ফটাঢোল

বিৱৰ্তন-অমিতাভ মহন্ত

শেষ! স্বস্তিৰ নিশ্বাস ল’লে অনলে৷ লেপটপত এইমাত্ৰ টাইপ কৰি শেষ কৰা এইখন কোনো সাধাৰণ থেচিচ্‌ নহয়৷ এইখন এক দীৰ্ঘদিনৰ গৱেষণাৰ ফচল৷ এইখনৰ বাবে কি কি কৰা নাই অনলে৷ দেশৰ বিভিন্ন পাহাৰ, চিৰিয়াখানা, অভয়াৰণ্য, চাৰ্কাচ… একোৱেই এৰা নাই৷ কত উজাগৰী নিশা, লঘোণ, নৈশ ভ্ৰমণৰ ফচল অনলৰ এই থেচিচ্‌খন৷ আস্! ফাইনেলী আজি সি শান্তিৰে এঘুমটি মাৰিব পাৰিব৷ সন্তুষ্টি এটাই, তাৰ এই পৰিশ্ৰম বৃথা যোৱা নাই৷ দীৰ্ঘ পৰ্যবেক্ষণ আৰু চিন্তাৰ মাধ্যমেৰে সি যি সত্য পোহৰলৈ আনিছে, সেয়া অভাৱনীয়৷ এই গৱেষণাই যে প্ৰাণীবিজ্ঞান জগতত

Read more

কাক-বিষ্ঠা- উচ্চজিৎ দশগিৰী

মাত্র দুটা চুবুৰী থকা প্ৰান্তৱৰ্তী গাঁওখনৰ এটা চুবুৰিৰ পঞ্চাশটা পৰিয়ালে ‘বৃন্ধ্য’ ধৰ্ম আৰু আনটো চুবুৰিৰ আঠচল্লিশটা পৰিয়ালে ‘উতাণ্ড’ ধৰ্ম পালন কৰে। গৃহস্থৰ বাপেকৰ শ্ৰাদ্ধ উপলক্ষে বৃন্ধ্য ধৰ্মৰ মানুহবোৰৰ এঘৰত ভোজ পাতিছে। পিছ চোতালত চৌকাৰ ওপৰত ডাঙৰ কেৰাহীত আঞ্জা উতলি আছে। বতাহত বিয়পি পৰা মলমলীয়া গোন্ধেই কয় ৰান্ধনি পাগত উঠা। গাঁৱৰ সকলো বৃন্ধ্যধৰ্মীয়ে চোতালত শাৰী পাতি বহিছে আৰু বিভিন্ন কথা পাতি খাবলৈ ৰৈ আছে। হঠাৎ কাউৰী এটা উৰি আহি উতলি থকা আঞ্জাত বিষ্ঠা ত্যাগ কৰিলে। ৰান্ধনিয়ে হুৱা-দুৱা লগালে। গৃহস্থ দৌৰি আহিল।

Read more

অপাৰেচন_হৰ্ণবিল- হেমন্ত কাকতি

পঞ্চাশোৰ্ধৰ জীৱনটো বৰ সুন্দৰকৈ উপভোগ কৰি আছিলোঁ৷ ধন, সম্পত্তি, মান, মৰ্যদা সকলো উভৈনদী হৈ পৰিছিল৷ ভগবানক অশেষ ধন্যবাদ দিছিলোঁ জীৱনটো ইমান সুন্দৰকৈ চলাই নিয়াৰ বাবে৷ সামৰ্থ অনুসাৰে দান পূণ্য কৰাতো কোনোদিন কাৰ্পণ্য কৰা নাছিলোঁ৷ কিন্তু সকলো সুখ, সকলো ভাল বস্তুৰে এদিন অন্ত আহে বুলি কয় যে – মোৰ জীৱনলৈও কাল ধুমুহাৰ ৰূপত নামি আহিছিল এটা ধূৰ্ত মানুহ৷ ধূৰ্ত মানুহ বুলি ক’লে ন্যায় নহ’ব৷ এটা ধূৰ্ত শিয়াল৷ তাৰ নাম আছিল অলকেশ ভাগৱতী! কাহিনীটো অলপ ধৈৰ্যৰে শুনক! ***** হেমন্ত কাকতি মানে মই

Read more

পৰিৱৰ্তন- মণিষা কাকতি

লাহে লাহে কথাটো সকলোৰে নজৰত পৰিবলৈ ধৰিলে। কেইদিনমানৰপৰা কিবা এটা যেন সলনি হৈছে। হাবি-বন, হাৱা-পানী নলা-নৰ্দমা, ৰাস্তা-ঘাট সকলোবোৰে যেন নতুনকৈ প্ৰাণ পাই উঠিছে। চিৰবৈৰী মনুষ্যৰ ভিৰবোৰ ক্ৰমাৎ নাইকিয়া হৈ আহিছে। আগে পিছে নঘটা এক অদ্ভুত পৰিৱৰ্তন পশু-পক্ষীজাকৰ চকুৰ আগত ঘটিবলৈ ধৰিছে। ইয়াৰ কাৰণ কি কোনেও নাজানে। যুগ যুগ ধৰি মনুষ্যৰ স্বাৰ্থপৰতাৰ বলি হৈ অহা জন্তুবোৰে পাহৰি পেলাইছিল স্বাধীনতাৰ সোৱাদ। চৰাই-চিৰিকতিয়ে নিজকে কেতিয়াও ইমান মুকলিমূৰীয়া অনুভৱ কৰা নাছিল। চাৰিওফালে এক নতুন, ভাললগা ধৰণৰ পৰিবেশে মনবোৰ আলোড়িত কৰিছে। এয়াই নেকি চাৰি বছৰ

Read more

নিৰূদ্দেশ অলকেশ ভাগৱতী-ৰিমঝিম বৰঠাকুৰ

: আপোনালোকে খবৰটো পায়নে? : কোনটো খবৰ? : কি কোনটো খবৰ? ইমান ডাঙৰ খবৰ এটা এতিয়ালৈকে গম নাপায়। কি হে ৰিণ্টুদা আপোনাৰ বোলে সৰু ভাই। তাৰপিছতো গম নাপায়। : কিনো হ’ল ভালকৈ ক’বা নে? নে কথা বহলাই থাকিবা? : ঠিক আছে শুনক তেন্তে – অলকেশ ভাগৱতী বোলে নিৰূদ্দেশ হৈ আছে। : কি কি কি? একেলগে কেইবাজনৰ পৰা কি কি কি শব্দটো মেছেজত থুলুক থুলুক সৰি পৰিছে। আচলতে আচৰিত হ’বলগীয়া। কেনেকৈ অলকেশ ভাগৱতী নিৰূদ্দেশ হ’ব পাৰে। ক’তনো যাব, কোনেনো নিব? কৰবাত

Read more

আধুনিক মহাভাৰত :দ্ৰৌপদীৰ বস্ত্ৰ হৰণ- সদানন্দ ভূঞা

মহাভাৰত, ৰামায়ণ ৰাইজসকলে নিশ্চয় বৰ্তমান টিভিত চাই আছে। ধৰি লওঁক বৰ্তমান সময়ৰ মহাভাৰতৰ কাহিনীবোৰ যদি বাস্তৱ আকাৰে প্ৰতিফলিত হ’বলৈ হয়, তেন্তে ঘটনাবোৰে কি ৰূপ ল’ব পাৰে এবাৰ কল্পনা কৰকচোন। মোৰ মগজুত দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিবলগীয়া মুহুৰ্তত যি ঘটিবলগীয়া অৱস্থাৰ সৃষ্টি হ’লহেতেন তাৰ এক নাটকীয় ৰূপৰ অংকন কৰি ক্ষন্তেক মনোৰঞ্জনৰ বাবেহে এই লিখনিটো লিখিব ওলাইছোঁ। মহাভাৰতৰ দৰে মহান গ্ৰন্থখনক তুচ্ছ তাচ্ছিল্য কৰাৰ ধৃষ্টতা এই মুৰুখমতিয়ে কদাপি কৰিব নোৱাৰোঁ। পাঠকৰ মনোৰঞ্জন আৰু বৰ্তমানৰ সময় এই দুয়োটাক প্ৰাধান্য দি লিখা লিখনিটোত যদি কোনোবা

Read more

ব্ৰেকিং নিউজ- দেবজিত শৰ্মা

: হেল্ল’! খবৰটো কনফাৰ্ম নে? উদগ্ৰীবহৈ আদিত্য বৰঠাকুৰে প্ৰশ্ন কৰিলে৷ আদিত্য বৰঠাকুৰ নতুনকৈ আৰম্ভ হোৱা ৱেব-পৰ্টেল এটাৰ মূখ্য সম্পাদক৷ পূৰ্বতে সাংবাদিকতাৰ অভিজ্ঞতাৰ লগতে সফল ব্যৱসায়ী হিচাপেও জনাজাত৷ শুদ্ধকৈ ক’বলৈ গ’লে বৰঠাকুৰে বতাহৰ গতি সঠিক ভাবে নিৰূপণ কৰিব জানে৷ বিগত বহুবছৰৰ অভিজ্ঞতা আৰু ব্যৱসায়িক কৌশলৰ ফলশ্ৰুতিত জন্ম এই নতুন নিউজ পৰ্টেলটো, য’ত তেখেত নিজেও ৫০ শতাংশ অংশীদাৰ৷ ব্যস্তভাৱে নিজৰ কেবিনত বহি সম্পাদনাত ব্যস্ত আদিত্য বৰঠাকুৰে ফোনৰ সিপাৰৰ পৰা অহা খবৰটো নিশ্চিত কৰিবলৈ পুনৰ প্ৰশ্ন কৰিলে, : চোৱা,খবৰটো যদি সঁচা হয় প্ৰথম

Read more

সিংহৰ পতন- ৰঞ্জিত কুমাৰ শৰ্মা 

‘লকডাউন’ৰ দিনকেইটাত কাপোৰ ধুই, বাচন ধুই, ঘৰ সাৰি-মচি লেবেজান হোৱা মানুহজনে ইয়াৰ প্ৰতিবাদ কৰাৰ কথা ভাবিলে৷ কিন্তু কৰে কেনেকৈ? পত্নীক মুখেৰে কোৱাৰ সাহস থকা হ’লেতো এইবোৰ বন উকটিবই নালাগিলহেঁতেন৷ ‘লকডাউন’ৰ প্ৰতিটো দিন প্ৰায় একেদৰেই পাৰ হৈছে তেওঁৰ৷ মে’ মাহৰ প্ৰথমটো দেওবাৰ৷ নিশা টোপনি নহাত মানুহজনে কিতাপ এখনকে হাতত তুলি ল’লে৷ কিন্তু কিতাপখন হাতত লোৱাৰ লগে লগে পত্নীৰ ধমক- ‘এতিয়া কিতাপ মেলি লৈ পণ্ডিত হ’ব নালাগে৷ স্কুল-কলেজত থকা সময়ত ভালদৰে পঢ়িলে মান্ধাতা যুগৰ গাড়ীখনতে আজি বাৰ বছৰে উঠিব ফুৰিব লগা নহ’লহেঁতেন৷

Read more

দাগ অচ্ছে নেহী হে-ধূৰ্জ্জটি কাকতি : 

: দৰা কেইটাত যাব ঔ? : দৰাটো সদায় দহটাতেই যায়, কিন্তু ওলাওঁতে ওলাওঁতে চাৰে এঘাৰ মান বাজেই, তাৰ আগত দৰা কেতিয়াও ওলাব নোৱাৰে৷ পল্লৱৰ প্ৰশ্নৰ উত্তৰত গৌতমে নিৰুদ্বেগভাৱে ক’লে৷ মই, পল্লৱ, গৌতম আৰু ভাস্কৰ আমি চাৰিটা একেখন গাড়ীতে যাম, দৰাৰ লগত৷ বিয়া আমাৰে বন্ধু ৰাজীৱৰ৷ আমি তিনিটা গাড়ীতে ৰৈ আছোঁ৷ ভাস্কৰ বিয়াঘৰৰ ভিতৰত আছে৷ তাৰ কথাটো অৱশ্যে মিছাও নহয়৷ অসমৰ দৰা আৰু ভাৰতীয় ৰেল একেই৷ লেট হ’বই !  কাৰণটো কি কিন্তু কোনেও ক’ব নোৱাৰে৷ দৰা সদায় দহ বজাতেই যোৱাটো ঠিৰাং

Read more

স্বপ্নভংগ- নীলাক্ষি কাকতি

ক্ৰিং ক্ৰিং…মোবাইলটো বাজি বাজি কাট খাই গ’ল৷ তিনি নম্বৰবাৰ বাজিবলৈ আকৌ আৰম্ভ হৈছিল৷ : ঐ দিগন্ত ..(গালি) সেইডালে ৰাতিপুৱাই ৰাতিপুৱাই বখলিয়াই আছে৷ নধৰ কিয় বেং? দেওবাৰেও শান্তিত শুবলৈ নাপাওঁ৷ অসীমে সিখন বিচনাৰ পৰা চিঞৰি মাত দিলে৷ চৰম বিৰক্তিত চকু দুটা মোহাৰি দিগন্তই খেপিয়াই আধামেলা চকুৰে ফোনটো ধৰিলে৷ কিন্তু মোবাইলৰ স্ক্ৰীনত নামটো দেখিয়েই কাৰেণ্ট লগা মানুহৰ দৰে একেজাঁপে বিচনাৰ পৰা উঠি সি থিয় দিলে৷ : হেল্লো প্ৰতীক্ষা৷ গুডমৰ্ণিং৷ তাৰ মুখত প্ৰতীক্ষাৰ নামটো শুনি অসীমেও কাণ দুখন ঠিয় কৰি দিলে৷ : গুডমৰ্ণিং

Read more
1 26 27 28 29 30 84