ফটাঢোল

ভাত খোৱা স্কুল-বিতুমনি গগৈ

দুজনী কনমানিয়ে কথা পাতিছে , এজনী চহৰৰ দামী স্কুলত পঢ়ে, আনজনী গাওঁৰে চৰকাৰী এল, পি স্কুলত। : তোমালোকৰ স্কুলত মিচ-চিচ আছে নাই? নাই।  : আমাৰ স্কুলত চাৰ আছে,বাইদেউ আছে, হেডচাৰ আছে।  : মিচ নাই? কি আচৰিত ? মিচ নথকা স্কুল থাকে নেকি? কোনে পঢ়াই তোমালোকক?  : চাৰ-বাইদেউহঁতে । : বাইদেউ নাই নেকি?  : নাই । বাইদেউ নাই, বাই আছে।সৰুবোৰক চোৱাৰ বাবে কেইজনীমান বাই আছে। : বাৰু তোমালোকৰ স্কুলত ৰাইম’চ শিকাই নে? : ৰাইম’চ ? সেইতো কি?  : ৰাইম’চ আকৌ, ৰ’বা

Read more

ৰঙালাও প্ৰীতি-চিত্ৰলেখা দেৱী

: মাইনু, বাৰীৰ পাছফালে যাওঁ আহচোন।  মামা চাকৰিলৈ বুলি ওলাই যোৱাৰ পাছত  মামীয়ে মোক ফুচ্ ফুচাই  ক’লে। এইবাৰ মেট্ৰিক পৰীক্ষা দিব লগা ইমনে ওচৰৰ কোঠাটোত পঢ়ি আছে, বোধকৰো সি নুশুনিবৰ বাবেই মামীৰ এই ফুচ্ ফুচনি।  মই  ‘টেট’ৰ  শিক্ষয়িত্ৰী হিচাপে স্কুলত জইন কৰাৰ পাছত প্ৰথমবাৰৰ বাবে  মামাহঁতৰ ঘৰলৈ আহিছোঁ। আমাৰ আটাইবোৰ ভাগিনৰ মামাহঁতৰ ঘৰলৈ বৰ হেঁপাহ, বিশেষকৈ মামাতকৈও মামীলৈহে। মামীৰ অন্তৰখন মৰমৰ সাগৰহে যেন; তাতে তেওঁ বৰ ৰসাল। মামা আকৌ ওলোটা, যথেষ্ট  গহীন-গম্ভীৰ। মামাৰ আগত আমাৰ কথা ক’বলৈ ভয়েই লাগে। মামীয়েও

Read more

গোলমাল-কৰৰী দেৱী

আজি এসপ্তাহ ধৰি বৰুৱানীৰ গাত তত নাই। তেখেতৰ স্বামীৰ ঘনিষ্ঠ বন্ধু নিৰঞ্জন হাজৰিকাৰ একমাত্ৰ কন্যা নিৰ্মালিৰ বিয়া যিহেতু। এসপ্তাহৰ পৰা বৰুৱানীৰ কেৱল ঘৰ আৰু বজাৰ। পিছে উপহাৰটো কি দিব সেই বিষয়ে সুধিলেই বৰুৱানীয়ে ভেকাহি মাৰি উঠে। বোলে “কিয় উপহাৰৰ বিষয়ে ইমানকৈ সুধি মৰিছা? সেইটোনো কিবা চিন্তাৰ বিষয়নে? এজাক মানুহৰ উপস্থিতিত দামী কিবা এটা দিলেও কিটো মনত থাকিব। গতিকে দিলেই হ’ল আৰু কিবা এটা।”  বৰুৱানীৰ কথাত আচৰিত হয় তেওঁৰ স্বামী। এৰা, আচৰিত হোৱাৰে কথা। হাজাৰটকীয়া কাপোৰ, গহনা, বেগ, চেণ্ডেল বিয়াখনক উদ্দেশ্যিয়ে।

Read more

বেচেৰা ৰুমালখন-মৌচুমী গগৈ

যোৱা মাহত ৰিমলীৰ দুবছৰীয়া জন্মদিন উপলক্ষে দীপা আৰু ৰজতে ঘৰতেই সৰুকৈ এটা পাৰ্টীৰ আয়োজন কৰিছিল। ওচৰ চুবুৰীয়াসকলক ভাত এসাঁজ খুওৱাৰ পৰিকল্পনা কৰি দুয়োজনে খুব সুন্দৰকৈ সকলোকে আপ্যায়ন কৰিলে।ঘৰৰ পৰা মাক আৰু ভনীয়েকো অহাৰ কাৰণে দীপাৰ ভালেখিনি সহায় হ’ল। পিছদিনাখন ঘৰখন চিজিল কৰোঁতে এখন ধুনীয়া গুলপীয়া ৰুমাল চোফাখনতে পৰি থকা দেখিলে। জন্মদিন খাবলৈ অহা কোনোবাই যে ৰুমালখন এৰি থৈ গ’ল সেইটো ধৰিব পাৰি দীপাই সেইখন টিভি টেবুলখনৰ কাষৰ ফালে  চকুত পৰাকৈ  থৈ দিলে, যাতে কোনোবাই বিচাৰি আহিলেও দি দিবলৈ অসুবিধা নহয়।

Read more

ফ্ৰীজাতাংক-ৰঞ্জু হালৈ মুনি

এই ফ্ৰীজ বোলা বস্তুবিধৰ লগত মোৰ বেছি ৰাহি-যোৰা নাহে।ৰাহি যোৰা নাই মানে মোৰ লগত নিমিলে। মোৰ লগত মেটচ নকৰে।ঠাণ্ডা বস্তু খালে মোৰ টনচিল উঠে। গৰমৰ দিনত শীতল পানীয় খালেও ৰ’দত দিহে খাওঁ। মানে বটলটো কিনি আনি ৰ’দত দি থৈ গৰম হ’লেহে খাওঁ। দোকানত খালেও ফ্ৰীজৰ ভিতৰত থোৱাটো নাখাওঁ। দোকানীয়ে ফ্ৰিজৰ পৰা উলিয়াই দিলেও মই গালত লগাই থওঁ। গালখন ঠাণ্ডা পৰি থাকে। পইচা দি কিনা বস্তু যে। মাজতে বান্ধৱীজনীয়ে নতুনকৈ কিনা সিহঁ‌তৰ ফ্ৰিজটোৰ পানী খুৱাবলৈ বৰকৈ চেষ্টা কৰিলে। পিছে নোৱাৰিলে বিফল

Read more

সাহিত্য সভাৰ ভূত-ৰাস্না বৰা

আজিকালি সাহিত্য প্ৰেমত হাবুদাবু খাই একেবাৰে কাহিল শইকীয়ানী। সাহিত্য সভাৰ বিষয়ববীয়া হোৱাৰ মৰ খক এটাই লভিছে মানুহজনীক। এনেয়ে দুই চাৰিটা গল্প-কবিতা তেওঁ নিলিখা নহয়। লাইক কমেণ্টো পাই সৰহকৈয়ে পিছে সেইবোৰ এপাচি শাকত এটা জালুকৰ লেখীয়াহে। এইকেইদিন লগৰ কেইজনীমানে উচটাই আছে বোলে উপন্যাস এখন লিখক, মানুহজনৰ টকা-পইচা আছেই যেতিয়া প্ৰকাশ কৰিবলৈ দিগদাৰেই নাই। হয়তো, ভাবি চাব পাৰি। কাজেই এক পেকেট এ ফৰ চাইজৰ কাগজ আৰু এক ডজন জেল পেন আনি লিখিবলৈ বহিল পিছে কেইশাৰীমান লিখিয়েই মনঃপুত নোহোৱাত কাটিকুটি আকৌ নতুন পাত

Read more

আইনষ্টাইনৰ আপেক্ষিকতাবাদ, সঁচা- মিছা, ইটো-সিটো বহুতো-ড° কৃষ্ণা নাথ

আইনষ্টাইনৰ আপেক্ষিকতাবাদ ক’ত কিমান প্ৰযোজ্য হৈছে বা হৈ আছে সেই জ্ঞান মোৰ মুঠেও নাই বুলি ক’ব পাৰি। কিন্তু ইয়াৰ পৰিব্যাপ্তিয়ে মানৱীয় সম্পৰ্ককো সাঙুৰিছে বুলি কিছুমানৰ পৰা অনুভৱ কৰিছোঁ। সাধাৰণভাৱে আমি অনুভৱ কৰি থকা সঁচা বা মিছাখিনিও আপেক্ষিক যেন বোধ হয়। এদিন পানবজাৰত দহ বছৰ মানৰ মুৰত কলেজীয়া বান্ধবী এজনীক লগ পালোঁ। তেওঁ মোক দেখামাত্ৰকে ক’লে -” তুমি শকত হৈছা”। কিন্তু তেওঁ নাজানে যে এবছৰমানৰ আগতে মই আৰু বেছি শকত আছিলোঁ। গতিকে মোৰ দৃষ্টিত মই ক্ষীণাইছোঁ বোলা কথাষাৰহে সঁচা। যিটো মোৰ

Read more

আঠুৱা-নাজিয়া হাচান

:হেল্ল..হেৰি, শুনিছেনে এতিয়া? :অঁ। কোৱা শুনিছোঁ।  :কি হ’ল, মাইনাৰ হোষ্টেল পালেনে নাই কওক আক’! :এ..নক’বাহে; মহা সমস্যা হৈছে বুইছানে? হেল্ল’ হেল্ল’..হেৰা শুনিছানে? হেৰা..। ধূৰ! এই নেটৱৰ্কডালেও ইয়াত কাম নকৰেহে। :অ। কওক। হেৰি, মই শুনি আছোঁ। হেল্ল’।..হেৰি শুনিছেনে? ইস ৰাম..! :হেল্ল’..। হেৰা, তোমাৰ মাত চাত একো শুনা যোৱা নাই। মই ৰাতিলৈ ফোন কৰিম দিয়া। এতিয়া পি.জিহে বিচাৰি আছোঁ। হোষ্টেলৰ লিষ্ট হেনো আৰু দেৰিকৈ ওলাব। ইমান দিনটো মই ইয়াত থাকিব নোৱাৰিম। পি.জি ল’বই লাগিব। মাইনা এতিয়া কলেজত, তাই কালিৰ পৰা ক্লাছ আৰম্ভ

Read more

বানপানীৰ সুখ-কমলা দাস

লেথাৰি নিচিগাকৈ এমাহমান বৰষুণজাক বৰষিয়েই থাকিল, বৰষিয়েই থাকিল। দিন নাই, ৰাতি নাই কেৱল মাথোঁ জৰজৰ, জৰজৰ, শব্দ আৰু শব্দ। আৰু অৱশেষত  জাতি-জনজাতিয়ে মিলি পাহাৰ-ভৈয়াম এক কৰাৰ দৰে  বানপানীয়েও খাল বিল, মানুহৰ ঘৰ-চোতাল আদি একাকাৰ কৰি সকলোকে সমানে পানীবোৰ ভগাই দিলে।  কোনেও কোনো ধৰণৰ নিমন্ত্ৰণ নিদিয়াকৈয়ে নাচি বাগি পানীবোৰ ঘৰে-চোতালে সোমাই অহা দুদিনেই হ’ল। আহিবৰ সময়ত অকণো এলাহ নকৰাকৈ হোৰহোৰাই সোমাই অহা পানীয়ে এটা ৰাতিৰ ভিতৰতে ঘৰ চোতাল বুৰাই পেলাবহে পাৰে, পিচে ওলাই যোৱাৰ সময়ত আকৌ সেই কুমজেলেকুৱাৰ গতি লয়।  যেন

Read more

চানচিটি আৰু পিলানেচবাৰ্গ ফুৰিলো-অগ্নিভ দত্ত

আচলতে বহুত দিনৰেপৰা পিলানেচবাৰ্গ নেচনেল ৰিজাৰ্ভলৈ যোৱাৰ কথা ভাবি থকা হৈছিল। ডিচেম্বৰ মাহত ঘৰলৈ যোৱাৰ সকলো ব্যৱস্থা হৈ যোৱাৰ পাছত অ’মিক্ৰণৰ সংক্ৰমণৰ বাবে সকলো বিমান সেৱা স্থগিত ৰখাত আমাৰো ঘৰ যোৱাৰ পৰিকল্পনা বাদ দিব লগা হ’ল।ঘৰ যোৱা বাদেই পৰিল যেতিয়া দক্ষিণ আফ্ৰিকাৰ ভিতৰতেই ইফালে সিফালে ঘূৰাৰ কথা ভাবিলো আৰু তাৰেই অংশ হিচাবে পিলানেচবাৰ্গ আৰু লগতে ছানচিটিলৈ যোৱাটোকেই ঠিক কৰিলো। এই কথা ভাবি দুৰাতিৰ বাবে পিলানেচবাৰ্গ নেচনেল পাৰ্কৰ ভিতৰতে থকা ৰিজ’ৰ্টত থকাৰ বাবে বুক কৰিলো। জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ বাবে বুক

Read more
1 2 3 4 72