ফটাঢোল

ফটা লিমাৰিক-ধনজিৎ বৰুৱা

(১) মডেল অসম মুলুকতো হেনো বাইক মেনুফেকচাৰ হ’ব কোনোবাটো মডেলৰ নাম টেক্সাৰ তাৰ নামত থ’ব উৰন্ত বাইকে ৰেকৰ্ড গঢ়িব ‘পবন’ মই কোনে ধৰিব  বাপেকে বোলে  চা-চোন নুবুজে  মোৰ বংশ জানো ৰ’ব!  (২) ৰকষ্টাৰ তানপুৰা আধা টানি আকৌ  ধৰিলে সি সেই গীটাৰ ৰূমত সোপাই ৰকষ্টাৰ সংগীত বাপেকৰ উঠে মিটাৰ  শংকাত তেওঁৰ ডুবে মন  মনত পৰে নিজৰ ৰণ  বুজিবগৈনে বাপুৱে  মাহত লাগে মিঠাতেল কেই লিটাৰ ।  (৩) তৰক্কী মূল্যবৃদ্ধি যিমানেই হওক পো-পোৱালি কিন্তু এপাল  দুখীয়া গৰীবৰ হেনো এই দেশত হয় ফুটা কপাল  গণতন্ত্রত

Read more

লিমাৰিক-অনসূয়া বৰঠাকুৰ

                 (১) আইমণিয়ে গছকিলে ৰে’ড কাৰ্পেট, সেই খবৰৰেই আজি গৰম মাৰ্কেট! ঘৰৰজনীয়ে বোলে, “অহাবাৰ দলে-বলে আমিও যাতে যাব পাৰোঁ,লোৱা টাৰ্গেট”।                       (২) হঠাৎ শ্ৰীমান স্কুটীৰপৰা নামিল। হাঁহি হাঁহি ক’লে “হে’ৰা ভাল দিন আহিল, মোক যদি ভালপোৱা, ভাজি আনা মালপোৱা, ৰন্ধন গেছৰ দাম ন টকা কমিল”!!              (৩) কিহৰ দাম বাঢ়িছে অ’, তেল নে পানী? কেনেকৈনো জানিম! লোকেহে দিয়ে আনি। কৰি থাক পেংলাই, মোৰনো কি আহে যায়! এনেয়ো আমাৰ এওঁ দ্বিতীয় আম্বানী॥ ☆ ★ ☆

Read more

আপদীয়া পদ্য- হৰেশ্বৰ গোস্বামী

(১)  ধনীৰাম মহাজনৰ এটাই চিন্তা মাত্ৰ  জীয়েকলৈ লাগে হেনো ভাল এটি পাত্ৰ,  খোজ-খবৰ দশোদিশ  নাপায় একো উৱাদিহ  দিবলৈ ৰাজী আছে যত লাগে যোত্ৰ। (২) টাইম পাছ কৰিব বুলি খুলি ল’লে ফেচবুক ধুনীয়া প্ৰফাইল ফটো কৰি দিলে আপলোড, লাইক, কমেন্ট বাট চাই আহৰি তেও নেপায় প্ৰেম কবিতা লিখি দেখে ঘৈণীয়েকৰ মহাকোপ। (৩)   বাইক চলায় তীব্ৰ বেগে চেঙেলীয়া ডেকা  স্মাৰ্টফোনত কথা পাতে কৰি ডিঙি বেঁ‍কা  পৰিল কৰ্ফাল খাই  পদপথত খুন্দিয়াই  হস্পিতেল পাইগৈহে জীৱনটো ৰক্ষা। (৪) উতনুৱা ডেকা ল’ৰা কৰিবলৈ কাম নাই দোকানত

Read more

আপদীয়া পদ্য-কুমকুম শৰ্মাবৰুৱা

                 (১) সাপে বেঙক দেখিয়েই লগালে মাত হয় বোলো তুমি কোনফালে ল’লা বাট          বেঙে ক’লে তপৰাই          তুমিযে নাখাবলই  কি কৰোঁ মই ভাবিয়েই নাপাওঁ তত।                 (২) মদ-ভাং নাখাবানা প্ৰেমিকাই ক’লে  নাখাওঁ বাৰু কৈছোঁ উৎসৱ নহ’লে          ফুলশৰ্যা ৰাতিয়েই          দৰা ৰাজে ধৰিলেই কইনাই মা-বাপ সকলোকে স্মৰিলে।                    (৩) শিক্ষকে ক’লে শ্ৰেণীত নাপাতিবা কথা হয় ছাৰ আমি বাৰু নাপাতোযে কথা           হৰষিতে শিক্ষকেও            ভালকৈয়ে পঢ়ালেও ছাত্ৰই পিছে গান গায় ঘূৰাই মাথা।। ☆ ★ ☆ ★ ☆

Read more

ফটালিমাৰিক : ধনজিৎ বৰুৱা

১) একেখন কিতাপ পঢ়ি পণ্ডিত বৰ বৰ নিজ পন্থাৰে ঈশ্বৰ পাব কৰে খৰধৰ ইষ্ট গুৰু হায়ৰান তৰ্কত পণ্ডিত যুযুধান অধমে ক’লোঁ স্বৰ্গতে থাক সোনকালে মৰ। ২) নাচনীৰ খোপাত উঠি কপৌৱে গোটেই চহৰ চালে গায়ক ৰাইজক ওচৰৰ পৰা দেখি বহু চমক খালে চুবুৰীয়া বহু বাই ভনী সোপাই মানে ছিঙিলে আনি চাৰিখনমান মঞ্চ পাৰ হৈ কপৌৱে শুলে নাচনীৰ তালে । ৩) বহাগ মাহত ভৈলা বৰষুণ দ্বিতীয় কিস্তি নাই বাপুৰামে আঁচনিৰ ঘৰৰ পৰা জোন বিচাৰি চাই শন খেৰৰ চাপৰিটো বেদখল হৈ গ’ল হুঁচৰিত

Read more

উভতগোৰ-নীলাঞ্জনা মহন্ত

ক ক ক ক কককক্ক্… ডাক দিলেই ছাগলীজনীয়ে কুকুৰটোৱেও বোলে মিয়াওঁ বৰুৱাই বোলে আজি দেওবাৰ আজি এবেলা জিৰাওঁ৷ হেম্বে….. কুকুৰাটোৱে পাৰিছে হ’বলা কণী পুৱাই পাৰিছে আটাহ, বৰুৱানীয়ে বৰুৱাক লাহেকৈ হেঁচুকি কেতিয়াকে খাব পাম চাহ৷ ঔম জয় জগদীশ হৰি…. বি বি চিৰ ৰেডিঅ’ত হিন্দী ভজন পুৱাই শুনা বৰুৱানীৰ কাম সেই সময়তে বৰুৱাৰ গমন গা পা ধুই ৰুটিভাজি খুৱাম৷ ওৱাক থু…. বৰুৱানীৰ মুখ ধুই হয়গৈ মানে বৰুৱাৰো চাহৰ যোগাৰ হয় দাইনিং টেবুললৈ আদৰি মাতে চাহ লুচি ভাজি সজাই থয়৷ চেহ…. বৰুৱানীয়ে খবৰকাকত

Read more

ফটা লিমাৰিক-ধনজিৎ বৰুৱা

১)  একাল পঢ়িলোঁ একাল ভাবিলোঁ একাল বোলো কৰোঁ কৰিবলৈ গৈ পালোঁ সেকাটো কোন ফালেনো ধৰোঁ  লিখা পঢ়াবোৰ যথেষ্ট নহয় সমস্যাবোৰো ভয়ানক হয়  ভাৰসাম্য বজাই  কামবোৰৰ মাজত কোনটোনো এৰোঁ!  ২)  বান্দৰ এটাই গছৰ ডালত আছিল দুপৰত পৰি পঞ্চতন্ত্রৰ কিতাপখনৰ দুটামান কথা ধৰি  পৃথিৱীৰ সকলো ভাল কথা  জানিও নুবুজে বুজোৱা বৃথা  পৰিৱেশ ভেদে জাঁপ সকলোৰে জ্ঞান বৃক্ষৰ জৰী।  ৩)  মহামাৰীত বয় বস্তুৰ মূল্যবৃদ্ধি জনতা হৈছে কোঙা  কৰ’ণাৰ পাছত আকৌ যুদ্ধ তেজৰ পাতে ডোঙা জনা বুজাই পৃথিবী চলায়  বৰ জনাই সকলো জনায় স্বাৰ্থৰ

Read more

কমলৰ সংসাৰ-স্বপ্নালী কলিতা

কমলৰ কলথোকা মনাইক দিলে চাৰিকুৰি চাৰিটকা কেচ্‌ ধন পালে  বান্ধি ল’লে চুৰিয়াত খোজ ল’লে বহু বাট ফুৰ্টিপানীটুপি গিলি আংবাং গালে। ঘৈণীয়ে দেখি বোলে হেৰৌ শগুনেখোৱা  কলথোকা দি তাৰ ৰহইচটো চোৱা ল’ৰাহাল অনাহাৰ নাইপোৱা পাৰাপাৰ  যমেযে কিয় তোক বিচাৰি নাইপোৱা। চোঁচা মাৰি আহি বোলে কিনো কথা ক’লি  একে মাৰে চিধা কৰিম কৈ থ’লো ছ’লি ময়েই ঘৰৰ বচ্‌ নামাতিবি খচ্‌ খচ্‌ খাবলৈ নিদিলে দিম সকলোকে বলি। কি ক’লি ক’লি বোলো যহনিয়েনিয়া ভাবিছ তোৰ ভয়ত কঁপে মোৰ হিয়া  ময়ো কম বুলি ভাবি  সেই

Read more

পঞ্চপদী- হেমেন ডেকা

(১) ধাৰণা হয় তেওঁ যেন মধ্যযুগীয় ৰজা সাম্ৰাজ্যবাদীৰ সংগ লৈ পাই বৰ মজা অবিবেচক অচেতন অহংকাৰত পতন ওপৰ গধূৰ হ’ল উচ্চাকাংক্ষাৰ বোজা৷ (২) হঠাতে হেৰাল সহস্ৰজনৰ হৰ্ষ হিংস্ৰ নৰৰ সৰ্বনাশী সংঘৰ্ষ হায়েনাৰ চিৎকাৰ হৰিণৰ হাহাকাৰ হৰিৎ প্ৰান্তত ৰক্তবন্যা অনিবাৰ্য৷ (৩) তেজত তগবগাই থাকে যুঁজাৰু প্ৰবৃত্তি প্ৰতিপত্তিৰ যুঁজত হ’লে হওক বিপত্তি মাৰণাস্ত্ৰৰ গৰ্জন নিমাখিতৰ ক্ৰন্দন  জন্তুৰ সৈতে ৰিজালেও নাই কোনো আপত্তি৷ ☆ ★ ☆ ★ ☆

Read more

পঞ্চপদী -হেমেন ডেকা

(১) সন্মুখৰ পথত আছে সুউচ্চ থিয় গৰা! পৰিলেই শেষ- মুক্তি ইহজগতৰ পৰা৷ ক্ষণিকৰ জিৰণি, আশংকাৰ পোৰণি; তথাপি চলি থাকে অবিৰাম লৰাধপৰা৷ (২) গৃহস্থৰ চেহেৰা হৈছে যেন পেটাল খাহী! দবনি পিটি খায় তিনি সন্ধ্যা তিনি কাঁহী৷ বিধে বিধে লাগে ব্যঞ্জন, শ্ৰীমতীয়ে কৰে গৰ্জন; গালি শুনি শুনি শ্ৰীমানে থাকে মাথোন হাঁহি৷ (৩) শ্ৰীমতীৰ অন্তৰত হেনো এসাগৰ দুখ! গিৰিয়েকৰ মাতত নাপালে একোকে সুখ৷ কথাত ৰসেই নাই, কেৱল বলকি যায়; শ্ৰীমানে বোলে এয়া তোমাৰ কপালৰে দোষ৷ (৪) ওলাবই নোৱাৰি,জ্বলিছে বজাৰত জুই! পেটত গামোচা বান্ধি

Read more
1 2 3 35
error: Content is protected !!