ফটাঢোল

প’ষ্ট ডক্টৰেল ফেল’শ্বিপ – ড° সমাদৃতা গোস্বামী

তললৈ হাউলি তিতা চুলিসোপা ওভতাই মোহাৰি আধা তিতা গামোছাখন বিচনালৈ দলিয়াই খপজপকৈ মূৰটো আঁচুৰি শিৰত নামমাত্ৰ সেন্দুৰকণ লৈ চকুত অলপমান কাজল বোলাই আইনা খনৰ পৰা চিকুটি ফোঁটটো দুই চেলাউৰিৰ মাজত হেঁচা এটা মাৰি আলনাৰ পৰা হলৌ বেগটো চিলনীৰ দৰে থপিয়াই লৈ মই কেঁকো-জেঁকোকৈ স্কুটিখন ঘুৰাই টিকাটো থেপেচকৈ চিটটোত বহাই দীঘলীয়া হৰ্ণ এটা মাৰি জোৰত এক্সেলেটৰ দবালো৷ দীঘলীয়া হৰ্ণটোৰে সদায় ঘৰৰ মানুহখিনিক জনাই থৈ যাওঁ যে ঘৰৰ লখিমী দিনটোলৈ ওলাল৷ আয়ে আগফালে বহি মোৰ আলেখলেখ চাই থাকে৷ আই মানে শাহু আই৷

Read more

বৰুৱাৰ ডায়েৰী: আদাক দেখি উঠিল গা – মুদুল নাথ

যােৱা তিনিদিন একেৰাহে বৰুৱাক ‘মৰ্ণিং ৱাক’ত লগ নাপাই মনত অলপ খু-দুৱনিৰ সৃষ্টি হ’ল। ঘৰলৈ নিশ্চয় যােৱা নাই, কাৰণ ঘৰলৈ গ’লে সদাই মােক আগতিয়াকৈ জনায়। চাকৰি একেটা প্রতিষ্ঠানত হ’লেও আমাৰ বিভাগবােৰ বেলেগ বেলেগ হােৱা বাবে অফিছত খুউব কমেই লগ পােৱা হয়। ৰসৰ ভাণ্ডাৰ বৰুৱাৰ সান্নিধ্যত ৰাতিপুৱাৰ সময়কণ মােৰ বেচ ভালকৈয়ে পাৰ হৈ যায়, লগতে ‘মৰ্ণিং ৱাক’ টোও হৈ যায়। প্রথম দুদিন লগ নাপাই সৰুসুৰা কিবা অসুবিধা হ’ব পাৰে বুলি সিমান গুৰুত্ব দিয়া নাছিলোঁ। পিচে তিনিদিন ধৰি একেৰাহে নেদেখিহে গা চেবালে। মনত

Read more

ভ্ৰাম্যমান থিয়েটাৰৰ দৰ্শক – ডলী তালুকদাৰ

বিভিন্ন কলাকুশলী আৰু নিজস্ব শৈলীৰে অসমৰ নাট্য জগতত সকলোৰে মন জয় কৰা ভ্ৰাম্যমান থিয়েটাৰসমূহৰ বিষয়ে নিশ্চয় সকলোৱে জানে৷ এই থিয়েটাৰবোৰ চাই ভাল পাইনে আপুনি? থিয়েটাৰ চাই ভাল নোপোৱা লোক হয়তো কমেই ওলাব, তথাপি বেয়া পোৱা লোকো নাই বুলি নকওঁ৷ মঞ্চত নায়ক নায়িকাৰ জীৱন্ত অভিনয়, সংলাপৰ যি ৰস সেইয়া থিয়েটাৰ-বলিয়া বা নাটক-বলিয়া লোকেহে জানে৷ মইও তেনে থিয়েটাৰ বলিয়াৰ ভিতৰৰে এজনী৷ ভ্ৰাম্যমান থিয়েটাৰ বুলিলে মই যিমান পাগল মোতকৈ মোৰ মা আৰু ওপৰত৷ থিয়েটাৰ অহা শুনিলেই মাৰ ৰক্ষা নাই; যেনেকৈ নহওক চাবই৷ সেইকেইদিন

Read more

আণ্ডাৰৱেৰৰ ধৰ্ম – ডঃ বিক্ৰমজিত কাকতি

সাধাৰণ মানুহৰ ধৰ্মচর্চা আণ্ডাৰৱেৰ ব্যৱহাৰৰ কৰাৰ দৰে হ’লে পৃথিৱী শান্তিত থাকিব। উদাহৰণ স্বৰূপে যিদৰে আপুনি কি ব্ৰেণ্ডৰ আণ্ডাৰৱেৰ পিন্ধি ভাল পাই সেইটো ৰাজহুৱাকৈ কৈ নাথাকে আৰু আপুনি পিন্ধা আণ্ডাৰৱেৰ কিয় আনতকৈ ভাল সেইটোও ৰাজহুৱা ভাবে কৈ নাথাকে, ঠিক সেইদৰে আপুনি কি ধৰ্ম চৰ্চা কৰি ভাল পাই আৰু সেই ধৰ্ম কিয় ভাল সেইটো সদায় ৰাজহুৱাভাৱে কৈ নথকাই ভাল নেকি? আণ্ডাৰৱেৰৰ যদি বেছি টাইট হয় তেতিয়া শৰীৰটোৱে কষ্ট পাই আৰু বেছি ঢিলা হ’লেও য’তে ত’তে খুলি যোৱাৰ সম্ভাৱনা থাকে। সেয়েহে নিজৰ শৰীৰত

Read more

এটা মাৰ্ডাৰৰ শেষত – ৰূপজ্যোতি নাথ

ভৰ দুপৰীয়া ঘৰ‍ৰ সন্মুখত ৰৈ থকা বুলেটখন দেখিয়েই চিণ্টুৰ খঙে মূৰ‍ৰ চুলিৰ আগ পালেগৈ৷ মহানগৰলৈ বুলি সকাম এটাত পুৱাই ওলাই গৈ গাড়ীলৈ বোন্দাপৰ দি থাকোঁতেই তাৰ এবেলা গ’ল৷ মটৰ শ্ৰমিক সন্থাৰ হৰতাল বাবে এখনো বাছ চলা নাই৷ বহুপৰ অপেক্ষা কৰি উঠিও কাম নহ’ব যেন পাই চিণ্টু ঘৰলৈ ওভটি আহিল৷ পিছে ঘৰত উপস্থিত হৈ সি দৃশ্য দেখি ক্ষোভত জ্বলি উঠিল৷ তাৰমানে চিণ্টু নথকাৰ সুযোগত সি প্ৰায়ে সিহঁতৰ ঘৰলৈ আহে৷ এনেদৰে হঠাতে হোৱা তাৰ উপস্থিতিত পত্নীৰ লগতে সেই ল’ৰাজনো বৰ বিব্ৰত হৈ

Read more

ৰমণীখুৰা – সুৰজিত ৰাজখোৱা

“আজিৰ পৰা ধৰ প্ৰায় ১৬২ বছৰ মান আগৰ কথা, এৰ’প্লেন নতুনকৈ ওলাইছেহে মাত্ৰ। তেতিয়াই তহঁতৰ খুৰীয়েৰক লিলাবাড়ীৰ পৰা বৰঝাৰলৈ পলোৱাই আনিছিলোঁ‌।” ৰমণী খুৰা এক নম্বৰৰ ধপ মাষ্টৰ। সকলোৱে জানে। তথাপি তেঁওৰ ৰস লগা কথাবোৰ শুনিবলৈকে মানুহবোৰ গোট খায়। মোৰ শৈশৱত ৰামায়ণ, মহাভাৰতক বাদ দিলে তৃতীয় প্ৰখ্যাত বস্তু আছিল ৰমণী খুৰাৰ কাহিনীবো। গিনিচ্ বুকৰ প্ৰথমটো ৰেকৰ্ড হেনো তেঁওৰ নামতে আছে। এৰ’প্লেনত খুৰীক পলুৱাই অনাৰ বাবে। “বুজিছ, পঞ্চাছৰ বানপানীটোত চাৰ্টিফিকেতখন উটি নোযোৱাহেঁ‌তেন তহঁতক দেখুৱাবই পাৰিলোঁ‌হেতেন।” খুৰাৰ বয়স তেতিয়া পঞ্চলিছমান হৈছিল যদিও তেওঁ‌

Read more

এ কাশ কি হম … – সোণটো ৰঞ্জন বৰুৱা

বহুদিনৰ পাছত কলিতাদাৰ লগত একেখন গাড়ীতে আহিছিলোঁ‌। জলবিদ্যুৎ প্ৰকল্পত ডাঙৰ চাকৰি, কেতিয়াবা ঘৰলৈ আহিলে বা এনেদৰেই ক’ৰবাত লগ পাওঁ‌। মানুহজনৰ লগত কথা পাতি কিবা এটা ভাল লাগে, সময় পাহৰি যোৱা যায়। স্বপ্নদ্ৰষ্টা মানুহ, আমাৰ চকুত সাধাৰণ ঘটনা এটা ভিন্ন দৃষ্টিৰে বিশ্লেষণ দি আচৰিত কৰি দিয়ে। কোৱা কথাৰ আধা বুজি পাওঁ‌, আধা মূৰৰ বহু ওপৰে পাৰ হৈ গ’লেও মনপুতি শুনোঁ‌।সেইদিনাও ভাল-বেয়া, স্কুল আদি বিভিন্ন বিষয় পাৰ হৈ কেতিয়া ব্যৱসায় পালোগৈ নিজেই ধৰিব নোৱাৰিলোঁ‌। :………….আচৰিত নহয়নে দাদা। প্ৰথমে ফ্ৰী চিম, তাৰ পাছত

Read more

সাক্ষী কলে চিনি অসমীয়াক – অনুজ বৰুৱা

বজালেই কাঁ‌হ পাত্ৰ ভগাভাল চিনি, সাক্ষী ক’লে চিনি লোক কত দূৰ জ্ঞানী… ! ফেচবুকত বুলিয়েই নহয়, আন মাধ্যমতো, ভাল কমেণ্ট কৰিবলৈ বা পঢ়িবলৈ পালে ভাল লাগে৷ কমেণ্ট কৰাৰ অভ্যাসৰ লগতে কাৰ কিমান সহিষ্ণুতা আছে, কোন কিমান ভদ্ৰ, কোন কিমান পানীৰ মাছ আদিবোৰো ওলাই পৰে ! দেখা যায় যে – ফেচবুকত একাউণ্ট থকাসকলৰ কেইটামান স্তৰ আছে, য’ত বৰ কমেইহে এটা স্তৰৰ প্ৰাণী আনটো স্তৰলৈ ভেদ কৰি আহি আলোচনা কৰেহি৷ কিছু লোকৰ বাবে আলোচনা মানেনো কি, ঘপকৈ টাকোনদাল লৈ মন্তব্য প্ৰহাৰ একোটা

Read more

আজিৰ ৰামায়ণ আৰু টাটা টিৰ উৎপত্তি কাহিনী – অসীমা শইকীয়া দত্ত

ৰামায়ণৰ ওপৰত বহুত গৱেষণাৰ থল আছে বুলি দেউতাই সৰুতে কোৱা শুনিছিলোঁ। কিন্তু মগজু যিটো পালোঁ, কেৰ্কেটুৱাৰ মূৰৰ ঘিঁউ তাতকে সৰহ। বোন্দা কেঁচুৱে হাঁহেনে নেহাঁহে, যদি হাঁহে কেনি হাঁহে বুলি সৰুতে ভবা মইজনীয়ে ৰামায়ণৰ ওপৰত ইয়াতকে কি গৱেষণা কৰিম। দায়দোষ নধৰিব……মোৰ গৱেষণা পত্ৰখন আপোনালোকৈ আগবঢ়ালোঁ………… ৰামায়নৰ দিনত যদি নিউজ চেনেলবোৰ থাকিলেহেঁতেন…… আমাৰ সাংবাদিক এই মূহুৰ্তত অযোধ্যাত আছে। এটা লাখ টকীয়া প্ৰশ্ন আজি ৰাইজৰ সন্মুখত। লক্ষ্মণ ককায়েকৰ পিছত বনবাসলৈ কিয় দৌৰ মাৰিছিল? ইয়াৰ আঁৰত কাৰ হাত আছে? এই সকলো দেখুৱাবলৈ সক্ষম হৈছে

Read more

এসাঁজ পাহৰিব নোৱাৰা ভাত – দেৱজিত শৰ্মা

ৰ’ব, শিৰোনামটো দেখি আনন্দিত হোৱাৰ প্ৰয়োজন নাই৷ অভিজ্ঞতা বৰ সুখৰ নহয় বাবেহে লিখিবলৈ লৈছোঁ৷ বিগত ১৫ আগষ্টৰ পুৱাতেই ফোন এটা আহিল৷ চিনাকি মাতৰ গৰাকীজনৰ প্ৰশ্ন, : ক’ত আছা? মই : ৰুমতে৷ সিফালৰ পৰা : আজি দুপৰীয়াৰ ভাতসাঁজ মোৰ ঘৰতে খোৱাকৈ আহিবা৷ ১ টা মান বজাত পোৱাকৈ আহি যাবা৷ এনেয়ো বন্ধৰ দিন, তাতে ৰুমমেটো নাই৷ এনে প্ৰস্তাৱক না কৰোঁ কেনেদৰে! একে আষাৰতে হাঁ কৈ দিলোঁ৷ তাৰ পাছৰ সময়খিনি যেন নাযায় নোপোৱাই! বাৰে বাৰে ঘড়ীটোলৈ চাই আছোঁ, কেতিয়া ১২:৩০ বাজে৷ গা পা

Read more
1 41 42 43 44 45 84