ফটাঢোল

হৰেশ্বৰ চৰিত-অৰবিন্দ গোস্বামী

হৰেশ্বৰ মানুহজন একেবাৰে সহজ-সৰল। জীৱনত বহু বেয়া আৰু ভাল দিন পাৰ কৰি আহি আজি হৰেশ্বৰে কিছু শান্তিৰে জীৱনটো কটাই আছে। দুজনী ছোৱালীক বিয়া দিও আজৰি হ’ল। এতিয়া ল’ৰাটোৰ বাবে বিয়াখন পাতিব পাৰিলেই হৰেশ্বৰ দায়িত্বৰপৰা মুক্ত হ’ব। পিচে হৰেশ্বৰ মানুহজন আনৰ দৰে টেঙৰ একেবাৰে নহয়। আজিকালি কাণেৰেও অলপ কম শুনা হৈছে।সত্যত থকা আৰু কষ্টৰে জীৱন আৰম্ভ কৰা হৰেশ্বৰ বহু কথাত অজলা। মানে কথাবোৰ বুজিয়েই নাপায়।উদাহৰণস্বৰূপে জীয়েকহঁতৰ মাহেকীয়া হ’লে যদি দেউতাকে কয়, : মাজনী, মোক পানী এগিলাচ আনি দেচোন। জীয়েকে কয়, :

Read more

অতিথি দেৱো ভৱ-জয়ন্ত কুমাৰ ডেকা

“….they are more forthcoming and more hospitable, with no hangups about caste or class. My vote for the friendliest of Indians goes to the Assamese.” –Khusbant Singh (১) বৰঝাৰ বিমান বন্দৰতে প্ৰথম দেখাসাক্ষাৎ হ’ল জৰ্জ আৰু নিবেদিতাৰ৷ ছমাহৰ আগতেই জৰ্জক জীৱনৰ দুদিন সম্পূৰ্ণকৈ দিয়াৰ প্ৰতিশ্ৰুতিৰে অসম ভ্ৰমণলৈ নিমন্ত্ৰণ কৰিছিল নিবেদিতাই৷ অসমৰ বিষয়ে জনাবলৈ, নিজৰ বিষয়ে শুনাবলৈ, সেউজীয়া দলিচাত একলগে খোজ পেলাবলৈ নিবেদিতা যেন উদগ্ৰীৱ হৈ আছিল৷ সেয়ে জৰ্জক দেখিয়ে তাইৰ মন উলাহে নধৰা হ’ল৷ : তোমাৰ মোবাইলৰ চুইটচ্ অফ আছে

Read more

আমিষ নিৰামিষ আৰু এখন চৰকাৰী বিদ্যালয়ৰ মৃত্যু-ঋতুপৰ্ণ শৰ্মা

ঘটঙকৈ গে’ট খোলাৰ শব্দটো শুনি বিমলা হাজৰিকাই খুন্দনাত তামোল খুন্দি থকা কামটো সাময়িকভাবে বন্ধ ৰাখি কোননো আহিছে বুলি মূৰ তুলি গে’টৰ ফাললৈ চালে। এইখিনি সময়ত সাধাৰণতে ঘৰলৈ মানুহ কমেই আহে। তেওঁ দেখিলে নাতি প্ৰসন্নৰ সমবয়সীয়া কোনোবা ল’ৰা এটা গে’টখন বন্ধ কৰি ভিতৰলৈ সোমাই আহিছে। : আইতা ভালে আছেনে? মোক চিনি পাইছেনে?  ল’ৰাজনে তেওঁক মাত লগালে। কাষতে থকা চচ্‌মাযোৰ পিন্ধি তেওঁ ল’ৰাজনলৈ চালে। ইমান চিনাকি চিনাকি লাগিছে। পিচে বয়স হৈ অহাৰেপৰা আজিকালি মানুহ চিনি পোৱাত তেওঁৰ কিছু অসুবিধা হয়। তেওঁ মনে

Read more

মৰিশালিৰ চকীদাৰৰ বিলৈ-বিনয় দাস

মই মৰিশালিৰ চকীদাৰ যদিও দিনত শিক্ষকতা কৰোঁ এখন বিদ্যালয়ত৷ সমাজৰ দৃষ্টিত মোৰ বিয়াৰ বয়সো হৈছে বাবে বিদ্যালয়ৰ সকলোৱে মোক বিয়াৰ বাবে জোৰ দিয়ে৷ সকলোৰে এটাই কথা, মই বিয়া পাতিব লাগে৷ মোৰ বিয়াত সকলো জোৰোণতো যাব, দৰাৰ লগতো যাব৷ নতুন কাপোৰ ল’ব৷ এইবোৰ শুনি মই বাহিৰত হাঁহো, আৰু ভিতৰি ভাৱো, মইতো বিয়া পতাৰ কথা ভৱাই নাই, এওঁলোক কাৰ জোৰোণ, বৰযাত্ৰীত যাব? বিয়া বুলিলেই আজিকালি কমেও ছয়ৰপৰা আঠ লাখ টকাৰ খৰচ৷ মোৰ একাউণ্টত বিশ হাজাৰমানহে আছে৷ বাকীখিনি ক’ৰ পৰা আহিব, কেতিয়া আহিব!

Read more

বাসন্তী- কমলা দাস

বাসন্তীৰাণীজনী! পুনৰ আহিলি তই! চঞ্চলমতী তই! আহিয়েই আকাশখনত জুই লগালিহি! তোৰ ৰূপৰ জুইয়ে চগাবোৰক পুনৰ আকৰ্ষণ কৰিলে। বিৰহী কবিয়ে কাপ মৈলান লৈ ব্যস্ত হৈ পৰিল তোৰ গান গাবলৈ, তোৰে সৈতে সপোন ৰচিবলৈ! তোৰ উন্মনা উত্তাপ সহিব নোৱাৰি মদাৰ, পলাশেও দগ্ধ হৈ, শেষৰ খিলালৈকে ত্যাগ কৰি লঠঙা হৈ পৰিব! অপেক্ষা কৰিব, বহাগৰ ন সাজ পিন্ধিবলৈ! তোৰ লগতেইচোন বতাহত ৰিণিকি ৰিণিকি বাঁহীৰ সুৰ এটাও যেন ভাঁহি আহিল! দূৰৈৰ কোনোবা গুৱালে হয়তো বেৰত ওলোমাই থোৱা পেঁপাটিও মচি কাচি ফুঁ দি চাইছে! এনেকুৱা ৰিঙা

Read more

শতৰু – অৰবিন্দ গোস্বামী

পুৱাই পুৱাই মেচেকা মুচিয়াৰে কাৰোবাক গোৱাল গালি পাৰিবলৈ ধৰিলে। অৱশ্যে এয়া চুবুৰীয়াসকলৰ বাবে কোনো নতুন কথা নহয়। আজিকালি মেচেকা মুচিয়াৰৰ এনে গালিবোৰ পুৱাই পুৱাই প্ৰায় শুনা যায়। এয়া যে সি ভলুকা বাঢ়ৈকে গালি পাৰিছে, সেয়া সৰ্বজনবিদিত। “আজি বা আকৌ কি হ’ল?” মেচেকাৰ ঘৈণীয়েকে প্ৰশ্নবোধক আৰু ভাৱবোধক মিশ্ৰিত সুৰেৰে কুঁৱাৰ পাৰতে দাখন ধৰাই থকা মেচেকাক সুধিলে। “কি হৈছে তই জানিব নালাগে। মাথোঁ এটা কথাই জানি থ’বি। কোন দিনা চুবুৰীত এই মেচেকাই ‘মাৰ্ডাৰ’ কৰে ঠিক নাই। যি দেখিছোঁ কাৰোবাৰ তপত তেজ এটোপা

Read more

পানী,পাণি আৰু আমি-সোমেশ্বৰ বৰা

পানী আৰু পাণিৰ এৰাব নোৱৰা সম্পৰ্ক। পিয়াঁহ লাগিলে পানী খাব লাগিব আৰু সংসাৰ এখনত পূৰ্ণতা দিবলৈ পাণি-গ্ৰহণ কৰিব লাগিব। সেয়ে আমি পানী, পাণিৰ লগতনো আমাৰ কি সম্পৰ্ক তাৰে উৱাদিহ লওঁচোন। পাণি গ্ৰহণ মানে জীৱনৰ দ্বিতীয় ইনিংছৰ আৰম্ভণি। পাণি গ্ৰহণৰ পিছত বহুজনে ঘটিয়ে ঘটিয়ে পানী খাইছে আৰু বহুজনৰ ঘৰত বানপানীৰ পলস পৰি সাৰুৱা হৈ ঠন ধৰিছে। পাণি গ্ৰহণ কৰি জোলোকা জোলোকে পানী খাবলৈকে  একালত মন উচাতন হয়৷ আৰু পিছত চকুৰ পানী নাকৰ পানী একাকাৰ কৰি ইজনে সিজনক দোষাৰোপ কৰে। পাণি গ্ৰহণৰ

Read more

আহক বিতৰ্ক কৰোঁ-অশোক কুমাৰ নাথ

সাংবাদিক : নমস্কাৰ। ‘গেৰাণ্টি লাইভ’ৰ ‘আহক বিতৰ্ক কৰোঁ’ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা বৰ বিতৰ্কিত বিষয় আলোচনাৰ বাবে নিৰ্বাচন কৰিছোঁ। বিষয়টো হ’ল — প্ৰেছাৰ কুকাৰত ভাত ৰান্ধোতে আচলতে হুইচেল এটা মাৰিব লগে নে দুটা মাৰিব লাগে? বিষয়টো আলোচনাৰ বাবে আজি আমি ষ্টুডিঅ’লৈ কেইবাগৰাকীও খাদ্য-বিশেষজ্ঞক আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতসকল হ’ল — ডিব্ৰুগড়ৰপৰা ডম্বৰু দাস, শিৱসাগৰৰপৰা শিৱানী শ‌ইকীয়া, নলবাৰীৰপৰা নগেন নাথ, বৰপেটাৰ পৰা বজ্ৰমোহন বৰা আৰু কোকৰাঝাৰৰ পৰা কমলেশ্বৰ কটকী। আমাৰ লগত অনলাইনত থাকিব আমেৰিকাৰ পৰা প্ৰৱাসী অসমীয়া আইমণি

Read more

বেতালৰ সাধু-সোনটো ৰঞ্জন বৰুৱা

“……তাৰাতাৰি তোৰ ফটা লেকচাৰ আৰম্ভ কৰ ভাই….. সোনকালে উত্তৰ দি অলপ শুবলৈ যাব লাগে….৷” বেতালক পিঠিত পেলাই বিক্ৰমে কাহিনী শুনিবলৈ খৰধৰ লগালে। “ভায়ৌ ঔৰ বেহনো…” বুলি কাহিনী আৰম্ভ কৰিবলৈ লৈ বেতালে সন্মুখত বিশাল জনসমাগমৰ সলনি বিক্ৰমৰ পিঠিখন দেখি জিভা কামুৰি ব্ৰেক লগালে।  সদায় টিভি চোৱাৰ অভ্যাসটোক মনে মনে গালি এটা পাৰি পুনৰ কাহিনী আৰম্ভ কৰিলে। “বহুত প্ৰাচীন কালত ভাৰত নামৰ এখন দেশ আছিল। প্ৰাচীন কালৰ মানুহে জম্বুদ্বীপ বুলি কৈছিল। ইয়াৰ বাসিন্দাসকলৰ বিদগ্ধতা, বিচক্ষণতা প্ৰশ্নাতীত আছিল। নতুন ৰিচাৰ্চ এণ্ড ডেভলপমেন্ট  চকুত

Read more

সৰু মানুহ সৰু সপোন-ৰিমঝিম বৰঠাকুৰ

প্ৰিণ্ট মিডিয়া, ইলেকট্ৰনিক মিডিয়াৰ পিছত লিখিবলৈ ওলাইছোঁ ছ’চিয়েল মিডিয়াৰ বিষয়ে। সঁচা অৰ্থত ছ’চিয়েল মিডিয়াৰ বিষয়ে গোটেই ৰচনাখন যদি লিখিবলৈ যাওঁ, মেট্ৰিকত অসমীয়া প্ৰশ্নখনত লিখিবলৈ অহা পোন্ধৰ নম্বৰ থকা ৰচনাখনতকৈ বহুত দীঘল হ’ব। বাৰু, সেইখনতকৈ দীঘল নহ’লেও, সেইখনৰ সমানেই যেনিবা লিখিলোঁ, মইনো পাম কি? নম্বৰেই পামনে, শৰাই- বঁটা পাম! ওলোটাই চাগে ছ’চিয়েল মিডিয়াৰ ওপৰত ইমান পাণ্ডিত্যালি দেখুৱাব নালাগে বুলি গালি-শপনিহে পাম। সেয়ে ছ’চিয়েল মিডিয়াৰ সবিশেষলৈ নগৈ তাৰ ভিতৰত থকা এটা ছ’চিয়েল নেটৱৰ্কিং ছাইটকে লৈছোঁ। সেইটো হৈছে ফে’চবুক, যাৰ বিষয়ে আজিৰ সমাজত

Read more
1 15 16 17 18 19 84