ফটাঢোল

মাহবোৰৰ পদ্য – প্ৰাঞ্জল শ‌ইকীয়া

বহাগ প্ৰথম মাহ মনত দুগুণ সাহ মৰম দিবলৈ চেনেহীৰ ঘৰলৈ সঘনাই আহ-যাহ । এইবাৰ জেঠ আহিল গৰম দুগুণে বাঢ়িল গোটেই পিঠি ঘামচি উঠি অৱস্থা কৰিলে কাহিল । জন্ম মাহ আহাৰ মনত স্ফূৰ্টিৰ পাহাৰ জন্মদিন বুলি তাইক লগত তুলি ফুৰিলোঁ ইউ পি, বিহাৰ । শাওনৰ গেলা ডাৱৰীয়া বিয়পি পৰিল মেলেৰিয়া চিকিৎসা কৰাই ডিডিটি ছটিয়াই কোনোমতেহে এৰিলোঁ টান নৰিয়া । ভাদ মাহত ল’লোঁ নাম এৰি দিলোঁ আন কাম চাকি জ্বলাই দিলোঁ শৰাই ফুৰিলোঁ বৰদোৱা বৰপেটা ধাম । আহিনে আনিলে শাৰদী বা ৰংবোৰ

Read more

চন্দ্ৰবিন্দুৰ মায়া – জয়ন্ত আকাশ বৰ্মন

প্ৰতিপদৰ জোনবাই, বুকুতে সৰু তৰা এটি ল’লে, ক-ফলালৈ নামি আহিল, চন্দ্ৰবিন্দু নাম পালে৷ মই/আমি সদায় যিবোৰ ক্ৰিয়া কাম কৰোঁ, চন্দ্ৰবিন্দু বহুৱাই দিবা শেষত, কথাটি কৈ থ’লোঁ‌৷ গান গাওঁ‌, ভাত খাওঁ‌, ফুৰিবলৈ যাওঁ‌, -আৰু কত কিমান কাম, খেলোঁ, নাচোঁ, কথা পাতোঁ, -চন্দ্ৰবিন্দু শেষত চোৱা বহিছে থম-থম৷ গাইছিলোঁ, খাইছিলোঁ, গৈছিলোঁ, আৰু যিমান যি কাম কৰিছিলোঁ, চন্দ্ৰবিন্দুক বহুৱাই শেষত, শব্দটোৰ মোখনি মাৰিছিলোঁ৷ ঠিক আগে-পাচে থাকে যদি নাসিকা বৰ্ণ ঙ ঞ ণ ন বা অনুস্বাৰ, চন্দ্ৰবিন্দু নিদিবা নিদিবা তাত, নাই কোনো দৰকাৰ৷ শাওনত শুনো

Read more

বিগ-বচ – পূণ্য শইকীয়া

বাউন্সাৰ হুক কৰি মাৰিছিলো ছক্কা বল গৈ পঁহুচিল চিধাচিধি মক্কা এডিলেড পাৰ হৈ পাই গ’লো চিডনি একেজন মানুহৰে দুটা দুটা কিডনি আমীৰ নহ’লো নাই হ’ব খোজো চালমন কাটিব নোৱাৰো দাঢ়ি মুখ ভৰা শালমন প্ৰেমৰ উপমা দিলো লিকুইড আয়ৰণ একেশাৰী কবিতাতে নাম পালো বায়ৰণ চুট টাই সোলোকাই পিন্ধি ল’লো চাপকন ব্ৰেডমেন নাম গুচি নাম ল’লো বাপকণ নামাৱলী মেৰিয়াই ভাও ল’লো ভক্তৰ পাছফালে ডি-লিট আগফালে ডক্টৰ হাঁতুৰি গজাল হাতে মগজুৰ মিস্ত্ৰি ভূগোলৰ শাহুৱেক নাম তেওঁৰ হিষ্ট্ৰী নাচ দেখি মোক বোলে মাইকেল জেকচন

Read more

ফটা লিমাৰিক – হেমেন ডেকা

১) নিমাখিত হাঁহজাকৰ হ”ব নেকি বিলাই নিশ্চিত আপদ সৌবোৰ পৰিভ্ৰমী চৰাই সিহঁতৰ আছে চোকা ঠোঁট সঞ্চিত শক্তিও মজবুত নিউ নিউ কৰি ফেঁচাই দেখোঁ কুৰুলীয়ায়৷ ২) হাতেৰে নামাৰি মাৰিব দেশ কূট-বুদ্ধিৰে হাজাৰজনে দেখোঁ সোঁৱৰাই বাৰে বাৰে ৰজাৰহে সঁহাৰি নাই ৰাইজে কৰে হায় হায় হাদৈ আজিয়ে খাই ল বুলি কোনেনো সিঁয়াৰে৷ ৩) বৰ্তমান আশাহত ভৱিষ্যত অনিশ্চিত সপোন খাস্তাং বকে লাং পাং ভাং টানি অভিভূত৷ ৪) খায় বহু গৰিহণা নাই ক’তো অৰিহণা বুদ্ধি নৰম মাথা গৰম নিচাত লুপ্ত চেতনা৷ ৫) কৰ্মত শিথিল হাত

Read more

আপদীযা পদ্য – সোমকান্ত শইকীয়া

  ১) নীলা চকুৰ ৰহস্য ” তোমাৰ দুচকুত দুচামোচ সাগৰৰ নীলা” “ছিঃ ছিঃ দেখিলি সপোন মিছাই কল্পনা” এয়া যে এক নিৰ্মম প্ৰতাড়ণা ; নহয় সাগৰৰ নীলা — কাপোৰত দিওঁতে চিটিকি আহি পৰা মাথোন দুচামোচ উজালা —উজালা ॥ ২) “ৰঙা – চকুৰ অনুভৱ” মোৰ হেনো ৰঙা চকুক সমীহ কৰে কোনোবাই — ভাবিলেই কথাটো হিয়া মন শাঁত পৰি যায় । মোৰ কিন্তু চকু দুটা নিস্তেজ – নিৰ্বাক সেই বাবেই আজিও মই হওঁ অবাক এনেকুৱা দিবা স্বপ্ন জানো সঁচাই ফলিয়ায় ? ৩) “ফটা

Read more

লিমাৰিক – ৰাজীৱ শৰ্ম্মা

(১) সাদিনীয়া বিহু আমি মাহ জুৰি পাতো হিন্দী গীত গায়কৰ কাণ ফাটো ফাটো সম্পাদক হোৱা কিযে মস্তি টকা খাই শোওঁ মাৰি ফস্তি বাৰমাহ চলিবলৈ দুমাহতে ঘটো (২) বিয়া পাতি গম পালো তিৰোতাৰ মন আঙুলিৰ ঠাঁৰত নাচিলেহে ধইন্ হাতীৰ ভোজন তিৰোতাৰ মন হাৰিবা ভৰাব খুজি পেট আৰু মন (৩) বৰুৱাৰ পত্নী থাকে সাজি ৰাজৰাণী মুখৰ কথা যেন তাইৰ দৈৱবাণী বৰুৱাৰ আহৰি নাই খোৱা পিন্ধা যতনাই লেবেজান বৰুৱাৰ সুখ হ’ল পানী ☆★☆★☆

Read more

সপ্তাহৰ বাৰ – হিমাংশু ৰাজখোৱা

দেওবাৰ। দেওবাৰ মানে গাহৰি, বেলেগ ভাবিবলৈ নাই আহৰি! কেনেবাকৈ যদি বহিলো তিনিটা, আজি আৰু নাহে বেলেগ একো চিন্তা! সোমবাৰ। সোমবাৰ সদায় গহীন, কামলৈ ওলাই যায় নবীন প্ৰবীণ! কামৰ চিন্তাই মাথা খায় খুলি, ভাগৰত জিভা ওলাই সদায় গধূলি! মংগল বাৰ। মংগলবাৰ বৰ সাধাৰণ, বিশেষ হোৱাৰ একো নাই কাৰণ! দেখাক দেখি কোনোৱে ৰাখে উপবাস, দগৰা খানা পালে সিয়ো হয় বিনাশ! বুধবাৰ। বুধৰ অকণ level আছে, সপ্তাহৰ মাজত আছে! শনিবাৰ ওচৰ চাপে, পাই যাম একে জাপে!! বৃহস্পতি। অন্য নাম গুৰুবাৰ, আমাৰ বাবে একাকাৰ!

Read more

মোৰ লক্ষ্য – পদ্মজা বৰুৱা

মই বৰুণ গগৈৰ দৰে হ’ম সদায় হাঁহিমুখে ৰ’ম বাদ দিয়াহে বাদ দিয়াহে ক’লেও সদায় ৰাজনীতিতে ৰ’ম মই বৰুণ গগৈৰ দৰে হ’ম। মই হ’ম অনুৰাগ বাপন মহন্ত গীত গাই কঁপাম দিগন্ত চুমা খাই সৃষ্টি কৰিম নতুন বিতর্ক মই হ’ম অনুৰাগ বাপন মহন্ত। মই হ’ম মন্ত্রী হেমন্ত চমকৰ নাই অন্ত আঁচনিত চমক বাজেটত চমক এডভাণ্টেজ আছামক কৰি দিব খোজো আৰু ৰমক জমক মই হ’ম মন্ত্রী হেমন্ত। মই আইভিলতাৰ দৰে হ’ম চলচিত্ৰৰ নায়িকা হ’লেও ৰাজনীতিলৈও যাম ৰাইজৰ সমস্যা আওকাণ কৰি সদনত কেঁচুৱা ৰখা

Read more

সাম্প্ৰতিক কাল – প্ৰাঞ্জল শইকীয়া

সাম্প্ৰতিক কাল ভালে চিনে ভাল জাবৰে দেখে খাল ঈশ্বৰৰ লীলা মনিচক কিলা পৃথিৱীৰ এয়াই মায়াজাল। দেখিলে গছ হলা কুঠাৰ মাৰিবলৈ ওলা নিচিনে বন মোবাইলত মন কাম বুলিলে দূৰতে পলা। মন কৰিলেই চন বাকৰি মাটিতে ধন কৰিলে এলাহ বাঢ়িব বিলাস অহংকাৰ হ’লে জানিবা পতন। ☆★☆★☆

Read more

হাঁহি – পৰীস্মিতা দাস

ধুনীয়া এখনি মুখ যদিহে নাথাকে হাঁহি ওফোন্দাই বহি থাকিবা কোনেও নাচায় আহি ৷ হাঁহি থাকা ঘটি যাব অতি চমৎকাৰ দুখ বেদনা নহৈ হ’ব আনন্দ অপাৰ ৷ হাঁহিৰ আছে অনেক প্ৰকাৰ নহয় নিৰাকাৰ দুটি ওঁঠত দুটি চকুত অৱস্থিতি তাৰ ৷ অট্টহাস্য, কৃত্ৰিম হাস্য, মৃদু মধু হাস্য, কুটিল হাস্য, ব্যংগ হাস্য, প্ৰাণখোলা হাস্য ৷ খিলখিলাই মিলমিলাই মিচিকিয়াই হাঁহা হোঁহোৱাই খুকখুকাই হাঁহা মাথোঁ হাঁহা । থিয়ৈ থিয়ৈ বহি বহি বাগৰি বাগৰি হাঁহা চকুপানী ওলাই যোৱাকৈ হাঁহা মাথোঁ হাঁহা ৷ পেট যদি বিষাই গৈছে

Read more
1 28 29 30 31 32 38