ফটাঢোল

ভাৰতৰ ৰাজনৈতিক নেতাৰ বিষয়ে এখন ৰচনা – অৰবিন্দ গোস্বামী

পাতনি: ৰাজনৈতিক নেতা পৃথিৱীত প্ৰচলিত শাসন ব্যৱস্থাসমূহৰ অবিচ্ছেদ্য অংগ। পৃথিৱীৰ সকলো দেশতে ৰাজনৈতিক নেতা আছে যদিও ভাৰতবৰ্ষৰ ৰাজনৈতিক নেতাৰ সৈতে অন্য দেশৰ ৰাজনৈতিক নেতাৰ বৰ বিশেষ সাদৃশ্য দেখা নাযায়। সাধাৰণ জনগণৰ বাবে ই এটি আচহুৱা প্ৰাণী।ভাৰতবৰ্ষৰ ৰাজনৈতিক নেতাৰ গুণৰাশিৰ পৰিধি ইমান বহল যে একে আষাৰে কৈ পেলোৱা সম্ভৱ নহয়। বৰণ: পৃথিৱীত বগা, ক’লা, ঢেলঢেলীয়া বগা, এঙাৰ ক’লা আদি নানা বৰণৰ ৰাজনৈতিক নেতা পোৱা যায় যদিও ভাৰতবৰ্ষৰ ৰাজনৈতিক নেতাৰ ৰঙৰ বিষয়ে সঠিককৈ ক’ব নোৱাৰি। পূৰ্বতে উল্লেখ কৰাৰ দৰে যিহেতু ই এক

Read more

ভাইটি চেলুনে স্ৱাহা – আশ্ৰবিকা হিমাদ্ৰী বৰা

দীঘল চুলিটাৰী কোনে ভাল নাপায় । মহিলাৰ ঘন ক’লা চুলিটাৰীৰ উল্লেখ কিমান গান বা কবিতাত আছে সেয়া সকলোৱে জানে। ময়ো দীঘল চুলি বৰ ভাল পাওঁ কিন্তু লোকৰ মূৰত হ’লেহে। চুলি দীঘল কৰাৰ লোভ আগতো নাছিল আৰু এতিয়াও নাই। আগতে সৰুতে মায়ে মাজ মূৰত আটি আটি বান্ধি দিয়া নাৰিকল গছ লেখিয়া ষ্টাইলতে বিয়া, ভাওনা সৱ পাইছিলোঁগৈ। মাজে মাজে ৰাবাৰ ডাল ওপৰলৈ উঠি গলে চুলিৰ আগত ধৰি পঠালিকৈ টানি নাৰিকলজোপা কটকটীয়া কৰিছিলোঁ। সেই আইকনিক ষ্টাইলটোকে সিদিনা কাষৰ ঘৰৰ ছোৱালীজনীক অংগনবাদীলৈ যাবলৈ কৰিছিলোঁ।

Read more

জীৱনৰ খালে ডোঙে – অগ্নিভ দত্ত

তেতিয়া আমি আছিলোঁ‌ এ ই চি ৰ মেকানিকেল বিভাগৰ ছাত্ৰ। এ ই চি ত সোমোৱাৰ দিনাই চিনিয়ৰ এজনে কৈছিল, “হোষ্টেল ছয়ত সোমালি যেতিয়া এতিয়াৰ পৰা পঢ়া–শুনাক এক্সট্ৰা কাৰিকুলাৰ একটিভিটি বুলি ধৰি ল’বি আৰু বাকী খেলা ইনক্লুডিং তিন পাত্তি, ৰামী আৰু নেখেলিলেও খেলৰ সময়ত খেলুৱৈক উৎসাহিত কৰিবলৈ চিঞৰ বাখৰ কৰা, মালিগাঁৱৰ লাখুভাইৰ ঘৰৰ পৰা পুলিচৰ চকুত ধৰা নিদিয়াকৈ দুপৰ নিশা বিলাতী বিধ অনা, গাড়ী গাঁৱৰ লগত দৰকাৰ পৰিলে কাজিয়া কৰা এই বোৰহে মেইন একটিভিতি। চিনিয়ৰৰ এইহেন ধৰ্মবানী অৱশ্যেই আমি কোনোদিন নমনাকৈ

Read more

সাৱধান দেই – মানৱজ্যোতি বৰা

গুৱাহাটীৰ উজান বজাৰৰ এটা ভাড়াঘৰৰ নাম আছিল “সাৱধান দেই”। প্ৰথম অৱস্থাত সেইটো এটা ভাড়া ঘৰ আছিল যদিও পাছলৈ মেছলৈ পৰিণত হৈছিল। সেই মেছৰ নামেই হ’ল – সাৱধান দেই মেছ। এই মেছটোৰ লগত মোৰ সম্পৰ্ক অতি মধুৰ। মই গুৱাহাটী পঢ়াও নাছিলোঁ নাইবা চাকৰিও সূত্ৰেও গুৱাহাটীৰ নাছিলো তথাপিও বিভিন্ন কাৰণত সঘনাই গুৱাহাটীলৈ যাব লগা হৈছিল। গুৱাহাটী গ’লেই মোৰ চিনাকি ঠিকনা এই মেছটো। এই মেছটোৰ লগত মোৰ জীৱনৰ বহুত কাহিনী জড়িত হৈ আছে।এক কথাত ক’বলৈ গ’লে জীৱন নাটকখনত এই মেছটোত মোৰ অভিনয় দুৰ্দান্ত।

Read more

স্মৃতি জীৱনৰ – ৰিমঝিম ৰিমা

স্কুল আৰু কলেজীয়া দিনৰ স্মৃতিয়ে কাকনো আমনি নকৰে! কিমানযে হাঁহি উঠা ঘটনা! কিমানযে ফুচুৰি কথা কোৱা মানুহ! দুই-একেটো এনেকুৱা কথা কৈছিল যে আজিও আনৰ আগত কৈ হাঁহো। সেইবাবে, মোৰ স্কুলীয়া আৰু কলেজীয়া দিনৰ মনত পৰিলে হাঁহি উঠা কিছু ঘটনাকে লিখিলোঁ। (১) ১৯৯৭ চন: ধিং শংকৰদেৱ শিশু নিকেতনত মই অংকুৰ শ্ৰেণীৰ ছাত্ৰী তেতিয়া। স্কুলখন অস্থায়ীৰূপে আমাৰ ঘৰৰ ওচৰতে আছিল। মুকুল শ্ৰেণী পাওঁতে স্কুলৰ স্থায়ী নিৰ্মাণ হ’ল। ঘৰৰ পৰা দূৰত্ব ৪কিঃমিঃ । মই আৰু মোৰ ভাইটিৰ দুয়ো সেইখন স্কুলতেই পঢ়োঁ। সি মোতকৈ

Read more

ক্ষমাহে প্ৰভু – পূৰৱী কাকতী

একান্ত মনে তৰ্জনী আঙুলিটো মাজে মাজে ওঁঠত তিয়াই কিতাপৰ পাতবোৰ চেৰেক্ চেৰেক্ কৈ লুটিয়াই পঢ়ি গৈছোঁ। আই ঐ দেহি, উমম্ আৰু হমম্ নামৰ বিলাত ফেৰৎ কইনা দুজনীয়ে একেবাৰে ভৰি-হাত মেলি আমাৰ আখৰবিলাকত গপচত কেনেকৈ বহি ল’লেহি…. ! স্বভাৱত উমম্ অলপ লাজকুৰীয়া। তাইক যদি সোধে – : তোমাৰ তেওঁলৈ মনত পৰিছে নহয়? তাই ক’ব – : উমম্। : তুমি মোক বহুত ভাল পোৱা হয়নে? : উমম্ …..। হমম্ বোলা গৰাকী আকৌ অলপ চিন্তাশীল, খঙালো। সোধে যদি – : পৰীক্ষাৰ পিছত কি

Read more

যি মূলা বাঢ়িব তাৰ দুপাততে চিন! – অশোক কুমাৰ নাথ

: আপুনি বাৰু সৰুতে আৰ্ট্ শিকিছিল নেকি? : হয়। কিয় সুধিলে? : মানে আপুনি শ্বেইভিং(shaving ) ক্ৰীমখিনি শ্বেইভিং-ব্ৰাছেৰে খুব সুন্দৰকৈ দুগালত সানিব পাৰিছে যে, সেইবাবেই অনুমান কৰিব পাৰিছোঁ। : অ’ আচ্ছা! : এই দুদিন আপোনাৰ লগত থাকিয়েই গম পাই গৈছোঁ– আপুনি বহুত ধৈৰ্যশীল। আপোনাৰ ধৈৰ্যশক্তি বহুত বেছি। : ধন্যবাদ। : সেই তাহানিতে এল. পি. স্কুলত পঢ়ি থাকোঁতে আপুনি বাৰু মুখত এই সোমাওঁ সোমাওঁ হোৱা শেঙুনখিনি বহু সময় ধৰি নমচাকৈ ৰাখি থৈছিল নেকি? : কিয় সুধিলে? : মানে যি মূলা বাঢ়িব

Read more

স্বাধীনতাৰ সোৱাদ – ৰঞ্জিত কুমাৰ শৰ্মা

”হেৰি, গৰম বৰকৈ পৰিছে। পুৱাৰ পৰাই ৰ’দটোও চোকা হৈ আহিছে। নগ’লে নহয়নে?”– জলপানৰ বাটিটো আগবঢ়াই দি ঘৈণীয়েকে কোৱা কথাষাৰত অনন্ত চৌধুৰীয়ে নতুনত্ব একো নাপালে। তথাপিও জলপানৰ বাটিটো নিজৰ হাতত লৈ চৌধুৰীয়ে উত্তৰ দিলে– ”এহ, তুমি এনেই চিন্তা কৰিছা। আগষ্ট মাহত গৰম হ’বই। সেইবুলি দেশৰ স্বাধীনতা দিৱসলৈ নোযোৱাকৈ থাকিমনে? প্ৰতি বছৰে দেখোন গৈয়েই আছোঁ। অনুপে চিঠি এখনো দি থৈ যোৱা নাই জানো?” ”আগৰ কথা বেলেগ আছিল। এতিয়া বয়স হৈছে বাবেহে কৈছোঁ।” ”কিনো বয়স হৈছেহে? অৱসৰ লোৱা তিনি বছৰহে হ’ল। অৱসৰ ল’লেই

Read more

হট্‌স্পট্‌ – ঋতুপৰ্ণ শৰ্মা

সন্ধিয়া ক্লাবঘৰতে আদ্দা দি আছিলো আমি চাৰিটায়। আমি চাৰিটা মানে মই, মোৰ লগৰ আকাশ, পাৰ্থ আৰু নয়নদা। বাকীবোৰ এতিয়াও আহি পোৱা নাই। আদ্দা মানেনো আৰু কি! প্ৰথমতে আৰম্ভ হোৱা দেশ বিদেশৰ ৰাজনীতিৰপৰা আহি শেষ হয়হি অমুকৰ জীয়েক তমুকৰ লগত পলাই গ’ল নহয় তেনে এক পাতল বিষয়তে। লাহে লাহে প্ৰত্যেকেই নিজৰ নিজৰ মোবাইল উলিয়াই লয় আৰু আপোন মনে মোবাইল চোৱাত ব্যস্ত হৈ পৰে। হঠাতে মোৰ বাহিৰে বাকীবোৰ উত্তেজিত হৈ পৰে আৰু নয়নদাই মোৰ ফালে চোচা লৈ আহে। : আজিও তই পাছওৱৰ্ড

Read more

গণক – প্ৰদীপ বৰা

মই যেতিয়া সপ্তম মান শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়া তেওঁ অষ্টম শ্ৰেণীত আছিল৷ মানে জ্যেষ্ঠজন আছিল৷ গতিকে তেওঁক প্ৰথমে মই যথেষ্ট সমীহ কৰি চলিছিলোঁ৷ তেওঁক সাধাৰণতে সকলোৱে গণক বুলিয়েই মাতে৷ আচল নাম সঞ্জীৱ বৰদলৈ৷ এইটো তেওঁৰ পোচাকী নাম৷ এইটো নাম বৰ্তমান হয়তো তেঁৱেই পাহৰিব পাৰে৷ আমি সৰুতে একেলগে পথাৰত গৰু চৰাওঁ৷ মই যেতিয়া অষ্টম শ্ৰেণীলৈ উৰ্ত্তীণ হওঁ তেতিয়া তেওঁক নৱম শ্ৰেণীত দেখা নগ’লতো নগ’লেই অষ্টম শ্ৰেণীতো নগ’ল৷ তাৰমানে তেওঁ অষ্টম শ্ৰেণীত ফেইল কৰি স্কুলীয়া শিক্ষা সাং কৰিলে৷ পিছতহে তেওঁক শুধিলত উৰহি

Read more
1 42 43 44 45 46 84