ফটাঢোল

আংবাং বেবেৰিবাং-সদানন্দ ভূঞা

আজিকালি কি হ’ল জানো,লিখা-মেলা কৰিবলৈ দেখোন বৰকৈ মনেই নোযোৱা হ’ল।’ফটাঢোল’ৰ পুৰণিখিনিৰ বহুতই চাগে মোক পাহৰি গ’ল।নতুনকৈ অহা সকলেনো ক’ত চিনি পাব! পিচে ফটাঢোলৰ ই-আলোচনীখনৰ বাবে ঢোল বজালে অমুকাৰো দেখোন এপাক বজাই চোৱাৰ হেঁপাহ জাগে।পিচে বজাওঁনো কি? বৰকৈ ফটাঢোল বজাবলৈ এৰাৰেপৰা মগজু দেখোন মামৰে খালে। তথাপিও আংবাং বেবেৰিবাং এচাপৰকে বজাই চাওঁচোন।আপোনাসৱে ভাল পালে হাত চাপৰি মাৰিলেহে ৰগৰ উঠিব দিয়কচোন।                                    (১) তিনি বছৰ আগৰ কথা।নিশা হেমন্ত কাকতিদেৱে দোকানৰ চাটাৰ বন্ধ কৰিবলৈ ওলাইছিল হে মাত্ৰ।এনেতে বুকুত চকু লগা দ’ত এটা সন্মুখত হাজিৰ।

Read more

আলাপ – বাৰ্তালাপ….ৱিথ ‘হংসৰাজ’-দীক্ষিতা বৰা

নমস্কাৰ! দৰ্শকৰ প্ৰিয় অনুষ্ঠান ‘আলাপ-বাৰ্তালাপ’ৰ আজিৰ খণ্ডটি আৰম্ভ কৰিবলৈ লৈছোঁ মই নীলপৰীয়ে। প্ৰিয় দৰ্শক, আমাৰ এই সাক্ষাৎকাৰ অনুষ্ঠানলৈ আজিৰ অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছো এজন বিশিষ্ট কবিক, তেখেতৰ নাম হৈছে শ্ৰীমান বিজয় হংসৰাজ মহন্ত। আহকচোন তেওঁৰ সৈতে চিনাকি হওঁ। নীলপৰী: নমস্কাৰ হংসদাদা। মলমলীয়া হাঁহি এটা মাৰি দুয়ো হাত যোৰ কৰি মূৰটো সামান্য ওপৰলৈ দাঙি অতিথিয়ে প্ৰতি নমস্কাৰ জনাবলৈ চেষ্টা কৰিলে।তেওঁৰ মুখেৰে ওপৰলৈ উৰি গ’ল কিছু বগা ধোঁৱাৰ এটা ফোৱাৰা, আৰু ৰজনীগন্ধাৰ অণু পৰমাণু বতাহত বিয়পাই তেখেতে কৈ উঠিল…. অতিথি: নমঃকা।

Read more

মীনা বেন-পংকজ কুমাৰ নেওগ

১৯৮৪ চনৰ জানুৱাৰী মাহৰপৰা ১৯৮৬ চনৰ জুলাই-আগষ্ট মানলৈ মই পেট্ৰ’লিয়াম ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউনিভাৰ্চিটি অব ওকলাহোমা (University of Oklahoma)ত আছিলোঁ। ইউনিভাৰ্চিটিখন ওকলাহোমা চিটিৰপৰা প্ৰায় ৩০-৪০ মিনিটমান দূৰৈত নৰ্মেন নামৰ এখন মফচলীয় চহৰত অৱস্থিত।এতিয়া নৰ্মেনখন কিমান প্ৰসাৰিত হ’ল নাজানো কিন্তু সেই সময়ত আছিল এখন ‘Sleepy Town’ বা ‘নিদ্ৰামগ্ন’ সৰু চহৰ।ইউনিভাৰ্চিটিখন লৈয়েই সৰু টাউনখন গঢ়ি উঠিছে। মই মিচেছ ক্লেয়ৰ হলেণ্ডাৰ নামৰ ৭৫ বছৰীয়া বিধৱা মহিলা এগৰাকীৰ ঘৰত কোঠা এটা ভাড়া লৈ আছিলোঁ। ঘৰটোৰ তলৰ মহলাত ঘৰৰ মালিকনী নিজে

Read more

ব্ৰিটিছ এয়াৰৱেজৰ ফ্লাইট ৫৩৯০ – এক অবিশ্বাস্য কাহিনী পংকজ কুমাৰ নেওগ

১৯৯০ চনৰ ১০ জুন তাৰিখে ব্ৰিটিছ এয়াৰৱেজৰ ৫৩৯০ ফ্লাইটত ককপিটৰ উইণ্ড’শ্বিল্ড খুলি যোৱাৰ ফলত  বিমানখনৰ অধিনায়কজনক বতাহে টানি বাহিৰলৈ উৰুৱাই নিয়াৰ দৰে এটা ভয়ঙ্কৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই ভয়াৱহতাৰ মাজতো কেবিন কৰ্মচাৰী আৰু যাত্ৰীসকলৰ দ্ৰুত চিন্তা আৰু বীৰত্বপূৰ্ণ কাৰ্য্যৰ ফলত বিমানখন নিৰাপদে অৱতৰণ কৰাৰ লগতে অৱলীলাক্ৰমে অধিনায়কজনৰো জীৱন ৰক্ষা পৰিছিল। ব্ৰিটিছ এয়াৰৱেজৰ ৫৩৯০ নং বিমানখন আছিল ইংলেণ্ডৰ বাৰ্মিংহামৰ পৰা স্পেইনৰ মালাগালৈ নিৰ্ধাৰিত এখন যাত্ৰীবাহী বিমান। বিএচি ৱান-ইলেভেন নামৰ এই বিমানখন আছিল টুইন ইঞ্জিনৰ উৰাজাহাজ আৰু এইখনে ১১৯ জন যাত্ৰী কঢ়িয়াই

Read more

দুৰণীৰ ৰঙবোৰ-অগ্নিভ দত্ত

“আবে.. ফাটাফাটি বনাইছে বে। উহ… মধুৰীয়ে কি এক্টিং কৰিছে .. ফালি দিছে বে-“ দাদুলে চিনেমাখন শেষ হোৱাৰ লগে লগে প্ৰায় চিঞৰি উঠাৰ দৰেই কৈ উঠিল কথাখিনি।  : ঐ.. ব’ল ব’ল । ফাণ্ডা পিছত দিবি।‌ ”ম’ম ঘৰ” যাওঁ ব’ল… জল্দি, বৈদ্য ভোক লাগিছে-  এইবুলি অভি মানে অভিনাশে গোটেইকেইটাকে ক’লে। : ঐ অভি, ম’ম’  খায়েই যাওঁ ন। ছটা বাজিছেহে”-  এইবুলি ভাৰ্গৱেও ওলায়েই মাত লগালে। ম’ম’ নামটো শুনাৰ পিছত আৰু কাৰো‌ না কোৱাৰ যেন সাধ্যই নাই, এনে এটা অৱস্থাৰে গোটেইকেইটাই ‘অঁ.. অঁ বুলি

Read more

ধীৰে ধীৰে হেৰাই যায় আৱেলিৰে ৰ’দালি-জয়ন্ত কুমাৰ ডেকা

নিউজ পেপাৰ….. পানবজাৰ…..লুইতৰ পাৰ……। সমবাহু ত্ৰিভুজৰ প্ৰয়োজনীয় তিনি কোণৰ দৰে এই তিনিটা বিষয়ো মোৰ জীৱনৰ অবিচ্ছেদ্য। ইয়াৰে দুটা জীৱন-যাপনৰ আৰু এটা জীৱন উদযাপনৰ। কেতিয়াবা অৱশ্যে জীৱন উদযাপনৰ ‘কোণ’টো লুইতৰ পাৰত নগঢ়ি উজানবজাৰৰ ব্ৰাউন বীন কাফেত গঢ়োঁ। উদযাপনৰ দিশটোৰ ক্ষেত্ৰত ম‌ই অলপ স্বাৰ্থপৰ। আনৰ লগত সময় সুবিধা মিলাই লুইতৰ পাৰলৈ বা কাফলৈ নাযাওঁ। যেতি‌য়াই মন যায়; আৰু সময় ওলাই….. আহিনমহীয়া বৰষুণৰ বতৰ। তিনিদিনৰ নেৰানেপেৰা বৰষুণৰ অন্তত সেইদিনা আৱেলি বতৰটো কিছু ফৰকাল হৈছিল। মন গ’ল; সময়ো ওলাল কাফেলৈ বুলি ওলাই গ’লোঁ। কেইবাদিনৰো

Read more

মধুচন্দ্ৰিকা-কুমকুম শৰ্মাবৰুৱা

দুবছৰে ঠিক হৈ থকা বিয়াখন যেনে -তেনে জোৰা -তাপলি মাৰি হৈ গ’ল। বিয়াৰ পিছত অফিচৰ পৰা ফুৰাৰ বাবে পইচা লৈ বিয়াৰ ধাৰ মাৰিবলগা হ’ল। গতিকে ঘৰৰ কাম কৰি কৰি গীতিৰ ঘৰতে সোমাই থকাৰ বাদে উপায় নাইকিয়া হ’ল। দুৰ্গাপূজা আহিল। পূজাৰ ব’নাচ অলপ পাই দীলিপে পুনৰ নিজৰ পুৰণা ঘৰখনৰ ধাৰ-ধুৰ মৰাৰ কথা চিন্তা কৰিলে। ককায়েকে ভেঞ্চাৰ স্কুল এখনত চাকৰি কৰে। খেতিটো কৰি আছে বুলিহে চলি থাকিব পাৰিছে। গীতিক কথাটো কোৱাত তাইৰ মনটো অলপ সেমেকিল। মনতে ভাবিলে দাদাৰ পৰিয়ালৰ খৰছবোৰ সদায় কিয়

Read more

নষ্টালজিক কিচিম কিচিম-কৰবী দেৱী

উৎকট গৰমত প্ৰাণ যোৱাৰ অৱস্থা। কি টাউন, কি গাঁও সকলোতে একেই গৰম। যেন বেলিটো ইচ্ছা কৰিয়েই নামি আহিছে মানুহমখাক এশিকনি দিবলৈ। নয়নে ইচ্ছা কৰিয়েই কলেজলৈ নগ’ল। পদূলিমুখৰ বকুল জোপাৰ তলতে কেইদিনমানৰ আগতে ককাকে বাঁহৰ চাং এখন বনাইছিল। তাতে বহি নয়নে মোবাইলটোকে খুঁচৰি আছিল। : অ’ বোলো হাইঠা মাটিত পৰিল অৱশেষত। সেইদিনা ইমানকৈ মাতিলোঁ, হেৰৌ আহচোন চাঙখন বনাইছোঁ, এবাৰ বহি চা। নাই, তাৰ সময়েই নাই। মোৰ আগেদিয়েই ভটভটি চলাই গুচি গ’লি? এতিয়া একা? : ককা, তুমি মোক ঠাট্ৰা কৰিছা? : নাই

Read more

ড্ৰেকেন্সবাৰ্গলৈ গৈছিলোঁ-অগ্নিভ দত্ত 

জানুৱাৰী মাহৰ শেষৰ ফালে মন কৰিলোঁ যে মাৰ্চ মাহত এইবাৰ চাৰি দিনৰ বন্ধ এটা পৰিছে! সাধাৰণতে ফেব্ৰুৱাৰী, মাৰ্চৰ বন্ধত হয় কেপটাউনলৈ নহয় ওচৰৰে ক্লেৰেন্সৰ ফালে পাৰিলে এপাক মাৰি থোৱা হয়! এইবাৰো আৰু তিনিদিন ছুটি লৈ কেপটাউনৰ ফালেই যাম বুলি ভাবিছিলোঁ, কিন্তু এইবাৰ অলপ বৰষুণটো বেছি হৈ থকাৰ বাবে কেপটাউনৰ যাত্ৰাটো কেনচেল কৰি ঠিক কৰিলোঁ ‘ড্ৰেকেন্সবাৰ্গ যাম’!  এনেকুৱা নহয় যে ড্ৰেকেন্সবাৰ্গ যোৱা নাই, আচলতে প্ৰায় ১০০০ কিঃমিঃ দীঘল পৰ্বত মালাৰে ড্ৰেকেন্সবাৰ্গ, গতিকে সেই ১০০০ কিঃমিঃৰ পশ্চিম অংশটোলৈ গৈছোঁ যদিও প্ৰকৃতিৰ সকলো

Read more

আও হৰি, আও ৰাম-ধীৰাজ কুমাৰ বায়ন 

এদিন নগেনে বন্ধু খগেনক  ফুৰিবলৈ যাবলৈ লগ ধৰিলে। কথামতেই কাম। পিছদিনা দুয়ো বন্ধু পুৱা ৭মান বজাত গাড়ীত উঠিল।  দুপৰীয়া প্ৰায় ১.৩০ মান বজাত ফুৰিবলৈ যোৱা মানুহজনৰ ঘৰত উপস্থিত হ’ল।  তেওঁলোকক  দেখা পাই গৃহস্থই আঁঠুলৈ সেৱা ল’লে। খগেনেও ভক্তি ভাৱৰ পৰিৱেশটো দেখি ভাল পালে আৰু মানুহ ঘৰৰ প্ৰতি এটা শ্ৰদ্ধাৰ ভাৱ উপজিল।  এইপিনে  পুৱাই  ঘৰত যি চাহকাপৰ লগত দুখন বিস্কুত খাইছিল। তাৰ পিছত পানী এটোপালো পেটত পৰা নাই। অৱশ্যে খাবলৈ সময়ো পোৱা নাছিল। সেয়ে খগেনৰ ভোকতে অৱস্থা কাহিল। ভোক লগাটো স্বাভাৱিক

Read more
1 2 3 84