ফটাঢোল

এক বাল্টি কাপোৰৰ দাম-উজ্জ্বল দিপ্লু গগৈ

গুৱাহাটীৰ জু-ৰ’ডত ভাড়াঘৰ এটা লৈছিলোঁ৷ কৰ্মস্থলীলৈ যাবলৈ মটৰেৰে ১৫মিনিট সময়ৰ দূৰত্ব৷ ৰাতিপুৱা ওলাই যাওঁ, গধূলি আহি সোমাওঁ৷ কাপোৰবিলাক তেনেকেই জমা হৈ যায় দিনকদিনে৷ প্ৰথম কথাটো হ’ল ধুবলৈ সময় নাপাওঁ আৰু দ্বিতীয়টো হ’ল মোৰ এলেহুৱা স্বভাৱটো৷ কাপোৰ খচি খচি ধুবলৈ বহাটো মোৰ কাৰণে পৰ্বত খহোৱাতকৈ কোনো গুণে কম কষ্টৰ কাম নাছিল৷ কেতিয়াবা কাপোৰ তেনেদৰেই জমা হৈ থাকি যায়৷ এসপ্তাহ, দুসপ্তাহ, তিনিসপ্তাহ……এইদৰেই৷ কেতিয়াবা চাৰ্ট-পেণ্টকেইটাই বিদ্ৰোহ ঘোষণা কৰি ৰূমটোত গোন্ধ বিয়পাই দিয়ে৷ বিদ্ৰোহ দমন কৰিবলৈ তেতিয়া কাপোৰকেইটাক বিসৰ্জন দিয়াৰ বাহিৰে আন উপায় নাথাকেগৈ৷

Read more

পুতুক’ণৰ বুদ্ধি-পল্লৱী কৌশিক শৰ্মা 

: ঐ পুতুক’ণ আজি স্কুল নাযাৱ নেকি হে? : গৈ আছোঁ ৰ’ । গাইজনী পথাৰত এৰাল দি আহোঁ।  : নাপাহৰিবি , আজি কিন্তু তোৰ পাল।  ব্ৰেক নোহোৱা চাইকেলখন চকুৰ আগেদিয়েই দুৰন্ত গতিত দৌৰাই নিয়া নবীনলৈ পোন্দোৱাকৈ চাই , পুতুক’ণ গাইজনী খেদি খেদি পথাৰ অভিমুখে ৰাওনা হ’ল। জগতৰ সমস্ত খং সেই মুহূৰ্তত তাৰ মূৰটোতে থুপ খাই , মগজুটো যেন ঘোলা কৰি পেলালে। চাল্লা… বেটাহঁতে কলৰ সোৱাদ ল’ব আৰু বাকলিটো তালৈ দলিয়াব। শ্রেণীৰ ভিতৰতে ঘিটিৰা-মিটিৰা হ’ল বুলিয়েই সদায় সদায় সেই পালোৱানহেন ল’ৰাকেইটাৰ

Read more

নোকোৱাই ভাল!-চন্দামিতা শৰ্মা

: মৰিচা শাক বেচিবলৈ আহিছে নেকি হে ? শাক বেচা ল’ৰাটোৰ মাতটো শুনা যেন পালোঁ।  দাড়ি খুৰোৱা ৰেজৰডাল সোঁগালখনৰ  ওপৰেদি পিচলাই নি থকাৰ পৰাই শ্ৰীমতীক চিঞৰিলোঁ।  দেওবৰীয়া বিশেষ সাঁজ ৰান্ধিবলৈ ইউটিউব খুচৰি থকা শ্ৰীমতীয়ে লগে লগে ভেকাহি মাৰি উঠিল। : হেৰা থোৱাহে মৰিচা শাক! নামটোতে কিবা নিগেটিভ  ফিলিং আহে। নাখাওঁ দেই মই। “নিগেটিভ ফিলিং?”  ভাগ্যে গালখনৰ এবখলা নগ’ল। দাড়ি খুৰোৱা পৰ্বটো কোনোমতে সামৰি গামোচাখনেৰে মুখ-হাত মচি ছোৱালীজনীৰ ওচৰ পালোঁগৈ। তাই ব্যস্ত লেপটপত। খোৱা আৰু শোৱাৰ বাদে অইন সকলো সময়তে কাণৰ  পৰা

Read more

নতুন জোতাযোৰ-মৌচুমী গগৈ

যোৱা সপ্তাহত অনলাইনত স্পোৰ্টচ শ্বো এযোৰ অৰ্ডাৰ কৰিছিলোঁ।কালি জোতাযোৰ আহি ঘৰ পালেহি।ভালদৰে বহাই লৈ খা- খবৰ লৈ থাকোঁতেই পতিদেৱে জোতাযোৰ ধুনীয়া লাগিছে বুলি মাত এষাৰ দিলেহি।জোতাযোৰৰ লগতে ময়ো গপতে গঙ্গাটোপটো যেন হৈ ক’লোঁ —– : মোৰ পচন্দৰ বস্তুবোৰ সদায়েই ইউনিক হয় ।গতিকে ভাল নলগাৰ প্ৰশ্নই নাহে।  এইবাৰ সেইজনে ক’বলৈ ধৰিলে …… : মই যে ইমান ডাঙৰ কথাটো জনাই নাছিলোঁ নহয়!মই সদায়েই নিজকে তেনেই সাধাৰণ মানুহ বুলিয়েই ভাবি আছিলোঁ।আজিহে মোৰ ইমান গুণ আছে বুলি গম পালোঁ।আজিৰপৰা মোৰ মাটিত ভৰি নপৰিবই যেন

Read more

ৱৌ বলেগা লেকিন কৰনেক‍া নেহী-সঞ্জীৱ কুমাৰ মহন্ত

আজিৰ পৰা ৭/৮ বছৰমানৰ আগৰ কথা। উজনিৰে খুব ব্যস্ততাপূৰ্ণ ঠাই এখনৰ মোৰ সম্পৰ্কীয় ভাইটি এটাৰ বাস্তৱ কাহিনী। সৰস্বতী পূজাৰ দিন। স্কুল কলেজৰ ল’ৰা-ছোৱালীৰ বাবে এটা বিশেষ দিন। ছোৱালীৰ লগতে ল’ৰাবোৰেও অলপ নিজকে হেণ্ডচাম সজাই ওলাই যায়, পূজাতকৈ অন্য বিশেষ উদ্দেশ্যও থাকে বহুতৰে। আমাৰ দিনত নাছিল বৰ বেছিকৈ। কিন্তু ২০১০/’১১ চনমানৰ পিছৰ পৰা আমাৰ বৈদ্যুতিন সংবাদ মাধ্যমসমূহৰ কৃপাত সৰস্বতী পূজাত সৌন্দৰ্য্যৰ প্ৰতিযোগিতাও দেখিবলৈ পোৱাৰ সৌভাগ্য হৈছিল আৰু লগতে তেতিয়াৰপৰা দেখিবলৈ পাইছিলোঁ একো একোজন বিশ্বকৰ্মাৰূপী যুৱকৰ লগত একোগৰাকীকৈ দেৱী সৰস্বতী (সকলো নহয়

Read more

এজন মন্ত্ৰী আহিছিল-অৰ্চন শৰ্মা

জীৱনটো সুন্দৰকৈ চলি গৈ আছিল। নতুনকৈ জইন কৰা ছোৱালীজনীৰ সৈতে চেনি খাই খাই ৰাতিলৈ চিনেমা চোৱাৰ প্লেন বনাই আছিলোঁ। তেতিয়াই মেনেজাৰে বৌম এটা সুন্দৰকৈ মোৰ মূৰত পেলাই দিলে, :ভাই, আজি অসমৰপৰা চেণ্ট্ৰেল মিনিষ্টাৰ আহিব, তই লগত থাকিব লাগিব ! লাগি গ’ল হুৱা -দুৱা। মিনিষ্টাৰ অহা বুলিলেই হোটেলৰ মানুহবোৰৰ অৱস্থা কাঢ়িল হয়, কি কি যে ফৰমাইচ ঔ ! তাতে অসমৰ কেইজনৰ নখৰা আৰু বেছি। কিবাকৈ কথাটো মেনেজ কৰিব পাৰি নেকি বুলি ভাবি মেনেজাৰক ক’লো, :ছাৰ, মই নহ’লে নহ’বনে, মোৰ গাটো অলপ

Read more

জুই- কৌশিক দাস

দিম্পলৰ কথা মতে কাগজ কলম উলিয়াই ল’লোঁ। তাক হেনো জুইসুলভ লেখা এটা লাগে৷ মূৰটোতো একোৱেই নহা হৈছে৷ তাকে ভাবি আছোঁ কাৰ, কি, কেনে কাহিনী দিওঁ! এবাৰ ভাবোঁ চৰকাৰক গালি পাৰি কিবা এটা  লিখোঁ, ফিৰ ভাবোঁ নহয় গালি দি জেলত সোমাই থকাতকৈ অলপ তেল দি চৰকাৰৰ ভাল ল’ৰা হৈ থকাই ভাল। তাতে তেলৰ লগত জুইৰ ৰাহি-যোৰাও ভাল!  : হেৰা, “মিঠাতেল” শ্ৰীমতীৰ শব্দত অকণমান চিন্তাতে পৰিছিলোঁ। নাই নাই, “মিঠাতেল”ৰ দৰে সামান্য অজুহাতত হেডছাৰ কিম্বা হেমছাৰক দোষী সাব্যস্ত কৰিব নোৱাৰোঁ৷ ড্ৰাগছ বেপাৰীক এনকাউণ্টাৰ

Read more

ব্ৰেকআপ- বিদিশা শইকীয়া

কিমানলৈকে মানুহে ক্ষমা কৰিব পাৰে। অন্তৰে কিমানখিনিলৈকে আঘাত সহিব পৰা ক্ষমতা আছে মানুহৰ। কিমান? এইকেইদিন এইটো প্রশ্ন নিজকেই বহুবাৰ  কৰিলোঁ। উত্তৰো বহুত পালোঁ। কিন্তু মোৰ লগত যি হ’ল, ইমানখিনিৰ পিছতো সকলো পাহৰি সম্পৰ্ক এটি ধৰি ৰাখিবৰ অনুমতি কোনো এটা উত্তৰতেই নাহিল।  সেয়ে সিদ্ধান্তটো একপক্ষীয়ভাৱে লৈয়েই পেলালোঁ। এনেয়ো, মানুহ এনেকৈ জীয়াই থাকিব নোৱাৰে। এদিনটো শেষ কৰিবই লাগিব।                      সেয়ে আজিয়েই সকলোবোৰ খুলি কৈ দিলোঁ। : এদিন ইমান স্বাৰ্থপৰ হ’বাগৈ বুলি ভবা নাছিলোঁ। মোৰ

Read more

লটাৰী আখ্যান- কৰবী দেবী

: হেৰা শুনিছা এটা বিৰাট ভাল খবৰ আছে। : ভাল খবৰ? কিন্তু কি ভাল খবৰ? : হেই আগতে পানী এগিলাচ লৈ আহাচোন। কৈ আছোঁ সকলো। জেঠ মহীয়া প্ৰখৰ ৰ’দত ঘামি-জামি অহা বাখৰে ঘৈণীয়েকৰ উল্লাস দেখিয়েই পানী গিলাচ ফৰমাইচ কৰিবলৈ সাহস কৰে। পত্নী বাসন্তীয়েও আজি হেঁপাহেৰে পানী গিলাচ লৈ পাগঘৰৰ পৰা ওলাই আহে। কি বা ভাল খবৰ বুজ ল’বলৈ মনটো উচপিচাই উঠে। একে উশাহতে পানী গিলাচ গলাধঃকৰণ কৰি বাখৰে বুকু ফিন্দাই কয়… : কপাল ফুলিল বুজিছা। সদায় মোক আনলাকি বুলি ঠাট্টা

Read more

নেপথ্যৰ লাভলীনা বাৰ্তা- মনমী ভট্টাচাৰ্য

আজি দীপিকা খুড়ীৰ মনটো উগুল-থুগুল, একেবাৰে উলাহে নধৰে হিয়া। হ’বৰে কথা, লাভলীনাই অলিম্পিকত ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে। তাই নিজৰ ঘৰৰে ছোৱালী; এনেই গোলাঘাটৰ জীয়ৰী, তাতে আকৌ টাই আহোমৰ বংশধৰ। জাতি, শিপা, আঞ্চলিকতাবাদ আদিৰ শুই থকা সমস্ত আৱেগে একেলগে সাৰ পাই উঠি খুড়ীক জপটিয়াই ধৰিছে। ভাৰ সহিব পৰা ক্ষমতা থকা দেহ বুলিহে ৰক্ষা, অন্যথা আৱেগৰ ভৰত খুড়ীৰ দেহ-গঢ় মন্থৰালৈ পৰিৱৰ্তিত হ’লহেঁতেন। মনত বাৰু অকণমান ৰেশ থাকেই সেই চৰিত্ৰৰ। বাল্মিকীয়ে কিন্তু সাংঘাটিক মহাকাব্য ৰচি থৈ গৈছে, প্ৰতিটো চৰিত্ৰৰ কি বিশ্বজনীন আবেদন!

Read more
1 2 3 65