আজাৰবুলীয়া হাঁহি – মাতু কুকুৰাছোৱা
ঘৰখন উৰুলীকৃত হৈ আছে চৌপাশে। যিফালে চকু যায় সেইফালেই হাত আৰু ভৰি আপোনা-আপুনি আগুৱাই যায়। নগ’লেও নহয়, ঘৰখনত আলহী হৈ পৰা ডাঙৰজনী নন্দেক সময়তহে আহিব পাৰিব, সৰুজনী কলেজত পঢ়ি আছে। হোষ্টেলত থাকে, তায়ো সময়মতেই আহিব বুলি কৈছে। আহিলেও তাইক মুনমীয়ে তেনেকৈ কামৰ ভাগ নিদিয়ে। জিৰণীয়া মৌহে, এইখন ঘৰতে ভালকৈ জিৰাই লওক বুলি ভাবিয়েই তাই সৰু নন্দেকক ইফালৰ কুটা এডাল সিফাল নকৰিলেও একো নকয়। যিমান পাৰে শাহুৱেকৰ লগত তায়ে কৰি থাকে। এইকেইদিনটো কথাই নাই। দেওৰেকৰ বিয়া। নতুন বোৱাৰী এজনী আনিবলৈ যো-জা
Read more