ফটাঢোল

কৃপণ কৃপণনী-বৰ্ণালী ফুকন

এসময়ত এখন দেশত এহাল অতি কৃপণ গিৰিয়েক ঘৈণীয়েকে বাস কৰিছিল৷ তেওঁলোক দত্তই আছিল নে বৰদলৈ আছিল৷ বৰাই আছিল নে হাজৰিকা আছিল সেইটো ডাঙৰ কথা নহয়৷ ডাঙৰ কথাটো হ’ল গিৰিয়েকৰ ভাও লোৱাজনৰ এজনী মাক আছিল আৰু আছিল এজন দেউতাক৷ কিন্ত তেওঁ তাহাঁতৰ লগত একেটা ঘৰত বাস কৰা নাছিল৷ আগৰ ৰজা ৰাণীৰ দিনত যেনেকৈ এটা বয়সৰ পিছত মানুহে বানপ্ৰস্থ আশ্ৰমলৈ ৰাওনা হয় ঠিক তেনেকৈয়ে মাক দেউতাকে কৃপণ-কৃপণনীক কোনো ধৰণৰ অশান্তি নিদিয়াকৈ বানপ্ৰস্থলৈ গুচি গৈছিল৷ যাওঁতে জোৰকৈ কৃপনে মাকৰ হাতত এটা মোবাইল ফোনো

Read more

পুৰস্কাৰ -মানৱেন্দ্ৰ কুমাৰ শৰ্মা

অৱশেষত খবৰটু আহিল- নৰহৰি মাষ্টৰ আৰু নাই! গাউৰ তিনআলিত পুৱাৰ পৰা এই কথাটুক লৈয়ে মেল বইছি৷ “ইমান কষ্ট পাই থাকাতকে ভালে হৈছিদে৷ কিন্তু ভাল মানুহ এটা ইংকে নহ হৈ যতুহে অন্তৰখানে ফটকে মানি লবা পাৰা নাই৷” কথাৰ লগে লগে ক জনৰ বুকৰ ভিত্ৰোৰ পৰা গভীৰ হুমুনিয়াহ এটাও ওলে আহিল৷ “আৰে, নহবনা সেনা? নাল্গিবা লাগা জেঙত লাগি থাক্লি এনা নহে আৰু কেনা হবহা?” “তাকেতো, মাষ্টৰ হলাক বুলি সৱতে ইংকে মাষ্টৰি কৰি থাক্লি কুনি ভাল পাবোহা? স্কুলত মাষ্টৰি কৰক, কিন্তু স্কুলৰ বাইহ্ৰোত

Read more

দদাইদেউ আখ্যান- স্বৰ্ণা সোণোৱাল

ইতিহাসৰ পাতত জিলিকি থকা এটুকুৰা ঠাইৰ নাম শিৱসাগৰ জিলাৰ বকতা। চাৰিওফালে চালে চকু ৰোৱা সেউজীয়া পথাৰ, ধান ধন গাঁৱৰ মানুহৰ উভৈনদী। তাতেই বাস কৰিছিল আমাৰ এই মেম্বৰ দদাইদেউ। এই মেম্বৰ দদাইদেউৰ কথানো কি ক’ম, ক’লে শেষেই নহয়। দদাইদেউ সৰুৰে পৰা আমাৰ সমাজৰ ভব্য-গব্য মানুহৰ লগত উঠা বহা কৰা। কিন্তু হ’লে নো কি হ’ব, তেওঁ হৈছে আঁঠুৰ মূৰত সোণ বিচৰা মানুহ। বোলো ৰাতি হলে সাত হাল বায়, পুৱা হ’লে এহালো নাই। আজি মই এই মেম্বৰ দদাইদেউৰে দুটা কাহিনী শুনাম। দদাইদেউৰ এজনী

Read more

এযোৰ ক’লা হাইহিল্ চেণ্ডেল- ৰিতা সোণোৱাল

 মোৰ শৈশৱৰ ঘৰখন য’ত অৱস্থিত তাৰ ওচৰে-পাজৰে থকা মানুহবোৰ এসময়ত বৰ সহজ সৰল আছিল৷ আমাৰ ঘৰখন গাওঁ আৰু টাউনৰ মাজত পৰে৷ সৰুতে মনত আছে আঘোণ পুহ মহীয়া আমাৰ টাউনখনৰ মানুহবোৰ জাক পাতি ধান কাটিবলৈ গাঁৱলৈ গৈছিল৷ যিহেতু টাউনখন গাঁৱৰ পৰা নতুনকৈ উঠি অহা মানুহবোৰেই গঢ়ি তুলিছি‌ল সেইবাবে টাউনৰ মানুহবোৰৰ নিজৰ গাঁওখনলৈ একপ্ৰকাৰৰ টান আছিল৷ মানুহবোৰে আঘোণ পুহ মাহৰ জাৰতো এন্ধাৰে-মুন্ধাৰে গাঁৱলৈ ধান কাটিবলৈ আহিছিল৷ যিহেতু আমাৰ ঘৰটো ৰাস্তাৰ একেবাৰে কাষতে আছিল, সেইবাবে আমি লেপৰ তলৰ পৰাই মানুহৰ কথা-বতৰা,   হাঁহি -খিকিন্দালিবোৰ

Read more

সম্পৰ্ক- ঋতুপৰ্ণা মহন্ত

বকুলনী বুঢ়ী বোলে ঢাৰীয়ে পাটীয়ে লাগিল। মাকে এমাহমানৰ আগতেই তাক খবৰটো দিছিল। সি বিশেষ গুৰুত্ব দিবলগীয়া কথা বুলি নাভাবিলে। বুঢ়ী মানুহ, হ’বই বেমাৰ আজাৰ। তাৰ মাকজনীয়েহে পিছে ধৰফৰাবলৈ ধৰিলে। বোলে, ভৰিৰ বিষৰ প্ৰতাপত খোজ কাঢ়িব নোৱাৰাৰ কাৰণেহে তেওঁ নোযোৱাকৈ আছে। গাঁওখনৰ সিমূৰলৈ ঘৰখন। যাওঁ বুলিলেই নোৱাৰি যাব। তাৰপাছত মাকে তাক কুটুৰিবলৈ ধৰিলে, ৰত্নেশ্বৰৰ পুতেক ভাইটিৰ মটৰ চাইকেলখন খন্তেকৰ কাৰণে আনি তেওঁক বকুলনী খুৰীয়েকৰ ওচৰলৈ লৈ যাব লাগে। সি মাকৰ কথাষাৰ শুনিয়েই নোৱাৰো বুলি গেঙেৰি মাৰি উঠিল। দুদিনৰ পাছতে ভাইটিৰ মটৰ

Read more

সৌন্দৰ্য্য, প্ৰশংসা, প্ৰশংসক ইত্যাদি-উৎপলা শইকীয়া-(সঁচা অভিজ্ঞতাৰ কাহিনীৰে)

মই সৰু থাকোঁতে আমাৰ ওচৰৰ খুড়া এজনে নাটকত পুৰস্কাৰ পাইছিল। তেখেতক এটা চলন্ত বঁটা দিছিল। বঁটাটোৰ গোটেই অৱয়ৱটো এতিয়া ভালকৈ মনত নাই যদিও এটা কথা ভালকৈ মনত আছে – বঁটাটো দেখাত শৰাইৰ বঁটাখনৰ দৰেই আছিল। তেতিয়া আমাৰ গাঁৱৰ চুবুৰীটোৰ ইঘৰ সিঘৰৰ চোতালৰ কোনো সীমা নাছিল (আজিও নাই)। সকলোৰে চোতালবোৰ যেন এখনেই তেনেকুৱা লাগিছিল দেখাত। অৰ্থনৈতিক দিশত পিছপৰা এখন গাঁৱৰ বাসিন্দা আমিবোৰৰ কাৰো ঘৰত কেমেৰা নাছিল। কিবা কাৰণত ফটো উঠিব লগা হ’লে কেমেৰামেন মাতি উঠিব লাগিছিল। সেই খুড়াজনৰ সৰু ছোৱালীজনী লাহৰি৷

Read more

দ্যা জ’লী গাৰ্ল -পূজা তালুকদাৰ

“ঐ! তই এনেকৈ ঘৰলৈ গ’লে আণ্টিয়ে খং কৰিব! আজি মৃণালৰ ৰুমতেই থাকি যা।” বাৰৰপৰা মাতাল হৈ অহাৰ সময়ত ৰূপমে তাইক কৈছিল। “ঐ গোৱালৈ যোৱাৰ বাম্পাৰ অফাৰ এটা আছে। আমাৰ পৰীক্ষাও শেষ যাবি নেকি?” ংএকে জাপে মৃণালৰ বাইকৰপৰা নামি “যাম যাম” বুলি চিঞৰি উঠিছিল তাই। “মই ঘৰত সুধিব লাগিব।” মৃণালৰ সেমেকা উত্তৰত হাঁহি মাৰি তাই ক’লে, “আৰে, ই কি ছোৱালী টাইপ অ’! ইমান ডাঙৰ হ’ল এতিয়াও ঘৰৰ কথামতে উঠা বহা কৰে! আমাক চা না ভাই। বিন্দাছ! খাও পিও মস্তি কৰো।” “আজি

Read more

আহ ঐ আহ ওলাই আহ- সোমেশ্বৰ বৰা

?উস, মোৰ জাতিটোৰ হেনো মৃত্যু ঘটিছে৷ মই বিশ্বাস নকৰিলোঁহেঁতেন৷ হয়তো শুনা কথাহে বুলি তিনি টিলিকি মাৰি উৰাই দিলোঁহেঁতেন৷ কিন্তু এয়াযে মোৰ নিজচকুৰে দেখা ঘটনা৷ মই দেখিছোঁ এটা শ হৈ জহি-খহি গৈছে মোৰ জাতিটো৷ ক্ৰমাৎ বগা কাপোৰ এখনেৰে ঢাকি গৈছোঁ মোৰ জাতিৰ থৰঙা মৃতদেহটো৷ বগা কাপোৰ হেনো শুদ্ধতাৰ প্ৰতীক আৰু ই স্বৰ্গলৈ যোৱাৰ বাট প্ৰশস্ত কৰে! ?কিন্তু মই জনাত মোৰ জাতিটোৱে আত্মহত্যা কৰিবলৈ বিচৰা নাছিল৷ তাৰ পৰিবৰ্তে মৰতত সৰগ ৰচিব খুজিছিল আৰু মৰতৰ বুকুত জকমকীয়া সৰগ ৰচিছিল৷ আছিল জানো জাতিটোৰ ৰসাতলে

Read more

গল্পৰ দৰে-বৰ্ণালী দত্ত

দৃশ্যপট ১ সেই কেইটা দিনত নতুনকৈ অনা, ডাঙৰ ডাঙৰ আখৰেৰে লিখি থোৱা ‘ফিলিপ্চ’ কোম্পানীৰ দূৰদৰ্শন যন্ত্ৰটিয়ে পোহৰ কৰি ৰাখিছিল আমাৰ ঘৰখন। : উস্ ৰক্ষা! : কিমাননো আৰু দেউতাই গম নোপোৱাকৈ আৰু মাৰ হকা-বধা অমান্য কৰি লোকৰ ঘৰৰ মজিয়াত সেমেনা সেমেনিকৈ বহি টিভি চাবলৈ ঢপলিয়াম। তেতিয়াও গাঁৱৰ বহুতৰে ঘৰত দূৰদৰ্শন যন্ত্ৰৰ প্ৰৱেশ ঘটা নাছিল। দেওবাৰৰ দিনটো টিভিৰ অনুষ্ঠান চাবলৈ অহা মানুহেৰে প্ৰায়ে আমাৰ ঘৰ ভৰি থাকিছিল। অনাবিল আনন্দত ফুলি উঠিছিল তেতিয়া মোৰ কণমানি গৌৰাৱান্বিত বুকু। শীতকালৰ এটি সেমেকা নিশাৰ কথা। সময়

Read more

দুহেজাৰ টকীয়া আখ্যান-ডাঃ কুমাৰ পাৰ্থ প্ৰতিম

মনত পৰেনে ২০১৬ চনৰ শেষৰফালৰ সেই ৰোমাণ্টিক দিনবোৰৰ কথা? সেই যে আপুনিয়ে ময়ে ঘূৰি ফুৰিছিলোঁ? ৰ’বহে, আচৰিত নহ’ব৷ ৰোমাণ্টিক নহ’ব পাৰে, একেলগে নুঘূৰিব পাৰোঁ, কিন্তু ঘূৰাটো সত্য৷ সইত সইত তিনি সইত সত্য৷ তাকো এটিএমে এটিএমে? মনত পৰেনে? বাৰু এনেই মনত নপৰিলেও এতিয়া পৰিছেনে? সেই যে দুহেজাৰটকীয়া দিনবোৰ? সেই যে হয়তো এটিএম বন্ধ, নহয়তো খালী, নহয়তো নগদ দুহেজাৰটকীয়া খমখমীয়া নোটখন? মানে সহজ অৰ্থত ক’বলৈ গ’লে, য়ে ওন দিন’কী বাত হে, যব হম ’দুহেজাৰটকীয়া’ ’দুহেজাৰটকীয়া’ খেলতে থে! বাৰু,পাতনি দীঘলীয়া নকৰি, আহক ফটাঢুলীয়া

Read more
1 33 34 35 36 37 84