো ঘটনাৰ আঁৰত কি উদ্দেশ্য আছে, সেয়া কোনেও নাজানে। তদুপৰি প্ৰাকৃতিক কিছুমান ঘটনা-পৰিঘটনাৰ ব্যাখ্যা কোনেও দিব নোৱাৰে। একবিংশ শতিকাৰ আৰম্ভণিৰ কথা। বিজ্ঞান আৰু প্ৰযুক্তিয়ে ইতিমধ্যে ভাৰতবৰ্ষতো প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰাৰ সময়।হঠাৎ যেন শামুকীয়া গতিৰ পৃথিৱীখনৰ কাম-কাজবোৰে দুৰন্ত গতি লাভ কৰিলে। বিজয় মহন্ত নামৰ ত্ৰিশোৰ্ধ ডেকাজন তেতিয়াও বিয়া নামৰ জটিল যন্ত্ৰটোৰ মাজত সোমাই ককবকাই আছিল।কোনোবাই তাক তিৰোতাসেৰুৱা বুলি ক’লে তাৰ খং উঠিছিল যদিও সি একো প্ৰতবাদ কৰিব পৰা নাছিল। পত্নীৰ অত্যাচাৰত অতীষ্ঠ হৈয়ো সি

Read more

কামত অহা বস্তু – ঈশানজ্যোতি বৰা

উপহাৰ দিয়াত আমাৰ চুবুৰীৰ ভদ্ৰেশ্বৰ খুড়াৰ এটা বিশেষ নাম আছে৷ খুড়াই লাপি-লুপা, অদৰকাৰী বস্তু মানুহক উপহাৰ নিদিয়ে৷ খুড়াই উপহাৰস্বৰূপে আগবঢ়াই ‘কামত অহা বস্তু’; যাক উপহাৰ-গ্ৰহণকাৰীয়ে ততালিকে কামত খটুৱাব পাৰে৷ বোধহয়, ভূ-ভাৰস্তৰ ক’তোৱেই ইমান নীতিনিষ্ঠ চিন্তা-ভাৱনা, ইমান সুগঠিত পৰিকল্পনা, অথবা পৰিশোধিত আঁচনি প্ৰস্তুত কৰি উপহাৰ দিয়া মানুহ নোলাব৷ খুড়াদেউৰ উপহাৰ নিৰ্বাচনৰ সমস্ত প্ৰক্ৰিয়া-পদ্ধতি মই মোটামুটি পোন্ধৰবছৰৰ পৰা স্বচক্ষুৰে দেখি আহিছোঁ৷ সেই চাক্ষুস অভিজ্ঞতাৰ ভিত্তিতে মই বুকু ডাঠ কৰি ক’ব পাৰোঁ যে, উপহাৰ প্ৰদানৰ সুবিশাল আৰু সুবিস্তৃত ইতিহাসত খুড়াদেউ এজন বিস্ময় পুৰুষ৷

Read more

হাঁহ – অমিতাভ মহন্ত

এইফালে সঞ্জীৱৰ ৰূমত খানাৰ যোগাৰ তুংগত৷ সকলোকে দায়িত্ব ভগাই দিয়া হৈছে৷ কলিতা আৰু বৰুৱাই গ্ৰন্থমেলাৰ পৰা বাহিৰে বাহিৰে খানালৈ আহিব৷ বৰঠাকুৰৰ হেনো কিবা হিচাপ নিমিলিল, গতিকেই নাহিল৷ এজ এক্সপেক্টেড্! বাকী সকলো সময়মতে হাজিৰ৷ দেৱজিতৰ ভাগত পৰিছে মছলা বটাৰ দায়িত্ব৷ পোন্ধৰজনৰ মছলা, ধেমালি নহয়৷ এইফালে সাতবজাত তাই সদায় অনলাইন আহে৷ অনলাইন আহিলেই চাগে! “তুমি অনলাইন নাথাকিলে মোৰ যে কেনেকুৱা অনুভৱ হয় তোমাক বুজাব নোৱাৰিম৷ কিবা যেন বুকুখন গধুৰ গধুৰ লাগে৷ উশাহ লওঁতে কষ্ট পাওঁ জানা৷ কিবা অস্থিৰ অস্থিৰ…” অন্তৰা, অন্তৰা গোস্বামী!

Read more

অতিথি-দিগন্ত কুমাৰ ভট্টাচাৰ্য‌‌‌

: বিয়া পাতি নিজকে ধ্বংস কৰিবলৈ গৈ আছ, ভাই। তই পুৰা মানুহটোকে সলনি কৰি দিব তোৰ ঘৈণীয়ে, নাকত ধৰি ঘূৰাব….কম ছলনাময়ী নে এই নাৰী জাতিটো!’ -সেয়া আছিল ৰুমমেট অৰূপৰ মাৰাঠী বন্ধু সাগৰলৈ সাৱধান বাণী। অৰূপৰ কথা শুনি মই চাৰে ছয় ফুট উচ্চতাৰ সদায় ‘জিম’লৈ যোৱা বিশালাকাৰৰ সাগৰক বিয়াৰ পিছত ঘৈণীয়েকে নাকত ধৰি ঘূৰোৱা ছবিখন কল্পনা কৰি সশব্দে হাঁহিলোঁ। : হ’লেও তোৰ সাহস মানিব লাগিব। আমি ভাই এতিয়াও মাহৰ পোন্ধৰ দিন মান পাছতেই আনৰ পৰা ধাৰ কৰিবলগীয়া হয়। মাহৰ শেষত এতিয়াও

Read more

মুখা- চন্দামিতা শৰ্মা

বগাত সেউজীয়া আৰু কমলা ৰঙৰ সৰু সৰু বুটা বছা  কপাহী কাপোৰযোৰ পিন্ধি তেওঁ লাহে লাহে ধীৰে গতিৰে ঘৰখনৰ মুখ্য দুৱাৰখনৰ প্ৰায় সম্মুখত থকা তুলসীৰ ঢাপটোত  লহপহীয়া    তুলসী জোপাৰ গুৰিত এলোটা  পানী  ঢালিলে।   ৰূপৰে তৈয়াৰী   চিকচিকীয়া লোটাটো  সুদৃশ্য মাৰ্বলেৰে বনোৱা ঢাপটোৰ একোণত থৈ হাত দুখন  ওপৰলৈ নি   সুৰ্য্য   প্ৰণাম কৰিলে।  ওচৰলৈ   দৌৰি আহি   ” আইতা ”  বুলি মাতি তেওঁক  সাবট মাৰি ধৰা আদৰৰ নাতি ল’ৰাটোক আলফুলেৰে দুগালত চুমা যাচি তাৰ লগত ধীৰে ধীৰে  ঘৰৰ  ভিতৰত সোমাল।  খোৱা টেবুলত  একলগে ৰাতিপুৱাৰ 

Read more

গোলাপী-সদানন্দ ভূঞা

ৰতনপুৰ গাঁওত গোলাপীক চিনি নোপোৱা লোক এজনো নাই । ৰতনপুৰ গাঁওৰ বাবে গোলাপী এক সন্ত্ৰাস । গোলাপী নিৰ্ভীক , সাহসী আৰু স্পস্তবাদিতাৰ প্ৰতীক । গোলাপী বগী নহ’লেও সিমান কলীও নহয় । মাগুৰ বৰণীয়া গোলাপীয়ে কেনেবাকৈ ডেকা ল’ৰাৰ পোচাক পিন্ধিলে পাহুৱাল ডেকা বুলি যে নাভাৱিব সেইটো নুই কৰিব নোৱাৰি । সুগঢ়ী আটিল চেহেৰাৰ গোলাপীৰ মন পাবলৈ ৰতনপুৰ গাঁওৰ বহু ডেকা বলীয়া যদিও তাইৰ আগত মনৰ বতৰা দিবলৈ কোনো এজনৰে সাহসে নুকুলায় । ৰতনপুৰ গাঁওত গোলাপীৰ অসংখ্য গুপ্ত নাম আছে । দন্দুৰী

Read more
1 3 4 5 6 7 78