ফটাঢোল

হুদে বৈতেলী-শ্ৰুতিমালা মিশ্ৰ

আঘোণা কাকা আমাৰ মামাহঁতৰ ঘৰত বান্ধা খাটে। ডেকা মানুহ, নগৰৰ চিনেমা হলত সেইবেলি ওলমিল “চামেলী মেমচাব”ৰ পোষ্টাৰ। গানবোৰ তামাম হিট। আঘোণা কাকাৰ মুখত এনীটাইম চামেলী মেমচাবৰ গানৰ সুৰ। কামৰ ফাঁকে ফাঁকে গানৰ বেসুৰা আৱাজে মামাহঁতৰ কাণৰ পৰ্দা ফালিবলৈ উপক্ৰম হ’ল। লাহে লাহে আঘোণা কাকাৰ “চামেলী মেমচাব” প্ৰীতি গাঁৱৰ সকলো মুনিহ-তিৰোতাই গম পোৱা হ’ল। সময়ৰ লগে লগে আঘোণা কাকাৰ সমূহীয়া নাম এটা দিলে সকলোৱে মিলি “চামেলী”। গাঁৱৰ মানুহখিনিৰ বাহিৰেও “চামেলী” ওচৰৰ-পাজৰৰ আনবোৰ গাঁৱৰ ৰাইজৰ মাজতো সমানেই জনপ্ৰিয়। মামাহঁতৰ গাঁওখন মাছৰ বেপাৰৰ

Read more

পুৰোহিতৰ বিলৈ-জয়ন্ত দাস

“সচ্চা! আয়ৈ দেহী৷” বোৱাৰীয়েক ৰীতাৰ কথাত শাহুৱেক বাসন্তী আনন্দতে জঁপিয়াই উঠিল৷ লগে লগেই তেওঁ বোৱাৰীহঁতৰ কোঠালৈ দৌৰ মাৰিলে৷ বোৱাৰীও শাহুৱেকৰ পিছে পিছে সোমাই আহিল৷ নাতিনী নিৰিবিলিক মৰমতে আকোঁৱালি ল’ব খুুজিও তেওঁ তৎক্ষণাত ৰৈ গ’ল৷ হাত দুখন পিছুৱাই আনিলে৷ বিছনাখনৰ ওপৰত বহি ম’বাইল পিটিকি থকা নাতিনীয়েকে একো নুবুজি তায়েই আইতাকৰ ফালে আগবাঢ়ি আহিল৷ : ৰ’বা, ৰ’বা৷ তুমি আগুৱাই নাহিবা৷ মোক নুচুবা৷  আইতাকৰ কথা শুনি তাই ভেবা লাগি মাকৰ ফালে চাই থাকিল৷ : আৰু বোৱাৰী শুনা, তুমি জনা-বুজা ছোৱালী হৈ তাইক এনেদৰে

Read more

ৰাধা-কৃষ্ণ-দিগন্ত কুমাৰ ভট্টাচাৰ্য‌‌‌

মূৰত সামান্য বিষ অনুভৱ কৰিছোঁ। হাতখনত বিষ, বোধকৰো কিলাকুটিৰ কাষত মাখিছাল এৰিছে। চকু মেলি উঠিবলৈ চেষ্টা কৰোঁতেই দেখিলোঁ, বহুকেইখন মুখ। এখন মুখ এজন বৃদ্ধৰ। চকুত খং-ক্ৰোধ। তাৰ কাষত দুখন মুখ। দুয়োখন মুখৰ অভিব্যক্তি – ‘তইতো মৰিলি আজি। আমিয়েই হিৰো হ’ম…’। আনখন মুখত অনুসন্ধিৎসা। চাৱনিত -‘কি কে’চ, মইতো বুজা নাই একো’। বহুকেইটা দুৰ্গন্ধময় নলা-নৰ্দমাৰ কাষতে কুলুকুলুকৈ নিৰ্মল পানী বৈ থকা নিজৰা এটি দেখিলে মনটো যেনেকৈ প্ৰফুল্লিত হয়, সেই আটাইবোৰ মুখৰ কাষতে ৰাধাৰ মুখখন দেখিও মোৰ তেনেই হ’ল। হেবাঙটোৰ দৰে মই ৰাধালৈ

Read more

পূৰ্বানুমান-ৰিমঝিম বৰঠাকুৰ

আৰু মোৰ হাতত মাত্ৰ ২৪ ঘণ্টা! আস্ ন’ নহয় ২৪ ঘণ্টা। খুউব বেছি ১৮ ঘণ্টা। ১৮ ঘণ্টাৰ পিছতে মোৰ হাতত আহি পৰিবহি ইমানদিনে সকলোৰে পৰা লুকুৱাই থোৱা কথাটো। মাত্ৰ এটা ৰিপোৰ্ট! সেই ৰিপোৰ্টেই নিৰ্ধাৰণ কৰিব মই এইখন পৃথিৱীত কিমান দিনৰ আলহী।  আহঃ মূৰটো কিহবাই হেঁচা মাৰি ধৰা যেন অনুভৱ হৈছে। বুকুখনো লাহে লাহে গধূৰ হৈ আহিছে। এনেকুৱা লাগিছে কোনোবাই যেন মোৰ বুকুত ডাঙৰ শিল এচটাহে বহুৱাই থৈছে। চিঞৰিব বিচাৰিয়ো চিঞৰিব পৰা নাই। ইমান চেষ্টা কৰিছোঁ কাৰোবাক মাতিবলৈ।কিন্তু গেঙনিৰ দৰে শব্দ

Read more

নাম তাইৰ চুইটি-অৰ্চন শৰ্মা

উঃ ৰক্ষা, কোনোমতে যে দৌৰি জঁপিয়াই পৰি-ধৰি হ’লেও বাছখন পালোঁ। বুকুখন এতিয়াও ঢপ-ঢপাই আছে, বাছখন ৰৈ দিলেই বুকুখন ঢিপিংকৈ মাৰে কিজানিবা তায়ে উঠিছে। চাৰ্টটোৰ বুটাম দুটা ছিগিল, হওক ইমানতে যে ৰক্ষা পৰিল! এক্কেবাৰে চাৰ্টটো আজুৰি আনিছিল মৰতীয়ে  “মোক কেনেকৈ এৰি যাৱ চাওঁ” বুলি… : ঔ দাদা, ভাড়াটো দিব… কাণৰ কাষতে চিঞৰ মাৰি দিয়া কণডাক্টটোলৈ বাৰুকৈয়ে খঙটো উঠিল, পৰা  হ’লে এইপাতক বাছৰ পৰাই দলিয়াই দিলোঁহেঁতেন। : ঔ দাদা ভাড়া… : হে ৰ’বাহে, পইচাটো উলিয়াবলৈ সময় লাগে নহয়! পেণ্টৰ পকেটত হাত ভৰাই 

Read more

কি সাজে শুৱাব- কমলা দাস

নয়ন আৰু পৃঞ্চীৰ মাজত এইটো কথাৰ কোনো দিনে মিল নাই আৰু ভবিষ্যতেও নহ’বও কিজানি! এক কথাত ক’বলৈ গ’লে তেল-পানী নিমিলাৰ নিচিনা কথা! এনেয়ে কিন্তু ‘হিৰ্ ৰাঞ্জাৰ’ দৰে ইটোৰ গাত সিটোৱে, মাখি এটা পৰিলেও মাখিটোকে ফেপেৰী পাতি ধৰে, বোলে মোৰ জানটোৱে কষ্ট পাবলৈ তই কিহলে গাত পৰিবলৈ আহিছ? একেটা থাপৰতে চেটেপ হৈ যাবি, চিনি পোৱা নাই! সেই হেন ইটোৰ ডিঙিত পানী ঢালিলে সিটোৰ ডিঙিত পৰা, নলে গলে লগা কাপ’লটোৰ অকল এইটো কথাতেই যি মিল নাই! মিল নাই মানে এই কথাটোক লৈ

Read more

লোভ-জয়ন্ত দাস

“নাযাবা নাযাবা সোণ মোকে এৰি থৈ আহাচোন কাষলৈ মোৰ নাচোঁ এপাক ঐ’ বাপ্পা ঐ কি ৰিং ট’ন! হে…ৰি ক’ত গ’ল? ফোনটো বাজি আছে শুনা নাই? সদায় সদায় অফিচত যোৱাৰ সময়তহে  আপোনাৰ টইলেট যাব লাগেনে? ৰীতাই টইলেটত সোমাই থকা গিৰিয়েক জীতেনক চিঞৰি চিঞৰি কথাখিনি ক’লে৷ : কিয়নো তেনেকৈ কোৱাহে? সদায় সদায় ক’তনো যোৱা দেখিলা? মাজে মাজেহে কেতিয়াবা মোৰ তেনেকুৱাখন হয়৷  জীতেনে ততাতৈয়াকৈ টইলেটৰ পৰা ওলাই আহি ফোনটো ৰিচিভ কৰিলে৷ : হেল্ল’ : ছাৰ নমস্কাৰ৷ মই ৰাজশ্ৰীয়ে লীয়া মটৰ্চৰ আসাম ৰিজিঅনেল অফিচৰ

Read more

নকইনাৰ নিয়ম!-উৎপলা কৌৰ

ঘৰখন এনেই সদায় নিমাওমাও হৈ থাকে। আওপুৰণি দুমহলীয়া বিল্ডিং এটাৰ পিছফালৰ, তলৰ মহলাৰ দুটা কোঠাত সিহঁত থাকে। গেটখন খুলি সোমাই গ’লোঁ। চোতালৰ ৰাস্তাৰ কাষৰফালে থকা ঘোঁৰা নিমডালৰ তলত চাকি এগছি জ্বলি আছে। ষ্ট্ৰীট লাইটৰ পোহৰে চৌপাশ পোহৰাব নোৱাৰা বহল চোতালৰ চৌহদটোত চাকিটো দেখি মনটো কেনেবা লাগি গ’ল। এইগছি চাকিয়ে যে কেতিয়াও মনত আশাৰ বন্তি নজ্বলায়। যোৱাজনৰ অভাৱৰ কথা সোঁৱৰাই দিয়ে। দীঘলীয়া কৰিড’ৰটোৰ অন্তত ওখ চিলিঙৰ প্ৰকাণ্ড কোঠাটো আৰম্ভ হৈছে। তাত প্লাষ্টিকৰ চকী এখনত গামোচা এখন পাৰি ফটো এখন সজাই থোৱা

Read more

এজনী মাইকী সিংহৰ সাধু-উজ্জ্বল দিপ্লু গগৈ

‘তাৰপাছত?’ – কথাখিনি শুনি আচলতে মোৰ হাঁহিম নে কান্দিম যেন লাগিল৷ ‘হ’বলৈ কি থাকিল আৰু, যি কৰিবলৈ আছিল তায়ে কৰি পেলালে ন৷’ – বন্ধুৱে মুখখন তললৈ কৰিলে৷  খং আৰু লাজত ৰঙাচিঙা পৰা বন্ধুক মই আড্ডাটোৰ মাজৰপৰা তুলি আনিছিলোঁ৷ মই আড্ডালৈ গৈ পোৱাত সেইদিনা অলপমান দেৰি হৈছিল৷ ইতিমধ্যে বন্ধুক আনকেইটা লগৰে দিয়া কামোৰৰ কোবত সৰু-সুৰা তৰ্কাতৰ্কি এখনেই চলি আছিল৷ মই গৈ পায়ে তাক আনবোৰৰ মাজৰপৰা আঁতৰাই আনিছিলোঁ৷ অলপমান মগজুটো ঠাণ্ডা হোৱাৰ পাছত তাক সুধিছিলোঁ ঘটনাটোৰ কথা৷  বন্ধুৱে কৈ গ’ল, “জিলমিল আহিছিল৷

Read more

প্ৰশান্তৰ চুমা-নাজিফ হাজৰিকা

: তই মুঠতে প্ৰমিজ কৰ। : নকৰোঁ। : কৰ, কৰিবই লাগিব। : নকৰোঁ। : গাড়ী ৰখা, এতিয়াই গাড়ী ৰখা। ৰখা গাড়ী।  প্ৰণামিকাৰ চিঞৰ বাখৰত প্ৰশান্তই গাড়ীখন ৰাস্তাৰ কাষলৈ নি ৰখাই দিলে। খিৰিকীৰ গ্লাছ দুখন নমাই দিয়াত দেওপাহাৰৰ চেঁচা বতাহ এজাক সোমাই আহিল ভিতৰলৈ। প্ৰণামিকাৰ কপালৰ ওপৰৰ দুডালমান চুলি বতাহত উৰি উৰি কোবাই গ’ল প্ৰশান্তৰ মুখমণ্ডলত। মুখখন পিৰপিৰাই গ’ল তাৰ। প্ৰণামিকাই কিন্তু বকিয়েই থাকিল –  : তই মুঠতে কেতিয়াও পলিটিক্সত জইন কৰিব নোৱাৰ। মই বেয়া পাওঁ এইবোৰ। প্ৰমিজ কৰ জইন নকৰোঁ

Read more
1 5 6 7 8 9 78