ফটাঢোল

বহুমুখী বাইদেউ-ধূৰ্জ্জটি কাকতি

বন্ধুৰ লগত তাৰ সম্বন্ধীয়া বাইদেউ এগৰাকীৰ ঘৰলৈ গ’লোঁ৷ বাইদেউক এনেই  চিনি নেপাওঁ যদিও ফেচবুকত দেখি থাকোঁ৷ চৰকাৰৰ ভুল অৰ্থনৈতিক নীতি, বিদেশ নীতিৰপৰা আৰম্ভ কৰি, চেলিব্ৰিটিৰ বিয়া বাৰু, নাৰীৰ সাজ-পাৰ কোনো ফেচবুকৰ  বিষয়েই বাইদেৱে এৰি নিদিয়ে৷ এক কথাত ক’বলৈ গ’লে বাইদেউ এক সক্ৰিয় ফেচবুক কৰ্মী৷ মোৰ কিন্তু বাইদেউৰ ঘৰলৈ অহাৰ মূল কাৰণ হ’ল, ফেচবুকত মোৰ  বন্ধুৰ লগতে দহজনক টেগ কৰি দিয়া বাইদেউৰ ধুনীয়া ধুনীয়া খাদ্যৰ ফটোবোৰ। ফটোবোৰ দেখিয়েই লোভ লাগি যায়৷ গতিকে আজি আহি গ’লোঁ। ইমান ধুনীয়া ৰান্ধে, ভাল কিবা এটাতো

Read more

হেপ্পী বিহু-মানসী বৰা

বিহু বুলি ভূঞানীৰ গাত তত নাই। গা একেবাৰে সাতখন আঠখন। দীঘল তালিকা এখন প্ৰস্তুত কৰি পৰিয়ালৰ কাক, কি, ক’ত দিব আগতীয়াকৈ বজাৰ কৰিছে। ল’ৰা-ছোৱালী মিৰ (পোচাকী নাম ভ্লাডিমিৰ) আৰু ৰিয়া (পোচাকী নাম ভিক্টোৰিয়া) দুয়োটাকে লগত লৈ গৈ নিজৰ পচন্দ মতে কাপোৰ কিনাই আনিছেগৈ। ভূঞালৈ পেণ্ট-চাৰ্টৰ লগতে নিজলৈ বুলিও দুসাজকৈ কাপোৰ ল’বলৈ তেওঁ নাপাহৰিলে। যিমান হ’লেও বাপতিসাহোন হেঁপাহৰ বিহুটি আহিছে, নল’বই বা কিয়? তাতে আকৌ বিহু বুলি লেডিজ ক্লাবে আয়োজন কৰা মহিলাৰ ফেচন শ্ব’টোতো তেওঁ অংশ লোৱাৰ কথা। সেয়ে চকুত লগা

Read more

মহাকাশ ভ্ৰমণ-আদিত্য জ্যোতি বৰঠাকুৰ

ঘৰৰ ওচৰৰ শিৱ মন্দিৰটোত আজি বিৰ দি বাট নোপোৱা অৱস্থা৷ সকলোৱে শিৱ বাবাৰপৰা কিবা খুজিবলৈ, শিৱ বাবাক কিবা ক’বলৈ উথপ-থপ লগাইছে৷ আমাৰ শ্ৰীমতীৰো শিৱবাবাক কিবা ক’বলৈ আছিল বাবে তেওঁক মন্দিৰত নমাবলৈ আহিবলগীয়া হ’ল৷ মন্দিৰত মানুহৰ ভীৰ দেখি শিৱবাবক এতিয়া মাত নলগাওঁ বুলিয়েই ঠিক কৰি শ্ৰীমতীৰ ঘোপাচকুকো আওকাণ কৰি মন্দিৰৰ সন্মুখত থকা পুতুকণদাৰ দোকানত সোমালোঁগৈ মানুহৰ আলেখ-লেখ চাওঁগৈ বুলি৷  শ্ৰীমতী সোনকালে মন্দিৰৰপৰা ওলাই আহিব নোৱাৰে বুলি নিশ্চিত হৈ পুতুকণদাৰ দোকানৰ পাছফালে “মল নিষ্কাষিত শ্বেত ধুম্ৰ দণ্ডিকা” এডালত অগ্নিসংযোগ কৰি মানুহকে চাই

Read more

কামোৰ বুঢ়া-মিলন চন্দ্ৰ দাস

গদাধৰ খুড়াই কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগ এটাত চাকৰি কৰিছিল। বৰ্তমান পেঞ্চনভোগী। ছোৱালীজনীক বিয়া দিছে। পুতেকে ড্ৰাগআসক্ত হৈ অকালতে মৃত্যু বৰণ কৰিছে। তেওঁ পিচে সত্তৰ বছৰ বয়সতো সুস্বাস্থ্যৰ অধিকাৰী। চুগাৰ আৰু ৰক্তচাপৰ সমস্যা নাই। এই বয়সতো এটা কঁঠাল অকলে খাব পাৰে। তেওঁৰ নিজৰ সমস্যা নাই যদিও সমস্যা হৈছে অঞ্চলটোৰ বাসিন্দাৰ। অসমত টোলগেটবোৰ হোৱাৰ লগে লগে সেইবোৰত টকা ভৰি ভৰি গাড়ীলৈ অহা-যোৱা কৰিবলৈ যি দৰে ইচ্ছা নাযায়, ঠিক তেনেদৰে গদাখুড়াৰ কামোৰ খাই অহা যোৱা কৰিবলৈ সমূলি মন নাযায় কিন্তু তেওঁৰ হাতৰপৰা বাচি

Read more

ভাল খবৰ-ডা° পাৰ্থসাৰথি ভূঞা

: হেৰা, মই ডলীক ফোন কৰি জনাওঁ নেকি? বাৰাণ্ডাত বহি পেপাৰ পঢ়ি থকা হেমন্ত কটকীৰ ঘৈণীয়েক নীলাক্ষীয়ে সুধিলে। : ৰবা হে, সঞ্জীৱ বা বোৱাৰীৰপৰা আগতে কথাটো ভালদৰে জানি লওঁচোন। হেমন্ত কটকী কৃষি বিভাগৰ চাকৰিয়াল আছিল। যোৱা বছৰ অৱসৰ ল’লে। তেওঁৰ পত্নী নীলাক্ষীয়ে স্কুল এখনত চাকৰি কৰিছিল যদিও পুত্ৰ সঞ্জীৱৰ জন্মৰ পাছত চাকৰি এৰি সম্পূৰ্ণ গৃহিণীৰ দায়িত্ব পালন কৰি গ’ল। বিয়াৰ প্ৰায় পাঁচ বছৰমান পাছলৈকে তেওঁলোকৰ সন্তান জন্ম হোৱা নাছিল। সন্তানৰ আশাত বিভিন্ন পূজা পাতল, মন্দিৰ দৰ্শন আৰু জ্যোতিষৰ দিহা পালন

Read more

চৰকাৰ-গীতালী চক্ৰৱৰ্তী

মানুহজন দেখাত একদম আমাৰ ককাৰ দৰে। মূৰটো তপা, দুই চাৰিডাল কঁহুৱা বনৰ দৰে চুলিয়ে ঢৌ খেলাদি খেলি থাকে। দাঁত প্ৰায়কেইটা নায়েই। দেহৰ ছালো সোঁতোৰা-সোঁতোৰি হৈ ওলমি পৰিছে। লাখুটিডালত ভৰ দিহে খোজ কাঢ়ি ফুৰে। পিচে আজি বজাৰত মানুহজনক দেখি মোৰ মনত ইমানদিনে দোলা দি থকা প্ৰশ্ন টো নুসুধি নোৱাৰিলোঁ। “অ ককা,ৰ’বচোন ৰ’ব। মই এটা কথা সুধোঁ আপোনাক।” ককাই সেঁহাই সেঁহাই মাত লগালে, “এ বাপা,।কি সোধা সোধ সোনকালে। কালি আৰু বৰেৰ পুৱাই এখান নিৰ্বাচনী ৰেলীত যাবা লাগব।” এতিয়া মই ক’লোঁ, “অঁ ককা,

Read more

প্ৰতিযোগিতা-নীলাক্ষি ভট্টাচাৰ্য

অনুপে ঘৰটোত সোমাই চক্ খাই উঠিল হঠাতে। এইটো বাৰু তাৰ ঘৰ হয়নে? নে অইনৰ ঘৰত সোমাল? : মালা মালা ক’ত আছা তুমি? : ইমানকৈ মাতি আছা কিয় বাৰু? আজি কিন্তু মোৰ তোমাক একো কৰি দিবলৈ সময় নাই দেই। কিবা খোৱা যদি হোটেলতে খাই আহাগৈ। অনুপে মালাক দেখা পাই আৰু আচৰিত হ’ল। সদায় সাজি-কাচি ভালপোৱা মালাৰ আজিৰ এইটো কি ৰূপ? তথাপি কোমল সুৰত সুধিলে, : মালা তোমাৰ গা বেয়া নেকি? : অনুপ, গা বেয়া হ’লে মানুহে বিছনাত শুই থাকে। মই দেখোন

Read more

তাবিজ-সঞ্জীৱ কুমাৰ বৰা

: হেৰি নহয়.. আপুনি এনেয়ে বেলেগৰ মুখত বাবাজনৰ বিষয়ে কি বুলি শুনিছে বাৰু? তাবিজটোৱে কামত দিব নহয়! কেঁচা টোপনিৰ পৰা সাৰ পাই বৰুৱাই ক’লে,  : বাবাজন বৰ ভাল বুলিয়েইতো কয় সৱেই।” : তাবিজটো শইকীয়ানীহঁতৰ পদূলি মুখতে পুতিবলৈ কৈছে ন বাবাই? : হুমমমম। : কোনদিনা পুতিব লাগিব কিবা বাৰ-চাৰৰ কথা কৈছিল নেকি বাৰু? ভালকে মনত পেলাওকচোন।  : নাই কোৱাহে। শোৱা সময়কণো শান্তি নিদিয়া কিয় বাৰু? ৰাতি পুৱাবই অলপ পাছতে। আৰু একো নুসুধিবা দেই। দিনটো তোমাৰ বাবাৰ চোতালত লাইন পাতি থাকিলোঁ, এতিয়া

Read more

টেনচন – হেমন্ত কাকতি

বয়স বঢ়াৰ লগে লগে আজিকালি অলপ বুঢ়া বুঢ়া ফিলিংটো আহিবলৈ ধৰিছে আৰু৷ মিছা ক’লে কিডাল হ’ব হয়নে? ফেচবুকত পুৰণি পুৰণি ডি পি লগাই চেঞ্জ কৰি কৰি হেণ্ডচাম হৈ থকাৰ বয়স নাই৷ তাৰে ওপৰতে আহক আকৌ বেমাৰ আজাৰবোৰ৷ সৰুৰেপৰাই মই হেনো বেমাৰ আজাৰৰ বাঁহ আছিলোঁ৷ মানে বাৰটা মাহত তেৰটা লাগি থাকে৷ জ্বৰ, কাহ, পানীলগা ইত্যাদি নুগুছোঁতেই ডিচেণ্ট্ৰী আহেই৷ নহ’লে হাত ভৰিত কটা চিঙা হ’ব বা সকলো ঠিক থাকিলে কাণৰ বিষ হ’ব৷ নহ’লে বা চকুকেইটাই খচখচাব৷ স্কুলৰ মাষ্টৰে কেতিয়াবা বেমাৰৰ কোৱালিটি আৰু

Read more

ভাড়াঘৰ-মিনতি মহন্ত

ভাড়াঘৰৰ তিক্ততা লৈ আজি এটা নতুন কাহিনী পঢ়ুৱৈৰ মাজলৈ আগবঢ়াইছোঁ, নাজানো পাঠক সকলে কি পায়৷ কাৰোবাৰ মনত আঘাত দিবৰ বাবে মোৰ অকনো ইচ্ছা নাই, মাত্ৰ ঘটি থকা ঘটনাকেহে আগবঢ়াই আছোঁ দেই৷ এবাৰ অকলে থাকিম বুলি খালি হৈ থকা চিংগল কোঠাটোত এগৰাকী মহিলাই পুৰঠ জীয়েকক লৈ সোমালেহি৷ এইটোও হয়, গাভৰু জীয়েকজনীক ক’ত বেলেগে ৰাখিব। গিৰীয়েক থাকে অসমৰ বাহিৰত, ছোৱালীয়ে হাইস্কুলত পঢ়ি আছে, স্কুল সলাই থাকিবলৈ দিগদাৰ হয়। মহিলাগৰাকীয়ে সদায় দিনৰ ন- মান বজাত ওলাই যায়, ৰাতি আঠ মান বজাত সোমায়হি। কোনোবা

Read more
1 13 14 15 16 17 72