ফটাঢোল

পঞ্চপদী- হেমেন ডেকা

(১) ধাৰণা হয় তেওঁ যেন মধ্যযুগীয় ৰজা সাম্ৰাজ্যবাদীৰ সংগ লৈ পাই বৰ মজা অবিবেচক অচেতন অহংকাৰত পতন ওপৰ গধূৰ হ’ল উচ্চাকাংক্ষাৰ বোজা৷ (২) হঠাতে হেৰাল সহস্ৰজনৰ হৰ্ষ হিংস্ৰ নৰৰ সৰ্বনাশী সংঘৰ্ষ হায়েনাৰ চিৎকাৰ হৰিণৰ হাহাকাৰ হৰিৎ প্ৰান্তত ৰক্তবন্যা অনিবাৰ্য৷ (৩) তেজত তগবগাই থাকে যুঁজাৰু প্ৰবৃত্তি প্ৰতিপত্তিৰ যুঁজত হ’লে হওক বিপত্তি মাৰণাস্ত্ৰৰ গৰ্জন নিমাখিতৰ ক্ৰন্দন  জন্তুৰ সৈতে ৰিজালেও নাই কোনো আপত্তি৷ ☆ ★ ☆ ★ ☆

Read more

পঞ্চপদী -হেমেন ডেকা

(১) সন্মুখৰ পথত আছে সুউচ্চ থিয় গৰা! পৰিলেই শেষ- মুক্তি ইহজগতৰ পৰা৷ ক্ষণিকৰ জিৰণি, আশংকাৰ পোৰণি; তথাপি চলি থাকে অবিৰাম লৰাধপৰা৷ (২) গৃহস্থৰ চেহেৰা হৈছে যেন পেটাল খাহী! দবনি পিটি খায় তিনি সন্ধ্যা তিনি কাঁহী৷ বিধে বিধে লাগে ব্যঞ্জন, শ্ৰীমতীয়ে কৰে গৰ্জন; গালি শুনি শুনি শ্ৰীমানে থাকে মাথোন হাঁহি৷ (৩) শ্ৰীমতীৰ অন্তৰত হেনো এসাগৰ দুখ! গিৰিয়েকৰ মাতত নাপালে একোকে সুখ৷ কথাত ৰসেই নাই, কেৱল বলকি যায়; শ্ৰীমানে বোলে এয়া তোমাৰ কপালৰে দোষ৷ (৪) ওলাবই নোৱাৰি,জ্বলিছে বজাৰত জুই! পেটত গামোচা বান্ধি

Read more

ফটালিমাৰিক-ধনজিৎ বৰুৱা

(১)  অ বাপু ৰচনা আকৌ আচঁনি  উলাব কৰিছে ঘোষণা ধৰুৱায়ো ধাৰ পাব ,চাউল, ঔষধ, মদ, স্বৰ্গৰ সূচনা  মৰিম মাত্র মাজত থকা  দুয়োফালে দিব বাঘঢকা  গুটি খাবলৈ নোপোৱা এনুৱা অৰ্থনীতিৰ  মৰণা (২)  কেটেৰেক্ট কাটি ককাই যেতিয়া পিন্ধিলে  চশমা কলা  ডাক্তৰক সুধিলে বোপাই কাটি কুটি কি লগাই দিলা  ককা সেয়া নতুন লেন্স  দেখিব ধুনীয়া মাৰিব ডেন্স ককাই বোলে আইতাৰৰ পুৰণি দিন মনত পেলোৱাই দিলা।  (৩)  দুটামান  বনিয়া বৰমুৰীয়া  হৈ পৰে যদি ক্ৰুদ্ধ বাকী দেশৰ মন নহলেও হয় বিশ্ব যুদ্ধ  পণ্ডিতৰ শকতি নাই 

Read more

লিমাৰিক-স্বপ্নালী কলিতা

১// সমাজত লেখকৰ অভাবেই নাই দ-বাম সকলোতে বিচাৰিলেই পাই কাৰোবাৰ বিলাসিতা চিৰিয়াচ্‌ নো কেইটা  কথা ক’লে লাগে লেঠা দুখো লাগে হায়।  ২/ নাম এটা কমাবলৈ বৰ মান যায়  কিছুমানে য’তে ত’তে খুঁটিয়াই চায়  চকুমুদি গুটি মাৰে ভাবি থাকে য’তে পৰে সাহিত্যৰ ৰূপৰস বড়ি কৰি খায়।    ৩/ চৰকাৰী চাউল আনি চোতালত থৈ মাতিলেহি হেৰা বুলি ঘৈণীক লাহেকৈ অৰুণোদয় আঁচনি  আলাসতেই বাচনি  কণা বিধাতাই চালে চকু মেলি অই। ৪// বলেনৰ পানীটুপি খোৱা বেছি হৈছে  ঘৈণীয়ে বোলে তেনেই ৰসাতলে গৈছে  মহাধোদ হ’ল হায় 

Read more

পঞ্চপদী – হেমেন ডেকা

(১) জাতিদ্ৰোহীৰে সনা-পোটোকা, নেতা চমৎকাৰ! ৰাইজৰ মনৰ পৰা সেইবাবেই বহিষ্কাৰ৷ ভেবাহঁতক দিছিল পাঠ, খিলঞ্জীয়াক মাৰিছিল লাথ৷ ক্ষমতা হেৰুৱাই এতিয়া কৰি আছে হাহাকাৰ৷ (২) বিক্ৰেতাই মাৰি থাকে মাখি। লেখকে ভাবে কি হ’ব লিখি। পঢ়া লোক কম, পুথি দ’ম দ’ম, ম’বাইল লৈয়ে আমি সুখী৷ (৩) উদৰ পূৰাই খাম ভোগালীৰ ভোজ-ভাত। ক’ৰোনা হ’লে হওক- ভাবিবলৈ নাই তাত। ওৰে ৰাতি কৰিম স্ফূৰ্তি, হেৰালে হেৰাব দে চুৰ্তি, উৎসৱৰ বতৰ যে- তত নাইকিয়া গাত৷ ☆ ★ ☆ ★ ☆

Read more

লিমাৰিক -স্বপ্নালী কলিতা

১// মাঘে আহি জপনাত কৰে ঘট্‌ঘট মই বোলো তহঁতেই হৱ যতচব নোসোমাবি ভিতৰলে বিহু-চিহু নাই হ’লে লাং খাই পৰি আছোঁ পৰিয়ালৰ সৱ। ২// পিঠাগুৰি নাৰিকল আৰু তিলৰ লাৰু। সকলোৱে কান্দি কান্দি বহি আছে আৰু। হায় বিধি হ’ল কি, বিহু বুলি পিঠি দি, গৃহস্থয়ে আমাক এৰি ল’লে কিয় গাৰু? ৩// কেকনিতে মিউজিক গীত হ’লে নাই চুবুৰীয়াই বোলে ইহঁত উঠিচেনে পাই চুঁচৰি বাগৰি উঠি পানীটুপি তপত কৰি ডিঙি তিয়াবলৈ হৰি শক্তি দিয়া হায়! ৪// ভয়তে বিতত হ’ল সকলোবোৰ দেই। অমিক্ৰণে পালে বুলি

Read more

আপদীয়া পদ্য -অনসূয়া বৰঠাকুৰ

                  (১) পঢ়া-শুনা, খেলা-ধূলা একোতে নহ’ল। সেই দুখ লৈয়ে মাক সিপুৰীলৈ গ’ল। ৰাজনীতিত দি যোগ, এতিয়া কৰিছে ভোগ, ভাগ্যৰ বলত হেনো সঞ্চালকো হ’ল।                 (২) ডাক্তৰ নহ’লেও কওঁ, এটা কথা ঠিক; টেষ্ট কৰালে ‘অ’মিক্ৰণ’ পাবই সঠিক। এই যে কয় ‘চৰ্দি জ্বৰ’, খেল কিন্তু ভাইৰাছৰ, ফটা মুখেৰে ইয়াতকৈ নকওঁ অধিক!                  (৩) কবি, সাহিত্যিক বোলে আছে ঘৰে-ঘৰে। ফৰ্মূটি মাৰিলেও কবিৰ গাতে পৰে। সকলোৱে লিখা দেখি, মাজে-মাজে থাকোঁ লিখি, জানো পাই কবিতাত পৰে নে নপৰে! ☆

Read more

ফটালিমাৰিক- ধনজিৎ বৰুৱা

১) সামাজিক আমি সমাজৰ সকলো কৰিম (নলগাওঁ যদিও হাত)। বেপাৰ পথাৰ সকলো সোণ হ’ব (আমাৰ অংশ তাত)। সভাপতি সম্পাদক বিত্ত-সচিব, শ্বহীদ হোৱাটো সঁচাই নচিব, গৰিহণা দিওঁগৈ  ব’ল সৰুপোনা মানুহবোৰ মাত।  ২) নিচা  হ’ব পাৰে নিচাৰ পানী থকা পাত্রটি বৰ থুনুকা। বটল গিলাচৰ মৃদু খুন্দাত কাণত বাজে মধুৰ জুনুকা। ছিয়েৰচ টু দা টিয়েৰ্চ, পাত্র ভেদে গিয়েৰচ, বিভিন্ন গুণৰ জুই দাদা কিছুমান নিচা বিনে সেমেকা। ☆ ★ ☆ ★ ☆

Read more

ফটা কবিতা-মিলন চন্দ্ৰ দাস

লকডাউনত খালোঁ চুলাই, পালো পুলিচৰ ধুলাই। জ্বলাই ল’লো এটা বিড়ি, কাষৰ মানুহে গালি দিলে, যা হতচিৰি। পান খাই পেলালোঁ ৱালত পিক, এজনে গতিয়াই কৰিব দিলে স্বভাৱ মোৰ ঠিক। মোৰ নাই কোনো চাকৰি, ধৰা পৰিলোঁ মই চুৰ কৰি। ৰাইজে ভাঙিলে কোবাই মোৰ হাত ভৰি। পুলিচে কোনোমতে লৈ গ’ল মোক ধৰি। হস্পিটালত চলিল মোৰ ৰোগৰ চিকিৎসা, পুলিচ, ডাক্তৰে সুধিলে মোৰ শেষ ইচ্ছা। পাপী জীৱ মই অনাহুত মোৰ প্ৰাণ শৰীৰটো মই দিব খোজোঁ আপোনাসৱক দান। ☆ ★ ☆ ★ ☆

Read more

ফটালিমাৰিক-ধনজিৎ বৰুৱা

১) চিন্তা সাতামপুৰুষীয়া ঘৰৰ বাটাম আছিল লুকাই পোক   বাহিৰৰ খোলা একে ৰাখি কমোৱা নাছিল চোক  পণ্ডিত ককায়েক  মাত্র কথাত বাকীকেইটাৰ নাই সজাত কুটকটনি শুনি ঘৰত বহি চিন্তাত থোলোক। ২) সাৱধান আৰ্কিমিডিছৰ দৰে গা-ধোৱা ঘৰৰ পৰা ছিঙি তৰানৰা ওলাই দৌৰিল বাটলৈ শ্রীমান  হতভাগা বৰা  সাপৰ দৰে ক’লা দীঘল  ভয়ত চাবোনতো খালে পিছল  সাৱধানে থাকক দেই নকল চুলিৰ বেণীৰ পৰা। ☆ ★ ☆ ★ ☆

Read more
1 2 3 4 5 6 38