ফটাঢোল

বাটে-ঘাটে-সঞ্জীৱ কুমাৰ মহন্ত

স্নেপ : ১ মোৰ সম্বন্ধীয়া মামা এজনৰ ঘৰৰ ওচৰৰ এজন  ভকত। বৰ বেছি বয়স নহ’লেও ৪০ ৰ উৰ্দ্ধত। তেওঁ  খুব নীতি নিয়মত থাকে, যাৰে-তাৰে হাতে তেওঁৰ নচলে (কিবা ধুতি সন্থাৰ বিষয় বাবতো আছে চাগৈ)। মামাজনৰ ঘৰলৈ কিবা সকাম বা নামলৈ মাতিলে তেওঁ মামীহঁতৰ বা মাহীহঁতৰ হাতে চাহ-খাবলৈ টান পায়। কয় আপোনালোকৰ হাতে মোৰ হ’লে নচলিব, আইতাই দিলেহে চলিব। উক্ত ঘটনাৰ পুনৰাবৃত্তি কেইবাবাৰো হৈছে যাৰ প্ৰত্যক্ষ সাক্ষী মই বা সকাম নিকামত গোট খোৱা বহুজন।   দুৰ্গা পূজাৰ বতৰ …. মহাষ্টমীৰ আবেলি।মই আৰু

Read more

অথঃ ক্ৰিকেট সংবাদ – কমলা দাস

টিভিত ক্ৰিকেট খেল আৰম্ভ হ’লে আমাৰ ঘৰৰ চেহেৰাই সলনি হৈ যায়। সেয়া লাগিলে এদিনিয়াই হওঁক বা টুৱেণ্টি-টুৱেণ্টিয়েই হওঁক! টেষ্ট চিৰিজ হ’লেও একেই গুৰুত্ব পায়। ইণ্ডিয়াৰ খেল থাকিলেটো কথাই নাই! খেল চলি থকা সময়খিনিত আমাৰ ঘৰত ইমান টেনশ্যন চলি থাকে যে মিৰজুমলাৰ ভাৰত আক্ৰমণ চলি থাকোঁতেও কিজানি সেই সময়ৰ ৰাইজৰ ইমান টেনশ্যন হোৱা নাছিল।  ইণ্ডিয়াৰ কোনোবা আউত হ’লেটো আমাৰ কেইটাইও টেনশ্যনতে ইপুৰীৰ পৰা সিপুৰীলৈ আউত হৈ যাব যেন লাগে! আউত হোৱাজনৰ বেটিঙৰ এনালাইছিচ কৰি কৰি তাৰ হাড়-জকা চব উলিয়াই দিয়ে। পাৰিলে

Read more

ভাষা বিভ্ৰাট-ৰীতা লীনা সোণোৱাল

(১) এওঁ লচপচকৈ আমাৰ ক্লাছ ফাইভত পঢ়ি থকা ডাঙৰ ছোৱালীজনীক অসমীয়া পঢ়াবলৈ গৈছে। নৰক শব্দটো বুজাবলৈ গৈ তিনিবাৰ মান আকাশ পাতাল ফুৰি আহিল। ছোৱালীয়ে কি বুজিলে নাজানো, মুঠতে নৰক মই মাটিৰ তলত থাকে বুলি বুজিলোঁ। ইয়াৰ পাছত ধাত্ৰীবিদ্যা শব্দটো বুজাবলৈ গৈ মুখখন মেলি মোলৈ চাই চিঞৰি আছে। এইবাৰ পঢ়িছে- কিম্ব…বদন্তী, মানে কিম্বদন্তি। ছোৱালীহঁতে অসমীয়া ভালকৈ পঢ়িব নোৱাৰে বুলি মোক দেশৰ মানে লাজ দিয়ে। বাপেকেই এনেকৈ পঢ়িলে ছোৱালীয়ে ক’ৰপৰা ভালকৈ পঢ়িব? সেইকাৰণে তাই সৰুতে পঢ়িছিল- কালিবৰ্ষতে ‘শ’  মানে তালব্য ‘শ’। আজিকালি

Read more

চিনেমা জগতৰ চিনেমা-নাজিয়া হাছান

ভাদুৰিজী আৰু বচনজী এমাহৰ বাবে লণ্ডনৰ পৰা ফুৰি আহি নিজ বাসগৃহত প্ৰৱেশ কৰিছেহি। গৃহত প্ৰৱেশ কৰিয়েই ভাদুৰীজীৰ চকুহাল একে লৰে গৈ কপালত উঠি বহিল।  ভাদুৰি :  হাই বিধি! কি ঔ এইশ( মানে ঐশ্বৰ্য্যা)! কিচ্ছেনটোযে মোৰ ইম্মান লেততেৰা কৰি থৈছা? আৰু এইটো বেদৰুমৰ হালনে মোৰ? এনেকৈ তুমি  মোৰ ঘৰটো ৰাখিছা! মই নহ’লে মানে সকলো শেষ দেখোন, হাঁ? এইশ : না না। মাম্মাজী এয়া বিলকুল গলত..। মই আপুনি থৈ যোৱা ৰেচন পাতি একো খাই বৈ শেষ কৰা নাই! বিলিভ মি মাম্মাজী। চাওক,

Read more

ফেচবুকীয়া মেচেজ – উৰ্ব্বশী প্ৰান্তৰ ভাগৱতী

“হাই”… মেচেঞ্জাৰৰ সংকেটত ফোনটোলৈ চাওঁতে দেখিলোঁ কোনোবা এজনৰ হাই। কোননো চাওচোন বুলি খুলি চালোঁ মেচেজটো। লগালগ “কি ক্ৰীছা”। ধেই এই গেলা গৰমত পোৱালীহঁতৰ আল মাৰোঁতেই কেতিয়া ৰাতিপুৱাৰ পৰা ৰাতি হয় গমেই নাপাওঁ, এইজনৰ আকৌ “কি ক্ৰীছা”। শুই আছোঁ বোপাই, আৰুনো কি কাম মোৰ। মুখতে ভোৰভোৰাই আলুপৰঠাত তেল দি থাকিলোঁ। আজি আকৌ ভূতৰ ওপৰত দানহ পৰাদি পতিদেৱতাৰ আলুপৰঠা খোৱাৰ মন। গৰমত মন নাথাকিলেও বনাইছোঁ আৰু। সপ্তাহটো নাথাকেই মানুহটো ঘৰত। আঙুলি চেলেকি আলুপৰঠা পোৱালিয়ে, ছোৱালীয়ে, বাপেকে খাই শেষ কৰে মানে ডাইনিং হললৈ

Read more

জুকাৰ বাৰ্গ দাদালৈ জেতুকী বুঢ়ীৰ শৰাই-লখিমী কোঁৱৰ হাজৰিকা

জেতুকী বুঢ়ীয়ে এইবাৰ নামঘৰলৈ নাযায় বুলিয়েই সিদ্ধান্ত ল’লে। লগৰীয়া বান্ধৱীকেইজনীকো মাতি আনি সকলো কথা ভালদৰে বুজাই দিলে যেতিয়াৰে পৰা ফেচবুকডাল খুলি লৈছে তেতিয়াৰে পৰা তেওঁলোকৰ জীৱনলৈ অলপ সুখ, আনন্দ আহিছে। নহ’লে আজি ইমান দিনে নামঘৰলৈ গৈনো কিটো পালে। নামঘৰ মচি মচি জেতুকীৰ কঁকাল পৰিল, মাহ-প্ৰসাদ ধুই ধুই কঁকালৰ বিষ।  বাকীকেইজনীৰো একে অৱস্থা। কিনো সুখ দিলে ভগৱন্ত প্ৰভুৱে। ঘৰতে পৰ হোৱাদি হ’ল। নাতি-পুতি বোৱাৰীহঁতে মানুহ বুলিয়েই গণ্য নকৰে বুলি গোটেইকেইজনী বুঢ়ীৰে মাত থোকা-থুকি হ’ল। সেয়ে গোটেইকেইজনী বুঢ়ীয়ে জেতুকী বুঢ়ীৰ চোতালতে সুন্দৰকৈ

Read more

ড্ৰীমচ্ কাম ট্ৰূ- ৰিমঝিম বৰঠাকুৰ

ফাইনেলী ফাইনেলী আই ৱিল বি ডিয়াৰ! অহ্ মাই ডক্স (মোহনৰ ভাষাৰে) বুকুখন কিবা ফাটি যাওঁ, ফাটি যাওঁ কৰিছে। যদি মই শুনা কথাটো সঁচা তেন্তে প্ৰথমতেই কিন্তু নিজৰ এটা ভাল কেমেৰা বা কোনোবা এজন কেমেৰা থকা মানুহ হ’লেও হ’ব। আৰেহ, কেমেৰা থকা হ’লেই নহ’ব, ভাল ফটোও তুলিব জানিব লাগিব। দেখাকদেখি, পইচা থাকিল বুলিয়ে চুঙা কেমেৰা এটা ডিঙিত আঁৰি ফুৰিলেই নহ’বতো। থোপোকা আলুগুটি সদৃশ মুখখন কলডিলটোৰ নিচিনা কৰিব পাৰিব লাগিব। চেনী বৈয়ামৰটোৰ নিচিনা চেহেৰাকণ চানচিল্ক শ্বেম্পুবটলটোৰ নিচিনা কৰিব পাৰিব লাগিব। তেহে বুলিম

Read more

শনি, মই আৰু সেই ভদ্ৰ মহিলাগৰাকী-ডা° প্ৰাঞ্জলজ্যোতি দত্ত

শনিবাৰ। চেম্বাৰত বহি আছিলোঁ থমথমকৈ। লগত দুই এটা হামিও আছিল। শনি মন্দিৰ এটালৈ এবাৰ পৰিবাৰৰ সৈতে যাওঁতে শনিৰ মূৰ্তিলৈ চাই মূৰটো দোঁৱাই সেৱা এটা কৰি উঠাৰ পিছতে যেতিয়া এওঁৰ পৰা গম পালোঁ যে মূৰ দোঁৱালেই হেনো শনিয়ে মূৰত উঠি লয়হি আহি বুলি, সেই দিনাৰ পৰাই শনিবাৰ আহিলে কিবা ভয় ভয় লাগি থকা হৈছিল। দুৱাৰখন ঠেলি বেছ আহল বহল ভদ্ৰ মহিলাএগৰাকী সোমাই আহিল। ক’লোঁ, : বহক   — বহিল।  আমাৰ নিচিনা বেজবিলাকৰ অকল বেমাৰৰ কথাহে। বেমাৰ চালোঁ, ধৰাও পেলালোঁ। দৰৱ কেইপালি

Read more

ৰসৰচনা – কৰবী দেৱী

এল পি ৰ দেওনা পাৰ হৈ হাইস্কুললৈ গৈছোঁ সেইবাৰ। নতুন স্কুল, নতুন সহপাঠী। মনবোৰ আনন্দৰে উপচি পৰিছিল। অৱশ্যে বুকুত অজস্ৰ ভয়। বিশেষকৈ অংকৰ ছাৰজন বা কেনেকুৱা, খঙাল নে মৰমীয়াল….! তথাপি সহজ হওঁ, নতুন সপোন গঢ়াৰ  পণ লওঁ। পিছে য’তেই বাঘৰ ভয় ত’তে ৰাতি হয়। অংকৰ ছাৰগৰাকী ভীষণ খঙাল আছিল। বিশেষকৈ ব’ৰ্ডত অংক পাতি যেতিয়া সমাধান কৰিবলৈ কৈছিল, আমাৰ মুখৰ মাত হৰিছিল। চক পেঞ্চিলডাল হাতত তুলি অংকৰ সমাধানৰ সূত্ৰটো বিচাৰি  উলিয়াওঁ মানে আমাৰ পিঠিত ড্ৰামচেট, তবলা শেষত হাৰমনিয়ামৰ সুৰ…। আনহাতে ঘৰতো

Read more

পাৱাৰ বেঙ্ক – জয়ন্ত গগৈ

নকছাৰীত থকা পেহী-পেহাই প্ৰায়েই কৈ থাকে তঁহতকেইটাই আমাক একেবাৰে পাহৰি গ’লি চাগে। যাওঁ বুলিও হঠাতে যাব নোৱাৰি। কেইবা কিল’মিটাৰৰ বাট। ল’ৰাক স্কুলত থোৱা -অনা, এইবোৰ কৰি থাকোঁতেই দিনটোৰ সময়কণ শেষেই হয়চোন। আকৌ দেওবাৰৰ দিনটোতো কেতিয়াবাহে সময় থাকেগৈ। ল’ৰাটোক নগৰৰ আৰ্টৰ স্কুললৈ নিলেই দিনটোৰ এবেলা সময় যায়গৈ। বন্ধৰ দিনটোতে কামো ধেৰ ওলাই। সময়বোৰ এনেকুৱাই হয়তো। ব্যস্ততাৰ মাজত থাকিলে গমকে পোৱা নাযায়। পেহা-পেহীৰ ঘৰলৈ একেবাৰে নোযোৱাও নহয়। ডেকাতে দুবাৰমান গৈছিলোঁ। সংসাৰ আৰম্ভ কৰাৰে পৰা অৱশ্যে তেনেকৈ  দূৰলৈ আলহী খাবলৈ যোৱা হোৱা নাই।

Read more
1 2 3 4 5 72